বিনেশ্বৰ ব্রহ্ম | Bineshwar Brahma
বিনেশ্বৰ ব্রহ্ম
বিনেশ্বৰ ব্রহ্ম | Bineshwar Brahma
বিনেশ্বৰ ব্রহ্ম (Bineshwar Brahma) এজন তীক্ষ্ণ মেধাসম্পন্ন, বুদ্ধিমত্তা, সু-চিন্তক, সমাজসেৱক, সাহিত্যিক তথা সু-সংগঠক আছিল। শ্বহীদ বিনেশ্বৰ ব্রহ্মদেৱে ১৯৪৯ চনৰ ২৮ ফেব্রূৱাৰীত বৰ্তমান কোকৰাঝাৰ জিলাৰ ভাতৰমাৰী গাঁৱত জন্মগ্ৰহণ কৰে। তেওঁৰ পিতৃ-মাতৃৰ নাম আছিল ক্ৰমে তাৰামণি ব্রহ্ম আৰু সোনটি ব্রহ্ম।
ব্রহ্মদেৱৰ প্ৰাথমিক শিক্ষা আৰম্ভ হয় নিজ গাঁৱৰ ৩৬৫ নম্বৰ প্ৰাথমিক বিদ্যালয়ত ১৯৫৪ চনত। প্ৰাথমিক শিক্ষা সাং কৰি কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত ১৯৬০ চনত নাম ভৰ্তি কৰে। এই বিদ্যালয়ৰ পৰাই এম.ই. খণ্ডৰ বৃত্তি লাভ কৰাৰ লগতে ১৯৬৭ চনত পি.ইউ.এচ.ছি. পৰীক্ষাত অংকত লেটাৰ নম্বৰসহ প্ৰথম বিভাগত উর্ত্তীর্ণ হয়। একেটা বৰ্ষতেই যোৰহাটৰ অসম কৃষি মহাবিদ্যালয়ত স্নাতক ডিগ্ৰীত নাম ভৰ্তি কৰে আৰু ১৯৭২ চনত উক্ত কৃষি মহাবিদ্যালয়ৰ পৰা কৃষিৰ স্নাতক ডিগ্ৰী লাভ কৰে।
তেওঁ ১৯৭৩ চনৰ ফেব্রূৱাৰী মাহত প্ৰথমবাৰৰ বাবে ‘হিন্দুস্তান সাৰ নিগমৰ সাৰ সম্প্ৰসাৰণ’ আৰু ‘কৃষি গৱেষণা বিভাগত’ চাকৰি জীৱন আৰম্ভ কৰে। তেওঁ ১৯৮০ চনৰ আগষ্ট মাহলৈ এই বিভাগটোত থকাৰ পিছত ভাৰতীয় খাদ্য নিগম (FCI) বিভাগত Quality Control-ৰ Deputy Manager ৰূপে গুৱাহাটীত নিযুক্ত হয়। ১৯৮১ চনৰ পৰা ১৯৮৩ চনলৈ কৰ্মসূত্ৰে বিহাৰৰ ৰাজধানী পাটনাত কৰ্ম সম্পাদনা কৰিবলগীয়া হয়। পুনৰ ১৯৮৩ চনত গুৱাহাটীলৈ Regional Officer ৰূপে পদোন্নতি লাভ কৰি ঘূৰি আহে। পিছলৈ ১৯৯৮ চনত সেই বিভাগৰেই Jonal Office-অত Manager (Movement) হিচাপে পদোন্নতি লাভ কৰে।
তেওঁ মুঠ ৮-টা ভাষা সলসলীয়াকৈ ক’ব পাৰিছিল। সেইবোৰ হ’ল— বড়ো, ইংৰাজী, অসমীয়া, বঙালী, হিন্দী, নেপালী, ভোজপুৰী আৰু ৰাজবংশী। তেওঁৰ প্ৰকাশিত গ্ৰন্থ হ’ল— ‘আই নি মাদৈ’ (কবিতা পুথি-১৯৮৫), ‘বৰদৈসিখ্লা’ (কবিতা পুথি-১৯৯৭) আৰু ‘আংনি গামি ভাতাৰমাৰি’ (প্ৰৱন্ধ সংকলন)
বিনেশ্বৰ ব্র হ্মই ১৯৯০ চনৰ পৰা ১৯৯৩ চনলৈ বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদকৰ পদত নিৰ্বাচিত হয়। দুটা কাৰ্যকালৰ বাবে বড়ো সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল। ২০০০ চনৰ ১৯ আগষ্ট তাৰিখে গুৱাহাটীৰ ভেটাপাৰাস্থিত নিজ বাসভৱনত অচিন আততায়ীৰ হাতত গুলিবিদ্ধ হৈ তেওঁ অকাল মৃত্যুক আঁকোৱালি লয়। ০ ০ ০
Read More: বিশ্ব ব্যক্তি পৰিচয়
বি. দ্র. উক্ত ‘বিনেশ্বৰ ব্রহ্ম | Bineshwar Brahma’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্রন্থৰ অন্তর্গত।
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান:
- অসমীয়া জীবনী
- লক্ষ্মীনাথ বেজবৰুৱা
- মাধবদেব
- জীবনীমালা
- অসমীয়া আত্মজীবনী সাহিত্য