প্ৰাথমিক ইছলামী যুগৰ আৰবী গদ্য সাহিত্য
প্ৰাথমিক ইছলামী যুগৰ আৰবী গদ্য সাহিত্য (Arabic Prose Literature of Early Islamic Period)
‘গদ্য’ বুলিলে সাধাৰণতে দৈনন্দিন জীৱনত মানুহে ছন্দহীন যি ভাষাত কথা-বতৰা পাতে তাকে বুজোৱা হয়। কথা-বতৰাৰ ভাষা বহু সময়ত অসংলগ্নও হয় আৰু প্ৰকাশৰ পদ্ধতি, ধাৰা আদি ব্যক্তিভেদে বা অঞ্চলভেদে ভিন ভিন হোৱা দেখা যায়। কিন্তু এই গদ্যময় ভাষাত যেতিয়া কোনো বিষয় বা প্ৰসংগ প্ৰণালীবদ্ধভাবে শ্ৰোতাক প্ৰভাৱিত হোৱাকৈ ব্যক্ত কৰা হয় তেতিয়া সি সাহিত্যৰ শ্ৰেণীলৈ উন্নীত হয়। পৃথিৱীৰ সকলোবোৰ ভাষাতে সাহিত্য আছে-সেয়া লিখিতও হ’ব পাৰে বা কথিতও হ’ব পাৰে। কিন্তু দুখৰ বিষয় প্ৰাচীন কালত কাব্য সাহিত্যক যিমান প্ৰাধান্য দিয়া হৈছিল সেইদৰে গদ্য সাহিত্যক সিমান প্ৰাধান্য দিয়া হোৱা নাছিল। সেয়ে গদ্য সাহিত্য লিখিত ৰূপত সংৰক্ষিত হোৱাৰ ব্যৱস্থা কাব্য সাহিত্যৰ তুলনাত বহু পিছতহে আৰম্ভ হৈছিল। বিশ্বৰ প্ৰাচীন ভাষাসমূহৰ অন্যতম আৰবী ভাষা গদ্য আৰু কাব্য দুয়োবিধ শাখাতে চহকী। এই ভাষাৰ সাহিত্যৰ পৰম্পৰা প্ৰাক-ইছলামী যুগত আৰম্ভ হয় যদিও এই যুগটো কাব্য সাহিত্যৰ বাবেহে ইতিহাসত বিখ্যাত। কিন্তু ইতিহাসৰ পাত খুচৰি চালে দেখা যায় যে আৰবী কাব্য সাহিত্যৰ দৰে গদ্য সাহিত্যৰো গজালি মেলিছিল এই প্ৰাক-ইছলামী যুগতে। কিন্তু প্ৰাক-ইছলামী যুগৰ গদ্য সাহিত্যৰ পৰিসৰ অতি ঠেক আছিল আৰু ই মাথো কিছুমান প্ৰবাদ বাক্য, বক্তৃতা, পৰম্পৰাগত কাহিনী-কিংবদন্তী, কাহিনসকলৰ উক্তি, ওছীয়ত আদিৰ মাজতে সীমাবদ্ধ আছিল। অৰ্থাৎ প্ৰাক-ইছলামী যুগৰ গদ্য সাহিত্য আছিল সদ্য জৰায়ু ভেদি ভূমিষ্ঠ হোৱা কেঁচুৱাৰ দৰে।
হজৰত মহম্মদ (ছাঃ)য়ে ৬২২ খ্ৰীষ্টাব্দত মক্কাৰ পৰা মদীনালৈ হিজৰত কৰে আৰু তেতিয়াৰ পৰা আৰবী সাহিত্যৰ ইতিহাসত ইছলামী যুগ আৰম্ভ হোৱা বুলি ধৰা হয়। এই ইছলামী যুগৰ ৬২২ খ্ৰীষ্টাব্দৰ পৰা ৬৬১ খ্ৰীষ্টাব্দলৈ (অৰ্থাৎ খলিফায়ে ৰাশ্বেদীনসকলৰ শাসন কাললৈকে) প্ৰাথমিক ইছলামী যুগ বুলি ধৰা হয়। প্ৰাথমিক ইছলামী যুগত আৰবী গদ্য সাহিত্যৰ পৰিসৰ বৃদ্ধি পায় আৰু আবৰী গদ্যৰ ঠাঁচ উন্নত হয়। এই যুগত আৰবী গদ্য সাহিত্যত হাদীচ, চিঠি-পত্ৰ, তফছিৰ, ইতিহাস আদি নতুন বিষয় যোগ হয় আৰু আৰবী গদ্য সাহিত্যক এক নতুন মাত্ৰা প্ৰদান কৰে আৰু আৰবী গদ্যই আধুনিকতাৰ পিনে আগবাঢ়ি যায়। তলত প্ৰাথমিক ইছলামী যুগত জন্ম হোৱা আৰবী গদ্য সাহিত্যৰ বিভিন্ন শাখাবোৰ চমুকৈ আলোচনা কৰা হ’লঃ
হাদীছ (Hadiths)
প্ৰাথমিক ইছলামী যুগৰ গদ্য সাহিত্যৰ সিংহভাগ অধিকাৰ কৰিছে নবীজীৰ হাদীছসমূহে। ‘হাদীছ’ বুলিলে হজৰত মহম্মদ (ছাঃ)য়ে কোৱা কথা, কৰা কাম, চাহাবাসকলক দিয়া আদেশ-নিষধ, নবীয়ে কৰা কোৰাণৰ ব্যাখ্যা, নবীৰ সংস্পৰ্শলৈ অহা ব্যক্তিসকলৰ বিৱৰণ, তেখেতে কৰা যুদ্ধ-বিগ্ৰহ, বিভিন্ন নেতৃত্বস্থানীয় ব্যক্তিসকলৈ লিখা চিঠি-পত্ৰ আদিৰ বিৱৰণসমূহক সামৰি লয়। নবীৰ হাদীছসমূহ প্ৰথমে তেখেতৰ চাহাবাসকল আৰু তেখেতৰ সংস্পৰ্শলৈ অহা ব্যক্তিসকলে হবহু মনত ৰাখিবলৈ চেষ্টা কৰিছিল কাৰণ সিহঁতে নবীৰ কথা অব্যৰ্থ, ন্যায়সংগত আৰু সঁচা বুলি মানি চলিছিল। নবীয়ে যিহেতু আল্লাহ প্ৰদত্ত কোৰানৰ বিধি-বিধান আখৰে আখৰে নিজৰ ব্যক্তিগত জীৱনত মানি চলিছিল সেয়ে তেখেতৰ মুখৰ বাণী, কৰ্ম, জীৱন প্ৰণালী, আদেশ-নিষেধ আদি সন্দেহৰ উৰ্দ্ধত বুলি সকলোৱে বিবেচনা কৰিছিল। হাদীছৰ ভাষা আছিল নিভাঁজ গদ্য। নবীৰ হাদীছসমূহ চাহাবাসকলে প্ৰথম অৱস্থাত মুখে মুখে প্ৰচাৰ কৰিছিল আৰু পিছলৈ সেইবোৰ লিখিত ৰূপত সংৰক্ষিত কৰা হৈছিল। হাদীছসমূহৰ গদ্য আছিল সৰল আৰু সহজবোধ্য। সেয়ে নবীৰ হাদীছসমূহে আৰবী ভাষাক সৰলতা, সহজবোধ্যতা, যুক্তিনিষ্ঠতা আৰু সাৰ্বজনীনতা দান কৰিছিল। এই হাদীছৰ গদ্যই পৰৱৰ্তী আৰবী গদ্য সাহিত্যৰ ভাষাক বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল। সেয়ে হাদীছ গ্ৰন্থসমূহ আৰবী ভাষা আৰু সাহিত্যৰ ইতিহাসত এক মাইলৰ খুঁটি হিচাপে বিবেচনা কৰা হয়।
চিঠিপত্ৰ (Letters)
প্ৰাথমিক ইছলামী যুগৰ গদ্য সাহিত্যৰ আন এক শাখা হৈছে সেই সময়ত প্ৰয়োজন অনুসৰি লিখা চিঠি-পত্ৰ, সন্ধিপত্ৰ, চুক্তিনামা আৰু ভাষণসমূহ। হজৰত মহম্মদ (ছাঃ) ওচৰ-চুবুৰীয়া ৰাষ্ট্ৰনায়কসকল আৰু বিভিন্ন স্থানত নিয়োজিত কৰ্মচাৰীসকলৈ কিছুমান চিঠি-পত্ৰ প্ৰেৰণ কৰিছিল। ইয়াৰ উপৰিও খলিফায়ে ৰাশ্বেদীনসকলেও সিহঁতৰ ৰাজত্বকালছোৱাত প্ৰাদেশিক শাসনকৰ্তাসকললৈ সময়ে সময়ে চিঠি-পত্ৰ, আদেশ-নিষেধ, চৰকাৰী ঘোষণাপত্ৰ আদি লিখিব লগা হৈছিল। সেইবোৰ প্ৰাথমিক ইছলামী যুগৰ গদ্য সাহিত্যৰ মূল্যৱান সম্পদস্বৰূপ। সেইসমূহ গদ্যত লিখা হৈছিল আৰু গদ্যৰ ভাষা আছিল সৰল আৰু পোনপটীয়া। কোনো ধৰণৰ অতিৰঞ্জিত কথা সেইবোৰ চিঠি-পত্ৰত ঠাই পোৱা নাছিল। অৱশ্যে ইছলামৰ চতুৰ্থ ন্যাগসংগত খলিফা হজৰত আলীৰ ৰাজত্বকালত তেওঁ লিখা চিঠি-পত্ৰসমূহৰ ভাষা কিছু পৰিমাণে দীঘলীয়া আছিল আৰু গদ্যৰ ভাষাও কিছু পৰিমাণে আলংকাৰিক আছিল। এই চিঠি-পত্ৰসমূহে সেই সময়ৰ সামাজিক আৰু ৰাজনৈতিক অৱস্থা প্ৰতিফলিত কৰে।
ইয়াৰ উপৰিও সেই সময়ত কবি-সাহিত্যিক, নেতৃস্থানীয় ব্যক্তি আদিয়ে বিভিন্ন উপলক্ষে প্ৰদান কৰা বক্তৃতাসমূহেও সেই সময়ৰ আৰবী গদ্য সাহিত্যৰ নমুনা বহন কৰে। উদাহৰণস্বৰূপে হজৰত মহম্মদ (ছাঃ)য়ে মক্কাৰ আৰাফত নামৰ স্থানত দিয়া ভাষণটো উল্লেখ কৰিব পাৰি। ইছলামৰ ইতিহাসত উক্ত ভাষণৰ গুৰুত্ব অপৰিসীম। উক্ত ভাষণৰ ভাষা আছিল সৰল, কিন্তু উদাত্ত আৰু চিত্তাকৰ্ষক। উক্ত ভাষণ সংক্ষিপ্তাকাৰে মানৱজাতিলৈ আল্লাহৰ পিনৰ পৰা অহা আদেশ-নিষেধৰ সাৰাংশ বুলি ক’ব পাৰি।
তফছিৰ (Tafsirs)
‘তফছিৰ’ বুলিলে কোৰানৰ ব্যাখ্যা, টোকা, টিপ্পনী আদিক বুজোৱা হয়। কোৰানখন এখন বিশাল জ্ঞান ভাণ্ডাৰ। ইয়াত মানৱ জীৱনত প্ৰয়োজন হোৱা সকলোবোৰ বিষয়ৰ মৌলিক শিকনিবোৰ আছে।ইয়াত দৃষ্টান্তস্বৰূপ আৰু উদাহৰণস্বৰূপ বহু ঘটনাৰ প্ৰসংগ আছে। সাধাৰণ পাঠকসকলৰ বােব সেয়া অবোধগম্য হোৱাৰ বাবে নবীজীয়ে সেইবোৰ নিজে ভাষাত ব্যাখ্যা কৰিবলগা হৈছিল। আকৌ আল্লাহই দিয়া কিছুমান বিধি-বিধানৰ বাস্তৱ জীৱনত প্ৰয়োগ কৰাৰ পদ্ধতি সম্পৰ্কে কোৰানত কোনো উল্লেখ নাই। উদাহৰণস্বৰূপ, ছালাত, ফিতৰা, জাকাত আদি আদায় কৰাৰ নিৰ্দেশ আছে যদিও এইবোৰ আদায় কৰাৰ পদ্ধতিৰ বিষয়ে কোনো ব্যাখ্যা কোৰানত নাই। নবীজীয়ে এইবোৰ ব্যাখ্যা কৰিবলগা হৈছিল। নবীজীৰ ইন্তেকালৰ পিছতো বহুতো পণ্ডিতে কোৰানৰ তফছিৰ (ব্যাখ্যা, টোকা) ৰচনা কৰিছে। এইবোৰো আৰবী গদ্য সাহিত্যৰ এক উল্লেখযোগ্য অংশ।
ইতিহাস (History)
প্ৰাথমিক ইছলামী যুগত উদ্ভৱ হোৱা গদ্য সাহিত্যৰ এক শাখা হৈছে ইতিহাস সাহিত্য। ঐতিহাসিক ঘটনা কিছুমানৰ ওপৰত ভিত্তি কৰি কোৰানৰ বহুতো আয়াত অৱতীৰ্ণ হৈছিল। ফলত হাদিছ আৰু কোৰান অধ্যয়ন কৰাৰ লগে লগে ইতিহাসৰ শিক্ষা সমানে আগবাঢ়িছিল। কোৰানৰ তফছিৰ আৰু টিপ্পনিসমহত এনেকুৱা ঐতিহাসিক বৰ্ণনা পোৱা যায়। খলিফায়ে ৰাশ্বেদীনৰ যুগত ইতিহাস কেইবাটাও ৰূপত পোৱা যায়, যথা- নবী আৰু চাহাবাসকলৰ জীৱনী আৰু সিহঁতৰ কৰ্মৰাজিৰ বিৱৰণ, কোৰাইশসকলৰ লগত মুছলিমসকলৰ যুদ্ধ-বিগ্ৰহৰ বিৱৰণ, ইছলামৰ ৰাজ্য বিস্তাৰ আদিৰ বিৱৰণ। এইবোৰ অধ্যয়ন কৰি সেইসময়ৰ সামাজিক, ৰাজনৈতিক, ধৰ্মীয়, সাংস্কৃতিক, বৌদ্ধিক আদি সকলো বিষয়ৰে জ্ঞান লাভ কৰিব পাৰি।
এইবোৰৰ উপৰিও প্ৰাথমিক ইছলামী যুগৰ বহু বক্তায়ো বিভিন্ন উপলক্ষে নানান ঠাইত বক্তৃতা প্ৰদান কৰিছিল। উদাহৰণস্বৰূপে নাবিঘা আলজু’দী, আল হুতাইয়্যা, আবু জুবাইৰ আল হুজলী, আমৰ ইবনে মাদীকৰিব আদি কবিসকল ভাল বক্তাও আছিল। সিহঁতৰ বক্তৃতাসমূহেও প্ৰাথমকি যুগৰ আৰবী গদ্য সাহিত্যত প্ৰতিনিধিত্ব কৰে।
যিয়েই নহওঁক প্ৰাথমিক ইছলামী যুগৰ গদ্য সাহিত্যৰ বিকাশত হাদীছৰ প্ৰভাৱ আছিল অতি শক্তিশালী আৰু যুগান্তকাৰী। বৰ্তমানেও হাদীছৰ গদ্যক আৰবী ভাষাৰ আদৰ্শ গদ্য বুলি মানি লোৱা হয়।
সামৰিণত ক’ব পাৰি প্ৰাক ইছলামী যুগত সদ্য ভূমিষ্ঠ হোৱা আৰবী গদ্যই প্ৰাথমিক ইছলামী যুগত নিজৰ ভৰিত থিয় দিবলৈ শিকাৰ লগতে ফুটাই মাতিব পৰাও শিকে। 0 0 0.
.
বি দ্রঃ উক্ত ‘প্ৰাথমিক ইছলামী যুগৰ আৰবী গদ্য সাহিত্য | Arabic Prose Literature of Early Islamic Period’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘আৰবী সাহিত্যৰ ইতিহাস-প্রাথমিক ইছলামী যুগ‘ গ্রন্থখনৰ পৰা লোৱা হৈছে।
.
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
Additional Searches: