বচন | Number in Assamese
বচন | Number in Assamese
পদৰ যি ৰূপৰ দ্বাৰা সংখ্যা জ্ঞান অৰ্থাৎ ব্যক্তি বা বস্তুৰ এক বা একাধিক বোধ জন্মে তাকে অসমীয়াত বচন (Number) বোলে । অসমীয়া ভাষাত বচন দুটা, যথা–
(১) এক বচন ( Singular Number) আৰু
(২) বহু বচন (Plural Number)
এক বচন ( Singular Number)
পদৰ যি ৰূপৰ দ্বাৰা কোনো বস্তুৰ এটা সংখ্যাৰ বোধ জন্মে তাকে এক বচন (Singular Number) বোলে। এক বচনে এটা বস্তু বা প্ৰাণীক নিৰ্দেশ কৰে। উদাহৰণ-
বুঢ়াজনৰ এডাল লাখুটি আছে।
শিশুটি ভালে আছে।
মোৰ এখন কিতাপ আছে।
তুমি এজন ছাত্ৰ।
বহু বচন (Plural Number)
পদৰ যি ৰূপৰ দ্বাৰা কোনো বস্তু বা প্ৰাণীৰ এটাতকৈ অধিক সংখ্যাৰ বোধ জন্মে তাকে বহু বচন (Plural Number) বোলে। বহু বচনে এটাতকৈ অধিক বস্তুক নিৰ্দেশ কৰে। উদাহৰণ–
ছাত্ৰ-ছাত্ৰীসকল স্কুললৈ গৈছে।
ছাগলীবোৰে পথাৰত ঘাঁহ খাই আছে।
হিমালয় পৰ্বতশ্ৰেণী ভাৰতৰ উত্তৰ সীমান্তত।
বিশেষ্য বা সৰ্বনাম পদৰ লগত কিছুমান প্ৰত্যয় যোগ কৰি একবচনৰ পৰা বহু বচন কৰা হয়। বহু বচন বুজোৱা প্রত্যয়বোৰ হ’ল– হতঁ, বোৰ, সকল, বৃন্দ, বৰ্গ, গণ, জাক, দল, থোক, মখা, থুপি, পাল, পুঞ্জ, ৰাজি, মণ্ডলী ইত্যাদি।
তলত এইবোৰৰ প্ৰয়োগ আলোচনা কৰা হ’ল।
(১) মানুহ বুজোৱা পদৰ লগত ‘হঁত’ যোগ কৰি একবচনৰ পৰা বহু বচন কৰা হয়। উদাহৰণ–
বাইদেওহঁত স্কুল পালেগৈ।
পেহীহঁত ভালে আছে।
দেউতাহঁত ঘৰ পাইছে।
ককাইদেউহঁত আহি পালে।
মোমাইদেওহঁত ঘৰত নাই।
(২) মানুহ বুজোৱা পদৰ লগত মান্য অৰ্থত ‘সকল’ যোগ কৰি একবচনৰ পৰা বহু বচন কৰা হয়। উদাহৰণ–
তেখেতসকল আমাৰ শিক্ষক।
সংঘৰ সদস্যসকল এতিয়াও তাতে আছে।
নেতাসকল আহিবৰ হ’ল।
ছাত্ৰসকল কেতিয়াবাই গুচি গ’ল।
(৩) মানুহ বুজোৱা সৰ্বনাম পদৰ লগত ‘লোক’ যোগ কৰি একবচনৰ পৰা বহু বচন কৰা হয়। উদাহৰণ–
আমালোক ভালে আছো।
আপোনালোকলৈ ধন্যবাদ।
তেওঁলোক কেতিয়া যাব?
(৪) থূপ বা সমষ্টি বুজোৱা অৰ্থত ‘জাক, দল, থোক, থোপা, মণ্ডলী, পুঞ্জ, মখা, থুপি, পাল, ৰাজি’ আদি প্ৰত্যয় যোগ কৰি এক বচনৰ পৰা বহু বচন কৰা হয়। উদাহৰণ–
গৰুজাক পথাৰত আছে।
ভেঁড়াপাল বে বে কৰি আছে।
আন্দামান নিকোবৰ দীপপুঞ্জ ভাৰত মাহাসাগৰত।
শিক্ষকমণ্ডলী যথাস্থানত বহি আছে।
ফুলথোপা দেখিবলৈ সুন্দৰ।
(৫) বিশেষ্য (সংজ্ঞা ) পদৰ পিছত ‘বোৰ‘ যোগ কৰি একবচনৰ পৰা বহু বচন কৰা হয়। উদাহৰণ–
হাঁহবোৰ চৰিছে।
নিগনিবোৰে উৎপাত কৰি আছে।
চৰাইবোৰ উৰি আছে।
কলবোৰ পকিছে।
(৬) মান্য অৰ্থত আৰু অপ্ৰাণী বাচক বিশেষ্য পদৰ লগত ‘বিলাক’ প্ৰত্যয় যোগ কৰি একবচনৰ পৰা বহু বচন কৰা হয়। উদাহৰণ–
গছবিলাক লঠঙা হৈ পৰিছে।
ঘৰবিলাক পুৰণি হৈছে।
মানুহবিলাক গোট খাইছে।
(৭) মান্যাৰ্থত ‘মানুহ‘ বুজোৱা শব্দৰ লগত গণ, বৃন্দ, বৰ্গ আদি প্ৰত্যয় যোগ কৰি একবচনৰ পৰা বহু বচন কৰা হয়। উদাহৰণ–
পাঠকবৰ্গই কিতা পঢ়ি আছে।
শিক্ষকবৃন্দই আমাক ভালদৰে পঢ়ায়।
প্ৰহৰীগণ উজাগৰে আছে।
(৮) বিশেষ্য পদৰ লগত সংখ্যাবাচক শব্দ যোগ কৰি একবচনৰ পৰা বহু বচন কৰা হয়। উদাহৰণ–
সাত দিনত এক সপ্তাহ।
তেওঁ পাঁচোটা আপেল দিলে।
সাতজন ল’ৰাই খেলিছে।
সি মোক দুটা ডালিম দিলে।
(৯) প্ৰাণীবাচক বা অপ্ৰাণীবাচক শব্দৰ লগত ‘শ্ৰেণী, ৰাশি’ আদি যোগ কৰি একবচনৰ পৰা বহু বচন কৰা হয়। উদাহৰণ–
আল্পচ পবৰ্বতশ্ৰেণী ইউৰোপতনে?
সংখ্যাৰাজি হিচাপ কৰি চোৱা।
পাঠকশ্ৰেণী সজাগ হ’বৰ হ’ল।
অনুশীলনী
(১) বচন কাক বোলে?
(২) অসমীয়া ভাষাত বচন কেইবিধ আৰু কি কি?
(৩) তলত দিয়া প্রত্যয়বোৰ ব্যৱহাৰ কৰি একোটাকৈ বাক্য সাজাঃ
হতঁ, বোৰ, সকল, বৃন্দ, বৰ্গ, গণ, জাক, দল, থোক, মখা, থুপি, পাল, পুঞ্জ, ৰাজি, মণ্ডলী। ০ ০ ০
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান: