Home Kabita বিকল্প | Bikalpa

বিকল্প | Bikalpa

0

বিকল্প | Bikalpa

বিকল্প  Bikalpa

বিকল্প

ৰাব্বি মছৰুৰ

 

যেতিয়া মহামান্য স্বয়ম্ভু ঈশ্বৰহঁতে 

স্নায়ুত আখৰা কৰে গণ হত্যাৰ  ৰণ-কৌশল

অস্ত্ৰ আৰু গোলা-বাৰুদেৰে আটোম-টোকাৰিকৈ সজ্জিত কৰে

মগজুৰ কুঠৰি

তেতিয়া আমাৰ এটাই বিকল্পঃ

হাঁহিমূখে বুকুখন উদং কৰি দিয়া!

অথবা বিপ্লৱৰ ৰঙা নিচান উত্তোলন কৰা।

 

যেতিয়া ৰাজনীতিকৰ কোষাগাৰত 

প্ৰতিজন নাগৰিকৰ নায্য অধিকাৰ

ধূসৰ ধূলিৰ লগত নিচিহ্ন কৰি দিয়াৰ পাশৱিক অৰিয়া-অৰি চলে 

তেতিয়া আমাৰ এটাই বিকল্প

হাঁহি হাঁহি আত্মাক সিহঁতৰ হাতত তুলি দিয়া!

অথবা বিপ্লৱ ৰুজু কৰা।

 

যেতিয়া সমৰ সজ্জাত সজ্জিত হয় আইনজ্ঞৰ আদালত

কিতাপৰ পৃষ্ঠাৰ পৰা মচি দিয়া হয় মানৱতাবাদ

তেতিয়া আমাৰ এটাই বিকল্প-

কণ্ঠ থাকিও বোবা হৈ থকা

অনুভূতি থকা সত্বেও নিক্ৰিয় হৈ থকা!

অথবা সমগ্ৰ দেশ জুৰিয়েই

 বিপ্লৱৰ ৰণ শিঙা বজোৱা।

যেতিয়া পৰমাণুৰ সংকুচিত বলৰ পৰা

উদ্‌গীৰণ হয় অবিৰাম বজ্ৰ,  ছাই

গলিত তেজ আৰু ধূসৰ ধোঁৱা

তেতিয়া আমাৰ এটাই বিকল্প–

হেলাৰঙে মৃত্যুক অভিনন্দন জনোৱা

অকনো লৰচৰ নকৰাকৈ 

বোকা আৰু ধোঁৱাৰ সতে বিলিন হৈ যোৱা!

অথবা বিপ্লৱৰ  শিখা দাউ দাউকৈ জ্বলাই দিয়া।

 

যেতিয়া শান্তি-সম্প্ৰীতি ৰক্ষাৰ ভেকো-ভাওনাৰে

ছদ্মবেশী শিল্পীসকলে হাতত লয় মানৱতাৰ প্ৰাণ

গ্ৰাস কৰে কৌটিকলীয়া সংহতিৰ এনাজৰী

তেতিয়া আমাৰ এটাই বিকল্প–

হেলাৰঙে  বুকুত ছুৰি সুমুৱাবলৈ দিয়া!

অথবা সমস্ত জনতাই মুষ্টিবদ্ধহৈ ৰাজপথলৈ ওলাই অহা।

 

য’ত প্ৰতিজন শান্তিকামী শিল্পীক বোবা কৰি ৰখা হয়

বুকুৰ পৰা কাঢ়ি নিয়া হয় সিহঁতৰ সহচৰ

কণ্ঠৰ পৰা সুৰ

তেতিয়া আমাৰ এটাই বিকল্প

অকাল মৃত্যুক আহ্বান  জনোৱা!

অথবা বিপ্লৱৰ দুন্দুভি বজোৱা।

 

য’ত অধিকাৰ, ন্যায়, নৈতিকতা

আৰু সম্প্ৰীতিৰ পৃষ্ঠা উকা

য’ত জনমতৰ জন্মতেই ডিঙি চেপি হত্যা কৰা হয়

তাত আমাৰ এটাই বিকল্প–

মৃত্যুৰ কোলাত ঢলি পৰা!

অথবা সমগ্ৰ দেশজুৰিয়েই বিপ্লৱৰ জুই জ্বলাই দিয়া!

 

আইন থকা সত্বেও যিদেশত চলে সোপা-সোপে কলা বজাৰ

যি দেশৰ কোনো বিষয়াই মুখ নুখুলে উৎকোচ নেপালে

সেই দেশত আমাৰ এটাই বিকল্প–

বিনা দ্বিধাই দাসত্বৰ শিকলি পিন্ধি লোৱা!

অথবা সমগ্ৰ দেশ জুৰিয়েই বিপ্লৱৰ অগ্নি প্ৰজ্জ্বলিত কৰা।

 

শংকৰ, চৈতন্য, কবীৰ, শংকৰাচাৰ্য

জন্ম লোৱা সত্বেও যি দেশৰ আত্মা অন্ধকাৰত আচ্ছন্ন

যি দেশৰ নাগৰিকৰ হৃদয়

মছজিদ, নামঘৰ অথবা গীৰ্জাত বন্ধী

যি দেশৰ সংবিধানত সমাজবাদৰ এক বিশাল অধ্যায় থকা সত্বেও

চৰকাৰক ক্ৰয় কৰিব পৰা আছে গডমেনৰ দৰে বহুতো স্বামী

ঘাটে-পথে কলা বেপাৰী

তাত আমাৰ এটাই বিকল্প–

মৃত্যুৰ কোলাত নিঃশব্দে শুই পৰা!

অথবা ভীমৰ গদা হাতত লৈ অবিৰাম বিজুলী শিখা জ্বলোৱা।

 

যি দেশত প্ৰতিজন নেতাক হাতৰ মুঠিত লৈ 

বুঢ়া আঙুলিৰে টিটি টিপি চাব পৰা ডাউদ ইব্রাহিম আছে

যি দেশত গেৰুৱা পোছাক পৰিহিতা সন্নাসীৰ দ্ধাৰা 

ধৰ্ষিতা হয়  নাৰী

সেই দেশত আমাৰ এটাই বিকল্প–

সমগ্ৰ দেশ জুৰিয়েই বিপ্লৱৰ অগ্নি শিখা প্ৰজ্জ্বলিত কৰা।

স্বাধীনতা পায়ো যি দেশৰ প্ৰতিজন কৃষক আৰু বনুৱাৰ বুকুৰ পৰা কাঢ়ি নিয়া হয় সিহঁতৰ স্বাধীনতাৰ স্বচ্ছ দৰ্পণ

তেনে দেশত আমাৰ এটাই বিকল্প–

অকাতৰে প্ৰাণৰ মমতা এৰি মৰণত শৰণ লোৱা

অথবা বিক্ষোভৰ সমস্ত জ্বালামূখীৰ শলিতাত জুই জ্বলাই দিয়া

জ্বলি পুৰি শেষ হ’বলৈ দিয়া

প্ৰগতিৰ পথৰ সকলো প্ৰাচীৰ

শান্তিৰ সকলো প্ৰতিবন্ধকতা। ০ ০ ০

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here