Home Ass Grammar বিশেষ্য পদৰ শ্ৰেণী বিভাগ | Classification of Noun in Assamese

বিশেষ্য পদৰ শ্ৰেণী বিভাগ | Classification of Noun in Assamese

0

বিশেষ্য পদৰ শ্ৰেণী বিভাগ

বিশেষ্য পদৰ শ্ৰেণী বিভাগ  Classification of Noun in Assamese

 

বিশেষ্য পদৰ শ্ৰেণী বিভাগ

বিশেষ্য পদৰ শ্ৰেণী বিভাগ

যি পদে কোনো ব্যক্তি, বস্তু, ঠাই, গুণ বা কোনো অৱস্থাৰ নাম বুজায় তাকে বিশেষ্য (Noun) বোলে। অসমীয়া ভাষাত  বৈশিষ্ট্য অনুযায়ী বিশেষ্য পদবোৰক মুঠতে পাঁচ ভাগত ভাগ কৰা হৈছে, যেনেঃ 

(১) জাতিবাচক বিশেষ্য (Common Noun) 

(২) বস্তুবাচক বিশেষ্য (Material Noun)

(৩) সংজ্ঞাবাচক বিশেষ্য  (Proper Noun) 

(৪) ক্ৰিয়াবাচক বিশেষ্য  (Verbal Noun) আৰু

(৫) গুণবাচক বিশেষ্য (Abstract Noun) 

তলত এইবোৰৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল।

বিশেষ্য পদৰ শ্ৰেণী বিভাগ

জাতিবাচক বিশেষ্য (Common Noun)

যি বিশেষ্য পদে কোনো জাতিক বুজায় তাকে জাতিবাচক বিশেষ্য বোলে। উদাহৰণ–

পাহাৰ, নদী, সাগৰ, মানুহ, গৰু, হাতী, কুকুৰ  ইত্যাাদি।

জাতিবাচক বিশেষ্য পদবোৰক আকৌ দুটা ভাগত ভাগ কৰা হৈছে, যথা–

(ক) প্ৰাণীবাচক বিশেষ্য (Creature) আৰু 

(খ) অপ্ৰাণীবাচক বিশেষ্য (Non-creature) ।

প্ৰাণী বুজোৱা জাতিবাচক বিশেষ্য পদক প্ৰাণীবাচক বিশেষ্য পদ বোলে। উদাহৰণ–

গৰু, মানুহ, বাঘ, চৰাই, মাছ, সিংহ, ভালুক ইত্যাদি।

আনহাতে অপ্ৰাণীবাচক জাতিবাচক বিশেষ্য পদক অপ্ৰাণীবাচক বিশেষ্য পদ বোলে। উদাহৰণ–

পাহাৰ, পবৰ্বত, কাঠ, গছ, ফল, ফুল ইত্যাদি।

বিশেষ্য পদৰ শ্ৰেণী বিভাগ

বস্তুবাচক বিশেষ্য (Material Noun)

বস্তু বা পদাৰ্থৰ নাম বুজোৱা বিশেষ্য পদক বস্তুবাচক বিশেষ্য পদ বোলে।  উদাহৰণ–

হীৰা, ৰূপ, লো, সোণ, কচু, মূলা, ধান, মাহ, কয়লা, আলু  ইত্যাদি।

সংজ্ঞাবাচক বিশেষ্য  (Proper Noun)

ব্যক্তি, প্ৰাণী বা ঠাইৰ নাম বুজোৱা বিশেষ্য পদক সংজ্ঞাবাচক বিশেষ্য পদ বোলে।  উদাহৰণ–

ৰহিম, ৰাম, কৰিম, গৰু, মহ, ভেড়া, ছাগলী, মুম্বাই, দিল্লী, চেন্নাই  ইত্যাদি।

সংজ্ঞাবাচক বিশেষ্য পদবোৰক আকৌ দুটা ভাগত ভাগ কৰিব পাৰি, যথা–

(ক) প্ৰাণীবাচক (Creature ) আৰু (খ) অপ্ৰাণীবাচক (Non-creature)

বিশেষ্য পদৰ শ্ৰেণী বিভাগ

প্ৰাণীবাচক (Creature)

প্ৰাণীৰ সাধাৰণ সংজ্ঞাবাচক আৰু বিশেষ সংজ্ঞাবাচক বিশেষ্য পদক প্ৰাণীবাচক বিশেষ্য পদ বোলে।  উদাহৰণ–

নৰেন, ললিতা, ৰশ্মি, পদ্মা, ৰাজন (বিশেষ সংজ্ঞাবাচক বিশেষ্য) ।

হৰিণ, ছাগলী, বাঘ, সিংহ, চৰাই (সাধাৰণ সংজ্ঞাবাচক বিশেষ্য।

ক্ৰিয়াবাচক বিশেষ্য  (Verbal Noun)

ক্ৰিয়া বা কোনো কামৰ নাম বুজোৱা বিশেষ্য পদক ক্ৰিয়াবাচক বিশেষ্য পদ বোলে।  উদাহৰণ–

খাৱন, শয়ন, লিখন, ভ্ৰমণ, সংকলন ইত্যাদি।

গুণবাচক বিশেষ্য (Abstract Noun)

বিশেষ্য পদৰ গুণ দোষ, স্বভাৱ আদি বুজোৱা বিশেষ্য পদক গুণবাচক বিশেষ্য পদ বোলে।  উদাহৰণ–

সাধুতা, নম্ৰতা, সৌন্দৰ্য, একনিষ্ঠতা, ভদ্ৰতা,  দয়াশীলতা, দানশীলতা, পৰোপকাৰিতা ইত্যাদি।

বিশেষ্য পদৰ শ্ৰেণী বিভাগ

অনুশীলনী

(১) বিশেষ্য  কাক বোলে?

(২) বৈশিষ্ট্য অনুযায়ী অসমীয়া বিশেষ্য পদক কেই শ্ৰেণীত  ভাগ কৰা হৈছে? 

(৩)  জাতিবাচক বিশেষ্য কাক বোলে? উদাহৰণসহ বুজাই লিখা।

(৪) বস্তুবাচক বিশেষ্য কাক বোলে? উদাহৰণসহ বুজাই লিখা।

(৫) সংজ্ঞাবাচক বিশেষ্য কাক বোলে? উদাহৰণসহ বুজাই লিখা।।

(৬)  ক্ৰিয়াবাচক বিশেষ্য কাক বোলে?  উদাহৰণসহ বুজাই লিখা।

(৭) গুণবাচক বিশেষ্য কাকবোলে? উদাহৰণসহ বুজাই লিখা।

(৮) জাতিবাচক বিশেষ্যক কেই ভাগত ভাগ কৰা হৈছে? উদাহৰণসহ বুজাই লিখা।

(৯) তলত দিয়া বিশেষ্য পদবোৰ শ্ৰেণীভুক্ত কৰা–

মানুহ, পৰ্বত, দিল্লী, কলকাতা, দানশীলতা, দয়া, ৰাম, বৰেপটা, ভালুক, গছ, ৰূপ, তাম, সীহ, আকাশ, বায়ু, ঘৰ, সোন, হীৰা।  ০ ০ ০

বিশেষ্য পদৰ শ্ৰেণী বিভাগ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here