পৰিসংখ্যা বিজ্ঞান কুইজ-৩ প্ৰশ্নঃ প্ৰাথমিক তথ্য সংগ্ৰহৰ এটা পদ্ধতি উল্লেখ কৰা।উত্তৰঃ প্ৰত্যক্ষ ব্যক্তিগত অনুসন্ধান পদ্ধতি।
পৰিসংখ্যা বিজ্ঞান কুইজ-৩
পৰিসংখ্যা বিজ্ঞান কুইজ-৩
প্ৰশ্নঃ প্ৰাথমিক তথ্য সংগ্ৰহৰ এটা পদ্ধতি উল্লেখ কৰা।
উত্তৰঃ প্ৰত্যক্ষ ব্যক্তিগত অনুসন্ধান পদ্ধতি।
প্ৰশ্নঃ সমান্তৰ ৰৈখিক লেখৰ মাধ্যমত প্ৰদৰ্শিত তথ্যই বুজাত সহায় কৰে —- (শুদ্ধ উত্তৰটো বাছি উলিওৱা)
(ক) দীৰ্ঘকালীন ধাৰা
(খ) তথ্যত চক্ৰীয়তা
(গ) তথ্যত ঋতুক্ৰম
(ঘ) ওপৰৰ আটাইকেইটা।
উত্তৰঃ (ঘ) ওপৰৰ আটাইকেইটা।
প্ৰশ্নঃ অজাইভ লৈখিকভাৱে নিৰ্ণয় কৰাত সহায় কৰিব পাৰে— (শুদ্ধ উত্তৰটো বাছি উলিওৱা)
(ক) বহুলক
(খ) মাধ্য
(গ) মধ্যমা
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (গ) মধ্যমা।
প্ৰশ্নঃ দণ্ড চিত্ৰ হ’ল এটা—- (শুদ্ধ উত্তৰটো বাছি উলিওৱা)
(ক) এক -মাত্ৰিক চিত্ৰ
(খ) দ্বি-মাত্ৰিক চিত্ৰ
(গ) মাত্ৰাহীন চিত্ৰ
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (ক) এক-মাত্ৰিক চিত্ৰ।
প্ৰশ্নঃ স্তম্ভলেখা প্ৰদৰ্শিত তথ্যই লৈখিকভাৱে উলিওৱাত সহায় কৰিব পাৰে —- (শুদ্ধ উত্তৰটো বাছি উলিওৱা)
(ক) মাধ্য
(খ) বহুলক
(গ) মধ্যমা
(ঘ) ওপৰৰ আটাইকেইটা।
উত্তৰঃ (খ) বহুলক।
প্ৰশ্নঃ এটা দণ্ডচিত্ৰৰ দণ্ডবোৰ সমান বহল নহ’লেও হয়। (শুদ্ধ নে অশুদ্ধ)
উত্তৰঃ অশুদ্ধ।
প্ৰশ্নঃ এটা স্তম্ভ লেখত আয়তক্ষেত্ৰবোৰ সমান বহল হোৱা উচিত। (শুদ্ধ নে অশুদ্ধ)
উত্তৰঃ অশুদ্ধ। পৰিসংখ্যা বিজ্ঞান কুইজ-৩
প্ৰশ্নঃ স্তম্ভলেখ কেৱল তথ্যৰ অবিচ্ছিন্ন শ্ৰেণীকৰণৰ বাবেহে অংকন কৰিব পাৰি। (শুদ্ধ নে অশুদ্ধ)
উত্তৰঃ শুদ্ধ।
প্ৰশ্নঃ হিষ্টগ্ৰাম আৰু স্তম্ভচিত্ৰ হ’ল তথ্য উপস্থাপনৰ একেই পদ্ধতি। (শুদ্ধ নে অশুদ্ধ)
উত্তৰঃ শুদ্ধ।
প্ৰশ্নঃ স্তম্ভলেখৰ সহায়ত এটা বাৰংবাৰতা বিভাজনৰ বহুলক লৈখিকভাৱে জানিব পাৰি।
উত্তৰঃ শুদ্ধ।
প্ৰশ্নঃ অজাইভৰ পৰা এটা বাৰংবাৰতা বিভাজনৰ মধ্যমা জানিব নোৱাৰি। (শুদ্ধ নে অশুদ্ধ)
উত্তৰঃ অশুদ্ধ।
প্ৰশ্নঃ তালিকাকৰণ কি?
উত্তৰঃ তালিকাকৰণ হ’ল স্তম্ভ আৰু শাৰীৰ মাজত তথ্যবোৰক প্ৰণালীবদ্ধভাৱে সজোৱাৰ এক ব্যৱস্থা।
প্ৰশ্নঃ মানক বিচলনৰ ধাৰণাটো কোনে আগবঢ়াইছিল?
উত্তৰঃ কাৰ্ল পিয়েৰচন।
প্ৰশ্নঃ কেন্দ্ৰীয় প্ৰৱণতা বুলিলে কি বুজা?
উত্তৰঃ সাংখ্যিকীয় তথ্যৰ সমূদায় শ্ৰেণীৰ যিটো তথ্যৰ মানে ইয়াৰ বৈশিষ্ট্য প্ৰতিনিধিত্ব কৰে সেই সংখ্যা বা পৰিমাপকেই ‘কেন্দ্ৰীয় প্ৰৱণতা’ বুলি কোৱা হয়।
প্ৰশ্নঃ কেন্দ্ৰীয় পৰিবৃত্ত মাপ বা গড়ক কেইভাগত ভাগ কৰিব পাৰি। সেই ভাগবোৰ কি কি?
উত্তৰঃ কেন্দ্ৰীয় পৰিবৃত্তৰ মাপ বা গড়ক তিনি ভাগত ভাগ কৰিব পাৰি, যেনে— (ক) মাধ্য বা গাণিতিক মাধ্য, (খ) মধ্যমা আৰু (গ) বহুলক।
প্ৰশ্নঃ ভৰ বুলিলে কি বুজা?
উত্তৰঃ ৰাশিবিলাকৰ আপেক্ষিক গুৰুত্বসূচক সংখ্যাকেই ‘ভৰ’ বুলি কোৱা হয়।
প্ৰশ্নঃ ভৰযুক্ত মাধ্য বুলিলে কি বুজা?
উত্তৰঃ তথ্য শ্ৰেণীৰ ৰাশিবিলাকৰ আপেক্ষিক গুৰুত্ব অনুসৰি ভৰ আৰোপ কৰি লৈ মাধ্য নিৰ্ণয় কৰিলে, তাকেই ‘ভৰযুক্ত মাধ্য’ বোলে।
প্ৰশ্নঃ গাণিতিক মাধ্যৰ এক উল্লেখযোগ্য বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ গাণিতিক মাধ্যৰ এক উল্লেখযোগ্য বৈশিষ্ট্য হৈছে গাণিতিক মাধ্যৰ পৰা চলকৰ মানসমূহৰ বিচলনৰ যোগফল সদায় শূন্য হয়।
প্ৰশ্নঃ বহুলক কি?
উত্তৰঃ বহুলক হৈছে আটাইতকৈ অধিকবাৰ উদ্ভৱ হোৱা তথ্যৰ মান।
প্ৰশ্নঃ একক বহুলক কাক বোলে ?
উত্তৰঃ বহুলকৰ মান মাত্ৰ এটা থাকিলে, তথ্যখিনিক ‘একক বহুলক’ বুলি কোৱা হয়।
প্ৰশ্নঃ গাণিতিক মাধ্যৰ এটা অসুবিধা উল্লেখ কৰা।
উত্তৰঃ গাণিতিক মাধ্য চৰম মানৰ দ্বাৰা প্ৰভাৱিত হয়।
প্ৰশ্নঃ মধ্যমাৰ পৰা লোৱা চলকৰ মানৰ বিচলনৰ যোগফল ০ হয়। (শুদ্ধনে অশুদ্ধ)
উত্তৰঃ শুদ্ধ। পৰিসংখ্যা বিজ্ঞান কুইজ-৩
প্ৰশ্নঃ শ্ৰেণীসমূহৰ তুলনা কৰিবলৈ মাত্ৰ গড় বা মাধ্য যথেষ্ট নহয়। (শুদ্ধনে অশুদ্ধ)
উত্তৰঃ শুদ্ধ।
প্ৰশ্নঃ গাণিতিক মাধ্য এটা স্থানভিত্তিক মান। (শুদ্ধনে অশুদ্ধ)
উত্তৰঃ অশুদ্ধ।
প্ৰশ্নঃ কোনো তথ্য ৰাশিৰ শীৰ্ষৰ ২৫ শতাংশৰ নিম্নতম মান হৈছে উচ্চ চতুৰ্থাংশ। (শুদ্ধনে অশুদ্ধ)
উত্তৰঃ শুদ্ধ। পৰিসংখ্যা বিজ্ঞান কুইজ-৩
প্ৰশ্নঃ চৰম মানৰ দ্বাৰা মধ্যমা যথেষ্ট প্ৰভাৱিত হয়। (শুদ্ধনে অশুদ্ধ)
উত্তৰঃ অশুদ্ধ।
প্ৰশ্নঃ বিচ্যুতি বা প্ৰসাৰৰ মাপ বুলিলে কি বুজা?
উত্তৰঃ যি জোখৰ দ্বাৰা কোনো তথ্য শ্ৰেণীৰ মানসমূহ গড় মানৰ পৰা পাৰ্থক্য উলিওৱা হয়, তাকেই ‘বিচ্যুতি বা প্ৰসাৰৰ মান’ বুলি কোৱা হয়।
প্ৰশ্নঃ বিচ্যুতিৰ কেইধৰণৰ জোখ আছে?
উত্তৰঃ বিচ্যুতিৰ দুই ধৰণৰ জোখ আছে। যেনে– (ক) পৰম জোখ আৰু (খ) আপেক্ষিক জোখ।
প্ৰশ্নঃ পৰিসৰ বা বিস্তাৰ বুলিলে কি বুজা?
উত্তৰঃ কোনো তথ্য ৰাশিৰ আটাইতকৈ ডাঙৰ আৰু সবাতোকৈ সৰু মান দুটাৰ পাৰ্থক্য হৈছে ‘পৰিসৰ বা বিস্তাৰ’।
প্ৰশ্নঃ মুক্ত বিভাজন বুলিলে কি বুজা?
উত্তৰঃ যি বিভাজনত নিম্ন শ্ৰেণী বিভাগৰ নিম্ন সীমা বা উচ্চ শ্ৰেণী বিভাগৰ উচ্চ সীমা বা দুয়োটাই নিশ্চিত নহয়, তেনে বিভাজনক ‘মুক্ত বিভাজন’ বুলি কোৱা হয়।
প্ৰশ্নঃ গড় বিচলন বুলিলে কি বুজা?
উত্তৰঃ কোনো তথ্য শ্ৰেণীৰ মাধ্য, মাধ্যিকী বহুলক অথবা কাল্পনিক মাধ্যৰ পৰা পোৱা পৰম বিচলনৰ সমষ্টিক বিচলনৰ সংখ্যাৰে হৰণ কৰিলে যি মান পোৱা যায়, তাক ‘গড় বিচলন‘ বোলে।
প্ৰশ্নঃ প্ৰসৰণ কি?
উত্তৰঃ বিচলনৰ বৰ্গফলৰ গড়েই হ’ল প্ৰসৰণ। ০ ০ ০
পৰিসংখ্যা বিজ্ঞান কুইজ-৩
বিজ্ঞপ্তিঃ আমি আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা সত্বেও কিবা ভুল-ভ্রান্তি থাকি যাব পাৰে। আমাৰ প্রিয় সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনালে আমি চিৰ কৃতাৰ্থ হৈ থাকিম। ধন্যবাদ —ৰাব্বি মছৰুৰ পৰিসংখ্যা বিজ্ঞান কুইজ-৩
পৰিসংখ্যা বিজ্ঞান কুইজ-৩
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান: