Home Literary Criticism প্ৰাথমিক ইছলামী যুগত আৰবী কবিতাৰ বিকাশ | Development of Arabic Poetry During...

প্ৰাথমিক ইছলামী যুগত আৰবী কবিতাৰ বিকাশ | Development of Arabic Poetry During Early Islamic Period

0

প্ৰাথমিক ইছলামী যুগত আৰবী কবিতাৰ বিকাশ

প্ৰাথমিক ইছলামী যুগত আৰবী কবিতাৰ বিকাশ Development of Arabic Poetry During Early Islamic Period
প্ৰাথমিক ইছলামী যুগত আৰবী কবিতাৰ বিকাশ

প্ৰাথমিক ইছলামী যুগত আৰবী কবিতাৰ বিকাশ ( Development of Arabic Poetry During Early Islamic Period)

‘কবিতা’ হৈছে সাহিত্যৰ সকলো শাখাৰ ভিতৰত জ্যেষ্ঠ, জটিল, বহুৰূপী, বিতৰ্কিত আৰু বহুলভাৱে সমালোচিত শাখা। গদ্য সাহিত্য প্ৰচলনৰ আগলৈকে বিশ্ব সাহিত্যৰ সাম্ৰাজ্যত কবিতাই যুগ যুগ ধৰি আধিপত্য চলাইছিল। কিন্তু ‘কবিতা’ কি–তাৰ কোনো সৰ্বসন্মত সংজ্ঞা আজিলৈকে কোনেও উলিয়াব পৰা নাই। বিভিন্ন পণ্ডিতে কবিতাক ভিন ভিন ধৰণে সংজ্ঞায়িত কৰিছে যদিও এটা সংজ্ঞাৰ লগত আনটোৰ মিল নাই। যিয়েই নহওঁক ‘কবিতা’ বুলিলে আমি এনে এক ৰচনাক বুজো য’ত কোনো ঘটনা, অনুভৱ বা বিষয়ৰ অলংকাৰ পূৰ্ণ আবেগিক বৰ্ণনা থাকে।
 
বিশ্বৰ প্ৰায়বোৰ ভাষাৰে কাব্য সাহিত্য থকাৰ দৰে আৰবী ভাষাৰো এক চহকী কাব্য ভাণ্ডাৰ আছে। আৰবী ভাষাৰ কাব্য সাহিত্যৰ আৰম্ভণি কেতিয়া হৈছিল তাক সঠিককৈ ক’ব নোৱাৰি যদিও প্ৰাক ইছলামী যুগত অৰ্থাৎ পঞ্চম শতিকাৰ পৰা যে আৰবী ভাষাত কাব্য চৰ্চা বহুল পৰিমাণে হৈছিল তাৰ তথ্য পোৱা যায়। সম্ভৱতঃ তাৰো আগতে আৰবী ভাষাত কাব্য চৰ্চা আৰম্ভ হৈছিল যদিও পঞ্চম শতিকাৰ আগৰ কোনো আৰবী সাহিত্য বৰ্তমানলৈ বৰ্তি থকা নাই বাবে আৰবী কাব্য সাহিত্যৰ ইতিহাস প্ৰাক-ইছলামী যুগত আৰম্ভ হৈছিল বুলি ধৰি লোৱা হয়।
 
পণ্ডিতসকলে অনুমান কৰে যে খ্ৰীষ্টীয় পঞ্চম শতিকাৰ আদি ভাগৰ পৰা ৬২২ খ্ৰীষ্টাব্দৰ ভিতৰত আৰবত প্ৰায় দুই শতাধিক কবিৰ জন্ম হৈছিল আৰু সিহঁতেই আৰবী কাব্য সাহিত্যক বিকাশৰ এক উচ্চ পৰ্যায়লৈ উপনীত কৰাইছিল। 
 
৬১০ খৃঃৰ পৰা হজৰত মহম্মদ (ছাঃ) আল্লাহৰ পৰা ৰছুল বুলি ঘোষিত হয় আৰু তেখেতৰ ওপৰত ‘কোৰান’ অৱতৰণ হোৱা আৰম্ভ হয়। কিন্তু মক্কাৰ লোকসকলে তেখেতে প্ৰচাৰ কৰা ইছলাম ধৰ্ম মানি ল’ব নোৱাৰি তেখেতক নানা ধৰণে অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰে। এনেদৰে ইছলামৰ বিৰোধিতা আৰু নবীৰ ওপৰত অত্যাচাৰ যেতিয়া চৰম পৰ্যায় পায়গৈ তেতিয়া ৬২২ খৃঃত হজৰত মহম্মদ (ছাঃ)য়ে মক্কাৰ পৰা মদীনালৈ হিজৰত কৰে। মদীনাৰ  স্থানীয় লোকে নবীজীক উষ্ণ আদৰণি জনায় আৰু তেখেতৰ ধৰ্মমত মানি লয়। তেতিয়াৰ পৰা হজৰত মহম্মদ (ছাঃ)য়ে মুকলিভাৱে ইছলাম প্ৰচাৰ কৰিবলৈ লয় আৰু দ্ৰুত ইয়াৰ বিস্তাৰ হৈ থাকে। এই ধর্মৰ মূল গ্ৰন্থখনৰ নাম ‘কোৰান’। এই কোৰান অৱতৰণৰ লগে লগে আৰবৰ ধৰ্মীয় জীৱন, সামাজিক জীৱন, ৰাজনৈতিক জীৱন আদিৰ লগতে সাহিত্যৰ ধাৰাও পৰিৱৰ্তন হ’বলৈ ধৰে। হজৰত মহম্মদ (ছাঃ)ৰ মদীনালৈ হিজৰত কৰা দিনৰ পৰা অৰ্থাৎ ৬২২ খ্ৰীষ্টাব্দৰ পৰা প্ৰাক-ইছলামী যুগৰ অন্ত পৰে আৰু ইছলামী যুগ আৰম্ভ হয় বুলি ধৰা হয়। ইছলামী যুগৰ প্ৰথম চল্লিশ বছৰ অৰ্থাৎ ৬২২ খ্ৰীষ্টাব্দৰ পৰা ৬৬১ খ্ৰীষ্টাব্দলৈ ‘প্ৰাথমিক ইছলামী যুগ’ বুলি কোৱা হয়। এই যুগত আৰবী সাহিত্যৰো পৰিৱৰ্তন আৰম্ভ হয়। এই যুগৰ প্ৰধান কবিসকল আছিল নাবিঘা আলজু’দী, হাছান বিন ছাবিত, আল খানচা, আল হুতাইয়্যা, আবু জুবাইৰ আল হুজলী, আমৰ ইবনে মাদীকৰিব আদি। এই কবিসকল প্ৰাক-ইছলামী যুগতে জন্ম লাভ কৰি কাব্য চৰ্চা আৰম্ভ কৰিছিল আৰু প্ৰাথমিক ইছলামী যুগলৈকে সিহঁতৰ কাব্য চৰ্চা অব্যাহত আছিল। দুয়ো যুগতে কাব্য চৰ্চা কৰা এই কবিসকলক ‘মুখাদ্ৰিম কবি’ বুলি কোৱা হয়। এই মুখাদ্ৰিম কবিসকললে প্ৰাক-ইছলামী যুগৰ কাব্য ধাৰাতে কাব্য চৰ্চা আৰম্ভ কৰিছিল বাবে প্ৰাক-ইছলামী যুগৰ কাব্য ধাৰাৰ পৰা সিহঁত সম্পূৰ্ণৰূপে ওলাই আহিব পৰা নাছিল। তৎসত্বেও স্বতঃস্ফূৰ্তভাৱেই সিহঁতৰ ওপৰত কোৰান, হাদীছ অৰ্থাৎ ইছলামী দৰ্শনৰ প্ৰভাৱ পৰিছিল যি প্ৰভাৱৰ ফলত আৰবী কাব্য সাহিত্যৰ বিষয়বস্তু, ভাষা আৰু আঙ্গিকৰ ক্ষেত্ৰত কিছু পৰিৱৰ্তনৰ সূচনা হয়।
 
মুখাদ্ৰিম কবিসকলৰ কবিতাৰ প্ৰধান বিষয় বস্তু আছিল যুদ্ধ, প্ৰেম, বংশগৌৰৱ, নিন্দা, শোক, প্ৰকৃতি, জীৱজন্তু আদি।
 
উক্ত বৈশিষ্ট্যসমূহ প্ৰাক ইছলামী যুগৰ কবিতাতো বিদ্যমান আছিল যদিও মুখাদ্ৰিম কবিসকলে এইবোৰ বিষয়ত কিছু পৰিৱৰ্তন আনিছিল। উদাৰণস্বৰূপে সিহঁতে গতানুগতিক কল্পচিত্ৰ যথাসম্ভৱ এৰাই চলি নতুন কল্পচিত্ৰৰ সৃষ্টি কৰিছিল। ভাষিক দ্ব্যৰ্থকতাও সিহঁতৰ কবিতাত দেখা নাযায়। নাৰীদেহৰ চিত্তাকৰ্ষক আৰু অশ্লীল বৰ্ণনাৰ পৰা সিহঁত মুক্ত আছিল। সিহঁতে সহজ আৰু সৰল শব্দ ব্যৱহাৰত জোৰ দিছিল।
 
উপৰোল্লেখিত কবিসলৰ উপৰিও প্ৰাথমিক ইছলামী যুগত আৰু বহুতো কবিৰ জন্ম হৈছিল আৰু সিহঁতেও আৰবী কবিতাক বহুদূৰ আগুৱাই নিয়াত অৱদান আগবঢ়াইছিল।
 
সামৰিণত ক’ব পাৰি প্ৰাথমিক ইছলামী যুগত আৰবী কবিসকলে প্ৰাক-ইছলামী যুগৰ কাব্য ধাৰা অক্ষুন্ন ৰখাৰ উপৰিও আৰবী কবিতাত ইছলামী দৰ্শন আৰু মনস্তত্ব যোগ দি আৰবী কাব্য সাহিত্যৰ পৰিসৰ বৃদ্ধি কৰিছিল আৰু ভাষা আৰু কল্পচিত্ৰৰ ক্ষেত্ৰত সৰলতা আনয়ন কৰিছিল। ০ ০ ০.
প্ৰাথমিক ইছলামী যুগত আৰবী কবিতাৰ বিকাশ
বি দ্রঃ উক্ত ‘প্ৰাথমিক ইছলামী যুগত আৰবী কবিতাৰ বিকাশ | Development of Arabic Poetry During Early Islamic Period’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘আৰবী সাহিত্যৰ ইতিহাস-প্রাথমিক ইছলামী যুগ‘ গ্রন্থখনৰ পৰা লোৱা হৈছে।
প্ৰাথমিক ইছলামী যুগত আৰবী কবিতাৰ বিকাশ
.

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

Additional Searches:

LEAVE A REPLY

Please enter your comment!
Please enter your name here