Home Literary Criticism প্ৰাথমিক ইছলামী যুগৰ আৰবী গদ্য সাহিত্যৰ বৈশিষ্ট্য | Characteristics of Arabic Prose...

প্ৰাথমিক ইছলামী যুগৰ আৰবী গদ্য সাহিত্যৰ বৈশিষ্ট্য | Characteristics of Arabic Prose During Early Islamic Period

0

প্ৰাথমিক ইছলামী যুগৰ আৰবী গদ্য সাহিত্যৰ বৈশিষ্ট্য

প্ৰাথমিক ইছলামী যুগৰ আৰবী গদ্য সাহিত্যৰ বৈশিষ্ট্য Characteristics of Arabic Prose During Early Islamic Period বৈশিষ্ট্য

প্ৰাথমিক ইছলামী যুগৰ আৰবী গদ্য সাহিত্যৰ বৈশিষ্ট্য (Characteristics of Arabic Prose During Early Islamic Period)

প্ৰাক-ইছলামী যুগত কাব্য সাহিত্যৰ যি অভূতপূৰ্ব উন্নতি হৈছিল তাৰ তুলনাত আৰবী গদ্য সাহিত্য অতি চালুকীয়া (আৰম্ভণি) অৱস্থাত আছিল। ইয়াৰ কাৰণ আছিল আৰবত কাব্য সাহিত্যৰ যি সমাদৰ আছিল, গদ্য সাহিত্যৰ সেই সমাদৰ নাছিল । ইয়াৰ আৰু এক প্ৰধান কাৰণ আছিল সেই সময়ত সকলো সাহিত্যই মুখে মুখে ৰচিত হৈছিল আৰু সেইবোৰ মৌখিকভাৱেহে পৰিৱেশন কৰা হৈছিল। সেয়ে আৰবী কাব্য সাহিত্যই জনসাধাৰণৰ আৱেগ অনুভূতিত যি আবেদন সৃষ্টি কৰিব পাৰিছিল সেয়া গদ্য ৰচনাৰ দ্বাৰা সম্ভৱপৰ হোৱা নাছিল। মুঠতে প্ৰাক-ইছলামী যুগত গদ্য সাহিত্যৰ সূচনা হৈছিল আৰু ই গঢ় লোৱা আৰম্ভ কৰিছিল আৰু ই পঞ্চম শতিকাৰ পৰা  ৬২২ খ্ৰীষ্টাব্দলৈ চলি আছিল। ইয়াৰ পিছত  হজৰত মহম্মদ (ছাঃ)য়ে মক্কাৰ পৰা মদীনালৈ হিজৰত কৰাৰ সময়ৰ পৰা আৰবী সাহিত্যত প্ৰাথমিক ইছলামী যুগৰ সূচনা হয় আৰু ইয়াৰ লগে লগে  আৰবী গদ্য সাহিত্যৰ দ্ৰুত বিকাশ আৰম্ভ হয়। প্ৰাথমিক ইছলামী আৰবী গদ্য সাহিত্য বুলিলে সাধাৰণতে হাদীছ, চিঠি-পত্ৰ, সন্ধিনামা, তফছিৰ, ইতিহাস, ভাষণ আদিক বুজোৱা হয়। এইবোৰ সাহিত্যৰ  কোনো এক শাখা হিচাপে নহয়, প্ৰয়োজনৰ তাগিদাতহে সৃষ্টি হৈছিল।
 
প্ৰাথমিক ইছলামী যুগত জন্ম লাভ কৰা গদ্য সাহিত্য অধ্যয়ন কৰিলে তলত উল্লেখ কৰা বৈশিষ্ট্যসমূহ ওলাই পৰে–

প্ৰাথমিক ইছলামী যুগৰ আৰবী গদ্য সাহিত্যৰ বৈশিষ্ট্য:

(ক) প্ৰাথমিক ইছলামী যুগৰ গদ্য সাহিত্য সৃষ্টি আৰু বিকাশ লাভ কৰিছিল হজৰত মহম্মদ (ছাঃ)য়ে প্ৰচাৰ কৰা ইছলাম ধৰ্মক কেন্দ্ৰ কৰি। এই ধৰ্মৰ মূল গ্ৰন্থ কোৰানখন সকলোৰে বাবে সহজে বোধগম্য হোৱাৰ উদ্দেশ্যে নবীজীয়ে কোৰাণৰ বহু ছুৰা আৰু আয়াত ব্যাখ্যা কৰিব লগা হৈছিল। ফলত হাদীছৰ জন্ম হৈছিল আৰু হাদীছবোৰ চাহাবাসকল আৰু নবীজীৰ সাক্ষাৎ পোৱা লোকসকলৰ দ্বাৰা দ্ৰুত দেশ-বিদেশত প্ৰচাৰিত হৈছিল।
 
(খ) প্ৰাথমিক ইছলামী যুগৰ আৰবী গদ্যৰ আন এক প্ৰধান বৈশিষ্ট্য হৈছে ই আছিল সহজ আৰু সৰল। এনে গদ্যত কোনো দ্ব্যৰ্থকতা নাছিল।
 
(গ) এই যুগৰ গদ্য সাহিত্যৰ পৰিসৰ বিশাল আছিল। কিয়নো হাদীছত সামাজিক জীৱন, ৰাজনৈতিক জীৱন, ধৰ্মীয় জীৱন আদি সকলো বিষয়ৰ ওপৰত আলোচনা আছিল।
 
(ঘ) প্ৰাথমিক ইছলামী যুগৰ গদ্য ৰচনাৰ সৰহ ভাগত ৰচনাকাৰীৰ নাম, পৰিচয়, আদি উল্লেখ থকাৰ উপৰিও কোনে কাৰ পৰা, কাৰ ওচৰত বৰ্ণনা কৰিলে ইত্যাদি তথ্য স্পষ্টভাৱে উল্লেখ আছিল।
 
(ঙ) এই যুগৰ গদ্য সকলো প্ৰকাৰৰ বাহুল্যতাৰ পৰা মুক্ত আছিল। মূল বক্তব্য বিষয় পোনপটীয়াকৈ ব্যক্ত কৰা হৈছিল।
 
(চ) এই যুগৰ গদ্য সম্পূৰ্ণ ব্যাকৰণসন্মত আছিল আৰু ইয়ে আৰবী ভাষাক এক সাৰ্বজনীনতা প্ৰদান কৰিছিল।
 
(ছ) প্ৰাথমিক ইছলামী যুগৰ গদ্য অলংকাৰৰ পৰা মুক্ত আছিল।
 
(জ) এই যুগৰ গদ্য নিজস্ব আৰবী শব্দৰ দ্বাৰা ৰচিত হৈছিল। সেইবোৰত  কোনো বিদেশী ভাষা বা অন্য ভাষাৰ প্ৰভাৱ পৰা নাছিল।
 
(ঝ) প্ৰাথমিক ইছলামী যুগৰ আৰবী গদ্যৰ ভাষা সহজ আৰু সৰল আছিল যদিও কথিত ভাষণবোৰ আছিল উদাত্ত আৰু আবেদনময়। উদাহৰণস্বৰূপে হজৰত মহম্মদ ছাঃ)য়ে বিদায় হজৰ সময়ত আৰাফতত দিয়া তেখেতৰ জীৱনৰ অন্তিম ভাষণৰ পৰা কিয়দাংশ উদ্ধৃত কৰা হ’লঃ
 
“আপোনালেকে এই মাহটোক, আজিৰ দিনটোক আৰু এই চহৰটোক যিদৰে পবিত্ৰ বুলি গণ্য কৰে, ঠিক তেনেদৰে প্ৰতিজন মুছলমানৰ জীৱন আৰু সম্পত্তিক এক পবিত্ৰ নিধি বুলি গণ্য কৰক। আপোনালোকৰ ওচৰত গচ্ছিত ৰখা সামগ্ৰীবোৰ সঠিক মালিকসকলক ঘূৰাই দিয়ক। কাকো আঘাত নকৰিব যাতে কোনেও আপোনাক আঘাত নকৰে। মনত ৰাখিব যে আপুনি নিশ্চয় আপোনাৰ প্ৰভুক লগ পাব আৰু তেওঁ আপোনাৰ কাৰ্যৰ বিচাৰ কৰিব।”
 
সামৰণিত ক’ব পাৰি যে প্ৰাক-ইছলামী যুগত গজালি মেলা গদ্য সাহিত্যই প্ৰাথমিক ইছলামী যুগত উজ্জ্বল সম্ভাৱনাৰে ডাল-পাতসহ বলিষ্ঠ পুলিত পৰিণত হৈছিল যি পিছলৈ বিশাল বটবৃক্ষত পৰিণত হৈ আৰবী ভাষাক বিশ্বৰ প্ৰধান ভাষাসমূহৰ এক অন্যতম ভাষাত পৰিণত কৰিছে। ০ ০ ০.
প্ৰাথমিক ইছলামী যুগৰ আৰবী গদ্য সাহিত্যৰ বৈশিষ্ট্য
বি দ্রঃ উক্ত ‘প্ৰাথমিক ইছলামী যুগত আৰবী কবিতাৰ বিকাশ | Development of Arabic Poetry During Early Islamic Period’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘আৰবী সাহিত্যৰ ইতিহাস-প্রাথমিক ইছলামী যুগ‘ গ্রন্থখনৰ পৰা লোৱা হৈছে।
প্ৰাথমিক ইছলামী যুগৰ আৰবী গদ্য সাহিত্যৰ বৈশিষ্ট্য

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

Additional Searches:

LEAVE A REPLY

Please enter your comment!
Please enter your name here