Home Literary Criticism প্ৰাথমিক ইছলামী যুগৰ বিশিষ্ট আৰবী কবিসকল | Arabic Poets of Early Islamic...

প্ৰাথমিক ইছলামী যুগৰ বিশিষ্ট আৰবী কবিসকল | Arabic Poets of Early Islamic Period

0

প্ৰাথমিক ইছলামী যুগৰ বিশিষ্ট আৰবী কবিসকল

প্ৰাথমিক ইছলামী যুগৰ বিশিষ্ট আৰবী কবিসকল  Arabic Poets of Early Islamic Period
প্ৰাথমিক ইছলামী যুগৰ বিশিষ্ট আৰবী কবিসকল

প্ৰাথমিক ইছলামী যুগৰ বিশিষ্ট আৰবী কবিসকল | Arabic Poets of Early Islamic Period

প্ৰাথমিক ইছলামী যুগ বুলিলে ৬২২ খৃঃৰ পৰা ৬৬১ খ্ৰীষ্টাব্দৰ মাজৰ চল্লিশ বছৰৰ সময়খিনিক বুজোৱা হয়। প্ৰাক-ইছলামী যুগতেই আৰবী কাব্য সাহিত্যই বিস্তৰ বিকাশ লাভ কৰিছিল। প্ৰাথমিক ইছলামী যুগতো এই ধাৰা অব্যাহত আছিল। প্ৰাক ইছলামী যুগৰ কবিসকলৰ কবিতাত সেই যুগৰ প্ৰচলিত চিন্তা-ধাৰা, পৰম্পৰা, বিশ্বাস, ৰীতি-নীতি আদি প্ৰতিফলিত হৈছিল আৰু সিহঁতৰ মাজৰ কিছুমান কবিৰ কবিতা অশ্লীলতাৰ দোষত দোষী আছিল। অৱশ্যে ইছলামৰ আৱিৰ্ভাবৰ পিছত আৰবৰ কিছু সংখ্যক কবিয়ে ইছলামী দৰ্শনৰ দ্বাৰা প্ৰভাৱিত হৈ কবিতা ৰচনা আৰম্ভ কৰে। সিহঁতৰ কবিতাত ইছলামী দৰ্শন আৰু চিন্তা চৰ্চা যেনে-আল্লাহৰ একত্ব, আল্লাহৰ মহিমা, স্বৰ্গ, নৰক, ইহকাল, পৰকাল, কৰ্মফল, মানৱতাবাদ আদি প্ৰকাশ পাইছিল। এনেদৰে যিসকল আৰবী কবিয়ে প্ৰাক-ইছলামী যুগ আৰু ইছলামী যুগ- উভয় যুগতে কাব্য চৰ্চা অব্যাহত ৰাখিছিল, সেইসকল কবিক ‘মুখাদ্ৰিম’ কবি বুলি কোৱা হয়। মুখাদ্ৰিম কবিসকলৰ কবিতাসমূহ শৈলীৰ দিশৰ পৰা প্ৰাক-ইছলামী যুগৰ কবিতাৰ দৰেই আছিল যদিও কবিতাৰ বিষয়-বস্তু আৰু দৰ্শনত এটি নতুন বিষয় যুক্ত হৈছিল সেয়া আছিল হজৰত মহম্মদ (ছাঃ) ৰ দৰ্শন অৰ্থাৎ কোৰানৰ দৰ্শন। পিছলৈ ইছলাম ধর্মৰ বিস্তাৰৰ লগে লগে আৰব সমাজত কাব্য সাহিত্যৰ প্ৰভাৱ ক্ৰমে হ্রাস পাই আহে আৰু গদ্য সাহিত্যই গা কৰি উঠে।  উল্লেখ্য যে ইছলাম ধর্মৰ প্ৰৱৰ্তক হজৰত মহম্মদ (ছাঃ) য়েও কবিতা ভাল পাইছিল আৰু মাৰ্জিত, নৈতিকপূৰ্ণ কবিতা পাঠ শ্ৰৱণ কৰিছিল। নবীজীৰ কেইজনমান চাহাবায়ো কেতিয়াবা কেতিয়াবা নবীজীৰ লগত কবিতা সম্পৰ্কে আলোচনা কৰিছিল। তেখেতে সিহঁতৰ আলোচনা শ্ৰৱণ কৰি  মুচুকি হাঁহিছিল। উদাহৰণস্বৰূপে তেখেতে আতা বনি আল হাদৰামি, আল খানচা, নাবিঘা আল-জু’দী আদি কবিৰ কবিতা পাঠ শ্ৰৱণ কৰি সিহঁতৰ কবিতাৰ প্ৰশংসা কৰিছিল। ইয়াতে উনুকিয়াব পাৰি যে হজৰত মহম্মদ (ছাঃ)ৰ লগতে সঠিক পথত পৰিচালিত চাৰিজন খলিফায়ো কবিতা ভাল পাইছিল। সিহঁতৰ চাৰিওজনেই কবি  আছিল যদিও কোনোজনেই বৃত্তিধাৰী কবি নাছিল। অৱশ্যে সিহঁতে  যুদ্ধক্ষেত্ৰত সেনাসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে কবিতা ৰচনা কৰিছিল আৰু আন আন কবিৰ কবিতাৰ পৰা কবিতাৰ কলি আবৃতি কৰি যোদ্ধাসকলৰ মনোবল বৃদ্ধি কৰিছিল।
 
মুখাদ্ৰিম কবিসকলৰ ভিতৰত প্ৰধান আৰু বিখ্যাত কবিসকল আছিল নাবিঘা আলজু’দী, হাছান বিন ছাবিত, আল খানচা, আল হুতাইয়্যা, আবু জুবাইৰ আল হুজলী, আমৰ ইবনে মাদীকৰিব আদি। 0 0 0.
প্ৰাথমিক ইছলামী যুগৰ বিশিষ্ট আৰবী কবিসকল
.
বি দ্রঃ উক্ত ‘প্ৰাথমিক ইছলামী যুগৰ বিশিষ্ট আৰবী কবিসকল | Arabic Poets of Early Islamic Period’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘আৰবী সাহিত্যৰ ইতিহাস-প্রাথমিক ইছলামী যুগ‘ গ্রন্থখনৰ পৰা লোৱা হৈছে।
প্ৰাথমিক ইছলামী যুগৰ বিশিষ্ট আৰবী কবিসকল

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

Additional Searches:

LEAVE A REPLY

Please enter your comment!
Please enter your name here