Home Ass Grammar বাক্যাংশ | Assamese Phrase

বাক্যাংশ | Assamese Phrase

0

বাক্যাংশ | Assamese Phrase

বাক্যাংশ Assamese Phrase

 

বাক্যাংশ | Assamese Phrase

বাক্যাংশ (Assamese Phrase): আৰম্ভণি

সাধাৰণতে বাক্য এটিত কৰ্তা আৰু  কৰ্ম থাকে। কিন্তু কেতিয়াবা বাক্যত এনে কিছুমান শব্দ সমষ্টি পোৱা যায় য’ত কোনো কৰ্তা বা কৰ্ম নথাকে। যেনেঃ বুদ্ধিমান ল’ৰা, বিৰল প্ৰতিভা, ছন পৰা পথাৰ, মাগি খোৱা,  কিংকৰ্তব্য বিমূঢ়, শাৰীৰিক পৰিশ্ৰম, তাহানিৰে পৰা ইত্যাদি।

এনেদৰে কৰ্তা আৰু সমাপিকা ক্ৰিয়া নথকা এটাতকৈ অধিক পদৰ সমষ্টিক  ‘বাক্যাংশ’ (Phrase) বোলে। বাক্যাংই সাধাৰণ অৰ্থ প্ৰকাশ নকৰি বিশেষ অৰ্থ প্ৰকাশ কৰে। 

বাক্যাংশৰ শ্রেণীবিভাগ 

গঠনৰ বৈশিষ্ট্য অনুযায়ী বাক্যাংশক চাৰিটা ভাগত ভাগ কৰিব পাৰি, যথা–

(১) বিশেষ্য স্থানীয় (Noun Phrase)

(২) বিশেষণ স্থানীয় (Adjective Phrase)

(৩) ক্ৰিয়া বিশেষণ স্থানীয় (Adverbial Phrase) আৰু

(৪) অব্যয় স্থানীয় (Prepositional Phrase)

(১) বিশেষ্য স্থানীয় (Noun Phrase):

যি বাক্যাংশই  বাক্যত বিশেষ্যৰ দৰে কাম কৰে তাকে বিশেষ্য স্থানীয় বাক্যাংশ বোলে।  উদাহৰণ–

প্ৰখৰ বুদ্ধিমত্তা সফলতাৰ চাবি-কাঠি।

ৰমেন শাৰীৰিক পৰিশ্ৰমত অভ্যস্ত।

(২) বিশেষণ স্থানীয় (Adjective Phrase):

যি বাক্যাংশ বিশেষ্য বা সৰ্বনাম পদৰ গুণ বা দোষবাচক হিচাপে ব্যৱহাৰ হয়, তাকে বিশেষণ স্থানীয়  বাক্যাংশ বোলে। উদাহৰণ–

বানপীনীয়ে বিপৰ্যস্ত কৰা ৰাইজৰ বিলৈ হ’ল।

জুয়ে পোৰা লোকে কষ্ট ভোগ কৰে।

(৩) ক্ৰিয়া বিশেষণ স্থানীয় (Adverbial Phrase):

ক্ৰিয়াৰ বিশেষণ হিচাপে ব্যৱহাৰ হোৱা বাক্যাংশক ক্ৰিয়া বিশেষণ স্থানীয় বাক্যাংশ বোলে।  উদাহৰণ–

অতীজৰে পৰা চলি অহা নিয়ম লঙ্খন কৰা উচিত নহয়।

আমি পৰিশ্ৰম সহকাৰে কাম কৰা উচিত।

(৪) অব্যয় স্থানীয় (Prepositional Phrase):

অব্যয় পদৰ দৰে ব্যৱহাৰ হোৱা বাক্যাংশক অব্যয় স্থানীয় বাক্যাংশ বোলে।  উদাহৰণ–

নমিতাই প্ৰশিক্ষণৰ বাবে কলকাতালৈ গৈছে।

তেওঁ বিৰল প্ৰতিভাৰে সফলতা লাভ কৰিছে।

ৰামহঁত ফুটবল খেলিবলৈ তালৈ গৈছে।

অনুশীলনী

(১) বাক্যাংশ কাক বোলে?

(২) গঠনৰ বৈশিষ্ট্য অনুযায়ী বাক্যাংক কেই ভাগত ভাগ কৰা হৈছে? 

(৩) বিশেষ্য স্থানীয় কাক বোলে? উদাহৰণসহ বুজাই লিখ।

(৪) বিশেষণ স্থানীয় কাক বোলে? উদাহৰণসহ বুজাই লিখা।

(৫) ক্ৰিয়া বিশেষণ স্থানীয় কাক বোলে? উদাহৰণসহ বুজাই লিখ।

(6) অব্যয় স্থানীয় বাক্য কাক বোলে? উদাহৰণসহ বুজাই লিখা।

(7) তলৰ বাক্যবোৰৰ বাক্যাংশবোৰ উলিয়াই শ্ৰেণী বিভাগ কৰা। 

(ক) ৰমেন উচ্চ শিক্ষাৰ বাবে আমেৰিকালৈ গৈছে।

(খ) হৰিয়ে বিৰল প্ৰতিভাৰ জৰিয়তে সফলতা লাভ কৰিলে।

(গ) কৰিমে মানসিক পৰিশ্ৰম কৰি ভাল পায়।

(ঘ) অতীজৰে পৰা মানুহ সুযোগ সন্ধানী। ০ ০ ০

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here