Home Literary Criticism প্ৰাথমিক ইছলামী যুগৰ আৰবী কবিতাৰ বৈশিষ্ট্য। Characteristics of Arabic Poetry of Early...

প্ৰাথমিক ইছলামী যুগৰ আৰবী কবিতাৰ বৈশিষ্ট্য। Characteristics of Arabic Poetry of Early Islamic Period

0

প্ৰাথমিক ইছলামী যুগৰ আৰবী কবিতাৰ বৈশিষ্ট্য

প্ৰাথমিক ইছলামী যুগৰ আৰবী কবিতাৰ বৈশিষ্ট্য। Characteristics of Arabic Poetry of Early Islamic Period

প্ৰাথমিক ইছলামী যুগৰ আৰবী কবিতাৰ বৈশিষ্ট্য (Characteristics of Arabic Poetry of Early Islamic Period)

প্ৰাথমিক ইছলামী যুগৰ আৰবী কবিতাৰ বৈশিষ্ট্য
হজৰত মহম্মদ (ছাঃ)য়ে মক্কাৰ পৰা মদীনালৈ হিজৰত কৰা সময়ৰ পৰা খলিফায়ে ৰাশ্বেদীনসকলৰ  শাসন কাললৈকে অৰ্থাৎ ৬২২ খৃঃৰ পৰা ৬৬১ খৃঃলৈ আৰবী সাহিত্যত ‘প্ৰাথমিক ইছলামী যুগ’ বুলি কোৱা হয়। উল্লেখ্য যে প্ৰাক-ইছলামী যুগ (৫০০ খৃঃৰ পৰা ৬২২ খ্ৰীষ্টাব্দলৈ)ৰ সময়খিনিত আৰবী কাব্য সাহিত্যত অভূতপূৰ্ব উন্নতি আৰু বিকাশ লাভ কৰে আৰু এই ধাৰা প্ৰাথমিক ইছলামী যুগতো অব্যাহত থাকে। অৱশ্যে ইয়াৰ বিষয়বস্তু আৰু ভাষা শৈলীৰ কিছু পৰিৱৰ্তন হয়। এই যুগৰ প্ৰধান কবিসকল আছিল নাবিঘা আল-জু’দী, হাছান বিন ছাবিত, আমৰ ইবনে মাদীকৰিব, আল হুতাইয়্যা, আবু জুবাইৰ, আল হুজলী, আমৰ খানচা আদি। এইসকল কবি প্ৰাক-ইছলামী যুগত জন্ম গ্ৰহণ কৰি প্ৰাথমিক ইছলামী যুগতো কবিতা চৰ্চা অৱ্যাহত ৰাখিছিল। দুয়ো যুগৰে কবি হোৱা বাবে সিহঁতক ‘মুখাদ্ৰিম কবি’ বুলি কোৱা হয়। ‘মুখাদ্ৰিম’ শব্দৰ অৰ্থ ‘মিশ্ৰ জাতি বা বংশ’। এইসকল কবিৰ কবিতাত প্ৰাক-ইছলামী যুগৰ কবিতাৰ বৈশিষ্ট্য বিদ্যমান যদিও প্ৰাথমিক ইছলামী যুগত ৰচিত সিহঁতৰ কবিতাত ইছলামী দৰ্শন যোগ হয় আৰু কবিতাৰ ভাষা আৰু কল্পচিত্ৰ মাৰ্জিত হয়। প্ৰাথমিক ইছলামী যুগৰ কবিসকলৰ সকলো কবিতা সংৰক্ষণ অৱস্থাত পোৱা নাযায় কিয়নো কবিসকলে সিহঁতৰ সৰহভাগ কবিতাই মুখে মুখে ৰচনা কৰিছিল আৰু সংৰক্ষণৰ বাবে কোনো প্ৰচেষ্টা লোৱা নাছিল। উমাইয়া যুগৰ শেষৰ পিনে আৰু আব্বাচীয় যুগৰ প্ৰথম ভাগত কেইজনমান সাহিত্য প্ৰেমীয়ে লোকমুখৰ পৰা কিছু কবিতা সংগ্ৰহ কৰি কেইবাটাও সংকলন প্ৰস্তুত কৰে। সেই সংকলনসমূহত সংৰক্ষিত কবিতাসমূহ অধ্যয়ন কৰিলে দেখা যায় যে প্ৰাক-ইছলামী যুগৰ কবিতাৰ দৰে প্ৰাথমিক ইছলামী যুগৰ কবিসকলৰ কবিতাতো সেই সময়ৰ সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক, ধৰ্মীয় আদি সকলো দিশৰ প্ৰতিফলন ঘটিছে। সিহঁতৰ কবিতাৰ বিষয়বস্তুও আছিল  বিবিধ, যেনে -প্ৰেম, যুদ্ধ, বংশগৌৰৱ, নিন্দা, শোক, প্ৰকৃতি, জীৱজন্তু আদি। তলত প্ৰাথমিক ইছলামী যুগৰ আৰবী কবিতাৰ প্ৰধান বৈশিষ্ট্য (Characteristics of Arabic Poetry of Early Islamic Period) সমূহ আলোচনা কৰা হ’ল-

যুদ্ধ

প্ৰাথমিক-ইছলামী যুগৰ আৰবী কবিতাৰ এক সাধাৰণ বিষয় হৈছে যুদ্ধ-বিগ্ৰহ। উদাৰহণস্বৰূপে  আমৰ বিন মা’দী কাৰিব, কা’ব বিন জোহাইৰ, আল হুতাইয়্যা আদিৰ কবিতাত সেই যুগত মুছলমান  আৰু মুছলমান বিৰোধী পৌত্তলিক সকলৰ মাজত হোৱা যুদ্ধৰ বিৱৰণ পোৱা যায়। ইয়াৰ উপৰি খেলাফায়ে ৰাশ্বেদীনসকলকৰ ৰাজত্ব কালছোৱাত বিভিন্ন ৰাজ্যৰ লগত হোৱা যুদ্ধৰ কাহিনীও পোৱা যায়। আমৰ বিন মা’দী কাৰিবয়ে এটি কবিতাত লিখিছে-
 
“দেখা পাওঁ, অশ্বাৰোহী সৈন্য আহে বক্ৰ পথত
যেনেকৈ স্ৰোতস্বিনী প্ৰৱাহিত হয় শস্য পথাৰত
প্ৰথমে হেঁচা খায় মোৰ অন্তৰ
পিছ মূহুৰ্ততে  মনক ঠেলি দিও আগলৈ
সাহস উভতাই পায় মন, দূৰ হৈ যায় ভয়।”

স্তুতি আৰু প্ৰশংসা

প্ৰাথমিক ইছলামী যুগৰ কবিতাৰ আন এক প্ৰধান বৈশিষ্ট্য হৈছে নেতৃস্থানীয় ব্যক্তিকসলকৰ প্ৰশংসা। আল হুত্যাইয়াৰ কিছুমান কবিতাত তেওঁক সহায় কৰা বা তেওঁৰ প্ৰতি সহানুভূতি দেখুওৱা লোকসকলক প্ৰশংসা কৰি গুণ-কীৰ্তন কৰিছল। তেওঁ আবু মুছা আল-আনছাৰী, আল ওৱালিদ বিন উকবা, চৈয়দ বিন আল আচ, উয়িনা বিন হিছন আদি নেতৃত্বস্থানীয় ব্যক্তিকসলক প্ৰশংসা কৰি কবিতা ৰচনা কৰি সিহঁতৰ সহানুভূতি আৰু পুৰস্কাৰ লাভ কৰিছিল।
 
কা’ব বিন জোহাইৰৰ এটি বিখ্যাত কবিতা হৈছে ‘বানাত ছুৱাদ’ (কাচিদা)। কবিতাটি তেওঁ হজৰত মহম্মদ (ছাঃ)ৰ প্ৰশংসা কৰি ৰচনা কৰিছিল। উদাৰহণস্বৰূপ তলৰ  পংক্তিকইেটা উদ্ধৃত কৰা হ’ল
 
“আমি  এনে এজন মহাপ্ৰাণ ব্যক্তিৰ কৰতলত
মোৰ দক্ষিণ হাত স্থাপন কৰিছো
…………………….
নিশ্চয় আল্লাহৰ ৰছুল এক চকচকীয়া তৰোৱাল
যি হিন্দুস্থানী লোৰ দ্বাৰা নিখঁুতভাৱে তৈয়াৰী
শুভ্ৰ আৰু নিষ্কলংক।”
 
এই কবিতাটিৰ শেষ পংক্তিবোৰত নবীৰ চাহাবা আৰু মোজাহিদসলকৰ প্ৰশংসা কৰিছে। বিষয়ৰ শ্ৰেষ্ঠত্ব, বৰ্ণনাৰ সাৱলীলতা, আবেগৰ গভীৰতা, ভাষাৰ সৌন্দৰ্য, ছন্দৰ মাধৰ্য, কাব্যিক কলা-কুশলতা, শব্দৰ বিন্যাস, ধৰ্মৰ উন্মাদনা আৰু অৰ্থৰ ব্যঞ্জনাৰ দিশত কবিতাটি আৰবী কাব্য সাহিত্যত এক অতুলনীয় স্তুতিমূলক কবিতা বুলি ক’ব পাৰি।
প্ৰাথমিক ইছলামী যুগৰ আৰবী কবিতাৰ বৈশিষ্ট্য

প্ৰেম

প্ৰেমৰ প্ৰংসঙ্গই আৰবী কবিতাত এক বিশেষ স্থান অধিকাৰ কৰি আছে। প্ৰাক-ইছলামী যুগৰ কবিতাত থকা দৰেই প্ৰাথমিক ইছলামী যুগৰ কবিতাতো প্ৰেমৰ প্ৰসংগ উভৈনদীকৈ পোৱা যায়। উদাহৰণস্বৰূপে ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হোৱাৰ আগতে হাছান বিন ছাবিতে বহুতো প্ৰেমৰ কবিতা ৰচনা কৰিছিল আৰু সেইবোৰ কবিতাত নাৰীৰ কমনীয় সৌন্দৰ্যৰ বৰ্ণনা পোৱা যায়।
 
আল হুত্যাইয়ায়ো কিছু প্ৰেমৰ কবিতা ৰচনা কৰিছিল। তেওঁৰ প্ৰেমৰ কবিতাবোৰত নাৰীদেহৰ চিত্তাকৰ্ষক কাব্যিক বৰ্ণনা আছে। তেওঁৰ কবিতাত নাৰীদেহৰ অংগ-প্ৰতঙ্গ যেনে -ডিঙি, তপিনা, নাক, কাণ, চুলি, মুখমণ্ডল, হাঁহি আদিৰ মোহনীয় বৰ্ণনা আছে। তেওঁৰ কল্পচিত্ৰ আছিল অভিনৱ আৰু চিত্তাকৰ্ষক।
 
আমৰ ইবনে মা’দী কাৰিবৰ কিছুমান কবিতাৰ বিষয়বস্তুও আছিল প্ৰেম। প্ৰেমৰ কবিতাবোৰত নাৰীদেহৰ সৌন্দৰ্যৰ বৰ্ণনা আছে যদিও তেওঁ নাৰী সৌন্দৰ্যৰ বন্দনা কৰা নাই। তেওঁ নাৰীৰ বিষয়ে লিখোতে সদায় শালীনতা বজাই ৰাখিছিল।
 
কা’ব বিন জোহাইৰৰ কাব্য ভাণ্ডাৰতো প্ৰেমৰ কবিতা বিদ্যমান। তেওঁ প্ৰেমৰ কবিতা প্ৰেয়সীৰ পৰিত্যক্ত বাসগৃহৰ বৰ্ণনাৰে আৰম্ভ কৰি প্ৰেয়সীৰ ৰূপ লাৱণ্যৰ বৰ্ণনা দিছে। তেওঁ প্ৰেয়সীক ছলনাকাৰী, প্ৰতাৰক, প্ৰতিজ্ঞা ভংগকাৰী হিচাপে অংকন কৰিছে। এটি কবিতাত তেওঁ লিখিছেঃ
 
“প্ৰেয়সী মোৰ চঞ্চলা, অস্থিৰ, 
ধাৰণ কৰে বহুৰূপ প্ৰেতাত্মাৰ দৰে
মিথ্যাৰ নামান্তৰ অংগীকাৰ কৰে বাৰে বাৰে
তাইৰ প্ৰতি মোৰ আশা, মোৰ ভৰসা ভ্ৰান্তিময়
যদিও মই চাই থাকো তাইলৈ হৈ তন্ময়।”

জীৱ-জন্তু

প্ৰাক-ইছলামী যুগৰ কবিতাত পোৱা দৰে প্ৰাথমিক ইছলামী যুগৰ কবিতাতো জীৱ-জন্তুৰ বৰ্ণনা পোৱা যায়। উদাহৰণস্বৰূপে কা’ব বিন জুহাইৰৰ বহুতো কবিতাত উট, ঘোঁৰা, গাধ আদিৰ প্ৰসংগ আছে।  এটি কবিতাত তেওঁ আৰোহন কৰা উটৰ বৰ্ণনা দিছে এনেদৰেঃ
 
“সবল আৰু তেজস্বী মোৰ উষ্ট্ৰী
সন্মুখলৈ ধাৱমান, ক্ষিপ্ৰ তাৰ গতি
ই অতিক্ৰম কৰে মৰুভূমিৰ উত্তপ্ত  বালি
চিহ্নবিহীন পথৰ ওপৰত থাকে তাৰ দৃষ্টি।”
প্ৰাথমিক ইছলামী যুগৰ আৰবী কবিতাৰ বৈশিষ্ট্য

শোক

প্ৰাথমিক ইছলামী যুগৰ কবিতাৰ সততে পোৱা আন এক বৈশিষ্ট্য হৈছে আপোনজনৰ মৃত্যুত ৰচনা কৰা শোক কবিতা।
 
হাছান বিন ছাবিতে বদৰ, উহুদ আদি যুদ্ধত শ্বহীদ হোৱা যোদ্ধাসকলকৰ ওপৰত শোক কৰি বহুতো কবিতা ৰচনা কৰিছিল। তেওঁ হজৰত মহম্মদ (ছাঃ)ৰ মৃত্যুতো শোক এটি ডাঙৰ কবিতা ৰচনা কৰিছিল।  ইয়াৰ উপৰিও তেওঁ হজৰত ওছমান (ৰাঃ), হজৰত ওমৰ (ৰাঃ), হামজা বিন আব্দুল মুত্তালিব আদি ব্যক্তিৰ ওপৰতো শোক কবিতা ৰচনা কৰিছিল।
 
আবু জোহাইৰ আল হুজলীয়ে প্লেগ ৰোগত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰা পাঁচজন পুত্ৰৰ শোকত বহুতো শোক কবিতা ৰচনা কৰিছিল। তেওঁৰ এটি শোক কবিতাত লিখিছে–
 
“বিদায় লৈছে মোৰ পুত্ৰসকল
আৰু মোক দি গৈছে অস্থিৰতা আৰু অশ্ৰু
যি নিগৰিত হৈ আছে বিৰামহীন ভাৱে।
…………
এনে হৈছে মোৰ চকুৰ অৱস্থা
যেনে কোনোৱাই খোচ মাৰি সোমাই দিছে কাঁইট
আৰু মই বৈ আছো তাৰ যন্ত্ৰণা সৰ্বদা।”
 
কাছেদিয়াৰ যুদ্ধত নিহত হোৱা চাৰিজন পুত্ৰৰ ওপৰত আল খানাচায়ো শোক কৰি কেইবাটাও শোক কবিতা ৰচনা কৰিছিল।
প্ৰাথমিক ইছলামী যুগৰ আৰবী কবিতাৰ বৈশিষ্ট্য

ব্যঙ্গ কবিতা

প্ৰাথমিক ইছলামী যুগৰ আৰবী কবিতাৰ এক বিশেষ অংশ অধিকাৰ কৰি আছে ব্যঙ্গ কবিতাই। আল হুত্যাইয়্যাই কবিতাৰে তেওঁক ঘৃণা কৰা লোকসকলৰ ওপৰত প্ৰতিশোধ লৈছিল। তেওঁৰ ব্যঙ্গ কবিতাৰ পৰা পৰিচিত, অপৰিচিত, আত্মীয়, অনাত্মীয় কোনো লোক বাদ পৰা নাছিল। তেওঁ নিজৰ চেহেৰাকো নিন্দা কৰি কবিতা ৰচনা কৰিছিল।  এটি কবিতাত তেওঁ লিখিছিল–
 
“মই মোৰ মুখমণ্ডল দেখা পাওঁ
আল্লাহই ইয়াক কুৎসিত কৰি সৃষ্টি কৰিছে।
মোৰ অৱয়ব যেনে কুৎসিত 
তেনেদৰে মোৰ গৰ্ভধাৰিনীজনীও কুৎসিত আছিল।”
 
সেইদৰে হাছান বিন ছাবিত, আবু মিহজান ছাকাফী আদি কবিয়েও ইছলামৰ শত্রূ আৰু বিৰোধী পক্ষৰ লোকসকলক ব্যঙ্গ কৰি কবিতা ৰচনা কৰিছিল।
প্ৰাথমিক ইছলামী যুগৰ আৰবী কবিতাৰ বৈশিষ্ট্য

প্ৰকৃতি

প্ৰাথমিক ইছলামী যুগৰ কবিতাত প্ৰকৃতিক সৌন্দৰ্যৰ মোহনীয় বৰ্ণনাও পোৱা যায়। উদাহৰণস্বৰূপে আল হুজলীৰ কবিতাত প্ৰকৃতিৰ ৰূপ সৌন্দৰ্যৰ বৰ্ণনা পোৱা যায়। এটি কবিতাত তেওঁ মেঘবৰ্ষণৰ চমৎকাৰ কাব্যিক বৰ্ণনা দাঙি ধৰিছে। আন এটি কবিতাত মৌমাখিয়ে মৌ সংগ্ৰহৰ বিৱৰণ আছে।
 
তেনেদৰে মা’দী কাৰিব, আবু আল জোহাইৰ আদিৰ কবিতাত মৰুভূমিৰ ৰুক্ষতা, প্ৰকৃতিৰ নিৰ্মমতা আদিৰ চিত্ৰ পোৱা যায়।

ইছলামী দৰ্শন

প্ৰাথমিক ইছলামী যুগৰ কবিতাৰ এক উল্লেখযোগ্য আৰু প্ৰশংসনীয় বৈশিষ্ট্য হৈছে ইছলামী দৰ্শন। এই যুগৰ কবিসকলে হজৰত মহম্মদ (ছাঃ)য়ে প্ৰচাৰ কৰা ইছলাম ধৰ্ম, ইয়াৰ আদৰ্শ আৰু দৰ্শনৰ দ্বাৰা বাৰুকৈয়ে প্ৰভাৱিত হৈছিল আৰু সিহঁতৰ কবিতাত ইয়াৰ প্ৰতিফলন ঘটিছিল। ইছলামী দৰ্শনৰ দ্বাৰা প্ৰভাৱিত হোৱা হাছান বিন ছাবিতে এটি কবিতাত আল্লাহৰ একত্ব আৰু মহত্ব বৰ্ণনা কৰি লিখিছেঃ
 
“হে প্ৰভু, যিসকলে আন দেৱতাক বিশ্বাস কৰে, সেইসকলৰ পৰা আপোনাৰ স্থান অতি উচ্চ আৰু মৰ্যদাশীল
 
অকল আপোনাৰেই আছে সকলো সৃষ্টিশীলতা, আশীৰ্বাদ আৰু সমগ্ৰতা
 
আমি অকল আপোনাৰ দ্বাৰাই পৰিচালিত আৰু আমি অকল আপোনাকেই উপাসনা কৰো।” 
 
আমৰ ইবনে মা’দী কাৰিবৰৰ কোনো কোনো কবিতাত জীৱনৰ দাৰ্শনিক সত্য প্ৰকাশ পাইছে এনেদৰে –
 
“তুমি কিয় সুন্দৰ পোছাকেৰে নিজকে কৰা সজ্জ্বিত
জানি লোৱা সৌন্দৰ্য কেতিয়াও পোছাকত নহয় বিকশিত
সৌন্দৰ্য হৈছে সেই সকলো গুণাৱলীৰ খনি
সি মহত্ব আৰু ভাল কামৰ উত্তৰাধিকাৰী।”
 
আল হুজলীৰ শোক কবিতাসমূহত মৃত্যু সম্পৰ্কে তেওঁৰ মনস্তত্ব আৰু দাৰ্শনিক ভাৱাধাৰ ফুটি উঠিছে। মৃত্যু সম্পৰ্কে তেওঁ কৈছেঃ
 
“মৃত্যুয়ে যেতিয়া দুহাত প্ৰসাৰিত কৰে
তেতিয়া কাম নিদিয়ে কোনো মাদুলিয়ে
মৃত্যুৰ ওপৰত ক্ৰন্দন কৰাটো নিচেই মূৰ্খতা
সকলোৰে জীৱনলৈ ই আহিব
আহিব মোৰ জীৱনলৈয়ো
মোৰ মুখ ঢাকি শুৱাই ৰাখি সকলোৱে ক্ৰন্দন কৰিব
তোমালোক সকলোৱে সেয়া শুনিবা
মাথো মইহে নুশুনো।”
 
আল খানচাৰ কিছুমান কবিতাত ইছলামী দৰ্শন যেনে- ঈশ্বৰৰ একত্ব, মহত্ব, দয়াশীলতা আদিৰ প্ৰসংগ পোৱা যায়।
প্ৰাথমিক ইছলামী যুগৰ আৰবী কবিতাৰ বৈশিষ্ট্য  

সুৰা

প্ৰাথমিক ইছলামী যুগত ৰচিত কিছু কবিতাত সুৰাৰ বৰ্ণনা পোৱা যায়, কিন্তু এই বৰ্ণনা দুই এজনৰ কবিতাতে সীমাবদ্ধ আছিল। উদাহৰণস্বৰূপে আবু মিহজান ছাকাফীয়ে সুৰা (মদিৰা)ৰ ওপৰত কেইবাটাও মনোৰম কবিতা ৰচনা কৰিছিল। এটি কবিতাত তেওঁ লিখিছে–
 
“মৃত্যুৰ পিছত মোক কবৰস্থ কৰিবা আঙুৰ গছৰ তলত
যেন তাৰ শিপাই যোগায় মোৰ অস্থিক ৰস
কেতিয়াও নকৰিবা মোক সমাধিস্থ উন্মুক্ত স্থানত
যেন আমি বঞ্চিত নহওঁ দ্ৰাক্ষাৰস আস্বাদনত।”

শৈলী

প্ৰাথমিক ইছলামী যুগৰ আৰবী কবিতা আৰু প্ৰাক-ইছলামী যুগৰ কবিতাৰ মাজত বিশেষ পাৰ্থক্য পলিক্ষিত নহয় যদিও প্ৰাথমিক ইছলামী যুগৰ কবিতাৰ ভাষা কিছু পৰিমাণে মাৰ্জিত আৰু সৰল যেন লাগে। এই যুগৰ কবিসকলৰ কল্পচিত্ৰতো কিছু নতুনত্বৰ সোৱাদ পোৱা যায়। উদাৰহণস্বৰূপে কা’ব বিন জোহাইৰে তেওঁৰ এটি প্ৰেমৰ কবিতাত তেওঁ প্ৰেয়সীৰ ৰূপ লাৱণ্যৰ এক অভিনৱ কল্পচিত্ৰ অংকন কৰিছে, এনেদৰেঃ
 
“তাইৰ শুভ্ৰ দাঁতৰাশি মদীৰা দ্বাৰা বিধৌত
বৰফৰ দৰে সুশীতল 
উত্তৰ দিশৰ পৰা বলা
বায়ুৰ দ্বাৰা স্নিগ্ধ।”
 
আল হুত্যাইয়াৰ কবিতাত শব্দৰ সুষম ব্যৱহাৰ লক্ষণীয় বিষয় যদিও তেওঁ বহু কবিতাত অপৰিচিত শব্দও ব্যৱহাৰ কৰিছিল।
 
মা’দী কাৰিবৰ  কবিতাৰ ভাষা গহীন, ভাৱ গম্ভীৰ আৰু বৰ্ণনা সৰল আৰু তেজস্বী, কল্পচিত্ৰ চিন্তাগধুৰ।
 
সামৰণিত ক’ব পাৰি প্ৰাক-ইছালীম যুগৰ কবিতা আৰু প্ৰাথমিক ইছলামী যুগৰ কবিতাৰ  বৈশিষ্ট্যৰ মাজত যথেষ্ট মিল আছে যদিও প্ৰাথমিক ইছলামী যুগৰ কবিতা অশ্লীলতাৰ পৰা মুক্ত আৰু ইছলামী দৰ্শনৰ দ্বাৰা প্ৰভাৱিত আৰু ভাষা আৰু শৈলীৰ দিশত কিছু  মাৰ্জিত আৰু সৰল। ০ ০ ০.
প্ৰাথমিক ইছলামী যুগৰ আৰবী কবিতাৰ বৈশিষ্ট্য
.
বি দ্রঃ উক্ত ‘প্ৰাথমিক ইছলামী যুগত আৰবী কবিতাৰ বিকাশ | Development of Arabic Poetry During Early Islamic Period’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘আৰবী সাহিত্যৰ ইতিহাস-প্রাথমিক ইছলামী যুগ‘ গ্রন্থখনৰ পৰা লোৱা হৈছে।
প্ৰাথমিক ইছলামী যুগৰ আৰবী কবিতাৰ বৈশিষ্ট্য

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Additional Searches:

LEAVE A REPLY

Please enter your comment!
Please enter your name here