Home Literary Criticism বিদ্ৰোহ-এক সমালোচনাত্মক বিশ্লেষণ | Ismail Hossain Bidruh

বিদ্ৰোহ-এক সমালোচনাত্মক বিশ্লেষণ | Ismail Hossain Bidruh

0

বিদ্ৰোহ-এক সমালোচনাত্মক বিশ্লেষণ

ৰাব্বি মছৰুৰ
বিদ্ৰোহ-এক সমালোচনাত্মক বিশ্লেষণ  Ismail Hossain Bidruh

বিদ্ৰোহ-এক সমালোচনাত্মক বিশ্লেষণ

বিদ্ৰোহ-এক সমালোচনাত্মক বিশ্লেষণ

বিদ্ৰোহ-এক সমালোচনাত্মক বিশ্লেষণ

কবি ইছমাইল হোছেইনৰ “জীৱন আৰু মানুহ বিষয়ক” কবিতা সংকলনৰ তৃতীয় কবিতাটি হৈছে ‘বিদ্ৰোহ’ শিৰোনামৰ কবিতাটি। এই কবিতাটিত কবিয়ে বৰ্তমান সামাজিক পটভূমিত মানৱ প্ৰমূল্য কেনেদৰে অৱনমিত হৈছে তাৰে এটি আভাষ দিবলৈ চেষ্টা কৰিছে। 

কবিয়ে জানে যে শান্তি ৰক্ষাৰ নামত বহুতো নিৰপৰাধী জনতাই সন্ত্ৰাসবাদৰ কবলত পৰি অকাল মৃত্যুক সাৱটি লৈছে। চৰকাৰে সেইবোৰ হত্যালীলাৰ কোনা আইন সন্মত তদন্ত নকৰি ত’ল পেলাই থৈ দিয়ে। সেয়ে কবিয়ে সন্দেহ কৰিছে যে হয়তো কোনোবা বন্ধুহেন সন্ত্ৰাসবাদীয়ে কৰমৰ্দনৰ ছলেৰে বোমা ফুটাই কবিকো হত্যা কৰিব পাৰে আৰু তেওঁৰ মৃত্যু ৰহস্যটো চৰকাৰী বিবৃতিত এজন সন্ত্ৰাসবাদী নিহত হ’ল বুলি ঘোষণা কৰা হ’ব পাৰে। সেয়ে কবিয়ে নিজেই তেনে সন্ত্ৰাসবাদীক উদ্দ্যেশি কৈছে–

“মোৰ বুকুৰ মাজত তোমাৰ হাত দুখন ৰাখা

আৰু আকস্মাত বিস্ফুৰিত হওঁক এটা বোমা

শান্তি ৰক্ষাৰ নামত মোৰ সমস্ত দেহা টুকুৰা-টুকুৰ হওঁক

চৰকাৰী বিবৃতিত লিখা হওঁক ‘আৰু এজন সন্ত্ৰাসবাদীক হত্যা’।”

আজিকালি বিশ্বাসঘাতকৰ সংখ্যা ইমানেই বাঢ়িছে যে আলিঙ্গনৰ ছলেৰে এজনে আন এজনক  আঘাত কৰিব পাৰে। কবিৰ ভাষাত–

“সম্প্ৰতি ইয়াতকৈ কি আছে সত্যৰ অপলাপ

এহাতেৰে কৰমৰ্দন আন হাতেৰে বাঘনখ

এহাতেৰে আলিঙ্গন আন হাতেৰে চুৰিকাঘাত।”

ইয়াৰ পিছত কবিয়ে কবিতাটোত কিছুমান প্ৰতীকৰ সহায়ত সমাজৰ চিত্ৰ দাঙি ধৰি লিখিছে–

আকাশত ক’লা দিনৰ ক’লা মেঘ উৰে

কলা মেকুৰীত উঠি আহে দেউলীয়া ৰজা।”

ইয়াত ‘ক’লা মেঘ’ প্ৰতীকৰ দ্বাৰা বৰ্তমান দুৰ্নীতি, অন্যায়, অবিচাৰত পোত গৈ থকা সমাজ ব্যৱস্থাক  বুজাইছে। ‘কলা মেকুৰী’ প্ৰতীকৰ দ্বাৰা দুৰ্নীতি পৰায়ণ শাসক গোষ্ঠী ক্ষমতাত অধিষ্ঠিত হোৱাৰ  ভেকোভাওনাক বুজাইছে। ‘দেউলীয়া ৰজা’ই মানৱতাৰ আদৰ্শ হেৰুৱাই পেলোৱা  নেতাসকলৰ প্ৰতীক হিচাপে ব্যৱহাৰ হৈছে।  মানৱতাবাদৰ আদৰ্শ হেৰুৱা ‘দেউলীয়া ৰজাই’ বিশ্বাস কৰে যে দুৰ্নীতিৰ  গৰাহতহে পোহৰৰ উৎস অথবা সুস্থিৰ জীৱনাদৰ্শ লুকাই আছে। কবিয়ে কৈছে–

“ৰজাৰ বিশ্বাস- অন্ধকাৰত থাকে পোহৰ

আমি কওঁ- সূৰ্য পোহৰৰ আধাৰ

অপৰাধ, ভীষণ অপৰাধ- ৰাজদ্ৰোহ।”

কিন্তু কবিয়ে যেতিয়াই পোহৰৰ উৎস অন্ধকূপৰ সলনি ‘সূৰ্য’ বুলি ক’বলৈ যায় তেতিয়াই  তেওঁক ‘ৰাজদ্ৰোহী’ বুলি অপৰাধী সজোৱা হয়। সেয়ে কবিয়ে আক্ষেপ কৰি কৈছে যে  যদি পোহৰৰ উৎসৰ বিষয়ে ক’লেই ৰাজদ্ৰোহ কৰা হয় তেনেহ’লে এতিয়াই বিস্ফুৰণ  হওঁক আৰু তেজেৰে ৰাঙলী হৈ যাওঁক  দেউলীয়া ৰজাৰ দৰবাৰ। কবিৰ ভাষাত–

“আৰু এটা বিস্ফুৰণ  হওঁক তোমাৰ অথবা মোৰ মগজুত

বিষ আৰু তেজেৰে বিয়পি পৰক ৰজাৰ দৰবাৰ।”

কবিতাটি সৰু  যদিও ইয়াৰ ভাৱ আৰু অন্তৰ্নিহিত অৰ্থই কবিতাটিক বিশেষভাৱে তাৎপৰ্যশীল কৰি তুলিছে। কবিতাটিৰ ভাষা সহজ সৰল যদিও প্ৰতীকৰ ব্যৱহাৰে সাধাৰণ পাঠকৰ বোধগম্যতাত অলপ জটিলতাৰ মুখামুখিও কৰে। ০ ০ ০

বিদ্ৰোহ-এক সমালোচনাত্মক বিশ্লেষণ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here