পৰিবেশ প্ৰদূষণ
পৰিবেশ প্ৰদূষণ
পৰিবেশ প্ৰদূষণ ৰচনা
আমাৰ চাৰিওফালৰ ঘৰ-দুৱাৰ, জীৱ-জন্তু, গছ-গছনি, বায়ু, পানী, মাটি, নদ-নদী আদি মিলি যি অৱস্থাৰ সৃষ্টি হয়, সেয়াই পৰিবেশ। অৰ্থাৎ প্ৰকৃতিৰ মুকলিমূৰীয়া অৱস্থা বা স্বভাৱৰ লগত আমাৰ অৱস্থা মিলি পৰিবেশৰ সৃষ্টি হয়। আকৌ ‘প্ৰদূষণ’ মানে স্বাভাৱিক অৱস্থা নষ্ট হোৱা বা দূষণ হোৱা অৱস্থা। এতেকে “পৰিবেশ প্ৰদূষণ” মানে আমাৰ চাৰিওফালৰ স্বাভাৱিক অৱস্থা নষ্ট হোৱা বা দূষণ হোৱা পৰিস্থিতি। বৰ্তমান জন-অৰণ্যময় বিশ্বত কিছুমান মানুহে জীয়াই থকাৰ তাগিদাত আৰু কিছুমান মানুহে আৰাম আৰু বিলাসিতাৰ জীৱন-যাপন কৰাৰ উদ্দেশ্যে নানা ধৰণৰ কৃত্ৰিম বা ৰাসায়নিক আৰু অতিৰঞ্জিত বস্তু-সামগ্ৰী ব্যৱহাৰ কৰি অথবা প্ৰকৃতিত পোৱা বস্তু-সামগ্ৰী বিবেচনাহীন আৰু অপৰিকল্পিতভাৱে ব্যৱহাৰ কৰি প্ৰতিদিনে পৃথিৱীৰ স্বাভাৱিক পৰিবেশ বা অৱস্থা বিনষ্ট কৰি আছে। বৰ্তমান ই কোনো এটি নিৰ্দিষ্ট অঞ্চল বা দেশৰ সমস্যা হিচাপে দেখা নিদি গোটেই বিশ্বৰ উমৈহতীয়া সমস্যা হিচাপে দেখা দিছে আৰু ই মানৱ সভ্যতাৰ অস্তিত্বৰ পথত ভাবুকি স্বরূপ হৈ পৰিছে।
পৰিবেশ প্ৰদূষণক মোটামুটিভাৱে চাৰিটা দিশত আলোচনা কৰিব পাৰি, যথা- বায়ু প্ৰদূষণ, ভূমি প্ৰদূষণ, জল প্ৰদূষণ আৰু শব্দ প্ৰদূষণ।
প্ৰধানকৈ পাঁচোটা গেছ মিলি আমাৰ বায়ুমণ্ডল গঠিত হৈছে। সিহঁতৰ অনুপাত প্ৰকৃতিয়ে বিশ্বৰ জীৱ-জন্তুৰ অনুকূলে নিৰ্দ্ধাৰণ কৰিছে। ইয়াৰ ভিতৰত অক্সিজেন গেছ মানুহৰ স্বাস্থ্য তথা শ্বাস-প্ৰশ্বাসৰ বাবে অপৰিহাৰ্য্য। অক্সিজেনৰ পৰিমাণ কম হ’লে আমাৰ জীৱনৰ বাবে প্ৰতিকূল হৈ পৰে। কিন্তু বৰ্তমান আমাৰ বায়ুমণ্ডল প্ৰতিদিনে কলুষিত হৈ আছে। ইয়াৰ কাৰণ বহুতো, যথা- মানুহৰ সুবিধা সৃষ্টিৰ নামত গছ-গছনি কাটি পেলোৱা হৈ আছে, তাৰ ফলত বায়ুমণ্ডলত অক্সিজেনৰ অনুপাত হ্ৰাস পাই আছে। ইয়াৰ উপৰিও প্ৰতিদিনে গাড়ী-মটৰ, কল-কাৰখানা আদিৰ পৰা নিৰ্গত হোৱা ধোঁৱা, পাৰমাণৱিক বোমা বিষ্ফোৰণ আদিৰ ফলত বায়ুমণ্ডলত কাৰ্বন-ডাই অক্সাইড, ছালফাৰ-ডাই অক্সাইড, অ’জন আদি গেছৰ পৰিমাণ বৃদ্ধি পাই বায়ু প্ৰদূষণ অবিৰত গতিত চলি আছে।
ভূমি হ’ল মানুহৰ সকলো খাদ্য ভাণ্ডাৰৰ উৎস। ভূমিৰ পৰাই আমি আমাৰ প্ৰয়োজনীয় সকলোবোৰ খাদ্য-সামগ্ৰী উৎপাদন কৰো। কিন্তু আজি এই ভূমিকো মানুহে নিজৰ নিজৰ ক্ষুদ্ৰ স্বাৰ্থ ৰক্ষাৰ্থে ভৱিষ্যতৰ প্ৰতি আওকান কৰি প্ৰদূষিত কৰি আছে। সাধাৰণতে ভূমিত প্ৰয়োগ কৰা ৰাসায়নিক সাৰ, কীটনাশক দ্ৰৱ্য আৰু ৰবৰ বা প্লাষ্টিক জাতীয় সামগ্ৰী পেলাই ভূমিৰ উৎপাদিকা শক্তি নাশ কৰি আছে। আজি বিশ্বত প্লাষ্টিক জাতীয় সামগ্ৰীৰ ব্যৱহাৰ ইমানেই বৃদ্ধি পালে যে সেইবোৰৰ অৱশেষ আশ্ৰয় হৈছে ভূমি–যিয়ে ভূমিৰ সাৰুৱা গুণ নিঃশেষ কৰাত সক্ৰিয় ভূমিকা গ্ৰহণ কৰে।
পৰিবেশ প্ৰদূষণৰ আন এক দিশ হৈছে জল প্ৰদূষণ। সাধাৰণতে জল বা পানীক ‘জীৱন’ৰ অন্য নাম বুলি স্বীকাৰ কৰা হয় যদিও আজি বিশ্বত বিশুদ্ধ জল পোৱা প্ৰায় অসম্ভৱ হৈ পৰিছে। সাধাৰণতে, প্ৰতিদিনে কল-কাৰখানাৰ পৰা নিৰ্গত হোৱা গেলা-পচা আবৰ্জনা, খেতিত প্ৰয়োগ কৰা কীট নাশক দ্ৰৱ্য, জীৱ জন্তুৰ মল-মূত্ৰ আদি নৈ, বিল, খাল, সাগৰ, মহাসাগৰ আদিৰ পানীৰ লগত মিহলি হৈ জল প্ৰদূষণৰ সৃষ্টি কৰিছে।
‘শব্দ প্ৰদূষণ’ আমাৰ পৰিবেশ প্ৰদূষণৰ আন এটি দিশ। আজিকালি বিশ্বত বিজ্ঞানৰ গৌৰৱ ধবজা উৰি আছে। বিজ্ঞানে মানুহক হাজাৰ-বিজাৰ নতুন নতুন সা-সামগ্ৰী, যান-বাহন আদি উপহাৰ হিচাপে আগবঢ়াইছে যদিও সেই সেইবোৰে উপকাৰৰ লগতে আমাৰ যে মাৰাত্মক অপকাৰো সাধন কৰি আছে – সেয়া আমি জানিও নজনাৰ ভাও জুৰি আছোঁ। যান-বাহনে যি শব্দ নিৰ্গত কৰে, সেয়া আমাৰ কৰ্ণ কুহৰত সোমাই আমাৰ মস্তিষ্কক আঘাত কৰি আমাৰ মস্তিষ্কৰ স্বাভাৱিক শক্তি বা ক্ষমতাক ঘূণীয়া কৰিছে। আজিকালি অতি বেগী প্লেন, যুদ্ধ জাহাজ, পাৰমানৱিক বোমা বিষ্ফোৰণ আদিয়ে শব্দ প্ৰদূষণ ক্ৰমাৎ বৃদ্ধি কৰি মানৱ পৰিেবশ প্ৰদূষিত কৰি আছে।
প্ৰতিটো কাৰ্য্যৰে ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া থকাৰ দৰে আমাৰ পৰিবেশ প্ৰদূষণৰো ফল আছে। পৰিবেশ প্ৰদূষণৰ ফলত আমাৰ বিশ্বখনৰ স্বাভাৱিক অৱস্থাক প্ৰতিকূল কৰাৰ লগতে আজি মানুহ তথা অন্যান্য জীৱ-জন্তুই মাৰাত্মক বেমাৰ-আজাৰত ভূগি থকা দেখা গৈছে। বায়ু আৰু জল প্ৰদূষিত হোৱাৰ ফলত নানা ধৰণৰ বেমাৰ যথা- গ্ৰহণী, হাইজা, টাইফয়েড, মেলেৰীয়া আদি বেমাৰ দ্ৰুত গতিত বৃদ্ধি পাই আছে। জল প্ৰদূষণৰ ফলত জলজ উদ্ভিদ তথা মাছ-কাছৰ জীৱন আৰু অস্তিত্বলৈ ভাবুকি নামি আহিছে। আজি কৰ্কট ৰোগ, বিকৃত সন্তানৰ জন্ম, জন্ম- বৈকল্যা , অপৰিণত বয়সত মৃত্যু আদিৰ প্ৰকোপ দিনে দিনে বৃদ্ধি পাব লাগিছে।
প্ৰতিটো সমস্যাৰ সমাধান তথা প্ৰতিকাৰ থকা দৰে আমাৰ পৰিবেশ প্ৰদূষণৰো প্ৰতিকাৰৰ ব্যৱস্থা বা উপায় নথকা নহয়, যেনে ঃ
আমাৰ পৰিবেশ প্ৰদূষণ ৰোধ কৰিবলৈ হ’লে প্ৰথমে মনোযোগ দিব লগা দিশটো হ’ল আমি গোটেই মানৱ জাতিয়ে পৰিবেশৰ প্ৰতি সচেতন থাকিব লাগিব আৰু এই পৰিবেশ স্বাভাৱিক কৰি ৰাখিবলৈ দৃঢ় মানসিকতা গঠন কৰিব লাগিব। প্ৰত্যেকেই পৰিবেশক ক্ষতি কৰিব পৰা বস্তু-সামগ্ৰী ব্যৱহাৰ আৰু পৰিবেশৰ ক্ষতি কৰিব পৰা কাম-কাজৰ পৰা বিৰত থাকিব লাগিব। কল- কাৰখানা, উদ্যোগ-প্রতিষ্ঠান আদিৰ পৰা ওলোৱা ধোঁৱা, আৱৰ্জনা আদি নিয়ন্ত্ৰিত অৱস্থাত ৰাখি সহজে যাতে বায়ু আৰু পানীত মিহলি হৈ প্ৰদূষণ কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। খেতি-পথাৰত ৰাসায়নিক সাৰ তথা কীট নাশক দ্ৰৱ্য যিমান পাৰি সিমান কম প্ৰয়োগ কৰি জৈৱিক সাৰ প্ৰয়োগ আৰু প্ৰাকৃতিক নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। পাৰমাণৱিক বোমা বিষ্ফোৰণ সম্পূৰ্ণরূপে বন্ধ কৰিব লাগিব। নিম্নমানৰ প্লাষ্টিক, ৰবৰ আদিৰ ব্যৱহাৰ পৰিহাৰ কৰিব লাগিব। বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ গছ-গছনি অধিক হাৰত ৰোপন কৰিব লাগিব।
পৰিশেষত ক’ব পাৰি যে আমি বিশ্ববাসীয়ে আজি পৰিবেশৰ প্ৰতি সচেতন হৈ যিকোনো ত্যাগৰ বিনিময়ত পৰিবেশৰ স্বাভাৱিক অৱস্থা ঘূৰাই আনিবলৈ সচেষ্ট হ’ব লাগিব। অন্যথা চলিত শতাব্দীৰ ভিতৰতে মানৱ সভ্যতাৰ অস্তিত্বলৈ চৰম দুৰ্যোগ নামি আহিব। ০ ০ ০
বি. দ্র. উক্ত ‘পৰিবেশ প্ৰদূষণ ৰচনা | Paribesh Produkhan | Pollution Essay in Assamese’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘অসমীয়া ৰচনা শিক্ষা‘ গ্রন্থৰ অন্তর্গত।
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান:
- অসমীয়া ৰচনা
- নির্বাচিত অসমীয়া সাহিত্য, ৰচনা আৰু ব্যাকৰণ
- তোমাৰ প্রিয় সাহিত্যিক
- জৈৱ বৈচিত্ৰ্য
- জনসংখ্যা বৃদ্ধিৰ সমস্যা