Home Quiz পৰিৱেশ বিজ্ঞান কুইজ

পৰিৱেশ বিজ্ঞান কুইজ

0

পৰিৱেশ বিজ্ঞান কুইজ

পৰিৱেশ বিজ্ঞান কুইজ

পৰিৱেশ বিজ্ঞান কুইজ, Environmental Quiz, EVS Quiz

পৰিৱেশ বিজ্ঞান কুইজ

প্ৰঃ পৰিৱেশ বুলিলে কি বুজা?  

উঃ পৰিৱেশ বুলিলে আমাৰ চাৰিওফালৰ প্ৰাকৃতিক আৰু মানৱসৃষ্ট ভৌতিক, সামাজিক আৰু সাংস্কৃতিক উপাদানসমূহক বুজায়।

প্ৰঃ জীৱ আৰু পৰিৱেশৰ মাজৰ পাৰস্পৰিক ক্ৰিয়াক কি বুলি কোৱা হয়?

উঃ পৰিস্থিতি তন্ত্ৰ।

প্ৰঃ পৰিস্থিতি তন্ত্ৰত জীৱ এটাই পালন কৰা ভূমিকাক কি হিচাপে জনা যায়?

উঃ নিট্‌চ্চ।

প্ৰঃ কোনবোৰ সম্পদ নবীকৰণ সম্ভৱ নহয়?

উঃ জীৱাষ্ম ইন্ধন।

প্ৰঃ আমাৰ দেশৰ কিমান শতাংশ ভূমি অৰণ্যই অধিকাৰ কৰি আছে?

উঃ 19 শতাংশ।

প্ৰঃ কিমান শতাংশ স্থলভাগ অৰণ্যই অধিকাৰ কৰিলে পৰিস্থিতিতান্ত্ৰিক ভাৰসাম্য অব্যাহত থাকিব?

উঃ 33 শতাংশ।

প্ৰঃ  উদ্ভিদ ৰোপনক কি বুলি কোৱা হয়?

উঃ  বনানীকৰণ।

প্ৰঃ পানী বা বতাহৰ দ্বাৰা ভূমি ভাগৰ শীৰ্ষৰ সাৰুৱা তৰপটো আতঁৰোৱা প্ৰক্ৰিয়াটোক কি বোলে?

উঃ ভূমিক্ষয়।

পৰিৱেশ বিজ্ঞান কুইজ

প্ৰঃ আবাসিক অঞ্চলত কোলাহলৰ মাত্ৰা কিমান পৰিমাণৰ বেছি হ’ব নালাগে?

উঃ 70 ডেচিবল।

প্ৰঃ শব্দ প্ৰদূষণৰ ফলত কি হ’ব পাৰে?

উঃ কাণ নষ্ট হয়, বমিভাৱ হয় আৰু মূৰ ঘূৰায়।

প্ৰঃ শব্দৰ তীব্রতা কিমান ডেচিবলৰ ওপৰত হ’লে শব্দ প্ৰদূষণ বিপদজনক হৈ পৰে?

উঃ 80 ডেচিেবল।

প্ৰঃ বায়ুৰ  পৰা হোৱা দুবিধ বেমাৰৰ নাম লিখা।

উঃ এজমা, ব্রংকাইটিছ।

পৰিৱেশ বিজ্ঞান কুইজ

প্ৰঃ চেৰন বিল দুৰ্ঘটনা সংঘটিত হোৱাৰ কাৰণটো কি আছিল?

উঃ নিউক্লিয় ৰিয়েক্টৰ বিস্ফুৰণ।

প্ৰঃ কোনে প্ৰথমতে পৰিস্থিতি বিজ্ঞানৰ সংজ্ঞা দিছিল?

উঃ হেকেলে।

প্ৰঃ পৃথিৱীৰ জলভাগ থকা মণ্ডলক কি বুলি জনা যায়?

উঃ হাইড্ৰ’সফেযাৰ  বা জল মণ্ডল।

প্ৰঃবায়ুৰ চাপ সাধাৰণতে কি এককৰ জৰিয়তে জোখা হয়?

উঃ মিলিবাৰ এককত।

প্ৰঃ কি বস্তু পেলোৱা বাবে ভাৰতৰ গংগা নদীৰ পানীত প্ৰদূষণ ঘটিছে?

উঃ ঔদ্যোগিক বাহ্য পদাৰ্থ।

প্ৰঃ ভূপৃষ্ঠৰ পৰা 90 কিঃমিঃ উচ্চতাৰ ওপৰত বায়ুমণ্ডলৰ কোনটো স্তৰ আৰম্ভ হয়?

উঃ থার্মোস্ফিয়াৰ ।

প্ৰঃ ‘নৰ্মদা উপত্যকা প্ৰকল্প’ত জড়িত ৰাজ্যবোৰ  কি কি?

উঃ মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, ৰাজস্থান আৰু গুজৰাট।

প্ৰঃ কাৰ নেতৃত্বত ‘চিপকো আন্দোলন’ গা কৰি উঠিছিল?

উঃ সুন্দৰ লালা বহুগুণা।

প্ৰঃ এক গ্ৰাম জলীয় বাষ্প পানীলৈ পৰিৱৰ্তন হওঁতে কিমান কেল’ৰি তাপ উৎপন্ন হয়?

উঃ 540 কেল’ৰি।

পৰিৱেশ বিজ্ঞান কুইজ

প্ৰঃ বিগত শতিকাৰ আটাইতকৈ উষ্ণ বৰ্ষ কোনটো আছিল?

উঃ 1938  চন।

প্ৰঃ বিজ্ঞানীসকলৰ মতে 2050 চনৰ ভিতৰত পৃথিৱীৰ বায়ুমণ্ডলত কাৰ্বন-ডাই- অক্সাইডৰ পৰিমাণ কিমান হ’ব?

উঃ 500 পি. পি. এম. ৰ ওচৰা-ওচৰি।

প্ৰঃ অ’জন স্তৰৰ ক্ষয়ীভৱনৰ বাবে দায়ী কি ?

উঃ ক্ল’ৰফ্লু’ৰ কাৰ্বন।

প্ৰঃ বায়ুমণ্ডলৰ কিমান উচ্চতালৈ অজ’ন গেছৰ পৰিমাণ সৰ্বাধিক?

উঃ 35 কিঃমিঃলৈ।

পৰিৱেশ বিজ্ঞান কুইজ

প্ৰঃ ভূপাল গেছ দুৰ্ঘটনাত নিৰ্গমন হোৱা গেছবিধৰ নাম কি?

উঃ মিথাইল আইছ’চায়েনেট।

প্ৰঃ বায়ুবীয় জীৱবোৰ  ক’ত পোৱা যায়?

উঃ বায়ুমণ্ডলত।

প্ৰঃ মেট্ৰ’পলিটান মহানগৰবোৰত বায়ু প্ৰদূষণৰ প্ৰধান উৎসটো কি?

উঃ যান-বাহনৰ পৰা নিৰ্গত হোৱা ধোঁৱা।

প্ৰঃ যান-বাহনৰ পৰা ওলোৱা ধোঁৱাত কি কি গেছ থাকে?

উঃ কাৰ্বন ডাই অক্সাইড, কাৰ্বন মনক্সাইড আৰু নাইট্ৰিক অক্সাইড।

প্ৰঃ চাইক্ল’ন জাতীয় ধুমুহা সৃষ্টি হোৱা অঞ্চলত প্ৰচুৰ মেঘ জমা হয় কিয়?

উঃ এনে অঞ্চলত নিম্ন চাপৰ মাত্ৰা অধিক হয়।

প্ৰঃ গঁড় থকা অসমৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি?

উঃ কাজিৰঙা।

প্ৰঃ বন্যপ্ৰাণীৰ কল্যাণৰ বাবে সংৰক্ষণ কৰা অঞ্চলক কি বোলা হয়?

উঃ ৰাষ্ট্ৰীয় উদ্যান।

প্ৰঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন কিহৰ বাবে বিখ্যাত?

উঃ এশিঙ্গীয়া গঁড়ৰ বাবে।

প্ৰঃ জৈৱ ৰাসায়নিক অক্সিজেনৰ চাহিদাই কি পৰিমাপ কৰে?

উঃ জৈৱ ৰাসায়নিক বিয়োজন ঘটাবলৈ সুক্ষ্ম অনুজীৱক লগা দ্ৰবীভূত অক্সিজেন।

পৰিৱেশ বিজ্ঞান কুইজ

প্ৰঃ কোনটো শ্ৰেণীৰ মেৰুদণ্ডী প্ৰাণীত সৰ্বাধিক সংখ্যক বিপদাপন্ন  প্ৰজাতি আছে?

উঃ স্তন্যপায়ী প্ৰাণী।

প্ৰঃ কি মিশ্ৰিত বায়ু উশাহত গ্ৰহণ কৰিলে তেজৰ হিম’গ্লবিনত ই অক্সিজেনতকৈ অধিক ক্ষীপ্ৰতাৰে দ্ৰবীভূত হয়?

উঃ কাৰ্বন মন’ক্সাইড।

প্ৰঃ মানুহৰ কাৰ্যকলাপৰ দ্বাৰা ৰূপান্তৰিত হোৱা পৰিবেশক কি বুলি কোৱা হয়?

উঃ নৃতাত্ত্বিক পৰিবেশ।

প্ৰঃ পাৰিপাৰ্শ্বিক নিম্নীকৰণৰ এটা প্ৰভাৱ কি?

উঃ জলবায়ুৰ অনিয়মীয়া পৰিৱৰ্তন।

প্ৰঃ বৰদৈচিলা, চাইক্ল’ন আদি ধুমুহাৰ অৱস্থান জানিবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয়?

উঃ ৰাডাৰ।

প্ৰঃ সমুদ্ৰ পৃষ্ঠৰ তাপমাত্ৰা কিমান হ’লে বিধবংসী চাইক্ল’ন ধুমুহাৰ সৃষ্টি হয়?

উঃ 270 চেলছিয়াচ বা তাতোকৈ বেছি হ’লে।

প্ৰঃ বায়ুৰ চাপ জোখা যন্ত্ৰবিধৰ নাম কি?

উঃ বেৰ’মিটাৰ।

প্ৰঃ বায়ুস্তৰৰ গতিবেগ জোখা যন্ত্ৰবিধৰ নাম কি?

উঃ থিওডেলাইট।

প্ৰঃ কোনো এখন নিৰ্দিষ্ট ঠাইত আৰু নিৰ্দিষ্ট সময়ত বায়ুমণ্ডলৰ হ্রস্বকালীন ধৰ্মক একেলগে কি বুলি কোৱা হয়?

উঃ বতৰ।

প্ৰঃ ‘কেৰেলা শাস্ত্ৰ সাহিত্য পৰিষদে’ নীৰৱ উপত্যকা আন্দোলন কোন চনত আৰম্ভ কৰিছিল?

উঃ 1978 চনত।

প্ৰঃ জলভাগেৰে গঠিত পৃথিৱীৰ অংশটোক কি বুলি জনা যায়?

উঃ জলমণ্ডল।

প্ৰঃ ‘জীৱমণ্ডল সুৰক্ষা প্ৰকল্প’ কিমান চনত আৰম্ভ কৰা হৈছিল?

উঃ 1986 চনত।

প্ৰঃ কিহৰ বাবে তাজমহলৰ অস্তিত্বৰ প্ৰতি ভাবুকি স্বৰূপ হৈ পৰিছে?

উঃ ছালফাৰ-ডাই- অক্সাইডৰ বাবে ।

প্ৰঃ ষ্টেট’সফেয়াৰত থকা অতি বেঙুনীয়া ৰশ্মি কিহে শোষণ কৰে?

উঃ অ’জন গেছে।  0 0 0

পৰিৱেশ বিজ্ঞান কুইজ, Environmental Quiz, EVS Quiz

বিজ্ঞপ্তিঃ আমি আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা সত্বেও কিবা ভুল-ভ্রান্তি থাকি যাব পাৰে। আমাৰ প্রিয় সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনালে আমি চিৰ কৃতাৰ্থ হৈ থাকিম। ধন্যবাদ —ৰাব্বি মছৰুৰ

পৰিৱেশ বিজ্ঞান কুইজ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here