বলাইৰাম সেনাপতি | Balairam Senapat
বলাইৰাম সেনাপতি
বলাইৰাম সেনাপতি | Balairam Senapat
বলাইৰাম সেনাপতি (Balairam Senapati) আছিল এজন তিৱা সংস্কৃতিৰ সাধক আৰু সু-প্রতিষ্ঠিত লেখক । তেওঁৰ জন্ম হয় নগাওঁ জিলাৰ বুৰঞ্জীপ্ৰসিদ্ধ বাৰপূজীয়া গাঁৱত, ১৯৩১ চনৰ ৩ মাৰ্চত। তেওঁৰ দেউতাকৰ নাম আছিল বগাৰাম সেনাপতি আৰু মাকৰ নাম আছিল পদ্মেশ্বৰী বৰদলৈ। তেওঁ বাৰপূজীয়া এল. পি. আৰু এম. ভি. স্কুলত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি নগাঁও গৱৰ্ণমেন্ট হাইস্কুলত মাধ্যমিক শিক্ষা লাভ কৰে। আৰ্থিক দূৰৱস্থাৰ হেতু হাইস্কুলীয়া শিক্ষা সমাপ্ত নকৰাকৈয়ে তেওঁ ১৯৫৩ চনৰ পৰা ১৯৬৩ চনলৈ সংযুক্ত উত্তৰ কাছাৰ আৰু মিকিৰ পাহাৰ জিলাৰ বৰথল মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকতাৰ চাকৰিত সোমায়। ‘মিকিৰ পাহাৰত কি ঘটিছে’ নামৰ ‘ৰামধেনু’ত এটি প্ৰৱন্ধ লিখি তেওঁ চৰকাৰী বিষয়াৰ ৰোষত পৰে আৰু চাকৰি হেৰুৱাবলগা হয়। পিচত তেওঁ কৃষিকৰ্মত মনোনিেবশ কৰে।
বলাইৰাম সেনাপতি ছাত্ৰাৱস্থাৰে পৰাই সাহিত্য-সংস্কৃতিৰ চৰ্চাৰ প্ৰতি আগ্ৰহী আছিল। তিৱাসকলৰ গীত-মাত, নৃত্য-বাদ্য এইবোৰৰ চৰ্চা আৰু প্ৰসাৰৰ ক্ষেত্ৰত এক পদ্ধতিগত অনুশীলনৰ হকে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছিল। তেওঁ কৰা তিৱা লোকগীতৰ স্বৰলিপি ইয়াৰ এক উৎকৃষ্ট নিদৰ্শন। তেওঁ তিৱা জনগোষ্ঠীৰ স্বকীয় সংস্কৃতি সংৰক্ষণৰ বাবে ‘তিৱা কৃষ্টি সন্থা’ গঠনত বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল। তিৱা ভাষাটোপ্রতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেওঁ অহোপুৰুষাৰ্থ কৰিছিল। সেনাপতিয়ে তেওঁৰ সৰহসংখ্যক গ্ৰন্থ অসমীয়া ভাষাতে ৰচনা কৰিছিল। সেনাপতিয়ে ১৯৫৪ চনত ‘মুকুল’ নামৰ এখন গীতৰ পুথি ৰচনা কৰি প্ৰকাশ কৰে। তেওঁ ৰামধেনুত লিখা তিৱাসকলৰ ‘ৰাতিসেৱা’ বিষয়ক প্ৰৱন্ধই সেইসময়ত সমকালীন অসমৰ বিদ্বৎ সমাজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। তেওঁ ২০০০ চনত ‘তিৱা মাথনলাই তখ্ৰা’ অৰ্থাৎ তিৱা সাহিত্য সভাৰ সভাপতিৰ আসনো অলংকৃত কৰিছিল। সাহিত্যিক হিচাপে তেওঁৰ উল্লেখযোগ্য গ্ৰন্থকেইখন হ’ল- ‘অতীতৰ সন্ধানত’ (১৯৯৭), ‘পাঁচোৰজীয়া অঞ্চলৰ লালুঙৰ লোকগীতৰ ওপৰত সামান্য আলোকপাত’ (১৯৯৭), ‘তিৱা জনগোষ্ঠীয় সংস্কৃতিত আলোকপাত, তিৱা সমাজ আৰু সংস্কৃতি’ (২০০০)।
সাহিত্যৰ ক্ষেত্ৰখনলৈ তেওঁ আগবঢ়োৱা উল্লেখনীয় বৰঙণিৰ স্বীকৃতি হিচাপে ১৯৯১ চনত অসম চৰকাৰে তেওঁলৈ সাহিত্যিক পেঞ্চন আগবঢ়ায়। ইয়াৰ উপৰিও তিৱা সমাজ-সংস্কৃতিৰ একান্ত সাধক, গৱেষক পণ্ডিত হিচাপে নগাঁও জিলা সাহিত্য সভাই ২০১১ চনত তিলক চন্দ্ৰ দেৱশৰ্মা স্মাৰক ‘ড০ সূৰ্য্য কুমাৰ ভূয়াঁ বঁটা’ আৰু অসমৰ লোক-সংস্কৃতিৰ সাধক হিচাপে বকুল বন ন্যাস, অসমে ২০১১ চনত ‘বকুল বন বঁটা’ প্ৰদান কৰিছিল। বলাইৰাম সেনাপতিৰ দ্বাৰা ৰচিত গীতি-আলেখ্য নগাঁও আৰু গুৱাহাটী অনাতাঁৰ কেন্দ্ৰই প্ৰচাৰ কৰিছে।
বিশাল ব্যক্তিত্বৰ অধিকাৰী অথচ সহজ-সৰল জীৱন যাপন কৰা অল্পভাষী বলাইৰাম সেনাপতিয়ে ২০১৪ চনৰ ১১ মে’ত মৃত্যু বৰণ কৰে। ০ ০ ০
Read More: বিশ্ব ব্যক্তি পৰিচয়
বি. দ্র. উক্ত ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্রন্থৰ অন্তর্গত।
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান: