Home Literary Criticism প্ৰিয়তমা-এক সমালোচনাত্মক বিশ্লেষণ | Ismail Hossain Priyotoma

প্ৰিয়তমা-এক সমালোচনাত্মক বিশ্লেষণ | Ismail Hossain Priyotoma

0

প্ৰিয়তমা-এক সমালোচনাত্মক বিশ্লেষণ

ৰাব্বি মছৰুৰ

প্ৰিয়তমা-এক সমালোচনাত্মক বিশ্লেষণ  Ismail Hossain Priyotoma

 

প্ৰিয়তমা-এক সমালোচনাত্মক বিশ্লেষণ

প্ৰিয়তমা-এক সমালোচনাত্মক বিশ্লেষণ

‘প্ৰিয়তমা’ কবিতাটি কবিতা সম্পৰ্কীয় কবিতা। কবিতাটিত কবিয়ে কবিতাক সমাসোক্তি দান কৰি নিজৰ প্ৰিয়তমা বুলি কল্পনা কৰিছে। কবিতাটিত কবিয়ে কবিৰ কবিতাৰ উৎস, সুখ-দুখত কবিতাৰ সতে কবিৰ সম্পৰ্ক আৰু কবিতাৰ জৰিয়তে কবিৰ সমাজ সংস্কাৰৰ দৃঢ় মনোভাবৰ কথা প্ৰকাশ কৰিছে। কবিতা কবিৰ মানৱী প্ৰেম আৰু প্ৰেয়সীৰ দৰে। প্ৰেমিক-প্ৰেমিকাৰ মাজত যিদৰে মিলন আৰু বিচ্ছেদ হয়, কবিৰো কবিতাৰ স’তে বহুবাৰ মিলন আৰু বিচ্ছেদ হৈছে।  কবিৰ ভাষাত–

“বহুবাৰ তোমাৰ স’তে মোৰ বিচ্ছেদ

বহুবাৰ মিলন।”

দ্বিতীয়তে, কবিয়ে বুটলা কবিতাৰ সমল বা উৎসৰ কথা কৈছে। কবিয়ে সকলোতে কবিতাৰ উৎস পায়; কিয়নো কবিসকলৰ দৃষ্টি সাধাৰণ জন দৃষ্টিৰ উৰ্দ্ধত। সাধাৰণ মানুহৰ চকুত যি আঁৰ হৈ থাকে কবিসকলৰ দৃষ্টিত সেয়া জলজল পটপটকৈ ধ’ৰা দিয়ে। সেয়ে কবিয়ে যুদ্ধ ভূমিৰ পৰা, শান্তি যাত্ৰাৰ পৰা, শ্ৰমিকৰ ঘামৰ পৰা নাইবা কৃষকৰ অশ্ৰুপাতৰ পৰা কবিতাৰ সমল বুটলে। কবিয়ে কৈছে–

“যুদ্ধ ভূমিৰ পৰা কিম্বা শান্তি যাত্ৰাৰ পৰা 

শ্ৰমিকৰ ঘামৰ পৰা কিম্বা

কৃষকৰ অশ্ৰুপাতৰ পৰা 

সকলোতে মই তোমাক বুটলো।”

কবিয়ে সুখে-দুখে সকলো অৱস্থাতে কবিতাৰ স’তে আলিংগন কৰে- কাৰণ কবিয়ে তাতেই প্ৰেমৰ নদী বিচাৰি পায় য’ত শব্দৰ সমাহাৰ হয়। আকৌ শব্দৰ সমাহাৰতহে কবিতাৰ সৃষ্টি হয়। কবিৰ ভাষাত–

“সুখে-দুখে তোমাৰ স’তে আলিংগন কৰো

শব্দৰ সমাহাৰত বিচাৰো প্ৰেমৰ নদী।”

কবিৰ অন্তৰৰ সকলোতে কবিতাৰ অস্তিত্ব। তেওঁৰ মানসিক অন্তঃদ্বন্দ্বৰ বাহিৰে-ভিতৰে কবিতা; অস্তিত্বৰ অভ্যন্তৰতো এজনী দুৰ্জেয়া ৰমনীৰ দৰে। কবিৰ ভাষাত–

“মোৰ দ্বন্দ্বৰ ভিতৰে বাহিৰেও তুমি,

অস্তিত্বৰ অভ্যন্তৰত এজনী দুৰ্জেয়া ৰমনী।”

শেষত কবিতাৰ উদ্দেশ্যৰ বিষয়ে কবিয়ে কৈছে যে কবিতা দেশৰ বাবে, নিৰন্নজনৰ বাবে অথবা বিপন্ন  স্বাধীনতা ঘূৰাই পোৱাৰ বাবেও কবিতা। আৰু সেইবাবেই কবিতাৰ স’তে কবিৰ ক্ৰান্তিকাৰী সংলাপ। কবিৰ ভাষাত–

“মোৰ বাবে কিম্বা দেশৰ বাবে

তোমাৰ বাবে কিম্বা নিৰন্নজনৰ বাবে

অৱশেষত ঘূৰাই ল’ম বিপন্ন স্বাধীনতা;

সেইবাবেই তোমাৰ স’তে মোৰ ক্ৰান্তিকাৰী সংলাপ।”

কবিতাটিৰ জৰিয়তে কবিতা যে সৰ্বকালীন আৰু কবিতাৰ সমল যে আমাৰ চকুৰ আগত দেখি থকা সমাজখনেই তাৰ স্পষ্ট আভাষ কবিয়ে দাঙি ধ’ৰাত সফল হৈছে। কবিতাটিৰ ভাষা সহজ, সৰল আৰু সাধাৰণ পাঠকে বুজিব পৰাকৈ নমনীয়। ০ ০ ০

.

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here