Home Ass Grammar বিভক্তি। Bibhakti

বিভক্তি। Bibhakti

1

  বিভক্তি । Bibhakti

বিভক্তি। Bibhakti

 

 

 

বিভক্তি । Bibhakti

বাক্য গঠনত ব্যৱহাৰ হোৱা শব্দৰ পাছত যুক্ত হোৱা চিনবোৰকে বিভক্তি বোলে। উদাহৰণ–

ৰামে পঢ়িছে।

সি বজাৰলৈ গ’ল।

ওপৰৰ বাক্য দুটিৰ প্ৰথমটিত ‘ৰাম + এ = ৰামে’,  পঢ়  + ইছে =  পঢ়িছে’, আৰু দ্বিতীয় বাক্যটিত ‘বজাৰ + অলৈ = বজাৰলৈ’  হৈছে। এই ‘এ’, ‘হৈছে’ আৰু ‘লৈ’ এইবোৰই হৈছে বাক্যত শব্দৰ লগত যোগ হোৱা বিভক্তিৰ চিন।

বিভক্তি দুইবিধ, যথা–

(১) শব্দ বিভক্তি  আৰু 

(২) ক্ৰিয়া বিভক্তি ।

তলত এইবোৰৰ বিষয়ে আলোচনা কৰা হ’ল। 

শব্দ বিভক্তি

বাক্য গঠনত শব্দৰ পিছত যোগ হোৱা বিভক্তিক শব্দ বিভক্তি বোলে। উদাহৰণ– 

কৰিমে (কৰিম + এ)  পঢ়িছে।

ডাঙৰক (ডাঙৰ + ক)  শ্ৰদ্ধা কৰিব লাগে।

শব্দ বিভক্তি সাত বিধ, যথা–

(১) প্ৰথমা বিভক্তি 

(২) দ্বিতীয়া বিভক্তি

(৩) তৃতীয়া বিভক্তি

(৪) চতুৰ্থী বিভক্তি

(৫) পঞ্চমী বিভক্তি

(৬) ষষ্ঠী বিভক্তি আৰু

(৭) সপ্তমী বিভক্তি

এই প্ৰত্যেকটো বিভক্তিৰে কিছুমান নিজা নিজা চিন আছে যি চিনবোৰৰ সহায়ত বিভক্তিসমূহ চিনাক্ত কৰিব পাৰি। তলত শব্দ বিভক্তিৰ চিনবোৰ দিয়া হ’ল।

(১) প্ৰথমা বিভক্তি– অ, ই, এ।

(২) দ্বিতীয়া বিভক্তি–ক।

(৩) তৃতীয়া বিভক্তি–ৰে, দি, দ্বাৰা।

(৪) চতুৰ্থী বিভক্তি–অক্‌, লৈ।

(৫) পঞ্চমী বিভক্তি–পৰা।

(৬) ষষ্ঠী  বিভক্তি–ৰ।

(৭) সপ্তমী বিভক্তি–ত।

তলত ‘ল’ৰা’ শব্দৰ একবচনত বিভক্তিৰ চিনবোৰ কিদৰে যোগ হয় দেখুৱা হ’ল।

বিভক্তিবিভক্তিৰচিন‘ল’ৰা’ শব্দত প্ৰয়োগ

(১) প্ৰথমা—অ, ই, এ—ল’ৰা, ল’ৰাই, ল’ৰায়ে

(২) দ্বিতীয়া—ক—ল’ৰাক

(৩) তৃতীয়া—ৰে, দি, দ্বাৰা—ল’ৰাৰে, ল’ৰায়েদি, ল’ৰাৰ দ্বাৰা

(৪) চতুৰ্থী—অক্‌, লৈ—ল’ৰাক, ল’ৰালৈ

(৫) পঞ্চমী—পৰা—ল’ৰাৰ পৰা

(৬) ষষ্ঠী—ৰ—ল’ৰাৰ

(৭) সপ্তমী—ত—ল’ৰাত।

শব্দ বিভক্তিৰ চিনবোৰ প্ৰয়োগ কৰি বিশেষ্য আৰু সৰ্বনাম পদৰ বচনৰ ৰূপান্তৰ ঘটাব পাৰি।  উদাহৰণ–

বিশেষ্যএকবচনবহুবচন

ছোৱালী—ছোৱালীক—ছোৱালীেবাৰক

সৰ্বনাম—একবচন—বহুবচন

মই——মোক——আমাক

এনেদৰে শব্দ বিভক্তিৰ চিনবোৰ প্ৰয়োগ কৰি বিষেশ্য আৰু সৰ্বনাম পদৰ বচনৰ ৰূপান্তৰ ঘটোৱা কাৰ্যক  শব্দৰূপ (Declension of Words) বোলা হয়। তলত কেইটামান বিশেষ্য আৰু সবৰ্বনাম পদত সাতোটা বিভক্তি প্ৰয়োগ কৰি একবচন আৰু বহুবচন হোৱা শব্দৰ ৰূপান্তৰ দেখুৱা হ’ল।

ল’ৰা (বিশেষ্য শব্দ)

বিভক্তিএকবচন বহুবচন

প্ৰথমা——ল’ৰা, ল’ৰায়ে—ল’ৰাবোৰ , ল’ৰােবাৰে 

দ্বিতীয়া——ল’ৰাক—ল’ৰাবোৰক 

তৃতীয়া——ল’ৰাৰে, ল’ৰায়েদি, ল’ৰাৰ দ্বাৰা—ল’ৰাবোৰেৰে, ল’ৰাবোৰেদি,  ল’ৰাবোৰৰ দ্বাৰা

চতুৰ্থী——ল’ৰাক, ল’ৰালৈ—ল’ৰাবোৰক, ল’ৰাবোৰলৈ

পঞ্চমী——ল’ৰাৰ পৰা—ল’ৰাবোৰৰ পৰা

ষষ্ঠী ——ল’ৰাৰ—ল’ৰাবোৰৰ 

সপ্তমী—ল’ৰাত—ল’ৰাবোৰত 

মই (সৰ্বনাম শব্দ– প্ৰথম পুৰুষ )

বিভক্তি——একবচন —বহুবচন

প্ৰথমা——মই, ময়ে—আমি, আমিয়ে 

দ্বিতীয়া——মোক—আমাক

তৃতীয়া—মোৰে, মোৰ দ্বাৰা—আমাৰে, আমাৰ দ্বাৰা

চতুৰ্থী—মোক, মোলৈ—আমাক, আমালৈ

পঞ্চমী—মোৰ পৰা—আমাৰ পৰা

ষষ্ঠী——মোৰ—আমাৰ

সপ্তমী—মোত—আমাত

তুমি (সৰ্বনাম শব্দ– দ্বিতীয় পুৰুষ )

বিভক্তি——একবচন—— বহুবচন

প্ৰথমা—তুমি, তুমিয়ে—তোমালোক, তোমালোকে

দ্বিতীয়া—তোমাক—তোমলোকক

তৃতীয়া—তোমাৰে, তোমাৰ দ্বাৰা—তোমালোকেৰে, তোমালোকৰ দ্বাৰা  

চতুৰ্থী —তোমাক, তোমালৈ—তোমালোকক, তোমালোকলৈ

পঞ্চমী—তোমাৰ পৰা—তোমালোকৰ পৰা

ষষ্ঠী—তোমাৰ—তোমালোকৰ

সপ্তমী—তোমাত—তোমালোকত

তুমি (সবৰ্বনাম শব্দ– দ্বিতীয় পুৰুষ)

বিভক্তিএকবচন—— বহুবচন

প্ৰথমা—তাই, তায়ে——সিহঁত, সিহঁতে

দ্বিতীয়া——তাইক—সিহঁতক

তৃতীয়া—তাইৰে,তাইদি, তাইৰদ্বাৰা—সিহঁতৰে, সিহঁতেদি, সিহঁতৰদ্বাৰা

চতুৰ্থী—তাইক, তাইলৈ—সিহঁতক, সিহঁতলৈ

পঞ্চমী—তাইৰ পৰা—সিহঁতৰ পৰা

ষষ্ঠী—তাইৰ—সিহঁতৰ

সপ্তমী—তাইত—সিহঁতত

ক্ৰিয়া বিভক্তি

ধাতুৰ পিছত যি বিভক্তি যোগ হয় তাকে ক্ৰিয়া বিভক্তি বোলে। ক্ৰিয়া বিভক্তিক ধাতু বিভক্তি বুলিও কোৱা হয়। উদাহৰণ–

তাই ৰামায়ণ পঢ়িছে।

ইয়াত ‘পঢ়’ ধাতুত ‘ইছে’ যুক্তহৈ ‘পঢ়ি ছে’ ক্ৰিয়াটো সম্পন্ন হৈছে। সেইদৰে,

লিখ + ইছে =  লিখিছে

কৰ + ইছে = কৰিছে

ধৰ + ইছে = ধৰিছে।

বি: দ্ৰ: আদেশ দিয়া, অনুৰোধ কৰা বা উপদেশ দিয়া বুজাবলৈ ক্ৰিয়াৰ যি ৰূপ হয় তাকে অনুজ্ঞা বোলে। অনুজ্ঞা কেৱল দ্বিতীয় আৰু তৃতীয় পুৰুষত, নিত্য বৰ্তমান আৰু ভৱিষ্যত কালতহে হয়। উদাহৰণ–

ইয়ালৈ আহা। (আদেশ)

অনুগ্ৰহ কৰি মোক সহায় কৰক। (অনুৰোধ)

কাকো অৱজ্ঞা নকৰিবা। (উপদেশ)

ধাতুৰ ক্ৰিয়া বিভক্তি যোগ কৰাৰ কিছুমান নিয়ম আছে। যথা–

১।  ও- কাৰান্ত ধাতুৰ পিছত ‘ও’ৰ ঠাইত ‘উ’ হয়। যেনে–

শো + ইছিলো = শুইছিলো

ধো + ইছিলো = ধুইছিলো

২।  ই- কাৰান্ত ধাতুৰ পিছত ‘অ’ বিভক্তি ‘য়’ ‘আ’ বিভক্তি ‘য়া’ আৰু ‘এ’ বিভক্তি ‘য়ে’ হয়। যেনে–

কি + অ = কিয়

দি + আ = দিয়া

দি + এ = দিয়ে

৩।  ব্যঞ্জনান্ত ধাতুৰ শেষ বৰ্ণত ক্ৰিয়া বিভক্তিৰ আদি স্বৰযোগ হয়। যেনে–

ধৰ + ইলো = ধৰিলো

কৰ + ইলো = কৰিলো।

৪।  অ, আ বা উ কাৰান্ত ধাতুৰ পিছত বিভক্তিৰ ‘অ’ ৰ ঠাইত ‘ৱ’ আৰু ‘আ’ ৰ ঠাইত ‘ৱা’ হয়। যেনে–

যা + আ = যাৱ

ৰো + আ = ৰোৱা

ৰো + অ = ৰোৱ।

অনুশীলনী

(১) বিভক্তি কাক বোলে?

(২) বিভক্তি কেইবিধ  আৰু কি কি?

(৩) শব্দ বিভক্তি  কাক বোলে? উদাহৰণসহ বুজাই লিখা।

(৪)  ক্ৰিয়া বিভক্তি কাক বোলে? উদাহৰণ দিয়া।  ০ ০ ০

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here