Home Ass Grammar বাক্যৰ গাঁথনিক বিভাজন | Bakyor Ganthonik Bibhajan

বাক্যৰ গাঁথনিক বিভাজন | Bakyor Ganthonik Bibhajan

0

বাক্যৰ গাঁথনিক বিভাজন

বাক্যৰ গাঁথনিক বিভাজন  Bakyor Ganthonik Bibhajan

 

বাক্যৰ গাঁথনিক বিভাজন

বাক্যৰ গাঁথনিক বিভাজন | Bakyor Ganthonik Bibhajan

আমি শিকি আহিলো যে বাক্য এটিত প্ৰধানকৈ দুটা অংশ থাকে– উদ্দেশ্য আৰু বিধেয়। উদ্দেশ্যত কৰ্তা আৰু কৰ্তাৰ অনুগামী পদবোৰ থাকে। আনহাতে বিধেয়ত ক্ৰিয়া আৰু কৰ্ম থাকে। কোনো কোনো বাক্যত এটাতকৈ অধিক কৰ্তা, ক্ৰিয়া বা কৰ্ম থাকে। কেতিয়াবা এনে বাক্যও দেখা যায় যিবোৰ কেইবাটাও সৰু সৰু বাক্যৰ সমষ্টি। এনেদৰে  বাক্যৰ গঠণ (Pattern) অনুযায়ী অসমীয়া বাক্যক তিনিটা শ্ৰেণীত ভাগ কৰা হৈছে। যথা–

(১) সৰল বাক্য (Simple Sentence)

(২) জটিল বা মিশ্ৰ বাক্য (Complex Sentence)

(৩) যৌগিক বা সংযুক্ত বাক্য (Compound Sentence)।

বাক্যৰ গাঁথনিক বিভাজন

সৰল বাক্য (Simple Sentence) 

এটা কৰ্তা আৰু এটা ক্ৰিয়া থকা বাক্যক সৰল বাক্য বোলে। যেনে–

আমি ভাত খাওঁ।

ৰাজেনহঁতে ক্ৰিকেট খেলে।

উক্ত বাক্য দুটাত ‘আমি’ আৰু ‘ৰাজেনহঁতে’ পদ দুটা কৰ্তা বা উদ্দেশ্য। আনহাতে ‘ভাত খাওঁ’ আৰু ‘ক্ৰিকেট খেলে’ বিধেয়। ইয়াৰ ‘খাওঁ’ আৰু ‘খেলে’ পদ দুটি ক্ৰিয়া। অৰ্থাৎ দুয়োটা বাক্যই এটাকৈ কৰ্তা আৰু এটাকৈ ক্ৰিয়া ধাৰণ কৰিছে। সেয়ে বাক্য দুটা সৰল বাক্য। উদাহৰণ–

সিহঁতে ক্ৰিকেট খেলিছে।

আমি সময়মতে পঢ়ো।

নুমেনে কিতাপ পঢ়ি আছে।

হৰিয়ে ছবি আঁকিছে।

বাক্যৰ গাঁথনিক বিভাজন

জটিল বা মিশ্ৰ বাক্য (Complex Sentence) 

যিবোৰ বাক্য এটা প্ৰধান বা স্বাধীন বাক্য আৰু তাৰ তলতীয়া এটা বা তাতোধিক বাক্যাংশৰ দ্বাৰা গঠিত হয় তাকে  জটিল বাক্য বো লে। সাধাৰণতে এটা জটিল বাক্যত এটা প্ৰধান বাক্য (Principal Clause) আৰু এটা অপ্ৰধান বাক্য (Subordinate Clause) থাকে। ইয়াৰ অপ্ৰধান বাক্যাংশটি প্ৰধান বাক্যটিৰ ওপৰত নিৰ্ভৰশীল।  উদাহৰণ–

যিবোৰ ল’ৰা সৎ, সিহঁতে ভাল কাম কৰে।

যোৱাকালি যিজনী মহিলা আহিছিল, তাই মোৰ পেহী।

উক্ত বাক্য দুটিৰ ‘সিহঁতে ভাল কাম কৰে’ আৰু ‘তাই মোৰ পেহী’- প্ৰধান বাক্য। আনহাতে ‘যিবোৰল’ৰা সৎ’ আৰু ‘যোৱাকালি যিজনী মহিলা আহিছিল’ – বাক্যাংশবোৰ  আগৰ প্ৰধান বাক্যাংশ দুটাৰ তলতীয়া।  সেয়ে বাক্য দুটা জটিল বাক্য।

বাক্যৰ গাঁথনিক বিভাজন

যৌগিক বা সংযুক্ত বাক্য (Compound Sentence)

এটাতকৈ অধিক সৰল বাক্য বা মিশ্ৰ বাক্য কোনো সংযোজক অব্যয়ৰ দ্বাৰা যুক্ত হৈ এটা বাক্যত পৰিণত হ’লে সেই বাক্যক যৌগিক বাক্য বা সংযুক্ত বাক্য বোলে। যেনে–

ললিতা এজনী ভাল ছোৱালী আৰু নমিতা এজনী ভাল ছোৱালী।

তুমি যথেষ্ট পৰিশ্ৰম কৰিলা কিন্তু সুখৰ মুখ নেদেখিলা।

ওপৰৰ প্ৰথম বাক্যটোত দুটা সৰল বাক্য আছে । যথাঃ (ক) ‘ললিতা এজনী ভাল ছোৱালী’ আৰু (খ) ‘নমিতা এজনী ভাল ছোৱালী’ -এই সৰল বাক্য দুটি ‘আৰু’ -সংযোজক অব্যয়টোৰ দ্বাৰা সংযুক্ত হৈ এটা যৌগিক বাক্যত পৰিণত হৈছে। তেনেদৰে দ্বিতীয় বাক্যটোতো দুটা অংশ আছে আৰু ই ‘কিন্তু’- এই সংযোজক পদটোৰ দ্বাৰা সংযুক্ত হৈ এটা যৌগিক বাক্যত পৰিণত হৈছে।

বাক্যৰ গাঁথনিক বিভাজন

অনুশীলনী

(১) গঠন অনুযায়ী অসমীয়া বাক্যক কেই শ্ৰেণীত ভাগ কৰা হৈছে? 

(২) সৰল বাক্য কাক বোলে? উদাহৰণসহ বুজাই লিখা। 

(৩) জটিল বাক্য কাক বোলে? উদাহৰণসহ বুজাই লিখ।

(৪) যৌগিক বাক্য কাক বোলে? উদাহৰণসহ বুজাই লিখা। ০ ০ ০

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here