বিশ্ব ব্যক্তি পৰিচয় । Bishwa Byakti Parichay

বিশ্ব ব্যক্তি পৰিচয়

0

বিশ্ব ব্যক্তি পৰিচয় । Bishwa Byakti Parichay

বিশ্ব ব্যক্তি পৰিচয়

বিশ্ব ব্যক্তি পৰিচয় । Bishwa Byakti Parichay

 

ৰাব্বি মছৰুৰ

 

 

গ্রোহিলচ্‌ পাব্লিশ্বিং

কমলপুৰ, বৰেপটা (অসম)

 

 

Bishwa Byakti Parichay (Introduction to world Personalities in Assamese)  edited by Rabbi Masur, Published by Growhills Publishing. 

বিশ্ব ব্যক্তি পৰিচয় । Bishwa Byakti Parichay

Rights Reserved

Website: www.masrur360.com

Email:

বিশ্ব ব্যক্তি পৰিচয় । Bishwa Byakti Parichay

Price: Rs. ………….. 

বিশ্ব ব্যক্তি পৰিচয় । Bishwa Byakti Parichay 

D. T. P. By 

Rabbi Masrur

Printed at: বিশ্ব ব্যক্তি পৰিচয় । Bishwa Byakti Parichay

সূচীপত্ৰ

 অটল বিহাৰী বাজপেয়ী 

অমৃতা প্ৰীতম

অলিভাৰ টি কট্টাৰ

অৰুণা আছফ আলী

অস্কাৰ লাইল্ড

অলিভাৰ গল্ডস্মিথ

স্বৰ্গদেউ চুলিক্‌ফা 

ৰুদ্ৰসিংহ   

ছাৰ আইজাক নিউটন

টমাচ আলভা এডিচন 

কালিদাস 

ভৱভূতি

বিশ্বনাৰায়ণ শাস্ত্ৰী 

মেক্সমূলাৰ

পুৰুষোত্তম  বিদ্যাবাগীশ

হজৰত মহম্মদ

যীশু খ্ৰীষ্ট

স্বামী বিবেকানন্দ 

ষ্টিফেন হকিং 

কংস

বিষ্ণু প্ৰসাদ ৰাভা

ফণী শৰ্মা

বলোভদ্ৰ

যশোদা 

নন্দ

মঘাই উজা 

আলাউদ্দিন

ডান্টে 

অণ্ডিমিয়ান

কামদেৱ 

হিৰো

তিলোত্তমা

হাৰ্কিউলিছ

নেপোলিয়ন বোনাপাৰ্ট

ডাক

বিদ্যাপতি

জুলিয়াছ ছিজাৰ

বাচেন্দ্ৰি পাল

টেনজিং নৰগে

অৰ্জুন

এৰিষ্টটল

দ্ৰৌপদী

বলবৰ্মা

বাল্মিকী

ছেক্সপীয়েৰ 

মিৰাণ্ডা

বুদ্ধদেৱ

জন কীট্‌চ 

ক’পাৰনিকাছ

গেলিলিও

কেপলাৰ

ৰাহুল সংস্কৃতায়ন

সৰ্বপল্লী ৰাধাকৃষ্ণণ

বামন

দেবহুতি

কপিল

দৈৱকী

শ্বিৰীণ ইবাডি

ৰত্নমালা

চিলাৰায়

সোন্দৰ গোহাঁই 

ৰামানুজন

কাৰ্ল  মাক্স

ৰামসিংহ

লাচিত বৰফুকন

জয়ধবজ সিংহ

বাঘ হাজৰিকা

মেঘৰাজ কৰ্মকাৰ

ইন্দ্ৰচিং দেউৰী

বলাইৰাম সেনাপতি 

খ্ৰীষ্টচন মুণ্ডা 

জাষ্টিন লাক্ৰা 

গগন চন্দ্ৰ সোনোৱাল 

পৰশুৰাম সোনোৱাল

যোগেশ দাস

যোগেন্দ্ৰ নাথ হাজৰিকা

বিষ্ণু প্ৰসাদ ৰাভা

ৰাজেন ৰাভা

প্ৰসন্ন পাম

বীৰুবালা ৰাভা

নাওৰিয়া ফুলো

যতীন্দ্ৰ সিংহ

সৰস্বতী সিংহা

নোংথোম্বম বিদ্যাপতি সিংহ

ভৃগুমুনি কাগ্‌য়ুং

কমলা মিৰি

ঐৰাম বৰি

যাদৱ পায়েং

কামিনী কুমাৰ নাৰ্জাৰী

শোভা ব্রহ্ম 

বিনেশ্বৰ ব্রহ্ম 

কিৰাত শৌৰ্য বদৌচা

বীৰাঙ্গণা ৰাধা-ৰুকুণী

ঝপৰা জগধা 

মোহন শইকীয়া

ৰাঘৱ মৰাণ

পৱন নেওগ

লংকেশ্বৰ গোহাঁই

সৰ্বানন্দ সিংহ

ছবিলাল উপাধ্যায়

দলবীৰ সিং লোহাৰ

হৰিপ্ৰসাদ গোৰ্খা ৰাই

ভীমবৰ দেউৰী

ৰাধাকান্ত দেউৰী

বৰ্গৰাম দেউৰী

চন্দ্ৰ সিং দেউৰী

আইজাক এছিমভ

ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ

উইলহেম  ৰণ্টজেন

উইলিয়াম থমছন কেলভিন

ইহুদী মেনুহিন

ঈছপ

এদি আমিন

ইবন বটুতা

ইভ

আমেৰিগো ভেছপুচি

ইন্দিৰা গান্ধী

ইউৰি গাগাৰিন

ইউপিৰিডিছ

আৰ্যভট্ট

আশাপূৰ্ণা

আশা ভোছলে

আলেকজেণ্ডাৰ

আলেকজেণ্ডাৰ গ্ৰাহাম বেল

আল-খোৱাৰিজমি

আৰ্ল ষ্টেনলি গাৰ্ডনাৰ

আৰ্নল্ড যোছেফ টয়নবি

আৰ্নেষ্ট ৰাথাৰফোৰ্ড

আৰ্কিমিডিছ

আৰ কে নাৰায়ণ

আইভান টুৰ্গেনিভ

আন্দ্ৰে-মেৰি এম্পিয়েৰ

আবুল ফজল

আব্দুছ ছালাম

আব্ৰাহাম লিংকন

আমজাদ আলি খান

আকবৰ

হিটলাৰ

আদাম

আডাম স্মিথ

ফ্রানৎছ কাফ্‌কা

বিশ্ব ব্যক্তি পৰিচয় । Bishwa Byakti Parichay

…………………………………..

 

Table of Contents

বিশ্ব ব্যক্তি পৰিচয়

(মূল পাঠ)

অটল বিহাৰী বাজপেয়ী 

অটল বিহীৰী বাজেপয়ী (Atal Bihari Vajpayee) এজন ভাৰতীয় স্বাধীনতা সংগ্ৰামী,  ৰাজনীতিবিদ, সাংসদ, সাংবাদিক, বক্তা, কবি আৰু  ভাৰতৰ ১৩ তম প্ৰধান মন্ত্ৰী আছিল। তেওঁৰ জন্ম হয় মধ্য প্ৰদেশৰ গোৱালিয়ৰত  ১৯২৪ চনৰ ২৫ ডিচেম্বৰত। তেওঁৰ দেউতাক এজন আদৰ্শ স্কুল শিক্ষক আছিল। বাজপেয়ীয়ে গোৱালিয়ৰ আৰু কানপুৰত শিক্ষা গ্ৰহণ কৰে। ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি বাজপেয়ীয়ে আইন পঢ়ে  যদিও ভাৰতৰ স্বাধীনতা আন্দোলনত যোগদানৰ বাবে আইনৰ শিক্ষা সম্পূৰ্ণ নহয়। তেওঁ বিয়াল্লিছৰ স্বাধীনতা আন্দোলনত সক্ৰিয় অংশ গ্ৰহণ কৰি কাৰাবাস বৰণ কৰে। 

১৯৫১ চনত ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সদস্যৰূপে কৰ্মজীৱন আৰম্ভ কৰে। ভৰতীয় জনসংঘৰ প্ৰাৰ্থীৰূপে তেওঁ ১৯৫৭ চনত লোকসভালৈ নিৰ্বাচিত হৈ সুদীর্ঘ পাঁচটা দশক ৰাজনীতিক হিচাপে কাৰ্যনিৰ্বাহ কৰা বাজপেয়ীয়ে লোকসভালৈ আঠবাৰ আৰু ৰাজ্যসভালৈ ছয়বাৰ নিৰ্বাচিত হয়। ১৯৭৫-৭৭ চনৰ ‘জৰুৰীকালীন অৱস্থা’ৰ সময়ত অন্যান্য বহুতো নেতাৰ লগত কাৰাবাস খাটে। ১৯৭৭-৭৯ চনত জনতা দলৰ চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে  কাৰ্য নিৰ্বাহ কৰে। ১৯৮০ চনত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক সভাপতি হৈ ১৯৮৬ চনলৈকে এই পদত থাকে। ১৯৮৬ চনৰ ১৬ মে’ৰ পৰা ১ জুন লৈকে ভাৰতৰ প্ৰধান মন্ত্ৰী হয়। তেওঁ পুনৰ ১৯৯৮ চনৰ মাৰ্চৰ পৰা ২০০৪ চনৰ ২২ মে’লৈকে ভাৰতৰ প্ৰধান মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰে।

বাজপেয়ীৰ কাৰ্যকালতে ১৯৯৮ চনত ভাৰতে পোখৰাণত পৰীক্ষামূলকভাৱে পাৰমাণৱিক বোমা বিস্ফোৰণ কৰে। তেওঁৰ কাৰ্যকালতে  ঐতিহাসিক লাহোৰ-দিল্লী বাছসেৱা আৰম্ভ হয়। পাকিস্থানৰ লগত সৌহাৰ্দপূর্ণ সম্পৰ্ক স্থাপন বাবে বাজপেয়ীয়ে বিশেষ উদ্যোগ গ্ৰহণ কৰে। ৰাম জন্মভূমি-বাবৰি মছজিদ বিবাদত জড়িত বুলি বাজপেয়ী তেওঁৰ কাৰ্যকালত সমালোচনাৰো সন্মুখীন হ’বলগীয়া হয়। তেওঁৰ কাৰ্যকালতে ভাৰতৰ আভ্যন্তৰীণ আৰু বৈদেশিক নীতিৰ সাৰ্থক ৰূপায়ণ হয় বাবে  তেওঁক আধুনিক ভাৰতৰ নিৰ্মাতাসকলৰ ভিতৰত অন্যতম হিচাপে গণ্য কৰা হয়।

জাতিলৈ আগবঢ়োৱা অৱদানৰ বাবে পদ্মভূষণ, লোকমান্য তিলক পুৰষ্কাৰ, জি বি পন্ত বঁটা, শ্ৰেষ্ঠ সাংসদৰ বঁটা  আদি লাভ কৰে।

বহুল ব্যক্তিত্বৰ অধিকাৰী আটল বিহাৰী বাজপেয়ী এজন কবি আৰু লেখকৰূপেও পৰিচিত। তেওঁৰ কেইবাখনো পুথি প্ৰকাশ পাইছে। তাৰ ভিতৰত ‘মেৰী সংসদীয় যাত্ৰা’, ‘নিউ ডাইমেনছনছ অব্‌ ইণ্ডিয়াজ ফৰেইন পলিচী’, ‘মেৰী ইক্যাৱন কবিতায়েঁ’ আদি উল্লেখযোগ্য।

তেওঁ ২০১৮ চনৰ ১৬ আগষ্টত মৃত্যু বৰণ কৰে। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

অমৃতা প্ৰীতম

অমৃতা প্ৰীতম (Amrita Pritam)  আছিল এজন ভাৰতীয় পঞ্জাৱী আৰু হিন্দী কবি আৰু ঔপন্যাসিক। তেওঁৰ জন্ম হয় ১৯১৯ চনৰ ৩১আগষ্টত পঞ্জাবৰ গুজৰানৱালাত (বৰ্তমান পাকিস্তানত) । পিতৃৰ নাম আছিল কাৰ্তাৰ সিং। তেওঁ আছিল সাহিত্য একাডেমী পুৰষ্কাৰ লাভ কৰা প্ৰথম মহিলা লিখক।

ওঠৰখন কাব্য সংকলন, ৩০ খন উপন্যাস আৰু ১০ খন গল্প সংকলনৰ ৰচয়িতা অমৃতা প্ৰীতমৰ বিভিন্ন ৰচনা বিশ্বৰ বিভিন্ন ভাষালৈ অনূদিত হৈছে। তেওঁ নাৰীৰ মৰ্যাদা আৰু অধিকাৰ সম্পৰ্কে অত্যন্ত সচেতন আছিল আৰু নিজৰ উপলব্ধি আৰু অন্তৰৰ কথা দ্বিধাহীনভাৱে তেওঁৰ লিখনিত প্ৰকাশ কৰিছিল। তেওঁৰ ৰচনাত নাৰী মনৰ মনস্তাত্বিক আৰু আনুভূতিক উপলব্ধি, নৈতিকতা আত্মবিশ্লেষণ আৰু সৌন্দৰ্য লিপ্সা প্ৰকাশ পাইছে। তেওঁ পঞ্জাবী মাহেকীয়া পত্ৰিকা ‘নাগমণি’ সম্পাদনৰ দায়িত্ব পালন কৰিছিল। তাই ৰাজ্যসভাৰ সদস্যাৰূপেও মনোনীত হৈছিল। 

তাইৰ প্ৰকাশিত পুথিসমূহৰ ভিতৰত উল্লেখযোগ্য কেইখনমান হ’ল: ‘ডাক্টৰ দেৱ’, ‘ৰেভিনিউ ষ্টাম্প’, ‘কাগজ তে কেনভাছ’, ‘পিঞ্জৰ’, ‘সুনেহৰে’ আদি। ‘কাগজ তে কেনভাছ’ কাব্য সংকলনৰ বাবে তেওঁ ১৯৮১ চনত ভাৰতীয় জ্ঞানপীঠ বঁটা লাভ। তেওঁ ‘সুনেসৰে’ কাব্য সংকলনখনৰ বাবে সাহিত্য অকাডেমী বঁটা  (১৯৫৬), লাভ কৰাৰ উপৰিও  ‘ পদ্মশ্ৰী‘ (১৯৬৯), দিল্লী বিশ্ববিদ্যালয়লৰ সন্মানীয় ডি লিট (১৯৭৩) আদি সন্মানেৰে ভূষিত হয়। তেওঁ হৈছে পদ্মশ্ৰী সন্মান লাভ কৰা প্ৰথম মহিলা। 

২০০৫ চনৰ ৩১ অক্টোবৰত তেওঁৰ মৃত্যু হয়। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়

  অলিভাৰ টি কট্টাৰ

অলিভাৰ থমাচ কট্টাৰ (Oliver Thomas Cottar) আছিল অসমলৈ অহা আমেৰিকান মিছনাৰী দলৰ অন্যতম সদস্য।  আনুমানিক ১৮১১ চনত আমেৰিকাৰ লেভিংটনত তেওঁৰ জন্ম হয়। ১৮৩১ চনত আমেৰিকাৰ পৰা ব্ৰহ্মদেশ (ম্যানমাৰ) হৈ অসমলৈ আহে। প্ৰথমতে তেওঁ কিছুদিন শদিয়াত কটায় যদিও পাছলৈ মিছনেৰীদলটোৱে শিৱসাগৰত স্থাপন কৰা ‘মিচন প্ৰেছ’ৰ অধ্যক্ষ হয় আৰু  অসমৰ প্ৰথম বাৰ্তালোচনী ‘অৰুনোদই’ৰ প্ৰতিষ্ঠাপক মুদ্ৰক-প্ৰকাশকৰূপে কাৰ্যনিৰ্বাহ কৰে। তেওঁ অসমত বাংলা ভাষাৰ পৰিৱৰ্তে অসমীয়া ভাষা প্ৰৱৰ্তনৰ অন্যতম পৃষ্টপোষক আছিল। ১৮৫৩ চনত তেওঁ আমেৰিকালৈ প্ৰত্যাৱৰ্তন কৰে। তেওঁ মৃত্যুৰ সময় জনা নাযায়। ০ ০ ০ 

বিশ্ব ব্যক্তি পৰিচয়  

  অৰুণা আছফ আলী

অৰুণা আছাফ আলি (Aruna Ashaf Ali) আছিল ভাৰতৰ এজন মহিলা স্বাধীনতা সংগ্ৰামী, সমাজসেৱক আৰু আলোচনী সম্পাদিকা। তেওঁ কেইবাদহক দশক জুৰি ভাৰতৰ জনজীৱনত সক্ৰিয় ভূমিকা লৈছিল। 

১৯০৯ চনৰ১৬ জুলাইত কলকাতাত তেওঁৰ জন্ম হয়। তেওঁৰ পিতৃদত্ত নাম আছিল অৰুণা গাংগুলী। পাছত আছফ আলী নামৰ মুছলমান সম্প্ৰদায়ৰ অধিবক্তা এজনৰ লগত বিয়া হোৱাত নাম অৰুণা আছফ আলী হয়গৈ। কলকাতাতে তেওঁ স্কুলীয়া শিক্ষা গ্ৰহণ কৰে। পিছলৈ মহাত্মা গান্ধীৰ আদৰ্শেৰে প্ৰভূতভাৱে প্ৰভাবান্বিত হৈ ১৯৩০ চনত অসহযোগ আন্দোলনত যোগদান কৰি¸ কাৰাবাস খাটে। ভাৰত ত্যাগ আন্দোলনৰ সময়ত মুম্বাইত তেওঁ ৰাজহুৱাকৈ ৰাষ্ট্রীয়  পতাকা উত্তোলন কৰিছিল। পুলিচৰ চকুত ধূলি দি বহু দিন আত্মগোপন কৰি থাকিবলগাও হয়। স্বাধীনতা আন্দোলনত তেওঁ বিশিষ্ট ভূমিকা গ্ৰহণ কৰিছিল।

১৯৫৮ চনত তেওঁ দিল্লীৰ মেয়ৰৰূপে নিৰ্বাচিত হয়। কিছুদিন তেওঁ ‘পেট্রিয়ট’ আৰু ‘লিংক’ নামৰ বাৰ্তালোচনী দুখনো প্ৰকাশ কৰিছিল। ১৯৯২ চনৰ  ২৯ জুলাইত তাইৰ মৃত্যু হয়। ১৯৯৭ চনত মৰণোত্তৰভাৱে তেওঁক ‘ভাৰত ৰত্ন’ উপাধি প্ৰদান কৰা হয়।  ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

অস্কাৰ ওলাইল্ড 

অস্কাৰ ওৱাইল্ড (Oscar Wild) আছিল এজন আইৰিচ নাট্যকাৰ, ঔপন্যাসিক, গল্পকাৰ, আৰু প্ৰবন্ধকাৰ। তেওঁ ১৮৫৪ চনৰ ১৫ অক্টোবৰত আয়াৰলেণ্ডৰ ৰাজধানী ডাবলিনত জন্ম গ্ৰহণ কৰে। 

তেওঁ ডাবলিনৰ ট্ৰিনিটি কলেজ আৰু পাছত কিছুদিন অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ মেগডেলেন কলেজত অধ্যয়ন কৰে। অক্সফোৰ্ডত থকা সময়ছোৱাতে চৌখিন -সাজ-পাৰ, বুদ্ধি-দীপ্ত কথা-বতৰা আৰু কেইটামান সুন্দৰ কবিতা ৰচনাৰ দ্বাৰা তেওঁ লণ্ডনৰ অভিজাত সমাজত জনপ্ৰিয় হয়। 

১৮৯৩ চনত তেওঁ সমকামিতাৰ অপৰাধত দণ্ডিত হৈ দুবছৰ কাৰাবাস খাটে। কাৰাবাসৰ পৰা ওলাই আহি তাৰ বিচিত্ৰ অভিজ্ঞতাৰে অস্কাৰ ৱাইল্ডে ৰচনা কৰে ‘দি বেলাড অব্‌ ৰিডিং জেল’ আৰু ‘দি প্ৰফানডিছ’ । কাৰাগাৰৰ পৰা মুক্তি লাভ কৰি তেওঁ কিছুদিন তেওঁ ইটালী আৰু ফ্রান্সত অতিবাহিত কৰে। ১৯০০ চনৰ ৩০ নৱেম্বৰত মগজুৰ ৰক্তৰণত হৈ পেৰিছত তেওঁৰ মৃত্যু হয়। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

অলিভাৰ গল্ডস্মিথ

অলিভাৰ গোল্ডস্মিথ (Oliver Goldsmith) আছিল এজন আইৰিচ কবি, নাট্যকাৰ আৰু ঔপন্যাসিক। ১৭৩০ চনৰ ১০ নৱেম্বৰত আয়াৰলেণ্ডৰ এখন সৰু গাঁৱত তেওঁৰ জন্ম হয়। তেওঁ ডাবলিনৰ ট্রিনিটি কলেজৰ পৰা স্নাতক হৈ পাছত এডিনবাৰত কিছুদিন চিকিৎসা শাস্ত্ৰ অধ্যয়ন কৰে। কিন্তু পঢ়া সম্পূৰ্ণ নকৰি দেশ ভ্ৰণণলৈ ওলায় আৰু প্ৰায় শূন্য হাতেৰে দুবছৰ ইউৰোপৰ বভিন্ন ঠাই  ঠাই ভ্ৰমণ কৰি ১৭৫৬ চনত স্বদেশলৈ উভতি আহে। প্ৰথমতে চিকিৎসৰূপে জীৱিকা অৰ্জনৰ চেষ্টা কৰিছিল যদিও সফল হ’ব নোৱাৰি পাছত সাহিত্য চৰ্চাতে মনোনিৱেশ কৰে। ১৭৫৯ চনত তেওঁৰ প্ৰবন্ধ সংলকন এখন প্ৰকাশ পায়। সেই বছৰেই তেওঁ ‘দি বি’ নামৰ পত্ৰিকা এখনৰ সম্পাদক হয়। আৰু প্ৰবন্ধ, জীৱনী, অনুবাদ আদি বিবিধ লিখনিৰ মাজে মাজে তেওঁ শ্ৰেষ্ঠ ৰচনাসমূহো প্ৰকাশ হ’বলৈ ধৰে। ইয়াৰ ভিতৰত ‘দি ট্রেভেলাৰ’ আৰু ‘দি ডিজাৰ্টেড ভিলেজ’ নামৰ কবিতা দুটা বিশেষভাৱে উল্লেখযোগ্য। এই কবিতা দুটাই গল্ডস্মিথক কবিৰূপে স্বীকৃতি প্ৰদান কৰে। তেওঁৰ প্ৰকাশিত উল্লেখযোগ্য পুথিকেইখন হ’ল: ‘দি ভিকাৰ অব্‌ ৱেকফিল্ড’ (উপন্যাস), ‘দি গুড নেচাৰ্ড মেন’, ‘ছি ষ্টুপছ টু টংকাৰ’ (নাটক)  আদি। 

১৭৭৪ চনৰ ৪ এপ্ৰিলত ইংলেণ্ডৰ লণ্ডন চহৰত তেওঁৰ মৃত্যু হয়।০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

চুলিক্‌ফা   

চুলিক্‌ফা (Sulikapha) এজন স্বেচ্ছাচাৰী আৰু অত্যাচাৰী  আহোম ৰজা আছিল। তেওঁক ‘ল’ৰা ৰজা’ বুলি কোৱা হয় কাৰণ ৰজা হোৱাৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ চৈধ্য বছৰ।  ৰজা হৈ সিংহাসন নিষ্কন্টক কৰিবলৈ তেওঁ  ৰাজকোঁৱৰসকলক অংগক্ষত কৰিবলৈ লৈছিল। এইজন ৰজাই সতী জয়মতীক জেৰেঙা  পথাৰত শাস্তি দি হত্যা কৰাইছিল। পিছত গুপ্তঘাতৰ হাতত প্ৰাণ দিয়ে আৰু গদাধৰ সিংহ ৰজা হয়। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

ৰুদ্ৰসিংহ 

ৰুদ্ৰসিংহ (Rudra Sinha) এজন প্ৰখ্যাত ন্যায়পৰায়ণ আৰু সৌন্দৰ্যপ্ৰিয় আহোম ৰজা আছিল। তেওঁ স্বৰ্গদেও গদাধৰ সিংহৰ পুত্ৰ আছিল। তেওঁ  বহুত দৌল, দেৱালয়, ঘাট-পথ আদি নিৰ্মাণ কৰিছিল। এইজন ৰজাই মাতৃ জয়মতীৰ স্মৃতি ৰক্ষাৰ্থে জেৰেঙা পথাৰত ‘জয়দৌল’ আৰু ‘জয়সাগৰ’ নিৰ্মাণ কৰে। তেওঁক আহোম ৰজাসকলৰ ভিতৰত শ্রেষ্ঠ ৰজা বুলি কোৱা হয়। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

ছাৰ আইজাক নিউটন

ছাৰ আইজাক নিউটন (Sir Issac Newton) এজন ইংৰাজ বৈজ্ঞানিক পদাৰ্থবিদ আৰু গণিতজ্ঞ আছিল। তেওঁ ১৬৪২ চনত এটি কৃষক পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল। তেওঁ মধ্যাকৰ্ষণ শক্তি আৱিষ্কাৰ কৰিছিল। ইয়াৰ উপৰিও তেওঁ কলন গণিত আৰু বহুতো পদাৰ্থ বিজ্ঞানৰ সূত্ৰ উদ্ভাৱন কৰিছিল। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

টমাচ আলভা এডিচন 

টমাচ আলভা এডিচন (Thomas Alva Addison) এজন আমেৰিকাৰ বৈজ্ঞানিক আছিল। তেওঁ প্ৰায় বাৰশমান বস্তু আৱিষ্কাৰ কৰিছিল। এইজন বৈ জ্ঞানিকে বৈদ্যুতিক বাল্ব আৱিষ্কাৰ কৰিছিল। ০ ০ ০

 

কালিদাস 

কালিদাস (Kalidas) এজন বিখ্যাত সংস্কৃত কবি আৰু নাট্যকাৰ আছিল। তেওঁৰ প্ৰাচীন ভাৰতৰ উজ্জ্বয়িনী নগৰত জন্ম হৈছিল। তেওঁ বিক্ৰমাদিত্য ৰজাৰ ৰাজ কবি আছিল। তেওঁ কেইবাখনো কালজয়ী কাব্য আৰু নাটক ৰচনা কৰিছিল।  ‘কুমাৰ সম্ভৱ’, আৰু ‘ৰঘুবংশম’ তেওঁৰ দুখন মহাকাব্য।  অভিজ্ঞান শকুন্তলম, মালবিকাগ্নি মিত্ৰম, বিক্ৰমোৰ্বশী  আদি তেওঁৰ দ্বাৰা ৰচিত কেইখনমান নাটক। তেওঁৰ ৰচনসমূহ অতি উচ্চমানৰ সাহিত্যিক গুণেৰে বিভূষিত। তেওঁৰ ৰচনাৰাজি বিশ্বৰ বহুতো ভাষালৈ অনুদিত হৈছে। তেওঁক ভাৰতৰ ‘শ্বেক্সপীয়েৰ’ বুলি কোৱা হয়। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

ভৱভূতি

ভৱভূতি (Vababhuti) অষ্টম শতিকাৰ আদি ভাগৰ এজন ভাৰতীয়  সংস্কৃত নাট্যকাৰ আছিল।  তেওঁ ‘উত্তৰ ৰাম চৰিত’, ‘মালতী মাধৱ’  আৰু ‘মহাবীৰ চৰিত’ আদি নাটক ৰচনা কৰিছিল। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

বিশ্বনাৰায়ণ শাস্ত্ৰী 

বিশ্বনাৰায়ণ শাস্ত্ৰী (Bishwanarayana Shastri) এজন এজন প্ৰসিদ্ধ সংস্কৃত পণ্ডিত আছিল। তেওঁ কেইবাখনো সংস্কৃত পুথিৰ  সমালোচনা লিখিছিল। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

মেক্সমূলাৰ

মেক্সমূলাৰ Maxmuller) এজন জাৰ্মান দেশৰ পণ্ডিত আছিল। ভাৰতীয় সংস্কৃত সাহিত্যৰ প্ৰতি আকৃষ্ট হৈ ভাৰতৰ সংস্কৃতপুথিসমূহ  অধ্যয়ন কৰি বিশ্ব বিখ্যাত হৈছিল। তেওঁ অক্সফোৰ্ড বিশ্ববিদ্যালয়ত সংস্কৃতৰ অধ্যাপক হিচাপে নিযুক্তি পাইছিল। ভাৰতৰ সভ্যতা-সংস্কৃতিৰ বিষয়ে তেওঁ কেইবাখনো সমালোচনামূলক গ্রন্থ ৰচনা কৰিছিল। ‘ইণ্ডিয়া- হুৱাট কেন ইট টিছ আছ’ আৰু ‘দ্য চায়েন্স অফ লেংগুৱেজ’ তেওঁৰ দুখন বিখ্যাত গ্ৰন্থ। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

পুৰুষোত্তম  বিদ্যাবাগীশ 

পুৰুষোত্তম  বিদ্যাবাগীশ (Purushuttam Bidyabagish)  এজন প্ৰসিদ্ধ সংস্কৃত পণ্ডিত আছিল। তেওঁ ‘প্ৰয়োগ ৰত্নমালা’ নামৰ সংস্কৃত ব্যাকৰণ ৰচনা কৰিছিল।

বিশ্ব ব্যক্তি পৰিচয়  

হজৰত মহম্মদ  

হজৰত মহম্মদ (Hazrat Mohammad)  ইছলাম ধৰ্মৰ প্ৰৱৰ্তক। তেওঁৰ জন্ম হয় আৰব দেশৰ মক্কা নগৰত ৫৭০ চনত ।তেওঁৰ পিতাৰ নাম আছিল আব্দুল্লাহ আৰু মাকৰ নাম আছিল আমিনা। চল্লিশ বছৰ বয়সত তেওঁ আল্লাহৰ পৰা ৰছুল (আল্লাহৰ প্ৰতিনিধি) উপাধি লাভ কৰে আৰু ইছলাম ধৰ্ম প্ৰচাৰৰ আদেশ লাভ কৰে। এই ধৰ্মৰ মূল গ্ৰন্থৰ নাম ‘কোৰাণ’। এই গ্ৰন্থখন আল্লাহই ফিৰিস্তা জিব্রাইলৰ দ্বাৰা তেওঁৰ ওচৰত প্ৰায় বাইশ বছৰ জুৰি ছোৱাকৈ-ছোৱাকৈ পঠিয়াইছিল। তেওঁ ধৰ্ম প্ৰচাৰৰ লগে লগে বিভিন্ন সমাজ সংস্কাৰৰ কামো কৰিছিল। তেওঁ ৬৩২ চনত মদিনাত পৰলোক গমন কৰে। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

যীশু খ্ৰীষ্ট  

যীশুখ্ৰীষ্ট (Jesus Christ) হ’ল খ্ৰীষ্টান ধৰ্মৰ প্ৰৱৰ্তক। তেওঁ বেথেলহেমত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ ধৰ্মৰ মূল বাণীসমূহ ‘বাইেবল’ নামৰ গ্ৰন্থত সংগ্ৰহিত হৈছে। মানৱ প্ৰেমেই হৈছে তেওঁৰ ধৰ্মৰ মূল বাণী। এই গৰাকী মহান ধৰ্ম প্ৰৱৰ্তকৰ মৃত্যু হয় মাত্ৰ ২৯ বছৰ বয়সত। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

স্বামী বিবেকানন্দ  

স্বামী বিবেকানন্দ (Swami Vivekananda) এজন ভাৰতীয় লিখক, কবি, দাৰ্শনিক, হিন্দু ধৰ্মৰ সংস্কাৰক আৰু প্ৰচাৰক আছিল। তেওঁৰ প্ৰকৃত নাম আছিল নৰেন্দ্ৰনাথ দত্ত ।  তেওঁ ১৮৬৩ চনত জন্ম গ্ৰহণ কৰে। এওঁ ৰামকৃষ্ণ পৰমহংসদেৱৰ প্ৰধান শিষ্য আছিল। এওঁ ১৮৯৩ চনত আমেৰিকাৰ চিকাগো  বিশ্ব ধৰ্ম সন্মিলনত বক্তৃতা দি হিন্দু ধৰ্মৰ শ্রেষ্ঠত্ব বিশ্ব দৰবাৰত দাঙি ধৰিছিল। ১৯০২ চনত তেওঁৰ মৃত্যু হয়। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

ষ্টিফেন হকিং   

ষ্টিফেন হকিং (Stephen Hawking)  এজন ইংৰাজ কচম’লজিষ্টআৰু  পদাৰ্থ বিজ্ঞানী আছিল। তেওঁ ১৯৪২ চনত ইংলণ্ডৰ অক্সফোৰ্ডত জন্ম গ্ৰহণ কৰে। তেওঁৰ ২১তম জন্ম দিনত হকিংৰ মটৰ নিউৰণ ৰোগ ধৰা পৰে, এই ৰোগটোক সাধাৰণভাৱে লু গেহৰিড ৰোগ বা এমিঅ’ট্ৰফিক লেটাৰেল লেৰচিচ (এ এল এ) বুলি জনা যায়। তেওঁ দু বছৰতকৈ অধিক দিন জীয়াই থাকিব বুলি আশা কৰা হোৱা নাছিল। কিন্তু তেওঁ জীয়াই থাকিল আৰু  পি. এইচ. ডি. ডিগ্ৰী লাভ কৰাৰ লগতে  বিশ্বব্রহ্মাণ্ডৰ বোধগম্যতাৰ নতুন পথ সৃষ্টি কৰে। 

ষ্টিফেন হকিঙ এজন জনপ্ৰিয় লিখকো আছিল। তেওঁৰ প্ৰথম গ্ৰন্থ, ‘এ ব্রিফ হিষ্টুৰী অফ টাইম’ ১৯৮৮ চনত প্ৰকাশিত হয়।তেওঁৰ অন্যান্য সৃষ্টিসমূহ হ’ল – ‘এ ব্রিফাৰ হিষ্টুৰি অফ টাইম’, ‘দি ইউনিভাৰ্চ ইন এ নাটছেল’, ‘দি গ্ৰেণ্ড ডিজাইন’, আৰু ‘অন দ্যা চলজাৰ্চ অফ গিয়ান্টচ’। তেওঁ আৰু তেওঁৰ জীয়েক লুচি হকিঙে বিশ্বব্রহ্মাণ্ডৰ সৃষ্টিৰ ওপৰত মজলীয়া বিদ্যালয়ৰ ল’ৰা-ছোৱালীৰ বাবে এলানি কাল্পনিক পুথি ৰচনা কৰিছে। এইজন মহানবিজ্ঞানী ষ্টিফেন হকিঙৰ মৃত্যু হয় কেম্বিজত, ২০১৮ চনৰ ১৪ মাৰ্চত।

অতি বিশেষ প্ৰতিভাসম্পন্ন ষ্টিফেন উইলিয়াম হকিঙ হৈছে অন্যান্য অক্ষম ব্যক্তিসকলৰ বাবে এক মহান প্ৰেৰণাদায়ক ব্যক্তি। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

কংস 

কংস (Kangsha) আছিল মথুৰাৰ ৰজা। তেওঁৰ পিতাকৰ নাম আছিল উগ্ৰসেন। কংস অতি অত্যাচাৰী প্ৰকৃতিৰ আছিল। তেওঁ ৰাজত্বৰ লোভত নিজ পিতৃক কাৰাগাৰত ৰাখিছিল।  তেওঁ এবাৰ দৈৱবাণী শুনিছিল যে তেওঁৰ নিজ ভনীয়েক দৈৱকীৰ গৰ্ভজাত সন্তানে তেওঁক হত্যা কৰিব। সেয়ে তেওঁ নিজৰ ভনীয়েককো কাৰাগাৰত ৰাখিছিল। শেষত দেৱবাণী ফলিয়াইছিল আৰু তেওঁ দৈৱকীৰ পুত্ৰ কৃষ্ণৰ হাতত নিহত হৈছিল। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

বিষ্ণু প্ৰসাদ ৰাভা

বিষ্ণু প্ৰসাদ ৰাভা (Vishnu Prashad Rava) আছিল এজন অসমীয়া কবি, সাহিত্যিক, নৃত্যবিধ, গায়ক, অভিনেতা আৰু খেলুৱৈ। ১৯০৯ চনত ঢাকাত তেওঁৰ জন্ম হৈছিল। তেওঁ স্বাধীনতা আন্দোলনত অংশ গ্ৰহণ কৰি কেবাবাৰো কাৰাবস খাটিছিল। তেওঁ বিপ্লবী গান ৰচনা কৰি  দেশবাসীক ইংৰাজ শাসনৰ বিৰুদ্ধে উদ্বুদ্ধ কৰি তুলিছিল। কলাৰ প্ৰায় সকলোবোৰ শাখাত তেওঁৰৰ বিশেষ ব্যুৎপত্তি আছিল বাবে তেওঁৰ প্ৰতিভাৰ স্বীকৃতি হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ে তেওঁক ‘কলাগুৰু’ উপাধি প্ৰদান কৰিছিল। তেওঁ গোটেই জীৱন আৰ্থিক দৈন্যতাত ভূগি ১৯৬৯ চনত মৃত্যু বৰণ কৰে। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

ফণী শৰ্মা

ফণী শৰ্মা (Phani Sharma) আছিল অসমৰ এজন প্ৰখ্যাত অভিনেতা আৰু নাট্যকাৰ। তেওঁ বোলছবিতো অভিনয় কৰিছিল।  ১০১০ চনত ‘পিয়লি ফুকন’ নামৰ বোলছবিত অভিনয় কৰি তেওঁ ৰাষ্ট্ৰপতিৰ পৰা বঁটা লাভ কৰিছিল। তেওঁ ৰচনা কৰা নাটকবোৰৰ ভিতৰত  ভোগজৰা, মায়াংৰ বেজ,  চিৰাজ, ৰংবিৰং,  আগপাশ’ আদি উল্লেখযোগ্য। তেওঁৰ অভিনয় প্ৰতিভাৰ বাবে তেওঁক ‘নটসূৰ্য’ উপাধি প্ৰদান কৰা হয়। এই মহান শিল্পীজনৰ মৃত্যু হয়  ১৯৭০ চনত। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

বলোভদ্ৰ 

বলোভদ্ৰ (Balubhadra) আছিল শ্ৰীকৃষ্ণৰ  ককায়েক। তেওঁক ¸ ‘হলায়ুধ’ বুলিও জনা যায়। এওঁ গদা যুদ্ধত পাৰ্গত আছিল। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

যশোদা   

পৌৰাণিক শাস্ত্ৰমতে যশোদা (Yashuda) আছিল গোৱালসকলৰ অধিপতি নন্দৰ ঘৈনীয়েক  আৰু কৃষ্ণৰ পালক মাতা। যশোদাই কৃষ্ণক অতিপাত মৰম কৰিছিল আৰু কৃষ্ণই দুষ্টালি কৰিলে শাস্তিও দিছিল। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

নন্দ 

নন্দ (Nanda)  আছিল বৃন্দাবনৰ গোৱালসকলৰ অধিপতি । তেওঁ কৃষ্ণৰ তোলনীয়া পিতাক আছিল। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

মঘাই উজা  

মঘাই উজা (Maghai Ojah) আছিল অসমৰ এজন বিখ্যাত ঢোল বাদক। তেওঁ ১৯১৬ চনত যোৰহাটৰ হাতীগড় মৌজাৰ নাওশলীয়া গাওঁত এটি দৰিদ্ৰ পৰিয়ালত জন্ম লাভ কৰে। পাঁচ বছৰ বয়সত তেওঁ পিতৃক হেৰুৱায়। জীৱনৰ অধিকছোৱা সময় তেওঁ অতি কষ্টেৰে দিন হাজিৰা কৰি জীৱিকা অৰ্জন কৰিছিল। সেয়ে সময় নাপাই তেওঁ ৰাতি ৰাতি ঢোল বজোৱা শিকিবলগীয়া হৈছিল। তেওঁ ঢোল বাজনা বিদ্যাত অতি দক্ষতা অৰ্জন  কৰিছিল। তেওঁ দহোটা ঢোল একেলগে বজাব পাৰিছিল। তেওঁ ঢোলত মেঘৰ গাঁজনি, ৰেল চলাৰ শব্দ আৰু ধুমুহা-বতাহৰ শব্দও বজাব পাৰিছিল। তেওঁ ভাৰতৰ বিভিন্ন ঠাইত ঢোল বজাই ৰাইজক মোহিত কৰিছিল। এইজনা প্ৰখ্যাত ঢোল বাদকৰ ১৯৭৮ চনৰ ১৫ মাৰ্চত  মৃত্যু হয়। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

আলাউদ্দিন 

আলাউদ্দিন (Alauddin) হৈছে আৰব্য উপন্যাসৰ এটি চৰিত্ৰ। তেওঁৰ এটি আচৰিত ধৰণৰ চাকি আছিল। সেই চাকিত যি বিচাৰিছিল তাকেই পাইছিল। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

ডান্টে

ডান্টে (Alighieri Dante)  ইটালীৰ এজন বিখ্যাত কবি আছিল। তেওঁ তেওঁৰ ৰূপহী প্ৰেমিকা বিয়েট্ৰিছক উপলক্ষ্য কৰি ‘ডিভাইন কমেডি’ নামৰ বিখ্যাত মহাকাব্য গ্ৰন্থ ৰচনা কৰিছিল। মহাকাব্যখনত প্ৰেম কাহিনীৰ লগতে স্বৰ্গ আৰু নৰকৰ বৰ্ণনা আছে। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

অণ্ডিমিয়ান

গ্ৰীক পৌৰাণিক শাস্ত্ৰমতে  অণ্ডিমিয়ান (Endymion) আছিল এজন ভেড়াৰখীয়া অতি দেখনীয়াৰ ডেকা। চন্দ্ৰদেৱীয়ে তেওঁৰ প্ৰেমত পৰিছিল আৰু তেওঁক সদায় পাবৰ কাৰণে চন্দ্ৰদেৱীয়ে অণ্ডিমিয়নক পৰ্বতৰ নামনিত চিৰকাল তেওঁক শুৱাই থৈছিল। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

কামদেৱ 

ভাৰতীয়  ( হিন্দু ) শাস্ত্ৰ মতে কামদেৱ (Kamdev) হৈছে প্ৰেমৰ দেৱতা। তেওঁ অতি ৰূপৱান আছিল। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

হিৰো

গ্ৰাক শাস্ত্ৰমতে হিৰো (Hiero) আছিল এগৰাকী অপূৰ্ব সুন্দৰী নাৰী। তাইক পাবলৈ লিয়েণ্ডাৰ নামৰ ডেকা এজনে সাঁতুৰি সাগৰ পাৰ হৈছিল। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

তিলোত্তমা 

তিলোত্তমা  (Tiluttama) হৈছে সংস্কৃত পুৰাণত বৰ্ণিত এজনী পৰমা সুন্দৰী নাৰী। এওঁক লাভ কৰাৰ উদ্দেশ্যে সুন্দ আৰু উপসুন্দ নামে দুজন দৈত্যই (ককাই-ভায়েক) পৰস্পৰ যুদ্ধ কৰি মৃত্যু বৰণ কৰিছিল। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

হাৰ্কিউলিছ 

গ্ৰীক পুৰাণত  মতে হাৰ্কিউলিছ (Hercules) আছিল এজন  মহাবলী বীৰ। তেওঁ বাৰটা অসাধাৰণ কাম কৰিছিল। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

নেপোলিয়ন 

নেপোলিয়ন (Napoleaon Bonapart) আছিল ফ্রান্সৰ একানায়ক (সম্ৰাট)। তেওঁ ১৭৬৯ চনত কাৰ্চিকা দ্বীপত এজন সাধাৰণ সৈনিকৰ ঘৰত জন্ম গ্ৰহণ কৰে। তেওঁ নিজৰ দক্ষতা আৰু কৌশলৰ জয়িতে ফ্রান্সৰ সম্ৰাট হয়। তেওঁ মহাপৰাক্ৰমেৰে ইউৰোপৰ কেইবাখনো দেশ জয় কৰিছিল। পিছত তেওঁ  ইংলেণ্ডৰ হাতত ৱাটাৰলু যুদ্ধত পৰাজিত হয় আৰু চেন্ট হেলেনা দ্বীপলৈ নিৰ্বাসিত হয়। তাতে ১৮২১ চনত তেওঁৰ মৃত্যু হয়। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

ডাক

ডাকৰ বচন অসম, বংগদেশ আদিত প্ৰচলিত হৈ আছে কাৰণে প্ৰত্যেক ৰাজ্যৰ মানুহে নিজৰ ৰাজ্যত ‘ডাক’ (Dak) নামৰ এজন বিজ্ঞ লোক ওপজা বুলি দাবী কৰে। কিন্তু কিছুমান পণ্ডিতৰ মতে ‘ডাক’ বুলি কোনো লোক নাছিল। ‘ডাক’ হৈছে জনসাধাৰণৰ প্ৰাজ্ঞ বচন। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

বিদ্যাপতি

বিদ্যাপতি (Bidyapati)  ত্ৰয়োদশ শতিকাৰ উত্তৰ ভাৰতৰ এজন বিখ্যাত বৈষ্ণৱ কবি আছিল। তেওঁ মৈথেলী ভাষাত ৰাধা-কৃষ্ণ সম্বন্ধীয় ভালেমান গীত ৰচনা কৰিছিল। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

জুলিয়াছ ছিজাৰ

জুলিয়াছ ছিজাৰ (Julius Caesar) প্ৰাচীন ৰোম দেশৰ সম্ৰাট আছিল। তেওঁৰ জন্ম হৈছিল খ্ৰীষ্টপূৰ্ব ৮১ চনত। তেওঁ স্পেইন, ইংলণ্ডকে ধৰি ইউৰোপৰ ভালেমান দেশ জয় কৰিছিল। বন্ধু ব্রূটাচৰ  হাতত তেওঁৰ মৃত্যু হয়। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

বাচেন্দ্ৰি পাল

বাচেন্দ্ৰিপাল (Bachendri Pal) হৈছে এভাৰেষ্ট শৃংগ বিজয় কৰা প্ৰথমজনী ভাৰতীয় মহিলা।  তাইৰ জন্ম হয় ১৯৫২ চন ভাৰতৰ উত্তৰাঞ্চলত। তাই ১৯৮৪ চনত এভাৰেষ্ট শৃংগ অভিযান সম্পন্ন কৰে।  ভাৰত চৰকাৰে তাইৰ কৃতিত্বৰ স্বীকৃতি হিচােপ  ২০১৯ চনত ‘পদ্ম ভূষণ’ উপাধিৰে সন্মানিত  কৰে। তাই বহু বছৰ টাটা ষ্টিল এডেভনচাৰ ফাউণ্ডেনত প্ৰশিক্ষক হিচাপে সেৱা আগবঢ়ায়। তাইৰ অধীনত প্ৰশিক্ষণ লৈ উত্তৰ প্ৰদেশৰ অৰুণিমা সিংহাই বিকলাঙ্গ হৈয়ো ২০১৩ চনত এভাৰেষ্ট শৃংগ বিজয় কৰিবলৈ সক্ষম হয়।  ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

টেনজিং নৰগে

টেনজিং নৰগে (Tenjin Norge) আছিল প্ৰথমজন নেপালী-ভাৰতীয়  এভাৰেষ্ট শৃংগ বিজয়ী। তেওঁ নৰৱেৰ এডমাণ্ড হিলাৰীৰ লগত ১৯৫৩ চনত পৃথিৱীৰ আটাইতকৈ উচ্চতম শৃংগ এভাৰেষ্টত আৰোহণ কৰে। তেওঁৰ জন্ম হয় ১৯১৪ চনত নেপালৰ খুম্বুত। তেওঁ ১৯৮৬  চনত ভাৰতৰ দাৰ্জিলিঙত মৃত্যু বৰণ কৰে। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

 অৰ্জুন 

অৰ্জুন (Arjun)  মহাভাৰতৰ এটি চৰিত্ৰ। মহাভাৰতৰ আখ্যান মতে তেওঁ ইন্দ্ৰৰ ঔৰষত আৰু কুন্তীৰ গৰ্ভত জন্ম গ্ৰহণ কৰে। অৰ্জুনৰ লৌকিক পিতৃ হ’ল পান্ডো। দ্ৰোণাচাৰ্যৰ প্ৰিয়তম শিষ্য অৰ্জুনে ব্রাহ্মণ বেশেৰে দ্ৰৌপদীৰ স্বয়ম্বৰ সভাত উপস্থিত হৈ  লক্ষ্যেভদৰ দ্বাৰা দ্ৰৌপদীক লাভ কৰে। নাগকন্যা উলুপী, মনিপুৰৰ ৰাজকন্যা চিত্ৰাংগদা আৰু শ্ৰীকৃষ্ণৰ ভনীয়েক সুভদ্ৰাক তেওঁ বিয়া কৰায়। অৰ্জুনে দ্ৰোণাচাৰ্যৰ পৰা ব্রহ্মশৰ, গন্ধৰ্বৰাজ অংগাৰপৰ্ণৰ পৰা চাক্ষুষী বিদ্যা, অগ্নিদেৱতাৰ পৰা গাণ্ডীৱ ধনু আৰু মহাদেৱৰ পৰা পাশুপাত অস্ত্ৰ লাভ কৰে। কুৰুক্ষেত্ৰ ৰণৰ পিছত যুধিষ্ঠিৰৰ অশ্বমেধ যজ্ঞৰ ঘোঁৰা লৈ তেওঁ প্ৰাগজ্যোতিষপুৰ, মণিপুৰ প্ৰভৃতি দেশ ভ্ৰমণ কৰিছিল। তেওঁৰ বহুতো নাম আছে। যেনে: ধনঞ্জয়, সব্যসাচী, গুড়াকেশ, জিষ্ণু  ইত্যাদি। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

এৰিষ্টটল

এৰিষ্টটল (Aristotle) এজন গ্ৰীক দাৰ্শনিক। খ্ৰীষ্টপূৰ্ব ৩৮৪ ত উত্তৰ গ্ৰীচৰ ষ্টেজেইবা নামে ঠাইত জন্ম গ্ৰহণ কৰে। ১৭ বছৰ বয়সত তেওঁ পিতৃ চিকিৎসক নিকোমাকাছ আৰু মাতৃক হেৰুৱাই এথেন্সলৈ আহে আৰু প্লেটোৰ বিদ্যালয়ত ভৰ্তি হয়। শিক্ষা জীৱনৰ অন্ত পেলাই তেওঁ প্লেটোৰ  বিদ্যালয়খনতে অলংকাৰ শাস্ত্ৰৰ  প্ৰৱক্তা হিচাপে কুৰি বছৰ কটায়। খ্ৰীষ্টপূৰ্ব ৩৪৭ চনত তেওঁ এথেন্সৰ পৰা লেছবনলৈ আহে। পিছত খ্ৰীষ্টপূৰ্ব ৩৪৩ চনত  মেচেডোনিয়াৰ ৰজা ফিপিলৰ আমন্ত্ৰণক্ৰমে মেচিডোনিয়ালৈ আহে আৰু আলেকজেণ্ডাৰৰ গৃহ শিক্ষক পদত নিযুক্ত হয়। জীৱনৰ শেষ সময়ছোৱা তেওঁ এথেন্সত কটায়। তেওঁ বহুতো মূল্যৱান গ্ৰন্থ ৰচনা কৰিছিল। তেওঁ ৰচনা কৰা গ্রন্থবোৰৰ ভিতৰত দা পলিটিক্স, অৰ্গেনন, মেটাফিজিক্স, পয়েটিক্স, ডে এনিমা  আদি উল্লেখযোগ্য। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

দ্ৰৌপদী 

দ্ৰৌপদী (Droupadi) দ্ৰুপদ ৰজাৰ কন্যা। দ্ৰৌপদীৰ আচল নাম কৃষ্ণা। যাজ্ঞসেনী, পাঞ্চালী, পাৰ্বতী প্ৰভৃতি নামেৰেও তেওঁ জনাজাত। অৰ্জুনে লক্ষ্যভেদ কৰি স্বয়ম্বৰ সভাত দ্ৰৌপদীক লাভ কৰে। মাতৃ কুন্তীদেৱীৰ কথা ৰাখিবলৈ দ্ৰৌপদীক পঞ্চপাণ্ডৱে সিহঁতৰ পত্নী হিচাপে স্বীকৃতি দিব লগা হয়। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

বলবৰ্মা

পুৰণি প্ৰাগজ্যোতিষত বলবৰ্মা (Balbarma) উপাধিধাৰী তিনিজন নৃপতিৰ নাম পোৱা যায়। তাৰে শালস্তম্ভ বংশী তৃতীয় বলবৰ্মাদেৱ অখণ্ড প্রতাপেৰে প্ৰায় একুৰি পাঁচ বছৰকাল ৰাজত্ব কৰে। তেওঁৰ দিনত পৱিত্ৰ বিষুৱ সংক্ৰান্তি কালত ব্রাহ্মণলৈ ভূমিদান কৰা একাধিক তামৰ ফলি উদ্ধাৰ হৈছে। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

 বাল্মিকী

বাল্মিকী (Valmiki) এগৰাকী ঋষি আৰু সংস্কৃত  মহাকবি আছিল। তেৱেঁই সংস্কৃত মহাকাব্য ‘ৰামায়ণ’ ৰচনা কৰিছিল। আদিতে তেওঁ ‘ৰত্নাকৰ’ নামেৰে এজন দস্যু আছিল। কিন্তু এদিনাখন ৰত্নাকৰে শৰবিদ্ধ ক্ৰৌঞ্চ পক্ষীৰ কাতৰ ক্ৰন্দনতে আকুল হৈ দস্যু জীৱন ত্যাগ কৰি ঋষি হৈ পৰে আৰু সন্নাসীৰ দৰে জীৱন-যাপন কৰিবলৈ লয়। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

ছেক্সপীয়েৰ 

ছেক্সপীয়েৰ (Shakespeare:১৫৬৪-১৬১৬) এগৰাকী বিশ্ব প্ৰসিদ্ধ ইংৰাজ কবি আৰু নাট্যকাৰ আছিল। তেওঁৰ জন্ম হয় এভনৰ ষ্টেফৰ্ডত। তেওঁৰ আনুষ্ঠানিক শিক্ষা অতি কম আছিল যদিও তেওঁ বাস্তৱ জীৱনৰ পৰা শিক্ষা লাভ কৰি সেই অভিজ্ঞতাকে সমল কৰি ১৫৪ খন চনেট আৰু ৩৭ খন কালজয়ী নাটক ৰচনা কৰিছিল। তেওঁৰ নাটকসমূহ মানুহৰ সাৰ্বজনীন  আবেগ, অনুভূতি অতি বিশ্বস্ততাৰ সৈতে প্ৰতিফলিত হৈছে। তেওঁৰ নাটকসমূহৰ ভিতৰত ‘হেমলেট’, ‘জুলিয়াচ চীজাৰ’, ‘মেকেবথ’, ‘কিং লিয়েৰ’, ‘ৰোমিঅ’ জুলিয়েট’ আদি উল্লেখযোগ্য। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

মিৰাণ্ডা

মিৰাণ্ডা (Miranda) উইলিয়াম ছেক্সপীয়েৰৰ দ্বাৰা ৰচিত ‘টেমেপষ্ট’ নাটকৰ এটি চৰিত্ৰ। তাই প্রসপেৰ’ দ্বীপত অকলশৰে পিতাকৰ সৈতে বসবাস কৰিছিল। নিৰ্জন দ্বীপটোত তাই পিতৃৰ বাদে অইন কোনো মানুহ দেখা নাছিল। আনকি তাই সেই দ্বীপটোত থকা কেলিবান নামৰ অদ্ভুদ প্ৰাণীটোক দেখিও  আচহুৱা আচৰণ কৰিছিল। এদিনাখন সাগৰেদি গৈ থকা এটি জাহাজ ধুমুহা বতাহে বিধবস্ত কৰাত সেই জাহাজৰ ফাৰ্ডিনেণ্ড নামৰ এজন নাবিক  সেই দ্বীপটোত আশ্ৰয় লয়। কালক্ৰমত ফাৰ্ডিনেণ্ড আৰু মিৰাণ্ডাৰ মাজত প্ৰেমৰ সূত্ৰপাত হয়। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

বুদ্ধদেৱ

বুদ্ধদেৱ (Lord Budha) আছিল বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক। তেওঁৰ জন্ম হয় খ্ৰীষ্টপূৰ্ব ৫৬৩ ত লুম্বিনী নামে ঠাইত। পিতৃৰ নাম আছিল শুদ্ধোধন। তেওঁ কপিলাবস্তুৰ ৰজা আছিল। বুদ্ধদেৱৰ মাতৃৰ নাম মায়াদেৱী। সৰুতে মাতৃৰ বিয়োগ হোৱাত মাহীমাক গৌতমীয়ে তেওঁক লালন-পালন কৰিছিল বাবে তেওঁক ‘গৌতম’ বুলি কোৱা হয়। তেওঁ সাৰনাথ নামে ঠাইত ১৮ বছৰ কাল তপস্যা কৰি সিদ্ধি লাভ কৰে। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

জন কীট্‌চ 

জন কীট্‌চ [John Keats 1795-1821] আছিল এজন ইংৰাজ ৰমন্যাসবাদী কবি। এইজন কবিয়ে মাত্ৰ ছাবিবশ বছৰ কাল জীয়াই আছিল আৰু এই চমু জীৱন কালছোৱাত তেওঁ এনে কিছুমান উচ্চ স্তৰৰ কবিতা সৃষ্টি কৰিছিল যিবোৰ আজি এক বিষ্ময়ৰ বস্তু বুলি পৰিগণিত হৈছে। ‘প্ৰকৃতিত সৌন্দৰ্য’  আৰু  সৌন্দৰ্যৰ গুণ-গান কৰাই হৈছে তেওঁৰ কবিতাৰ প্ৰধান বিষয়-বস্তু। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

ক’পাৰনিকাছ

ক’পাৰনিকাছ (Copernicus: 1473-1543) পোলেণ্ডৰ এজন জ্যোৰ্তিবিজ্ঞানী আছিল। জীৱনজোৰা অধ্যয়ন, পৰ্যেবক্ষণ আৰু গণনাৰ পিছত ক’পাৰনিকাছে দেখুৱায় যে বিশ্বৰ কেন্দ্ৰত সূৰ্য থকা বুলি ধৰিলে গ্রহবোৰৰ গতি-পথ শুদ্ধভাৱে গণনা কৰাত সুবিধা হয়। সূৰ্যৰ চৌপাশে খালি চকুৰে দেখা গ্ৰহকেইটা বৃত্তীয় পথেদি ঘূৰি আছে। তেওঁ আৰু পৰ্যেবক্ষণ কৰি দেখা পাইছিল যে চন্দ্ৰই পৃথিৱীক পৰিভ্ৰমণ কৰি আছে। কিন্তু তেওঁৰ এই বৈজ্ঞানিক সিদ্ধান্তবোৰ  সেই সময়ত মানুহে গ্ৰহণ কৰিবলৈ টান পাইছিল। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

গেলিলিও

গেলিলিও (Galileo) ইটালীৰ এজন জ্যোৰ্তিবিজ্ঞানী আছিল। ১৫৬৮ চনত তেওঁ ইটালীৰ পিছা নগৰত জন্ম গ্ৰহণ কৰে। তেওঁৰ দেউতাকৰ নাম আছিল ভিনছেনজো গেলিলিও আৰু মাকৰ নাম আছিল গিউলিয়া আম্মান্নাতি। তেওঁৰ দেউতাক এজন সঙ্গীতজ্ঞ আছিল। সৰুৰে পৰাই গেলিলিও প্ৰতিভাবান আছিল আৰু ইয়াৰ উমান পাই দেউতাকে তেওঁক এজন চিকিৎসক হোৱাটো বিচাৰিছিল।  গেলিলিও কিন্তু চিকিৎসা শাস্ত্ৰ পঢ়াতকৈ গণিতৰ প্ৰতি আগ্ৰহ দেখুৱাইছিল।

১৬০৯ চনত গেলিলিও দূৰবীণ যন্ত্ৰ সাজি উলিয়ায় আৰু ইয়াৰ সহায়ত তেওঁ চন্দ্ৰৰ উপৰিভাগ আৰু বৃহস্পতি গ্ৰহৰ উপগ্ৰহ সম্পৰ্কে অধ্যয়ন চলায়। গ্ৰহ-উপগ্ৰহৰ গতি সম্পৰ্কে তেওঁ কপাৰনিকাছৰ সিদ্ধান্তৰ সমৰ্থক আছিল। কিন্তু প্ৰায় দেৰ হাজাৰ বছৰ ধৰি চলি অহা গ্ৰীক দাৰ্শনিক ট’লেমীৰ ভূকেন্দ্ৰিক ধাৰণাৰ বিৰোধী মতবাদ হোৱা বাবে ৰোমান কেথলিক গীৰ্জাৰ ফালৰ পৰা কপাৰনিকাছৰ মতবাদ প্ৰচাৰ নকৰিবলৈ সঁকিয়াই দিয়া হয়। গেলিলিওয়ে তেওঁৰ বৈজ্ঞানিক মতবাদ আৰু তত্ত্ববোৰ ‘Dialogue Concerning Two Chief World System: Ptolemiac and Copernicus’ নামৰ গ্ৰন্থত লিপিবদ্ধ কৰে। সোনকালেই গ্ৰন্থখন জনপ্ৰিয় হৈ উঠে। কিন্তু ধৰ্মীয় অনুশাসন ভঙ্গ কৰা বাবে  তেওঁক শাস্তি বিহা হয় আৰু তেওঁৰ গ্ৰন্থখনো নিষিদ্ধ বুলি ঘোষণা কৰা হয়। 

১৬৪২ চনত গেলিলিও গেলিলিৰ মৃত্যু হয়। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

কেপলাৰ

জোহানেছ কেপলাৰ (Johannes Kepler) এজন জাৰ্মান দেশীয় জ্যোৰ্তিবিজ্ঞানী আছিল। তেওঁ ১৬০৯ খ্ৰীষ্টাব্দত ‘Astronomical Nova’ (New Astronomy) নামৰ গ্ৰন্থ প্ৰকাশ কৰে। এই গ্ৰন্থত তেওঁ মংগল গ্ৰহৰ কক্ষপথ নতুনকৈ গণনা কৰে। তেওঁ ডেনমাৰ্কৰ জ্যোৰ্তিবিজ্ঞানী টাইক’ ব্রাহৰ পৰ্যেবক্ষণৰ ওপৰত ভিত্তি কৰি তেওঁৰ নতুন তথ্য দাঙি ধৰিছিল। কেলপাৰে দেখুৱায় যে গ্রহবোৰৰ কক্ষপথ বৃত্তাকাৰ নহয়, আৰু এনে কক্ষপথেৰে পৰিভ্ৰমণ কৰোতে অৱস্থান অনুসৰি গ্ৰহবোৰৰ বেগ সলনি হৈ থাকে। তেওঁৰ ধাৰণা প্ৰচলিত ধাৰণাৰ পৰিপন্থী আছিল। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

ৰাহুল সংস্কৃতায়ন

ৰাহুল সংস্কৃতায়ন (Rahul Sanskritayan: 1893-1963) এজন সংস্কৃত পণ্ডিত, গৱেষক, ভাষাতাত্ত্বিক, ইতিহাসবিদ। তেওঁৰ আচল নাম আছিল কেদাৰনাথ পাণ্ডে। তেওঁৰ জন্ম হয় ভাৰতৰ উত্তৰ প্ৰদেশৰ আজনগড়ত। তেওঁ সিংহললৈ গৈ বৌদ্ধ ধৰ্ম গ্ৰহণ কৰি ‘ৰাহুল সংস্কৃতায়ন’ নাম লয়। তেওঁ ৰুচ দেশৰ লেলিনগ্ৰেড বিশ্ববিদ্যালয়ত সংস্কৃত সাহিত্যৰ অধ্যাপকৰ চাকৰি কৰিছিল। তেওঁ কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল। তাৰ ভিতৰত ‘মধ্য এচিয়াৰ ইতিহাস’, ‘ফ্রম ভল্গা টু গংগা’ উল্লেখযোগ্য। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

সৰ্বপল্লী ৰাধাকৃষ্ণণ

সৰ্বপল্লী ৰাধাকৃষ্ণণ (Sarvepalli Radhakrishnan: 1888-1975) আছিল স্বাধীন ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি, দাৰ্শনিক আৰু লিখক। তেওঁ দেশ- বিদেশৰ কেইবাখনো বিশ্ববিদ্যালয়ত দৰ্শন আৰু ইতিহাসৰ অধ্যাপকৰ কাম কৰিছিল। পিছলৈ তেওঁ বেনাৰস বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, ৰুচ দেশত ভাৰতীয় ৰাষ্ট্ৰদূত আৰু শেষলৈ ভাৰতৰ ৰাষ্ট্ৰপতি হয়। ‘দ্যা হিন্দু ভিউ অফ লাইফ’, দ্য ইণ্ডিয়ান ফিল’চ’ফি’, ‘ৰিকভাৰী অফ ফেইথ’ আদি তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

বামন

প্ৰাচীন ভাৰতীয় পৌৰাণিক শাস্ত্ৰমতে বামন (Baman) আছিল বিষ্ণুৰ পঞ্চম অৱতাৰ। বিষ্ণুয়ে বাওনা মানুহৰ ৰূপ লৈ এই অৱতাৰ ধাৰণ কৰিছিল।  তেওঁ দৈত্যৰাজ বলিৰ যজ্ঞলৈ আহি তিনিপদ ভূমি বিচৰাৰ ছলেৰে এওঁক পাতাললৈ পঠাইছিল। অৰ্থাৎ দান কৰাৰ বাবে তেওঁৰ যি অহংকাৰ হৈছিল তাক বিনাশ কৰিছিল। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

দেবহুতি

দেৱহুতি (Devahuti) স্বয়ংম্বুৱ মুণিৰ কন্যা আছিল। তেওঁক কদম মুণিয়ে বিবাহ কৰিছিল। তেওঁলোকৰ পুত্ৰ আছিল কপিল মুণি। এওঁক বিষ্ণুৰ অন্য এক অৱতাৰ বুলিও কোৱা হয়। কপিল মুণিয়ে তত্ত্ব বিচাৰ কৰি দেৱহুতিক উদ্ধাৰ কৰিছিল। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

কপিল

কপিল (Kapil) এজন প্ৰসিদ্ধ মুনি। এওঁ সংখ্যা দৰ্শনৰ প্ৰৱৰ্তক। তেওঁ কদম মুনি আৰু স্বয়ংম্বুৱ মুনিৰ কন্যা দেৱহুতিৰ পুত্ৰ। এওঁৰ শাপত সৰগ ৰজাৰ ষাঠী হেজাৰ পুত্ৰ ভষ্মীভূত হয়। এওঁক বিষ্ণুৰ আন এক অৱতাৰ বুলিও ধৰা হয়। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

দৈৱকী

দৈৱকী (Doibaki) উগ্ৰসেনৰ কন্যা আৰু কংসৰ ভগ্নী আছিল। বসুদেৱৰ সৈতে দৈৱকীয়ে বিবাহ পাশত আবদ্ধ হৈছিল। তাইৰ গৰ্ভত আৰু বসুদেৱৰ ঔৰষত শ্ৰীকৃষ্ণৰ জন্ম হৈছিল। শ্ৰীকৃষ্ণ আছিল তাইৰ অষ্টম সন্তান। দৈৱকীৰ অষ্টম সন্তানৰ হাতত কংসৰ মৃত্যু হ’ব বুলি নিশ্চিত জানি কংসই দৈৱকী আৰু বসুদেৱক কাৰাগাৰত বন্ধী কৰি থৈছিল। পিছত কংসক বধ কৰি কৃষ্ণই পিতৃ-মাতৃক কাৰাগাৰৰ পৰা উদ্ধাৰ কৰিছিল। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

শ্বিৰীণ ইবাডি

শ্বিৰীণ ইবাডি (Shirin Ibadi) ইৰানৰ এজনী নাৰীবাদী সংগ্ৰামী। তেওঁ কঠোৰ পন্থীৰ বিৰুদ্ধে জীৱনজোৰা সংগ্ৰাম কৰিছিল।  তাইক চৰকাৰী কামৰ পৰা বঞ্চিত কৰা হৈছিল আৰু মহিলাই মুৰ ঢাকি লোৱা  কােপাৰ ‘হিজাব’ পৰিধান কৰিবলৈ জোৰ দিয়া হৈছিল। তেনে এটা কঠিন পৰিৱেশত তেওঁ এটা অত্যুৎসাহী পদক্ষেপ লৈছিল মানৱ অধিকাৰ ৰক্ষাৰ বাবে। তেওঁ উৎপীড়িত লোকৰ বাবে যুঁজিছিল- য’ত মহিলাক ধৰ্ষণ কৰা হৈছিল, শাসন বিৰোধী যুৱকক শাস্তি দিয়া হৈছিল, পতীয়ে পত্নীক বেয়া ব্যৱহাৰ কৰিছিল। মানৱ অধিকাৰ প্রতিষ্ঠাৰ  বাবে কৰা তেওঁৰ সংগ্ৰামৰ স্বীকৃতি হিচাপে  তেওঁক নেবল বঁটা দিয়া হয়।

বিশ্ব ব্যক্তি পৰিচয়  

ৰত্নমালা

ৰত্নমালা (Ratnamala) কোচ দেশৰ কন্যা আছিল। আহোম ৰাজ্যৰ লগত থকা পূৰ্ব প্ৰীতি ভঙ্গ কৰাৰ অপৰাধ মাৰ্জনাৰ্থে কোচ ৰজা মহাৰাজ নৰনাৰয়ণে ইতিমধ্যে বন্ধী কৰি ৰখা ৰাজপুত্ৰ আচুক গোহাঁই আৰু তিনিজন ডাঙৰীয়াৰ তিনিজন পুত্ৰক পাতাল সিং কাৰ্যিৰ সৈতে আহোম স্বৰ্গদেউৰ ওচৰলৈ পঠিয়াইছিল। সেইসকলৰ লগত বহুত বঁটা বাহন দি পঠিওৱাৰ লগতে ‘ৰত্নমালা’ নামৰ কন্যাজনীকো আহোমৰাজ স্বৰ্গদেউ প্ৰতাপ সিংহলৈ পঠিয়াইছিল।

বিশ্ব ব্যক্তি পৰিচয়  

চিলাৰায়

চিলাৰায় (Chilaray কোচৰজা মহাৰাজ নৰনাৰয়ণৰ ভাতৃ আছিল। তেওঁৰ  প্ৰকৃত নাম আছিল শুক্লধবজ।  নৰনাৰায়ণে তেওঁক প্ৰধান সেনাপতি পাতিছিল। তেওঁ চিলাৰ দৰে অতৰ্কিতে শত্ৰু সৈন্যৰ ওপৰত জপিয়াই পৰি যুদ্ধত বীৰত্ব দেখুৱাৰ পাৰিছিল বাবে তেওঁক ‘চিলাৰায়’ বুলি কোৱা হৈছিল।

বিশ্ব ব্যক্তি পৰিচয়  

সোন্দৰ গোহাঁই 

সোন্দৰ গোহাঁই (Sundar Gohain) নাওবৈচা ফুকন আহোমৰাজ স্বৰ্গদেউ প্ৰতাপ সিংহৰ এজন বিষয়া আছিল। কছাৰী ৰজাৰ লগত হোৱা যুদ্ধত তেওঁ বিশ হাজাৰ সৈন্য লৈ যু্‌দ্ধ কৰিবলৈ গৈছিল। কছাৰীসকলৰ নেতা ভীমবলে পুৱতি নিশা হাতীৰ পিঠিত উঠি হিলৈৰ মুখত পানী ভৰাই যুদ্ধ কৰিছিল। যুদ্ধত সোন্দৰ গোহাঁই বৰবৰুৱা ধৰাশায়ী হৈছিল। পিছত হাতীৰে গচকাই তেওঁক মাৰি পেলোৱা হৈছিল।

বিশ্ব ব্যক্তি পৰিচয়  

 ৰামানুজন  

ৰামানুজন (Ramanujan:1887-1920) এজন ভাৰতীয় মহান গণিতজ্ঞ আছিল। তেওঁ অতি দৰিদ্ৰ পৰিয়ালত  জন্ম গ্ৰহণ কৰিছিল। তেওঁ মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা  প্ৰৱেশিক্ষা পৰীক্ষা পাছ কৰাৰ পিছত দৰিদ্ৰতাৰ বাবে লিখা-পঢ়াৰ ইতি পেলাই কেৰাণীৰ চাকৰিত সোমায়। অংক শাস্ত্ৰত তেওঁৰ বিশেষ ৰাপ থকা বাবে বিশ্ববিদ্যালয় কতৃপক্ষই তেওঁৰ মেধাৰ কথা চৰকাৰক জনোৱাত চৰকাৰে তেওঁক বৃত্তি  দি কেমব্রিজ বিশ্ববিদ্যালয়লৈ গৱেষণাৰ বাবে পঠায়। তেওঁ তাত অদ্বিতীয় প্ৰতিভাৰ পৰিচয় দিয়ে আৰু গণিতৰ বহুতো মৌলিক সূত্ৰ উদ্ভাৱন কৰে।  ১৯২০ চনত এইজন মহান গণিতজ্ঞৰ মৃত্যু হয়।

বিশ্ব ব্যক্তি পৰিচয়  

কাৰ্ল  মাক্স

কাৰ্ল মাক্স (Karl Marx: 1818-1883) এজন জাৰ্মান দাৰ্শনিক, বিখ্যাত ‘ডাচ্‌ কেপিটেল’ নামৰ গ্ৰন্থৰ প্ৰণেতা, সমাজবাদ আৰু সাম্যবাদী দৰ্শনৰ পিতৃ। অতি দুখীয়া পৰিয়ালত তেওঁৰ জন্ম হৈছিল। কিন্তু তেওঁ আছিল জ্ঞানৰ এজন  ঐকান্তিক নীৰৱ সাধক। জাৰ্মানীৰ বিপ্লৱী দলৰ লগত জড়িত থকা বাবে চৰকাৰে তেওঁক দেশান্তৰিত কৰে। তেওঁ কিছুদিন ফ্ৰান্সত আশ্ৰয় লয় যদিও পিছলৈ ইংলণ্ডৰ নাগৰিকত্ব গ্ৰহণ কৰে। ইংলণ্ডত থকা কালছোৱাত তেওঁ ব্রিটিছ মিউজিয়াম লাইব্রেৰিত গোটেই দিন কিতাপ পঢ়ি কটাইছিল। তেওঁৰ নিজৰ কোনো বৃত্তি নাছিল বাবে হিতাকাঙ্খী বন্ধুৰ পৰা পোৱা সামান্য সহায়ৰ জৰিয়তে পৰিয়াল পোহপাল দিছিল। ল’ৰা-ছোৱালীক খুওৱাৰ বাবে তেওঁ নিজৰ ঘৈনীয়েকৰ অলংকাৰো বিক্ৰী কৰিব লগা হৈছিল। তেওঁ গোটেই জীৱন দৰিদ্ৰতাৰ মাজেদি যাপন কৰি ১৮৮৩ চনত মৃত্যু বৰণ কৰে।

বিশ্ব ব্যক্তি পৰিচয়  

ৰামসিংহ 

ৰামসিংহ (Ramsinha) আছিল মোগল সম্ৰাটৰ কৰতলীয়া অম্বৰৰ ৰজা। মোগল সম্ৰাট ঔৰংজেৱে তেওঁক ১৬৬৭ চনৰ ডিচেম্বৰ মাহত অসম আক্ৰমণ কৰিবলৈ পঠাইছিল। ৰামসিংহই অসমত প্ৰায় চাৰি বছৰকাল আছিল। অৱশেষত আহোম আৰু মোগলৰ মাজত গুৱাহাটীৰ ওচৰত শৰাইঘাট নামে ঠাইত দুয়োপক্ষৰ মাজত তয়া-নথৈয়া যুদ্ধ হয়। উক্ত যুদ্ধত মোগলসকল  শোচনীয়ভাৱে পৰাজিত হয় আৰু উভতি যায়। 

বিশ্ব ব্যক্তি পৰিচয়  

লাচিত বৰফুকন

লাচিত বৰফুকন (Lachit Barphukan) আছিল আহোম ৰাজা চক্ৰধবজ সিংহ আৰু জয়ধবজ সিংহৰ দিনত বৰফুকন আৰু এজন সেনাপতি। লাচিত বৰফুকন এজন আদৰ্শ দেশপ্ৰেমিক আছিল। ১৬৬৭ চনত মোগল সেনাপতি ৰামসিংহই অসম আক্ৰমণ কৰাৰ সময়ত তেওঁ গুৱাহাটী ৰক্ষা কৰিবলৈ শৰাইঘাটৰ ওচৰত এখন গড় বান্ধে। গড় বন্ধা কামৰ দায়িত্ব দিয়া হৈছিল লাচিত বৰফুকনৰ এজন মোমায়েকক। মোমায়েকে গড় বন্ধা কামত অৱহেলা কৰাত লাচিতে ‘দেশতকৈ মোমাই ডাঙৰ নহয়’ বুলি একেঘাপতে মোমাইৰ ডিঙি কাটি দুছেৱা কৰিছিল। পিছত শৰাইঘাটত আহোম আৰু মোগলৰ মাজত তয়া-নথৈয়া যুদ্ধ হয়। যুদ্ধত মোগল বাহিনীৰ শোচনীয় পৰাজয় হয় আৰু মোগলসকল পৰাজয়ৰ গ্লানি বহন কৰি অসম এৰি গুচি যায়। 

লাচিতে শৰাইঘাটৰ যুদ্ধত দেখুওৱা বীৰত্বৰ কাহিনী অসমৰ ইতিহাসত সোণালী আখৰেৰে লিখা আছে।  লাচিত বৰফুকনৰ বীৰত্ব আৰু দেশপ্ৰেমৰ প্ৰতি শ্ৰদ্ধ জনাই প্ৰতি বছৰ ২৪ নৱেম্বৰত অসমত ‘লাচিত দিৱস’ পালন কৰা হয়।  ০ ০ ০ 

বিশ্ব ব্যক্তি পৰিচয়  

জয়ধবজ সিংহ 

জয়ধবজ সিংহ (Joydhaj Sinha) এজন আহোম স্বৰ্গদেউ আছিল। তেওঁ আহোম ৰজা চুতিনফ্যা বা নৰিয়া ৰজাৰ পুত্ৰ। তেওঁৰ সময়ত নগা আৰু মিৰিসকলে বিদ্ৰোহ কৰাত তেওঁ  সিহঁতক  দমন কৰে। 

তেওঁৰ ৰাজত্বকালত মোগল সম্ৰাট ঔৰংজেৱে মিৰজুমলাক অসম আক্ৰমণ কৰিবলৈ পঠায়।  মিৰজুলমাৰ হাতত আহোম সৈন্যৰ পৰাজয় ঘটে।  মোগলে অসম অধিকাৰ কৰে।  জয়ধবজ সিংহ কামৰূপলৈ পলাই যায়।  ১৬৬৩ চনত জয়ধবজ সিংহ আৰু মিৰজুমলাৰ মাজত ঘিলাধাৰী ঘাটত সন্ধি হয়।  এই সন্ধিৰ চৰ্ত মতে মোগলক যুদ্ধৰ ক্ষতিপূৰণ দিয়াৰ লগতে দৰং, ডিমৰীয়া, ৰাগী, কামৰূপ আদি অঞ্চল এৰি দিবলগীয়া হয় আৰু আহোম ৰাজ্য মোগলৰ কৰতলীয়া হয়। ০ ০ ০ 

বিশ্ব ব্যক্তি পৰিচয়  

বাঘ হাজৰিকা

বাঘ হাজৰিকা (Bagh Hazarika) ১৬৭১ চনত আহোম আৰু মোগল সেনাপতি ৰামসিংহৰ লগত শৰাইঘাটত হোৱা যুদ্ধৰ এগৰাকী অসমীয়া বীৰ যোদ্ধা আছিল।  তেওঁ লাচিত বৰফুকনৰ সোঁহাতসস্বৰূপ আছিল। তেওঁৰ আচল নাম আছিল ইছমাইল ছিদ্দিকী। তেওঁ এবাৰ বাঘৰ সতে যুদ্ধ কৰি জয়লাভ কৰা বাবে তেওঁক ‘বাঘ হাজৰিকা’ বুলি কোৱা হৈছিল। তেওঁ আছিল অসীম সাহসী, বীৰ যোদ্ধা আৰু কৰ্মপটু। তেওঁৰ গুণ চাই আহোম ৰজাই তেওঁক ‘হাজৰিকা’ পদবী প্ৰদান কৰিছিল। ০ ০ ০ 

বিশ্ব ব্যক্তি পৰিচয়  

মেঘৰাজ কৰ্মকাৰ

মেঘৰাজ কৰ্মকাৰ (Meghraj Karmakar) আছিল চাহজনগোষ্ঠীৰ এগৰাকী শিক্ষক আৰু প্ৰথম সাহিত্যক পেঞ্চনাৰ। অসম প্ৰকাশন পৰিষদে ‘মেঘৰাজ কৰ্মকাৰ ৰচনাৱলী’ প্ৰকাশ কৰিছে। তেওঁ ৰচনা কৰা এখন গ্ৰন্থৰ নাম ‘চালুক বচন’। ০ ০ ০ 

বিশ্ব ব্যক্তি পৰিচয়  

ইন্দ্ৰচিং দেউৰী 

ইন্দ্ৰচিং দেউৰী (Indraching Deori) আছিল তিৱা জনজাতিৰ মাজত জাতীয় চেতনা জাগ্ৰত কৰাৰ ক্ষেত্ৰত আজীৱন সংগ্ৰাম কৰা এজন সমাজকৰ্মী, লেখক, সংগঠক, সমাজ সংস্কাৰক, গীতিকাৰ, সুৰকাৰ আৰু বিচক্ষণ ৰাজনীতিক । তেওঁৰ জন্ম হৈছিল কার্বি আংলং জিলাৰ ৰংখৈপাৰ গাঁৱত ১৯৩২ চনত। তেওঁৰ পিতৃৰ নাম মালচিং পোমা আৰু মাতৃৰ নাম আছিল মামা আম্‌চি। ১৯৩৯ চনত কার্বি আংলং জিলাৰ বাউলাগোগ প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰি নগাঁও জিলাৰ ডিমৌ হাইস্কুলত অষ্টম শ্ৰেণীলৈকে পঢ়ি অৰ্থৰ অভাৱত শিক্ষা-জীৱনৰ সামৰণি মাৰে। ১৯৪৯ চনত ভাৰতীয় বিপ্লৱী কমিউনিষ্ট পাৰ্টীৰ পাৰ্টীত যোগদান কৰে। ঘৰৰ অৰ্থনৈতিক অৱস্থাৰ তাগিদাত পৰি তেওঁ ১৯৫১ চনত পশুপালন বিভাগৰ চাকৰিত যোগদান কৰে যদিও জাতিটোৰ প্ৰতি থকা দায়িত্ববোধৰ বাবে ১৯৫৩ চনত গাৰো পাহাৰ জিলাৰ তুৰাৰ পৰা চাকৰি ইস্তফা দি তিৱা জাতিক জাগ্ৰত কৰাৰ কামত ব্রতী হয়।

কার্বি আংলং জিলাৰ তিৱাসকলৰ মাজত থকা অন্ধবিশ্বাসসমূহ আঁতৰাই শিক্ষাৰ পোহৰ বিলোৱাৰ লগতে তিৱা সমাজক আধুনিক সমাজৰ লগত পৰিচয় কৰি দিয়াৰ মানসেৰে অতি কষ্টেৰে ইন্দ্ৰচিং দেউৰীয়ে বিন্‌ মাছলাই, ৰবটচিং আম্‌চি আৰু পদ্মকান্ত কাকতি আদি ব্যক্তিসকলৰ সহযোগত ১৯৬০ চনত থাৰাখুঞ্জী গাঁৱত ‘তিৱাচা মিচন’ নামেৰে এক সামাজিক অনুষ্ঠানৰ জন্ম দিয়ে। ইন্দ্ৰচিং দেউৰীয়ে ‘অ’ তিৱা, অ’ তিৱা ছেৰাণ চাৱা’ নামে এটি জনপ্ৰিয় গীত ৰচনা কৰিছিল। তিৱা জাতিৰ উন্নয়নৰ হকে কাম কৰা অন্যতম এটা সংগঠন ‘লালুং দৰবাৰ’ ১৯৬৭ চনত ইন্দ্ৰচিং দেউৰীৰ নেতৃত্বতেই জন্ম হৈছিল।

ইন্দ্ৰচিং দেউৰী পোন প্ৰথম বাৰৰ বাবে  কার্বি  আংলং স্বায়ত্ত  শাসিত পৰিষদত ১৯৮৬ চনত সাধাৰণ সদস্য হিচাপে মনোনীত হয় আৰু পৰৱৰ্তী পৰ্যায়ত পৰিষদৰ উপাধ্যক্ষ হিচাপে নিযুক্ত হৈছিল। কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ১৯৮১ চনত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত আম্‌ৰি সমষ্টিৰ পৰা লালুং দৰবাৰৰ হৈ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি নিৰ্বাচিত হয় আৰু পৰৱৰ্তী পৰ্যায়ত পৰিষদৰ অধ্যক্ষ পদতো অধিষ্ঠিত হৈছিল।

ইন্দ্ৰচিং দেউৰী ডাঙৰীয়াই তিৱা সাহিত্য সংস্কৃতিৰ-ভঁৰালকো চহকী কৰি থৈ গৈছে। তেওঁৰ বহু তিৱা কবিতা, গীত বিভিন্ন আলোচনী আদিত প্ৰকাশ পাইছে। 

ইন্দ্ৰচিং দেউৰী ডাঙৰীয়া তিৱা জাতীয় জীৱনৰ এজন কাণ্ডাৰী আছিল। তেওঁ একেধাৰে সংগঠক, সমাজ সচেতক, সমাজ সংস্কাৰক, লেখক, গীতিকাৰ, সুৰকাৰ আৰু বিচক্ষণ ৰাজনীতিক আছিল। সেইবাবে পাহাৰৰ তিৱাসকলে ইন্দ্ৰচিং দেউৰীক ‘ফা পৰৈ’ (জাতিৰ পিতা) বুলি সম্বোধন কৰিছিল।  তেওঁ ১৯৯৪ চনৰ ২০ আগষ্ট তাৰিখে ইহলীলা সম্বৰণ কৰে। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয় 

বলাইৰাম সেনাপতি

বলাইৰাম সেনাপতি (Balairam Senapati) আছিল এজন তিৱা সংস্কৃতিৰ সাধক আৰু সু-প্রতিষ্ঠিত লেখক । তেওঁৰ জন্ম হয় নগাওঁ জিলাৰ বুৰঞ্জীপ্ৰসিদ্ধ বাৰপূজীয়া গাঁৱত, ১৯৩১ চনৰ ৩ মাৰ্চত। তেওঁৰ দেউতাকৰ নাম আছিল বগাৰাম সেনাপতি আৰু মাকৰ নাম আছিল পদ্মেশ্বৰী বৰদলৈ। তেওঁ বাৰপূজীয়া এল. পি. আৰু এম. ভি. স্কুলত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি নগাঁও গৱৰ্ণমেন্ট হাইস্কুলত মাধ্যমিক শিক্ষা লাভ কৰে। আৰ্থিক দূৰৱস্থাৰ হেতু হাইস্কুলীয়া শিক্ষা সমাপ্ত নকৰাকৈয়ে তেওঁ ১৯৫৩ চনৰ পৰা ১৯৬৩ চনলৈ সংযুক্ত উত্তৰ কাছাৰ আৰু মিকিৰ পাহাৰ জিলাৰ বৰথল মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকতাৰ চাকৰিত সোমায়। ‘মিকিৰ পাহাৰত কি ঘটিছে’ নামৰ ‘ৰামধেনু’ত এটি প্ৰৱন্ধ লিখি তেওঁ চৰকাৰী বিষয়াৰ ৰোষত পৰে আৰু চাকৰি হেৰুৱাবলগা হয়। পিচত তেওঁ কৃষিকৰ্মত মনোনিেবশ কৰে। 

বলাইৰাম সেনাপতি ছাত্ৰাৱস্থাৰে পৰাই সাহিত্য-সংস্কৃতিৰ চৰ্চাৰ প্ৰতি আগ্ৰহী আছিল। তিৱাসকলৰ গীত-মাত, নৃত্য-বাদ্য এইবোৰৰ চৰ্চা আৰু প্ৰসাৰৰ ক্ষেত্ৰত এক পদ্ধতিগত অনুশীলনৰ হকে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছিল। তেওঁ কৰা তিৱা লোকগীতৰ স্বৰলিপি ইয়াৰ এক উৎকৃষ্ট নিদৰ্শন। তেওঁ তিৱা জনগোষ্ঠীৰ স্বকীয় সংস্কৃতি সংৰক্ষণৰ বাবে ‘তিৱা কৃষ্টি সন্থা’ গঠনত বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল। তিৱা ভাষাটোপ্রতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেওঁ অহোপুৰুষাৰ্থ কৰিছিল। সেনাপতিয়ে তেওঁৰ সৰহসংখ্যক গ্ৰন্থ অসমীয়া ভাষাতে ৰচনা কৰিছিল। সেনাপতিয়ে ১৯৫৪ চনত ‘মুকুল’ নামৰ এখন গীতৰ পুথি ৰচনা কৰি প্ৰকাশ কৰে। তেওঁ ৰামধেনুত লিখা তিৱাসকলৰ ‘ৰাতিসেৱা’ বিষয়ক প্ৰৱন্ধই সেইসময়ত সমকালীন অসমৰ বিদ্বৎ সমাজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। তেওঁ ২০০০ চনত ‘তিৱা মাথনলাই তখ্ৰা’ অৰ্থাৎ তিৱা সাহিত্য সভাৰ সভাপতিৰ আসনো অলংকৃত কৰিছিল। সাহিত্যিক হিচাপে তেওঁৰ উল্লেখযোগ্য গ্ৰন্থকেইখন হ’ল- ‘অতীতৰ সন্ধানত’ (১৯৯৭), ‘পাঁচোৰজীয়া অঞ্চলৰ লালুঙৰ লোকগীতৰ ওপৰত সামান্য আলোকপাত’ (১৯৯৭),  ‘তিৱা জনগোষ্ঠীয় সংস্কৃতিত আলোকপাত, তিৱা সমাজ আৰু সংস্কৃতি’ (২০০০)। 

সাহিত্যৰ ক্ষেত্ৰখনলৈ তেওঁ আগবঢ়োৱা উল্লেখনীয় বৰঙণিৰ স্বীকৃতি হিচাপে ১৯৯১ চনত অসম চৰকাৰে তেওঁলৈ সাহিত্যিক পেঞ্চন আগবঢ়ায়। ইয়াৰ উপৰিও তিৱা সমাজ-সংস্কৃতিৰ একান্ত সাধক, গৱেষক পণ্ডিত হিচাপে নগাঁও জিলা সাহিত্য সভাই ২০১১ চনত তিলক চন্দ্ৰ দেৱশৰ্মা স্মাৰক ‘ড০ সূৰ্য্য কুমাৰ ভূয়াঁ বঁটা’ আৰু অসমৰ লোক-সংস্কৃতিৰ সাধক হিচাপে বকুল বন ন্যাস, অসমে ২০১১ চনত ‘বকুল বন বঁটা’ প্ৰদান কৰিছিল। বলাইৰাম সেনাপতিৰ দ্বাৰা ৰচিত গীতি-আলেখ্য নগাঁও আৰু গুৱাহাটী অনাতাঁৰ কেন্দ্ৰই প্ৰচাৰ কৰিছে। 

বিশাল ব্যক্তিত্বৰ অধিকাৰী অথচ সহজ-সৰল জীৱন যাপন কৰা অল্পভাষী বলাইৰাম সেনাপতিয়ে ২০১৪ চনৰ ১১ মে’ত মৃত্যু বৰণ কৰে। ০ ০ ০ 

বিশ্ব ব্যক্তি পৰিচয়  

খ্ৰীষ্টচন মুণ্ডা

খ্ৰীষ্টচন মুণ্ডা (Christson Munda) আছিল অসমৰ আদিবাসী  জনজাতিৰ এজন বিপ্লৱী শ্ৰমিক নেতা। 

তেওঁৰ জন্ম হয় তেজপুৰৰ ওচৰৰ ফুলবাৰী চাহ বাগিছাত। ব্রিটিছসকলৰ বিৰুদ্ধে ভাৰতৰ স্বাধীনতা সংগ্ৰামত খ্ৰীষ্টচন মুণ্ডাই ফুলবাৰী চাহ বাগিছাত ১৯১০-১৯১৬ চনত কৃষক আৰু শ্ৰমিক বিদ্ৰোহ  গঢ়ি তুলে। ব্রিটিছে তেওঁক কাৰায়ত্ত কৰি দোষী সাব্যস্ত কৰে আৰু ১৯১৬ চনত খ্ৰীষ্টচন মুণ্ডাক ফুলবাৰী চাহ বাগিছাৰ ৰাজহুৱা স্থানত ফাঁচী দিয়ে যাতে পুনৰ কোনো শ্ৰমিকে ব্রিটিচ চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ সাহস নকৰে। কিন্তু এই ঘটনাৰ পাচতেই চাহ বাগিচাসমূহত স্বাধীনতাৰ আন্দোলন বিয়পি পৰে আৰু চনাজুলি, কাচাৰী গাঁও, আদি চাহ বাগিচাসমূহত জঙ্গী আন্দোলন গঢ়ি উঠে। স্বাধীনতা আন্দোলনত  খ্ৰীষ্টচন মুণ্ডাৰ উপৰিও আদিবাসী জনজাতিৰ  মালতি ওৰাং, দয়াল পানিকা, বাঁকুডু চাওঁৰা আদি বহুত আদিবাসী  শ্বহীদ হয়। ০ ০ ০ 

বিশ্ব ব্যক্তি পৰিচয়  

জাষ্টিন লাক্ৰা

জাষ্টিন লাক্ৰা (Jastin Lacra) আছিল অসমৰ আদিবাসী বুলি পৰিচিত লাভ কৰা জনগোষ্ঠীৰ এজন সমাজকৰ্মী আৰু ‘সদৌ আদিবাসী ছাত্ৰ সংস্থা’ জন্মদাতা।

জাষ্টিন লাক্ৰাৰ জন্ম হয় চৰাই বিলৰ কচু গাঁৱত ২ অক্টোবৰ ১৯৭০ চনত।। তেওঁ স্থানীয় স্কুলত প্ৰাথমিক শিক্ষা লাভ কৰি  উচ্চ শিক্ষা গ্ৰহণৰ বাবে ‘শ্বিলং মহাবিদ্যালয়ত ভৰ্তি হয়।  তেওঁ শ্বিলং মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি থাকোতে  ১৯৯৬ চনত নামনি অসমত গোষ্ঠী সংঘৰ্ষই দেখা দিয়ে আৰু প্ৰায় দুই লাখ মানুহ আশ্ৰয় শিবিৰত আশ্ৰয় লয়। তেওঁ কলেজ এৰি ৰাইজৰ সেৱাত নিজকে আত্মনিয়োগ কৰে। ২ জুলাইত জাষ্টিন লাক্ৰাই  যোচেফ মিঞ্জ, ষ্টিফান এক্কা, বস্ক চেৰমাকো, মাংৰা ওৰাং আৰু উইলফ্রেড টপ্প আদি সতীৰ্থক লগত লৈ লখিমপুৰৰ জুনুবস্তি আদিবাসী উচ্চ মাধ্যমিক বিদ্যালয়ত সন্মিলিত হয় আৰু ১৯৯৬ চনৰ ২ জুলাইত ‘সদৌ আদিবাসী ছাত্ৰ সন্থা’ গঠন কৰে। 

ৰাইজৰ সুৰক্ষা আৰু শান্তিয়েই আছিল আদিবাসী ছাত্ৰ সন্থাৰ মূল লক্ষ্য। জন্ম হোৱাৰ পাচতে আদিবাসী ছাত্ৰ সন্থাই আদিবাসীক জনজাতিকৰণ আৰু চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিক মূল দাবী হিচাপে লৈ দীৰ্ঘ দিন ধৰি আন্দোলন চলাই আহিছে। এই আন্দোলনে আদিবাসী সমাজত বিশেষ প্ৰভাৱ পেলাইছে। আন্দোলন আন্দৰিয়াচ মাণ্ডি, হেমলাল চনা, বস্ক চেৰমাকো, জিতেন তাঁতি আদিকে ১৮ জন বীৰ আদিবাসীয়ে আত্ম বলিদান দিয়ে। 

২০১৫ চনৰ ১৩ জুলাইত মহান আদিবাসী নেতা জাষ্টিন লাক্ৰা ইহলীলা ত্যাগ কৰে আৰু তেওঁক পিচলৈ আদিবাসী সকলৰ ‘জাতীয় পিতা’ বুলি আখ্যা দিয়া হয়। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

গগন চন্দ্ৰ সোনোৱাল

গগন চন্দ্ৰ সোনোৱাল (Gagan Chandra Sonowal) আছিল অসমৰ সোণোৱাল কছাৰী জনগোষ্ঠীৰ এজন অসমীয়া সমাজকৰ্মী আৰু সুসাহিত্যিক।

গগন চন্দ্ৰ সোণোৱালৰ জন্ম হয় তিনিচুকীয়া জিলাৰ বৰহাপজানৰ সমীপৰ শুকানগুৰি চাহ বাগিছাত ১৯২৬ চনত ২৪ ডিচেম্বৰত। পিতৃৰ নাম তিলক সোনোৱাল আৰু মাতৃৰ নাম অদিতি সোনোৱাল।

মাকুম প্ৰাথমিক বিদালয়ত তেওঁৰ শিক্ষা-জীৱন আৰম্ভ হয় আৰু ডাঙৰী মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত উর্ত্তীর্ণ হয়। পিছত ডিব্রূগড় হনুমান বক্স কানৈ কলেজৰ পৰা কলা শাখাত প্ৰাক্‌-স্নাতক পৰীক্ষাত উর্ত্তীর্ণ হৈ শিক্ষা-জীৱনৰ সামৰণি মাৰে।

শিক্ষা জীৱনৰ সামৰণি মাৰি ১৯৪৭ চনত শিক্ষকৰূপে  কৰ্ম-জীৱনৰ পাতনি মেলে। শিক্ষকতাৰ বাদেও সোনোৱালদেৱে স্বাৱলম্বী হ’বলৈ জীৱিকাৰ বাবে  কৃষিকৰ্মতো আত্মনিয়োগ কৰিছিল।

ডাঙৰীৰ মধ্য ইংৰাজী বিদ্যালয়ত পঞ্চম শ্ৰেণীত পঢ়ি  থকা সময়ৰ  পৰা গগন চন্দ্ৰ সোনোৱালে সাহিত্য চৰ্চা আৰম্ভ কৰে। বিদ্যালয়ৰ হাতে লেখা আলোচনীৰ পাততেই ১৯৪২ চনত তেওঁৰ  ‘মানৱ সভ্যতা আৰু ক্ৰমবিকাশ’ শিৰোনামৰ প্ৰবন্ধটো ওলাইছিল। সোনোৱালদেৱৰ সাহিত্য সাধনাৰ উৎকৃষ্ট নিৰ্দশনৰূেপ বৰ্তমানলৈকে প্ৰকাশ পোৱা গ্ৰন্থসমূহ হৈছে: (১) ‘সোনোৱাল কছাৰীসকলৰ ঐতিহ্য’ (২) ‘অসমৰ সংস্কৃতিত সোনোৱালসকলৰ অৱদান’ আদি চৌবিশটা মৌলিক প্ৰৱন্ধ (৩) লোকসাহিত্য-সংগ্ৰহ, যেনে— গীত-মাত, হায়দাং হুঁচৰি, আইনাম, অপেচৰা নাম, লখিমী নাম ইত্যাদি। (৪) অন্যান্য ৰচনাৱলীত আছে তেৰটা অমূল্য নিৱন্ধ, (৫) ভাষাণাৱলীত সন্নিবিষ্ট হৈছে ঊনৈশটা ভাষণ, (৬) ছয়টা কবিতা—প্ৰভৃতি বিচিত্ৰ সাহিত্যকৰ্মই গগন চন্দ্ৰ সোনোৱালৰ জীৱনৰ কীৰ্তি। 

তেওঁ কাকপথাৰত প্ৰথম শাখা সাহিত্য সভা গঠন কৰিছিল। অবিভক্ত ডিব্রূগড় জিলাৰ সভাপতি আৰু তিনিচুকীয়া জিলাৰ প্রতিষ্ঠাপক সভাপতিৰ পদো অলংকৃত কৰিছিল। 

নিজৰ প্রতিষ্ঠা, প্ৰতিভাৰ প্ৰশংসাৰ প্ৰতি নিস্পৃহ, নীৰৱ কৰ্ম সাধনত একান্তভাৱে নিবিষ্ট থকা সোনোৱালদেৱে ২০০৯ চনৰ ২৭ অক্টোবৰত  ইহলীলা সম্বৰণ কৰে।  ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয় 

পৰশুৰাম সোনোৱাল

পৰশুৰাম সোনোৱাল (Parshuram Sonowal) আছিল অসমৰ সোনোৱাল কছাৰী জনগোষ্ঠীৰ এজন ক্ৰীড়াবিদ, সংগীত সাধক, শিক্ষাবিদ, উকিল আৰু  লেখক।

পৰশুৰাম সোনোৱালৰ জন্ম হয় ১৯০৪ চনৰ ২৫ মে’ তাৰিখে নগাঘূলি চাহ বাগিছাত। তেওঁৰ পিতৃৰ নাম আছিল পঞ্চানন সোনোৱাল আৰু মাতৃ আছিল গুটিমালা সোনোৱাল। 

গ্ৰেহেম বজাৰ নিম্ন বুনিয়াদী পাঠশালাত পৰশুৰাম সোনোৱালদেৱে প্ৰাথমিক শিক্ষাৰ শুভাৰম্ভ কৰে আৰু ১৯২৪ চনত প্ৰথম বিভাগত মেট্ৰিক পাছ কৰি  কটন কলেজৰ পৰা আই. এ. কলা শাখাত  প্ৰথম বিভাগত উর্ত্তীর্ণ হৈ কলিকতাৰ প্ৰেছিডেন্সী কলেজত নাম লগায়। ১৯৩২ চনত তেওঁ ‘ইউনিভাৰচিটি অব কলকাতা’ৰ পৰা বুৰঞ্জী বিভাগত স্নাতকোত্তৰ  ডিগ্ৰী লাভ কৰে।  লগতে একে সময়তে সেই বিশ্ববিদ্যালয়ৰ পৰা এল. এল. বি.- ত প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়।

যি সময়ত অসমত টেনিছ, ফুটবল আৰু হকী খেলৰ কোনো চিনাকি নাছিল, সেই সময়ছোৱাত পৰশু সোণোৱালে নিজা পাৰদৰ্শিতাৰে প্ৰেছিডেন্সী কলেজৰ ফুটবল, হকী আৰু টেনিছ খেলত এক সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। 

তেওঁ কৰ্মজীৱন আৰম্ভ কৰে ১৯৩৪ চনত ডিব্রূগড় উকীল সন্থাত যোগদান কৰি। এই উকীল সন্থাত নাম পঞ্জীয়ন কৰা এম. এ., এল. এল.বি. প্ৰথম অসমীয়া ব্যক্তিজন হ’ল পৰশুৰাম সোনোৱাল। 

পৰশুৰাম সোনোৱাল বহুতো সামাজিক কামতো জড়িত হৈছিল। সোনোৱালদেৱ একেৰাহে ডিব্রূগড় লোকেল ব’ৰ্ডৰ সক্ৰিয় সদস্য, অসম মেডিকেল স্কুল ব’ৰ্ডৰ সদস্য, জিলা ট্ৰাইেবল লীগৰ সভাপতি আদিকে ধৰি ডিব্রূগড় উকীল সন্থাৰ দুবাৰকৈ সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। স্বাধীনতাৰ পাছৰ সময়ছোৱাত অসমৰ অনুন্নত জাতি-জনগোষ্ঠীসমূহৰ সামাজিক, শৈক্ষিক, অৰ্থনৈতিক তথা সাংস্কৃতিক দিশ আগবঢ়াই নিবলৈ গঠন কৰা ‘সদৌ অসম ট্ৰাইেবল লীগ’ৰ বাবে তেওঁ বহুতো অৱদান তথা ত্যাগ স্বীকাৰ কৰি গৈছে।

খ্ৰীষ্টীয় ১৯৬০ চনৰ পহিলা অক্টোবৰৰ দিনা তেওঁ ইহলীলা সম্বৰণ কৰে। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়

যোগেশ দাস 

যোগেশ দাস (Yogesh Das) আছিল অসমৰ এজন শিক্ষাবিদ, গল্পকাৰ আৰু ঔপন্যাসিক।

সাহিত্যিক যোগেশ দাসৰ জন্ম হৈছিল ১৯২৭ চনত ডুমডুমাৰ হাঁহচৰা চাহ-বাগিছাত। তেওঁৰ পিতৃৰ নাম সূৰ্যকান্ত দাস আৰু মাতৃৰ নাম আছিল চিন্তামণি দাস। তেওঁৰ  বাগ্মীবৰ নীলমণি ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰে। ১৯৪৪ চনত অতি সুখ্যাতিৰে প্ৰৱেশিকা পৰীক্ষাত উর্ত্তীর্ণ হৈ ১৯৪৯ চনত কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৫৩ চনত স্নাতকোত্তৰ  হয়। 

ছাত্ৰ অৱস্থাৰ পৰাই তেওঁ গল্প ৰচনা কৰি এগৰাকী পৈণত গল্পকাৰৰ পৰিচয় দিছিল। ১৯৫৩ চনত তেওঁৰ প্ৰথম উপন্যাস ‘সঁহাৰি পাই’ প্ৰকাশ পায়।

ডুমডুমা হাইস্কুলত শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ কৰা যোগেশ দাসে ১৯৫৩ চনৰ পৰা ১৯৮৮ চনলৈকে গুৱাহাটী বি. বৰুৱা মহাবিদ্যালয়ত অধ্যাপনা কৰে আৰু অসমীয়া বিভাগৰ মুৰববী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে। জ্ঞানৰ সাধনাই তেওঁৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য আছিল।

শিক্ষকতা তেওঁৰ অন্তৰৰ আবেদন আছিল¸ যদিও সমান্তৰালভাবে অসমীয়া সাহিত্যক আগুৱাই নি বিশ্ব দৰবাৰত প্রতিষ্ঠা কৰাৰ উদ্দেশ্যে বহুতো গল্প, উপন্যাস, আৰু প্ৰৱন্ধ ৰচনা কৰিছিল।

যোগেশ দাসৰ গল্প-পুথিসমূহ হ’ল— ‘পপীয়া তৰা’ (১৯৫৬), ‘ডাৱৰৰ আঁৰে আঁৰে’ (১৯৫৮), ‘ত্রিবেণী’ (১৯৬১), ‘মদাৰৰ বেদনা’ (১৯৬৩) আৰু ‘হাজাৰ লোকৰ ভীৰ’ (১৯৬৫)। উপন্যাসসমূহ— ‘সঁহাৰি পাই’ (১৯৫৩), ‘ডাৱৰ আৰু নাই’ (১৯৫৫), ‘জোনাকীৰ জুই’ (১৯৫৬), ‘উৎকণ্ঠ উৎকণ্ঠ’ (১৯৬০), ‘ছাঁ জুই খেদি’ (১৯৬১), ‘নিৰুপায় নিৰুপায়’ (১৯৬৩), ‘এমুঠি ধূলি’ (১৯৬৫), ‘হেজাৰ ফুল’ (১৯৬৭), ‘অবৈধ’ (১৯৭২), ‘জুইৰ ধোঁৱা’ (১৯৭২), ‘নৰেশ, মালতী’ (১৯৭৭), ‘ৰজনী বিদূৰ’ (১৯৮১) ইত্যাদি। তদুপৰি তেওঁ অন্যান্য বহুতো গ্ৰন্থ লেখি থৈ গৈছে। ইংৰাজী গ্ৰন্থ ‘Folk Lore of Assam’, অনুবাদ গ্ৰন্থ— ‘বনে বনে’ জীৱনী গ্ৰন্থ— ‘হেম বৰুৱা’ ইত্যাদি।

এইগৰাকী প্ৰথিতযশা গদ্যশিল্পী যোগেশ দাসে জীৱনত বহুতো বঁটা-বাহন লাভ কৰিছিল। ১৯৮০ চনত ‘পৃথিৱীৰ অসুখ’ নামৰ গ্ৰন্থখনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে। ১৯৮৬ চনত ‘আকৌ বনে বনে’ গ্ৰন্থৰ বাবে ‘মোক্ষদানন্দ পাঠক শিশু-সাহিত্য বঁটা’ ১৯৮৯ চনত ‘এনাজৰী’ গ্ৰন্থৰ বাবে ‘সীতানাথ ব্রহ্মচৌধুৰী বঁটা’ লাভ কৰে । ১৯৯৪ চনত তেওঁলৈ আগবঢ়োৱা হয় ‘অসম উপত্যকা সাহিত্য বঁটা’।

এইগৰাকী স্থিতপ্ৰজ্ঞ তথা বৰেণ্য ব্যক্তিৰ ১৯৯৯ চনৰ ৯ চেপ্তেম্বৰত দেহাৱসান হয়। ০ ০ ০ 

বিশ্ব ব্যক্তি পৰিচয়  

যোগেন্দ্ৰ নাথ হাজৰিকা

যোগেন্দ্ৰ নাথ হাজৰিকা (Yogendra Nath Hazarika) আছিল একেধাৰে কৃতী ছাত্ৰ, আদৰ্শ সমাজবাদী, সু-সংগঠক, সু-লেখক, বুদ্ধিজীৱী, আলোচনী সম্পাদক, আইনবিদ, সু-দক্ষ সাংসদ, ভাৰতৰ প্ৰথমগৰাকী বহিঃপৰিক্ৰমা বিভাগৰ সংসদীয় সচিব, চতুৰ ৰাজনীতিবিদ, বিধায়ক, দক্ষ প্ৰশাসক, বিধান সভাৰ অধ্যক্ষ তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী। যোগেন্দ্ৰ নাথ হাজৰিকা অসমৰ জনসাধাৰণৰ মাজত ‘যোগেন হাজৰিকা’ নামেৰে অধিক জনাজাত।

যোগেন্দ্ৰ নাথ হাজৰিকা আছিল সকলো গুণেৰে বিভূষিত। সুন্দৰ শাৰীৰিক গঠন থকা, বগা খদ্দৰৰ পোছাক পৰিধান কৰিবলৈ ভালপোৱা যোগেন্দ্ৰ নাথ হাজৰিকাৰ আছিল ধীৰ-স্থিৰ, গম্ভীৰ,  পৰিপাটি, কথা-বতৰাত সংযমী, আচাৰ-ব্যৱহাৰত ভদ্ৰ আৰু বুদ্ধিদীপ্ত ব্যক্তি।  

অসমৰ ডিব্রূগড় জিলাৰ টেঙাখাত অঞ্চলৰ পুৰণিখঙিয়া গাঁৱত ১৯২৪ চনৰ ২৪ ফেব্রূৱাৰীত এটি দৰিদ্ৰ পৰিয়ালত যোগেন হাজৰিকাদেৱৰ জন্ম হৈছিল। তেওঁৰ পিতৃ-মাতৃ ক্ৰমে গোলাপ চন্দ্ৰ হাজৰিকা আৰু ৰত্না হাজৰিকা। 

আৰ্থিক অনাটনৰ বাবে তেওঁৰ পৰিয়ালটো জন্মস্থান টেঙাখাতৰ পৰা বুঢ়ীদিহিঙৰ পাৰৰ হাতীবন্ধা গাঁৱলৈ উঠি গৈছিল। তেওঁলোকৰ বাসস্থান হাতীবন্ধা গাঁৱত সেইসময়ত কোনো প্ৰাথমিক বিদ্যালয় নথকাত যোগেন হাজৰিকাই টেঙাখাত ঘাঁহি গাঁৱৰ নিজ পৰিয়ালৰ এঘৰত থাকি ওচৰতে ভেকোৱাজান প্ৰাথমিক বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰিছিল। দৈন্যতাৰ বাবে যোগেন হাজৰিকাই চানা-বাদাম বিক্ৰী কৰি শিক্ষাৰ খৰচ উলিয়াব লগা হৈছিল। ডিব্রূগড়ৰ আগশাৰীৰ আইনবিদ পৰশুৰাম সোনোৱালৰ প্ৰেৰণা আৰু  আৰ্থিক সাহায্যত তেওঁ ১৯৪১ চনত ডিব্রূগড় চৰকাৰী ল’ৰাৰ হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীর্ণ হৈ ১৯৪৬ চনত কটন কলেজৰ পৰা স্নাতক, ১৯৪৯ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ  (এম.এ.) আৰু ১৯৫২চনত আইনৰ ডিগ্ৰী লাভ কৰে। উল্লেখযোগ্য যে যোগেন হাজৰিকা সোনোৱাল জনগোষ্ঠীৰ দ্বিতীয়গৰাকী এম.এ. আৰু তৃতীয় গৰাকী বি.এল. ডিগ্ৰীধাৰী ব্যক্তি আছিল।

তেওঁ এজন সুদক্ষ ৰাজনীতিকো আছিল আৰু লোকসভাৰ সাংসদ হৈছিল। তেওঁ ১৯৫২চনৰ পৰা ১৯৬৭ চনলৈকে বহিঃপৰিক্ৰমা বিভাগৰ সংসদীয় সচিবৰূপে নিয়োজিত আছিল।

সংসদীয় ৰাজনীতিৰ পৰা হাজৰিকাদেৱে আশীৰ দশকত অসমৰ ৰাজনীতিৰ বিধান সভাৰ মজিয়াত প্ৰৱেশ কৰে। বিধানসভাৰ নিৰ্বাচনত তেওঁ ডিব্রূগড় জিলাৰ দুলীয়াজান সমষ্টিৰ পৰা জনতা দলৰ পৰা অসম বিধান সভালৈ নিৰ্বাচিত হয় আৰু অসম বিধান সভাৰ সন্মানীয় অধ্যক্ষ পদত অধিষ্ঠিত হয়। তাৰ পিছত ১৯৭৯ চনত তেওঁ ৯১ দিনৰ বাবে  অসমৰ মুখ্যমন্ত্ৰী হয়।

যোগেন হাজৰিকাদেৱে কলিকতা বিশ্বদ্যিালয়ৰ পৰা ১৯৫২ চনত আইনৰ ডিগ্ৰী লাভ কৰে। আইনৰ ডিগ্ৰী লাভ কৰি হাজৰিকাদেৱে ১৯৫২ চনত কলিকতাৰ হাইক’ৰ্টত ওকালতি জীৱন আৰম্ভ কৰি সেই বছৰতেই ডিব্রূগড়লৈ আহি বাৰ  লাইব্রেৰীত যোগদান কৰিছিল।

যোগেন হাজৰিকাই সাহিত্য চৰ্চাও কৰিছিল। ‘নায়ক’ নামৰ এখন আলোচনী সম্পাদনা কৰাৰ উপৰিও তেওঁ অসমীয়া আৰু ইংৰাজী ভাষাত প্ৰবন্ধ-পাতি লিখিছিল। ‘ভাৰতৰ স্বাধীনতাৰ চমু বুৰঞ্জী আৰু গণ পৰিষদ’ আৰু ইংৰাজী ভাষাত লিখা— ‘Consideration on Twenty five Million Soul of Tribal India’ হাজৰিকাদেৱৰ দুখন অতি উল্লেখযোগ্য গ্ৰন্থ।

এইজন বহুগুণী যোগেন্দ্ৰনাথ হাজৰিকাই ১৯৯৭ চনৰ ৩০ চেপ্তেম্বৰ তাৰিখে জীৱন নাট সামৰি এই সংসাৰৰ পৰা চিৰ বিদায় মাগে। ০ ০ ০ 

বিশ্ব ব্যক্তি পৰিচয়  

বিষ্ণু প্ৰসাদ ৰাভা

বিষ্ণু প্ৰসাদ ৰাভা (Vishnu Prasad Rava আছিল  ৰাভা জনজাতিৰ এজন অসমীয়া কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, অভিনেতা আৰু স্বাধীনতা বিপ্লৱী। তেওঁ অসমৰ ‘কলাগুৰু’ বুলি পৰিচিত।

বিষু্ণপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল ঢাকা মহানগৰীৰ সেনা ছাউনীত ১৯০৯ চনৰ ৩১ জানুৱাৰীত। তেওঁ আছিল চৰ্দাৰ বাহাদুৰ গোপাল চন্দ্ৰ ৰাভা আৰু গেথী বালা ৰাভাৰ পুত্ৰ। বিষ্ণু ৰাভাৰ প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিল ঢাকাৰ এখন প্ৰাথমিক বিদ্যালয়ৰ ইংৰাজী মাধ্যমত। কিন্তু দেউতাকে পিছত বঙালী মাধ্যমত ভৰ্তি কৰায় যদিও পিছলৈ তেজপুৰলৈ আহি অসমীয়া মাধ্যমত শিক্ষা গ্ৰহণ কৰে।

খ্ৰীষ্টীয় ১৯২৬ চনত তেজপুৰ হাইস্কুলৰ পৰা জিলাৰ ভিতৰতে প্ৰথম হৈ প্ৰৱেশিকা পাছ কৰি ‘কুইন এমপ্ৰেছ’ পদক লাভ কৰিছিল। হাইস্কুলীয়া শিক্ষা জীৱনৰ পৰাই বিষ্ণু ৰাভা আগশাৰীৰ খেলুৱৈ আছিল। ফুটবল, ক্ৰিকেট, হকী খেলাৰ উপৰিও সুন্দৰ গীত গাইছিল, নৃত্য কৰিছিল, অভিনয় কৰিছিল আৰু চিত্ৰ আঁকিছিল। ১৯২৬ চনত কলকাতাৰ চেণ্টপল কলেজত বিজ্ঞান শাখাত নাম ভৰ্তি কৰে  আৰু সেই বছৰে এই কলেজৰ ক্ৰিকেট দলৰ কেপ্তেইন নিৰ্বাচিত হয়। চেণ্টপল কলেজৰ পৰা প্ৰথম বিভাগত আই. এছ. চি. পাছ কৰাৰ পিছত ১৯৩০ চনত ৰিপন কলেজত পদাৰ্থ বিজ্ঞানত অনাৰ্চ লৈ বি. এছ. চি. পঢ়ে। ৰিপন কলেজতো তেওঁ ফুটবলৰ কেপ্তেইন নিৰ্বাচিত হয়। সেই সময়তে ভাৰতৰ স্বাধীনতা আন্দোলনৰ জোৱাৰে কলকাতা মহানগৰী অস্থিৰ কৰি তুলিছিল। দেশপ্ৰেমী বিষ্ণু ৰাভায়ো স্বাধীনতা আন্দোলনত যোগ দিয়ে আৰু স্বদেশপ্ৰেমমূলক বিপ্লৱী গীত ৰচনা কৰি জনসাধাৰণক স্বাধীনতা বিপ্লৱৰ প্ৰতি উদ্বুদ্ধ কৰে।

বিষ্ণু ৰাভাই ১৯৩৭ চনত  প্ৰিয়লতা দত্তৰ লগত বিবাহ-পাশত আবদ্ধ হয় যদিও মাত্ৰ ২৮ দিন সংসাৰ পতাৰ পিছতে পত্নীৰ মৃত্যু হয়। ৰাভাদেৱে ১৯৬৭ চনত তেজপুৰ সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হয়।

১৯৬৯ চনৰ ২০ জুনৰ দিনা এইজনা বিপ্লৱী নেতা কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ জীৱন নাটৰ সামৰণি পৰে।

সমগ্ৰ জীৱন দলিত আৰু অৱহেলিতৰ পক্ষে সংগ্ৰাম কৰা বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ জীৱন আছিল সীমাহীন দুখ-যন্ত্ৰণাৰে ভৰা। তাৰ মাজেৰে তেওঁৰ দ্বাৰা সৃষ্ট গীত, নৃত্য, লেখাসমূহে তেওঁক জনমানসত অমৰ কৰি ৰাখিব। ০ ০ ০ 

বিশ্ব ব্যক্তি পৰিচয়  

ৰাজেন ৰাভা

ৰাজেন ৰাভা (Rajen Rava) অসমৰ ৰাভা জনজাতিৰ এজন কৃতী শিক্ষক, প্ৰথিতযশা সাহিত্যিক আৰু গৱেষক আছিল। ৰাজেন ৰাভাৰ জন্ম হয় ১৯২০ চনৰ ১৮ ছেপ্তেম্বৰত দুধনৈত।

ৰাজেন ৰাভাৰ শিক্ষা জীৱন আৰম্ভ হয় স্থানীয় এটি বিদ্যালয়ত। কিন্তু পৰিয়ালৰ আৰ্থিক অৱস্থা অতি দুৰ্বল হোৱা বাবে প্ৰাথমিক শিক্ষা সাং কৰি মাত্ৰ পাঁচ টকা পাৰিতোষিকেৰে এখন মাৰোৱাৰী দোকানত কাম কৰিবলৈ লয়। পিছত সংকল্পৰ দৃঢ়তাৰ বাবেই প্ৰাইেভটকৈ মেট্ৰিক; আই. এ. আৰু শেষত অসমীয়া বিভাগত এম এ পৰীক্ষাত উর্ত্তীর্ণ হৈ  ৰাভা আৰু সমাজ-সংস্কৃতি বিষয়ত অধ্যয়ন আৰু গৱেষণা কৰিবলৈ লয়। 

কিছুদিন তেওঁ কৃষিকাৰ্যতো মনোনিৱেশ কৰাৰ লগতে মণিহাৰী বস্তুৰো বেপাৰ কৰিছিল। মহাত্মা গান্ধীৰ নেতৃত্বত চলা ভাৰতৰ স্বাধীনতা আন্দোলনতো তেওঁ যোগদান কৰি ‘কৰিম কিম্বা মৰিম’ বাহিনীত ভৰ্তি হৈছিল। 

ছাত্ৰ অৱস্থাৰে পৰা ৰাজেন ৰাভাই সাহিত্যৰ প্ৰতি আকৰ্ষিত হয়। পিছলৈ তেওঁ ‘ৰাভা সাধু’, ‘ৰাভা জনজাতি’ আদিৰ উপৰিও দুকুৰিৰো অধিক প্ৰৱন্ধ ৰচনা কৰে। 

তেওঁ অসম সাহিত্য সভাৰ বঙাইগাঁও অধিৱেশনৰ উপসভাপতি আৰু দুধনৈ অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি আছিল। তেওঁক অসম চৰকাৰে সাহিত্যিক পেঞ্চন প্ৰদান কৰাৰ লগতে ১৯৪৬ চনত ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰো বঁটা প্ৰদান কৰে। ০ ০ ০ 

বিশ্ব ব্যক্তি পৰিচয়  

প্ৰসন্ন পাম

প্ৰসন্ন পাম (Prashanna Pam) অসমৰ ৰাভা জনগোষ্ঠীৰ এজন শিক্ষাবিদ, গীতিকাৰ আৰু নাট্যকাৰ আছিল। তেওঁক ‘ৰাভা কৃষ্টিৰ  ৰূপকাৰ’ বুলি কোৱা হয়।

ৰাভা কৃষ্টিৰ ৰূপকাৰ প্ৰসন্ন পামৰ জন্ম হৈছিল ১৯৩২ চনত গোৱালপাৰা জিলাৰ বালিজান চক্ৰৰ অন্তৰ্গত লাতাপাৰা গাঁৱত। পিতৃ কলম কুমাৰ ৰাভা আৰু মাতৃ দাখেল বালা ৰাভা। পূৰ্ব গাৰো পাহাৰ জিলাৰ মাণিকগঞ্জ প্ৰাথমিক বিদ্যালয়ত শিক্ষা-জীৱনৰ পাতনি মেলে।

প্ৰসন্ন পাম সৰুৰে পৰা ৰাভা কৃষ্টিৰ সাধনাত ব্রতী হৈ পৰে। পিছলৈ তেওঁ অনাতাঁৰ শিল্পী হিচাপে সুখ্যাতি লাভ কৰে। পামে বহু গীত ৰচনা কৰি নিজে সুৰ দিছিল। এইবোৰ গীতৰ কথা আৰু সুৰ সাম্প্ৰতিক সময়লৈকে অতি জনপ্ৰিয় হৈ আছে। ‘দদান বীৰ’ নাটকৰ জৰিয়তে জনপ্ৰিয় হোৱা প্ৰসন্ন পামৰ ‘মাৰুক্ষেত্ৰী’, ‘সৃষ্টিবিধান’, ‘ময়ৰা শক্তি’, ‘লাঙা মুক্তি’, ‘কামগিৰি শক্তি’, ‘পিদান সংসাৰ’, ‘মায়া হাছং’, ‘লেখা তেৱা জমা তংচা’ ইত্যাদি গ্ৰন্থ অপ্ৰকাশিত অৱস্থাত ৰৈ আছে।

সমগ্ৰ জীৱন ৰাভা কৃষ্টি অক্লান্তভাৱে সাধনা কৰা প্ৰসন্ন পাম ১৯৫২ চনত অমনী বালা ৰাভাৰ স’তে বিবাহ পাশত আবদ্ধ হৈ চাৰিজন ল’ৰা আৰু তিনিজনী ছোৱালীৰ পিতৃ হয়।

১৯৭৮ ইং চনৰ ২ ফেব্রূৱাৰীত এক নিৰ্বাচনী প্ৰচাৰৰ সহযোগী হৈ ঘূৰি ফুৰোঁতে মটৰ দুৰ্ঘটনাত এইজনা মহান শিল্পীৰ অকাল বিয়োগ ঘটে। ০ ০ ০ 

বিশ্ব ব্যক্তি পৰিচয়  

বীৰুবালা ৰাভা

বীৰুবালা ৰাভা (Birobala Rava) হৈছে অসমৰ ৰাভা জনগোষ্ঠীৰ এজনী সমাজ সেৱিকা আৰু মানৱ দৰদী সংগ্ৰামী নেত্ৰী। 

বীৰুবালা ৰাভাই গোৱালপাৰা জিলাৰ ঠাকুৰবিলা নামৰ ভিতৰুৱা গাঁও এখনত ১৯৪৯ চনত জন্ম লাভ কৰে।  বীৰুবালা ৰাভাৰ পিতৃৰ নাম আছিল কালিয়াৰাম ৰাভা আৰু মাতৃৰ নাম সাগৰবালা ৰাভা। 

প্ৰাথমিক বিদ্যালয়ৰ ৩য় শ্ৰেণীলৈ পঢ়ি মাত্ৰ ১৫ বছৰ বয়সতে বিবাহ পাশত আবদ্ধ হোৱা বীৰুবালা ৰাভাৰ কৰ্মজীৱনৰ আৰম্ভণি হয় বোৱা-কটা কামৰ জৰিয়তে। ইয়াৰ লগে লগে সামাজিক কু-সংস্কাৰ ডাইনী হত্যাৰ বিৰুদ্ধে সক্ৰিয় অংশ গ্ৰহণ কৰে। অবিৰামভাৱে এই কামত লাগি থকা বীৰুবালা ৰাভাই তেওঁৰ কামৰ স্বীকৃতি হিচাপে বহুতো বঁটা আৰু তলত উল্লেখ কৰা স্বীকৃতিসমূহ লাভ কৰে:

২০০৫ চনত শান্তিৰ নোবেল বঁটালৈ মনোনয়ন।

২০০৫ চনত Real Hero স্বীকৃতি, IBN 18 Network and Reliance Group.

২০১১ চনত সমাজপ্ৰাণ সর্বেশ্বৰ দত্ত মেমোৰিয়ল বঁটা পুৰস্কাৰ প্ৰদানেৰে ‘সমাজপ্ৰাণ’ পুৰস্কাৰ।

২০১১ চনত উৰ্মিলা দাস মেমোৰিয়েল বঁটা।

২০১২ চনত ডিব্রূগড় মহিলা ক্লাৱৰ ‘জয়মতী’ বঁটা প্ৰদান।

২০১৩ চনত ইংখং ৱেলফেয়াৰ ছ’ছাইটি কোকৰাঝাৰ জিলাৰ দ্বাৰা ‘মেন অৱ দা ইয়াৰ’ বঁটা।

২০১৪ চনত শিৱসাগৰ সোণাৰী টাই আহোম যুৱ পৰিষদৰ দ্বাৰা ‘বীৰাংগনা মূলাগাভৰু’ বঁটা।

২০১৫  চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা সন্মানীয় ডক্টৰেট  ডিগ্ৰী প্ৰদান।

বৰ্তমান তেওঁ ‘Mission Birubala’-ৰ জৰিয়তে ডাইনী হত্যাৰ দৰে অন্ধবিশ্বাসৰ বিৰুদ্ধে অহৰহভাৱে কাম কৰি আছে। ০ ০ ০ 

বিশ্ব ব্যক্তি পৰিচয়  

নাওৰিয়া ফুলো

নাওৰিয়া ফুলো (Naoriya Phulo) এজন আধুনিক মণিপুৰী সাহিত্যিক।

তেওঁৰ জন্ম হয় অসমৰ হাইলাকান্দি জিলাৰ ৰাজেশ্বৰপুৰ মৌজাৰ ‘লাইশ্ৰম খুন’ নামৰ গাঁৱত ১৮৮৮ চনৰ ২৮ আগষ্টত।  তেওঁ আছিল নাওৰেম চাওবা আৰু থম্বৌ দেবীৰ পঞ্চম সন্তান। জন্মতে কুন্দত কটা যেন সুন্দৰ-সুঠাম শিশুটিক ককাকে নাম দিছিল ‘ফুন্দ্ৰেই’ অৰ্থাৎ কুন্দ। পঢ়াশালীৰ শিক্ষকে সুকোমল এপাহ ফুলৰ দৰে ধুনীয়া ল’ৰাটিৰ নাম দিছিল ‘ফুলো’।

তেওঁলোকৰ পূৰ্বপুৰুষসকল আছিল ৰাজন্য শাসিত মণিপুৰ দেশৰ প্ৰজা। তেওঁলোকৰ কোনোবা আজো-ককাক এজন ৰাজদৰবাৰৰ বিষয়া আছিল। পিছত মান-ভগনত আজোককাক হেৰান্দ স্বদেশ এৰি ভগনীয়া দলৰ সৈতে আহি অসমৰ হাইলাকান্দিত নিগাজীকৈ থাকিবলৈ লয়। নাওৰিয়া ফুলোই স্থানীয় বিদ্যালয়ত শিক্ষা লাভ কৰি শিক্ষকতাৰ চাকৰিত সোমায়।

কুৰি শতিকাৰ তৃতীয় দশকটো (১৯২০-৩০) মণিপুৰী আধুনিক সাহিত্যৰ অৰুণোদয়ৰ সময়। এই দশকটোতে পশ্চিমীয়া শিক্ষাৰে শিক্ষিত এচাম মণিপুৰী ভাষাপ্ৰেমীয়ে সাহিত্য ৰচনাত আত্মনিয়োগ কৰে। নাওৰিয়া ফুলোই শিক্ষকতা কৰি থকা সময়ৰ পৰাই সাহিত্য চৰ্চাত মনোযোগ দিয়ে । তেওঁৰ সাহিত্য চৰ্চা আৰম্ভ কৰে অনুবাদেৰে। ১৯১৮ ৰ পৰা ১৯১৯ চনলৈকে হিন্দু উপাখ্যানৰ কাহিনীৰে মুঠ পাঁচখন নাটক ৰচনা কৰে। সেইসমূহ (১) ‘ইনিংথৌ হৰিচন্দ্ৰ’—(ৰজা হৰিচন্দ্ৰ) (২) ‘সীতা বনবাস’ (৩) ‘ৰামনা বনবাসতগী হল্‌লক্‌লবদা’—(বনবাসৰ পৰা ৰামৰ প্ৰত্যাৱৰ্তনত) (৪) ‘দুষ্মন্ত শকুন্তলা’ (৫) ‘শ্ৰৱণ কুমাৰ’। পৰৱৰ্তী সময়ত—(১৯৩০-৪০) ১১ বছৰৰ ভিতৰত কবিতা আৰু নিবন্ধৰ মুঠ ১৯ খন গ্ৰন্থ ৰচনা কৰে।

তেওঁৰ গদ্যত ৰচিত উল্লেখনীয় গ্ৰন্থসমূহ—(১) ‘মীতৈ হৌভম ৱাৰী’ (মীতৈৰ ইতিবৃত্ত), (২) ‘গৌড় ধৰ্ম চঙকপা মতাং’ (গৌড় বা গৌড়ীয় ধৰ্ম প্ৰবৰ্তনৰ সন্ধিক্ষণ), (৩) ‘মীতৈ য়েলহৌ ময়েক’—(মীতৈ প্ৰাচীন লিপি), (৪) ‘অহন য়াথং’—(গুৰু উপদেশ), (৫) ‘হৌৰকপা অমসুং হৌভম’ (পুৰাবৃত্ত), (৬) ‘বামোনগী মতিক’—(বামুণৰ প্ৰভাৱ), (৭) ‘ঐগী ৱাৰেং’—(মোৰ গদ্যযনিবন্ধ) ইত্যাদি।

তেওঁৰ কবিতাসমূহ আধ্যাত্মিক ভাৱাপন্ন আৰু প্ৰাচীন ঐতিহ্যৰ কীৰ্তিগাঁথাৰ উপৰিও বিলুপ্ত মীতৈ দেৱ-দেৱীৰ স্তুতি, মন্ত্ৰ, গীত আদিৰে পৰিপূৰ্ণ। 

বহুমুখী প্ৰতিভাধাৰী এইগৰাকী ক্ষণজন্মা পুৰুষে মাত্ৰ ৫৩ বছৰ বয়সত ১৯৪১ চনৰ ৩০ জুন তাৰিখে পৰলোক গমন কৰে। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

যতীন্দ্ৰ সিংহ

যতীন্দ্ৰ সিংহ (Jatindra Sinha) আছিল অসমৰ এজন মণিপুৰী নৃত্যশিল্পী আৰু অধ্যাপক।

যতীন্দ্ৰ সিংহৰ জন্ম হয় 1943 চনত এপ্ৰিল মাহৰ 22 তাৰিখে অসমৰ কাছাৰ জিলাৰ লক্ষীমপুৰত। যতীন্দ্ৰ সিংহ, মণিপুৰী নট-সংকীৰ্তন গুৰু কে. কামিনী সিংহ আৰু শ্ৰীমতী পশোৎলৈমা দেৱীৰ পুত্ৰ। ল’ৰালিৰে  পৰা তেওঁ আছিল অতি নম্ৰ, বিনয়ী আৰু  সংগীত তথা নৃত্যপ্ৰেমী। বংশৰ ঐতিহ্যৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি শৈশৱতেই পিতৃ আৰু কে. কামিনী সিংহৰ পৰা নট্‌ সংকীৰ্তন আৰু নৃত্যৰ আদিপাঠ গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত সেই সময়ৰ মণিপুৰ  ৰাজ্যৰ প্ৰখ্যাত নৃত্যগুৰু, লোকেশ্বৰ, গুৰু অমুবী আৰু গুৰু অতোম্বাৰ পৰা নৃত্যৰ তালিম লয়।

খ্ৰীষ্টীয় ১৯৬৫ চনত বৃত্তি পাই বিশ্বভাৰতী শান্তিনিকেতনলৈ নৃত্য শিক্ষাৰ বাবে যায়।  নৃত্যশিক্ষা সাং কৰি তাতেই তেওঁ নৃত্য আৰু সংগীত বিভাগত অধ্যাপকৰ পদত নিযুক্তি পাই শান্তি নিকেতনত নিগাজিকৈ থাকিবলৈ লয়। অধ্যাপনাৰ সমান্তৰালভাৱে তেওঁ নৃত্যৰ সাধনাত মনোনিৱেশ কৰে। বিভিন্ন নৃত্যৰ সংযোজন আৰু সংমিশ্ৰণৰ জৰিয়তে তেওঁ আটকধুনীয়া নতুন নৃত্যশৈলী উদ্ভাৱন কৰি শিক্ষাৰ্থীসকলক শিকাইছিল। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আয়োজিত নৃত্যৰ বহু কৰ্মশালা, আলোচনাচক্ৰ তথা সাংস্কৃতিক সমাৰোহত নৃত্যৰ প্ৰদৰ্শন তথা বক্তৃতা প্ৰদান কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। তেওঁ বিশ্বভাৰতীৰ সংগীত বিভাগৰ শিল্পী সমন্বিতে, দক্ষিণ আমেৰিকা, চীন, জাপান, মালয়েছিয়া, ছিংগাপুৰ, ফ্রান্স, ৰাছিয়া, ম্যানমাৰ আৰু বাংলাদেশকে আদি কৰি বিশ্বৰ বিভিন্ন দেশত মণিপুৰী আৰু ৰবীন্দ্ৰ নৃত্য মঞ্চায়ন কৰি দৰ্শকৰ ভূয়সী প্ৰশংসা লাভ কৰিছিল। 

বিশ্বভাৰতী শান্তিনিকেতনত প্ৰথমে অধ্যাপনা আৰু শেহত কিছু বছৰ অধ্যক্ষৰ দায়িত্বত কাৰ্য নিৰ্বাহ কৰি ২০১০ চনত অৱসৰ গ্ৰহণ কৰে। অৱসৰৰ পিছতো সংগীত নৃত্য-নাটিকা আদিত অন্তঃকৰণেৰে জীৱনৰ অন্তিম মুহূৰ্তলৈকে সেৱা আগবঢ়াই গৈছিল। তেওঁ ‘ত্ৰিধাৰ’ আৰু ‘মীৰজিঙ্গাঁনসা’ নামৰ দুখন টেলিফিল্মতো অভিনয় কৰিছিল। গুৰু কে. যতীন্দ্ৰ সিংহক ২০০৬ চনত মণিপুৰী সাহিত্য পৰিষদ, অসমে ‘নৃত্যগুৰু’, ২০১০ খ্ৰীষ্টাব্দত ৰাজকুমাৰ বুদ্ধিমন্ত মেমৰিয়েল ডান্স একাডেমী ত্ৰিপুৰাই ‘ৰাজকুমাৰ মেমোৰিয়েল এৱাৰ্ড’, আৰু ২০১২ চনত মণিপুৰী সাহিত্য পৰিষদ, ‘নৃত্যৰত্ন’ উপাধিৰে সন্মানিত কৰে।

মণিপুৰী নৃত্যৰ বিৰল প্ৰতিভাৰ অধিকাৰী বৰেণ্য শিল্পী নৃত্যগুৰু কে. যতীন্দ্ৰ সিংহ  ২ এপ্ৰিল ২০১৮ চনত শান্তিনিকেতনৰ অবল পল্লীৰ নিজা বাসগৃহত মৃত্যু বৰণ কৰে। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

সৰস্বতী সিংহা 

সৰস্বতী সিংহা (Saraswati Sinha) আছিল অসম  আন্দোলৰ এগৰাকী নেত্ৰী, সমাজসেবিকা আৰু মণিপুৰী ভাষা সাহিত্যৰ সেৱক।

সৰস্বতী সিংহা ১৯৫৮ চনৰ ৮ চেপ্তেম্বৰত হোজাই জিলাৰ লংকা অঞ্চলৰ আমপুখুৰী গাঁৱৰ এটা কৃষক পৰিয়ালত জন্ম গ্ৰহণ কৰে। পিতৃৰ নাম ৱাহেংবম জয়চন্দ্ৰ সিংহ আৰু মাতৃৰ নাম ৱাহেংবম ফজবী দেবী।

আমপুখুৰী নিম্ন প্ৰাইমাৰী স্কুলৰ পৰাই শিক্ষা জীৱনৰ আৰম্ভ কৰি লংকা ৰাষ্ট্ৰভাষা হাইস্কুলৰ পৰা ১৯৭৬ চনত প্ৰৱেশিক্ষা পৰীক্ষাত উত্তীর্ণ হয়। পিছত নগাঁও গাৰ্লচ কলেজৰ পৰা ১৯৮১ চনত বি. এ. পাছ কৰে। কিছু বছৰৰ বিৰতিৰ পিছত ১৯৮৩ চনত নগাঁও আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক উপাধি লাভ কৰে।

খ্ৰীষ্টীয় ১৯৮২ চনত অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগত অঙ্গনৱাদী কৰ্মী হিচােপ কৰ্ম জীৱনৰ পাতনি মেলে। কিছুদিনৰ পিছত আমপুখুৰী এল পি স্কুলত শিক্ষক হিচাপে যোগদান কৰে। ১৯৮৫ চনৰ ১৪ ছেপ্তেম্বৰত শিক্ষকতাৰ পৰাও অব্যাহতি লয়।

সৰস্বতী সিংহাৰ উদ্যোগত ২০০৫  চনত মণিপুৰী ভাষা-সাহিত্যৰ উন্নতিৰ কাৰণে হোজাইত ‘পান মণিপুৰী লিটাৰেৰী ফ’ৰাম’ (নিখিল মণিপুৰী সাহিত্য মঞ্চ) প্রতিষ্ঠা হয়।  

আইনৰ স্নাতক সৰস্বতী সিংহাই ১৯৯৬ চনত হোজাইৰ শঙ্কৰদেৱ নগৰ আদালতত এগৰাকী অধিবক্তাৰূপে যোগদান কৰে। তেওঁৰ বাকপটুতা, প্ৰত্যুৎপন্নমতি আৰু অধ্যৱসায়ী গুণৰ কাৰণে অতি কম দিনৰ ভিতৰত এগৰাকী পেচাদাৰী আইনজীৱীৰূেপ নিজকে প্রতিষ্ঠা কৰে। উল্লেখযোগ্য যে তেওঁ অসমৰ ব্রহ্মপুত্ৰ উপত্যকাৰ প্ৰথমগৰাকী মণিপুৰী মহিলা অধিবক্তা।

তেওঁ অন্তঃকৰণেৰে উপলব্ধি কৰিছিল—নাৰী সমাজৰ চেতনা জাগৰণৰ প্ৰয়োজন। সেয়েহে তেওঁ ‘মৈৰা পাইবী লূপ’ অৰ্থাৎ ‘জোঁৰলোৱা মহিলা বাহিনী’ নামৰ এটি মহিলা সংগঠনৰ জন্ম দিছিল। ১৯৭০ চনত চুবুৰীয়া মণিপুৰত ‘অল মণিপুৰ উইমেন ছচিয়েল ৰিফোৰমেশ্বন এণ্ড ডেভেলপমেণ্ট সমাজ’ নামৰ আন এটা মহিলা সংগঠনৰ জন্ম দিয়ে। এই নাৰী বাহিনীয়ে সমাজৰ কু-সংস্কাৰৰ বিৰুদ্ধে সংগ্ৰামত নামিছিল। প্ৰথমে যুঁজ দিছিল সমাজৰ মাদক দ্ৰব্য সেৱন আৰু জুৱা খেল নিৰ্মূল অভিযানত। তেওঁ হোজাই-লংকাৰ নাৰী সমাজত নতুন চেতনা জগাই এক জাগৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ সমাজ সেৱাৰ জীৱনজোৰা অৱদানৰ কাৰণে মণিপুৰী সাহিত্য পৰিষদ, অসমে ২০১২ চনত ‘সমাজসেবিকা’ উপাধি আৰু বঁটাৰে বিভূষিত কৰে।

খ্ৰীষ্টীয় ২০১২ চনৰ ৫ ডিচেম্বৰত তেওঁ ইহলীলা সম্বৰণ কৰে। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

নোংথোম্বম বিদ্যাপতি সিংহ

নোংথোম্বম বিদ্যাপতি সিংহ (Nunthumbam Bidyapati Sinha) এজন বহুমুখী প্ৰতিভাসম্পন্ন মণিপুৰী শিক্ষাবিদ আছিল। 

তেওঁ ১৯১২ চনৰ ২৪ নভেম্বৰ তাৰিখে বৰ্তমান হাইলাকান্দি জিলাৰ লালা চহৰত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ ললিত সিংহ এজন কবিৰাজ আৰু জ্যোতিষী আছিল। মাতৃ মাইচন দেবী অসমত থকা মণিপুৰীসকলৰ প্ৰথম ডেপুটী ইন্স্পেক্টৰ হিজম ৰমন সিংহৰ বায়েক আছিল। তেওঁ ১৯৩১ চনত কলিকাতা বিশ্ববিদ্যালয়ৰ অধীনত প্ৰথম বিভাগত মেট্ৰিক পাছ কৰি  পিছত চিলেটৰ মুৰাৰীচান্দ কলেজৰ পৰা ইণ্টাৰমিডিয়েট পাছ কৰে। উক্ত কলেজৰ পৰা ১৯৩৫ চনত ঢাকা বিশ্ববিদ্যালয়ৰ অধীনত বুৰঞ্জীত অনাৰ্চসহ বি. এ. পাছ কৰে।

নোংথোম্বম বিদ্যাপতি সিংহই ১৯৩৬ চনত কাছাৰ জিলাৰ সোনাই এম. ই. স্কুলত ইংৰাজী শিক্ষকৰূেপ যোগদান কৰে। সেই সময়ত সোনাই অঞ্চলত এম. ই. পাছ কৰাৰ পিচত হাইস্কুল পঢ়াৰ কোনো সুবিধা নাছিল। সেয়ে তেওঁৰ প্ৰচেষ্টাত সোনাই এম. জি. স্কুলত হাইস্কুল স্থাপন কৰি হাইস্কুলীয়া শিক্ষাৰ অভাৱ দূৰ কৰে।

নোংথোম্বম বিদ্যাপতি সিংহই  অতি সহজ-সৰল জীৱন যাপন কৰিছিল। সদায় ধূতী-পাঞ্জাবী পৰিধান কৰা বিদ্যাপতি সিংহ এজন আদৰ্শবান পুৰুষ আছিল। অকল পঢ়া-শুনাতেই নহয, নাটক আদি সাংস্কৃতিক দিশতো আগৰণুৱা আছিল।

তেওঁৰ সভাপতিত্বত ১৯৩৯ চনত ‘কাছাৰ মণিপুৰী যুৱ সংঘ’ নামৰ এটি অনুষ্ঠান গঢ়ি উঠিছিল। উক্ত সংঘৰ যোগেদি স্বজাতি যুৱকসকলক জাগ্ৰত কৰিছিল।

১৯৩৫ চনৰ ‘ভাৰত শাসন আইন’ৰ অধীনত ১৯৪৬ চনত অনুষ্ঠিত অসম বিধান সভা নিৰ্বাচনত তেওঁ দক্ষিণ হাইলাকান্দি সমষ্টিৰ বিধায়ক নিৰ্বাচিত হৈছিল। বিধায়ক হৈ থকা কালত তেওঁ নিজ মাতৃভাষা মণিপুৰী মাধ্যমেৰে শিক্ষা-দীক্ষা লোৱাৰ সুবিধা লাভৰ বাবে বহুবাৰ দাবী উত্থাপন কৰিছিল। ইয়াৰ ফলস্বৰূেপ পৰৱৰ্তী কালত অসম চৰকাৰে মণিপুৰী ভাষাক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি প্ৰদান কৰে।

ভাৰত স্বাধীন হোৱাৰ পিছত ১৯৪৮ চনত পূব পাকিস্তানত বসবাস কৰা মণিপুৰীসকলক উৎপীড়ন কৰা খবৰ শুনি তেওঁ কাছাৰৰ তিনিজন মণিপুৰী নেতা আৰু এশগৰাকী ছাত্ৰ-ছাত্ৰী প্ৰেৰণ কৰি সেই সময়ত সেই ঠাইত থকা মণিপুৰী প্ৰজা আৰু চুবুৰীয়া প্ৰজাসকলৰ মাজত সদভাব ৰাখি বসবাস কৰিবলৈ সু-পৰামৰ্শ আগবঢ়াইছিল।

স্বজাতি আৰু জনতাৰ বাবে নিঃস্বাৰ্থভাৱে কাম কৰি বহু কম বয়সত ৪২ বছৰ বয়সত ১৯৫৪ চনৰ ১৪ চেপ্তেম্বৰত  সোনাই চহৰত নোংথোম্বম বিদ্যাপতি সিংহই মৃত্যুবৰণ কৰে। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

ভৃগুমুনি কাগ্‌য়ুং

ভৃগুমুনি কাগ্‌য়ুঙ (Vrigumuni Kagyung) হৈছে মিচিং সম্প্ৰদায়ৰ এজন অসমীয়া কবি, শিক্ষাবিদ আৰু গৱেষক আছিল। ১৯৩২ চনৰ অক্টোবৰ মাহত আলিমূৰ গাঁৱত খহুৱাৰ ঔৰসত আৰু য়াবৰীৰ গৰ্ভত ভৃগুমুনিৰ জন্ম হয় ।  

ভৃগুমুনি কাগয়ুঙে  নিজ গাঁৱৰে ৫৮ নং আলিমূৰ প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি ১৯৫৮ চনত প্ৰৱেশিকা পৰীক্ষাত উর্ত্তীৰ্ণ হয়। পৰিয়ালৰ আৰ্থিক অৱস্থা অতি নিঃস্ব হোৱাত নিজে দিনৰ ভাগত বিভিন্ন প্রতিষ্ঠানত কাম কৰিছিল আৰু ৰাতিৰ ভাগত কলেজত পঢ়িছিল। এনেদৰে পঢ়িয়ে তেওঁ বি বৰুৱা কলেজ, গুৱাহাটীৰ পৰা ১৯৮৭ চনত স্নাতক ডিগ্ৰী লাভ কৰে। তদুপৰি কাগ্‌য়ুঙে  ১৯৯২ চনত মহীশূৰৰ Institute of Indian Language-ত মিচিং প্ৰাপ্ত বয়স্কঃ পাঠ্যপুথি প্ৰণয়নৰ বােব প্ৰশিক্ষণ গ্ৰহণ কৰে। এই প্রতিষ্ঠানতে তেওঁ ভাষা বিষয়ক প্ৰশিক্ষণো গ্ৰহণ কৰিছিল।

ইয়াৰ পিছত ১৯৫৮ চনত যোৰহাট ভকেশ্বনেল কলেজিয়েট হাইস্কুলত এগৰাকী শিক্ষক হিচাপে যোগদান কৰে।  ভৃগুমুনি কাগয়ুঙে যোৰহাট চৰকাৰী বহুমুখী ল’ৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১৯৬৪ চনৰ পৰা ১৯৬৬ চনলৈ তিনি বছৰ শিক্ষকতাৰ চাকৰি কৰে। 

অসমীয়া কাব্য-সাহিত্যলৈ ভৃগুমুনি কাগয়ুঙৰ অৱদান অপৰিসীম। তেওঁৰ ৰচিত অসমীয়া কাব্য-গ্ৰন্থকেইখন হ’ল- ‘কবিতাকলি’, ‘আনাহুত’, ‘মন বননিৰ জুই’ আৰু ‘কবিতা কুসুম’। ভৃগুমুনি কাগ্‌য়ুঙৰ আটাইতকৈ জনপ্ৰিয় কাব্য-গ্ৰন্থখনৰ নাম হৈছে ‘অনাহুত’। ভাৰত চৰকাৰে তেওঁক ‘অনাহুত’ কাব্য-গ্ৰন্থৰ বাবে ১৯৭১ চনত ৰাষ্ট্ৰপতিৰ দ্বাৰা পুৰস্কৃত কৰিছিল। ‘মন বননিৰ জুই’ কাব্য-গ্ৰন্থৰ বাবেও ভৃগুমুনি কাগ্‌য়ুঙ ১৯৯৪ চনত ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ লাভ কৰে। ভৃগুমুনি কাগ্‌য়ুং মিচিং জনগোষ্ঠীৰ প্ৰথম ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত সাহিত্যিক। 

ভৃগুমুনি কাগ্‌য়ুঙৰ কবিতা ৰমন্যাসবাদী যদিও আধুনিকতাৰ ছাপ তেওঁৰ কবিতাত স্পষ্ট। দেশপ্ৰেম, ইতিহাস চেতনা, মানবতাবোধ আৰু সমাজৰ প্ৰতি দায়ৱদ্ধতা ভৃগুমুনি কাগ্‌য়ুঙৰ কবিতাৰ প্ৰধান বৈশিষ্ট্য। 

ভৃগুমুনি কাগয়ুঙে অসমীয়া ভাষাৰ লগে লগে মিচিং ভাষাতো কবিতা লিখিছিল। কাগ্‌য়ুঙৰ বিভিন্ন সময়ত লিখা মিচিং কবিতাৰ সংকলনখন হ’ল ‘কঃকাং মৗতম্‌ দঃঞিং’। তেওঁৰ ৰচিত আৰু সম্পাদিত গ্ৰন্থৰ সংখ্য মুঠ ২৭খন। 

খ্ৰীষ্টীয় ২০১১ চনৰ ২৭ মাৰ্চত এইগৰাকী মনীষা, সু-সাহিত্যিক আৰু প্ৰসিদ্ধ কবি ভৃগুমুনি কাগ্‌য়ুঙ  পৰলোকগামী হয়। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

কমলা মিৰি

কমলা মিৰি (Kamala Miri) আছিল অসমৰ মিচিং সম্প্ৰদায়ৰ এজন স্বাধীনতা বিপ্লৱী, সংগঠক আৰু সমাজ সেৱক।

খ্ৰীষ্টীয় ১৮৯৪ চনত শিৱসাগৰ জিলাৰ (বৰ্তমান গোলাঘাট জিলা) ৰঙামাটি মৌজাৰ অন্তৰ্গত ওপৰ টেমেৰা গাঁৱত কমলা মিৰিৰ জন্ম হয়। কমলা মিৰিৰ পিতৃৰ নাম আছিল চিকৌ লইং আৰু মাতৃৰ নাম আছিল মংগলী লইং। সেই সময়ত ওপৰ টেমেৰা গাঁৱত কোনো শিক্ষানুষ্ঠান নথকাত কমলা মিৰিয়ে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিবৰ বাবে  ভোলাগুৰিলৈ যাবলগা হৈছিল।

তেওঁ আছিল স্বদেশপ্ৰেমী আৰু বিপ্লৱী ভাবাদৰ্শত বিশ্বাসী। সেয়ে মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা স্বাধীনতা আন্দোলনত জপিয়াই পৰিছিল আৰু কেইবাবাৰো কাৰাবাস খাটিছিল।

সেই সময়ত মিচিং সমাজত চলি থকা কানি, ভাং আদি মাদক দ্ৰব্যৰ সঁচ নাইকীয়া কৰিবলৈ তেওঁ যথেষ্ট কষ্ট স্বীকাৰ কৰি জনসচেতনতা গঢ়ি তুলিছিল।

খ্ৰীষ্টীয় ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনৰ সময়ত তেওঁক ইংৰাজ চৰকাৰে বন্দী কৰি যোৰহাটৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰে। কাৰাগাৰত তেওঁ গোপীনাথ বৰদলৈ, ফকৰুদ্দিন আলি আহমেদ, মহম্মদ তৈয়বুল্লা, অমিয় কুমাৰ দাস, হেম বৰুৱা আদি নেতাসকলক লগ পায়। কাৰাগাৰৰ ভিতৰত গোপীনাথ বৰদলৈৰ ওচৰত কমলা মিৰিয়ে হিন্দী শিকিছিল আৰু যঁতৰত কপাহী সূতা কাটিছিল। কাৰাগাৰৰ বন্দী জীৱন কটোৱাৰ সময়তে কমলাৰ স্বাস্থ্য ভাগি পৰে।

এইজনা মহান দেশপ্ৰেমিকে ১৯৪৩ চনৰ ২২ এপ্ৰিলৰ দোভাগ নিশা পৰলোক গমন কৰে। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

ঐৰাম বৰি

ঐৰাম বৰি (Oiram Bori) আছিল মিচিং কৃষ্টি-সংস্কৃতি সংৰক্ষণক। 

ঐৰাম বৰিৰ জন্ম হৈছিল ব্রিটিছ প্ৰশাসনৰ ‘নেফা’ ৰ অন্তৰ্গত অয়ান গাঁৱত ১৮৭৭ চনত। তেওঁৰ পিতৃ-মাতৃৰ নাম আছিল ক্ৰমে তাকিৰ বৰি আৰু মঙলী বৰি।

সেই সময়ত গাঁওখনৰ আশে-পাশে বিদ্যালয় নাছিল। তেওঁ নিজ গাঁৱৰ পৰা ত্ৰিছ-পঁইত্ৰিশ কিলোমিটাৰ নামনিৰ পুৰণা মুৰ্কংচেলেকৰ অন্তৰ্গত মেচাকী প্ৰাথমিক বিদ্যালয়ত চতুৰ্থ শ্ৰেণীলৈকে লিখা-পঢ়া কৰিছিল।

১৯৫০ চনত ঐৰাম বৰিদেৱে ইতিহাসৰ বুকুত বিলীন হৈ যাব ধৰা বৰ্ণাঢ্য মিচিং কৃষ্টি-সংস্কৃতি সংৰক্ষণৰ কাম আৰম্ভ কৰে। ১৯৫২ চনৰ  পৰা কৃষ্টিপ্ৰাণ  এচাম যুৱক-যুৱতীক লগত লৈ মিচিঙৰ মূল্যৱান ঐ নিঃতম, চৗল্লয়া, লৗৰৗলি, লঃলে, কাবান, তৗবঃ তৗকাং, বৃনি, মিবু আঃবাং আদিৰ প্ৰণালীবদ্ধ চৰ্চা, সংৰক্ষণ আৰু সংবৰ্ধনৰ কামত হাতে-কামে লাগে। তেওঁৰ লগত সহযোগ কৰা পোন্ধৰগৰাকীৰো অধিক ডেকা-গাভৰুৰ দল আছিল। বৰিদেৱৰ এই সাংস্কৃতিক দলটিয়ে জোনাই, পাচিঘাটৰ পৰা আৰম্ভ কৰি গুৱাহাটী, যোৰহাট, ডিব্রূগড় আৰু মাজুলীলৈকে লোককৃষ্টি প্ৰদৰ্শন কৰি মিচিঙৰ স্বকীয় শৈলীৰে ভৰা বৰ্ণাঢ্য কৃষ্টি-সংস্কৃতিৰ প্ৰসাৰ ঘটায়। 

উল্লেখ্য যে মিচিং সংস্কৃতিৰ সাধক বৰিদেৱে পাঁচগৰাকী যুৱতীৰ সহযোগত প্ৰণালীবদ্ধভাৱে লৃগাং-লঃলে, গুম্‌ৰাগ নৃত্যৰ উপস্থাপন কৰি মিচিং কৃষ্টিক নতুন মাত্ৰা প্ৰদান কৰে। অদুপৰি  তাহানিৰ মুৰ্কংচেলেক অঞ্চলৰ পিছপৰা মিচিং গাঁওসমূহত বৰিয়ে পঢ়া-শুনা, পৰিষ্কাৰ-পৰিচ্ছন্নতা, গ্ৰাম্য সমাজত আন্তঃসহযোগিতাৰে কৰ্ম সম্পাদন কৰা, প্ৰচলিত হৈ থকা সামাজিক ব্যাধিসমূহ দূৰ কৰা ইত্যাদিবোৰৰ উপৰিও উচ্চ-নীচৰ বিচাৰ নকৰাকৈ গ্ৰাম্য সমাজখন সুস্থ-সবল ৰূপত জীয়াই ৰখা আদি নানা দিশত কৰ্ম-আঁচনি গ্ৰহণ কৰাৰ ক্ষেত্ৰত আগভাগ লৈছিল। তেওঁ ‘অয়ান অঞ্চল সংস্কাৰ আৰু উন্নয়ন সভা’ৰ পৰা আদি কৰি ‘ভাৰতৰ স্বাধীনতা সংগ্ৰামলৈকে বহু মূল্যৱান কৰ্ম ৰূপায়ণ কৰে। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

যাদৱ পায়েং

যাদৱ পায়েঙ (Yadab Payeng) হৈছে অসমৰ মিচিং সম্প্ৰদায়ৰৰ এজন  প্ৰকৃতিপ্ৰেমী আৰু পৰিৱেশকৰ্মী। 

১৯৫৯ চনৰ ৩০ অক্টোবৰত বৰ্তমানৰ যোৰহাট জিলাৰ ককিলামুখৰ বৰঘোপ গাঁৱত জন্ম হয়। তেওঁৰ পিতৃৰ নাম লক্ষীৰাম পায়েং আৰু মাতৃৰ নাম আফুলী পায়েং। পিতৃ-মাতৃৰ ১১-টা সন্তানৰ ভিতৰত যাদৱ পায়েং তৃতীয় সন্তান। দিচৈ কাষৰ ব্রাহ্মণ গাঁৱৰ যদুনাথ বেজবৰুৱাৰ তত্ত্বাৱধানত যাদৱ পায়েঙে  ৯০ নং বালি গাঁও প্ৰাথমিক বিদ্যালয়ত শিক্ষাৰ পাতনি মেলে। তেওঁৰ পৰাই পায়েঙে পৰিৱেশ সংৰক্ষণ আৰু জীৱ-জন্তুৰ প্ৰতি প্ৰীতিৰ মনোভাৱৰ আদিপাঠ গ্ৰহণ কৰিছিল। দশম শ্ৰেণীলৈকে পঢ়া পায়েঙে এদিন ঔনা চাপৰিত ব্রহ্মপুত্ৰৰ বানে পেলাই থৈ যোৱা বলুকাত প্ৰখৰ ৰ’দত সাপ-বেঙকে আদি কৰি সৰু-সুৰা অজস্ৰ জীৱ-জন্তু মৃত্যু মুখত পৰা দেখি সেইবোৰ ৰক্ষা আৰু সংৰক্ষণ কৰিবলৈ গাঁৱৰ বয়োজ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ লৈ ৫০-জোপা বাঁহ ৰোপণ কৰিবলৈ লয়। তাৰ পিছত প্ৰতি বছৰে গছ ৰোপণ কৰা কাৰ্য তেওঁৰ অভ্যাসত পৰিণত হয়। কালক্ৰমত ১৯৭৯ চনত গছ ৰুবলৈ আৰম্ভ কৰা যাদৱ পায়েঙে বিশাল কাঠনি গঢ়ি তুলে। এই কাঠনিক বিশ্বই ‘মোলাই কাঠনি’ বুলি চিনি পায়। এই মোলাই কাঠনি বৰ্তমান নৱগঠিত মাজুলী জিলাৰ ঔনা বা অৰুণা চাপৰিৰ দাঁতিত অৱস্থিত। 

বৰ্তমান ১৩৬০একৰ অৰ্থাৎ ৪০৫০ বিঘা মাটিত মোলাই কাঠনি ব্যাপ্ত। পায়েঙৰ মোলাই কাঠনিৰ বিশাল পৰিসৰৰ ভিতৰত মূল্যৱান ৰঙা চন্দন, বগা চন্দন, চিচুগছ, হলখ, গমাৰী, তিতাচপা, পমা আদি মূল্যৱান বিৰিখৰ উপৰি বিভিন্ন ধৰণৰ ঔষধি বন-লতাৰে আৱৰা। চাৰিটা ঢেঁকীয়াপতীয়া বাঘ মোলাই কাঠনিৰ প্ৰধান আকৰ্ষণ। বছৰত তিনি-চাৰি মাহৰ বাবে চৰিবলৈ অহা ১১৫ টা হাতী, ৫০০ ৰো অধিক হৰিণা মোলাই কাঠনিৰ সদস্য। কাজিৰঙাৰ পৰা চৰিবলৈ অহা তিনিটা এশিঙ্গীয়া গঁড় মোলাই কাঠনিৰ আলহী সদস্য। পোহনীয়া বা ঘৰচীয়া জীৱ-জন্তুৰ ভিতৰত আছে ম’হ, গৰু, গাহৰি, হাঁহ-কুকুৰা ইত্যাদি । 

পৰিৱেশ ৰক্ষাৰ বাবে যাদৱ পায়েঙে ৰূপায়ণ কৰা মহান কৰ্মৰ প্ৰতিদান স্বৰূেপ ২০১২ চনত নতুন দিল্লীস্থিত জৱহৰলাল নেহৰু বিশ্ববিদ্যালয়ে তেওঁক ‘ভাৰতৰ অৰণ্য মানৱ’ (Forest Man of India) উপাধি প্ৰদান কৰে। সেই বছৰতে তদানীন্তন ভাৰতৰ ৰাষ্ট্ৰপতি ড০ এ পি জে আব্দুল কালামে ২৫০ লাখ টকাসহ ‘হীৰাখচিত বঁটা’ প্ৰদান কৰে। ২০, ২১, ২২ নভেম্বৰ ২০১২ চনত পেৰিচৰU.N. Global Conference ত তেওঁক সম্বৰ্দ্ধনা জনোৱা হয়। প্ৰকৃতিৰ নীৰৱ সাধক যাদৱ পায়েঙক ২০১৫ চনত ভাৰত চৰকাৰে ভাৰতৰ চতুৰ্থ সর্বোচ্চ অসামৰিক বঁটা ‘পদ্মশ্ৰী‘ উপাধি প্ৰদান কৰে। তেওঁ এতিয়ালৈকে চীন, টাইৱান, শ্ৰীলংকা, আৰবৰ ড’হা, চুইজাৰলেণ্ড, ফ্রান্স, বাংলাদেশ আদি দেশসমূহলৈ নিমন্ত্ৰিত আৰু সম্বৰ্দ্ধিত হৈছে। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

কামিনী কুমাৰ নাৰ্জাৰী

কামিনী কুমাৰ নাৰ্জাৰী (Kamini Kumar Narjari) আছিল এজন বড়ো নৃত্য শিল্পী আৰু বড়ো সংস্কৃতিৰ সাধক। তেওঁ ১৯২৬ চনত বৰ্তমান গোসাইগাঁও মহকুমাৰ অন্তৰ্গত বিন্যাখাটা অঞ্চলৰ বামুণকুৰা গাঁৱত জন্ম গ্ৰহণ কৰে। তেওঁৰ পিতৃৰ নাম আছিল বজাৰাম নাৰ্জাৰী আৰু মাতৃৰ নাম আছিল থাংগালী নাৰ্জাৰী।

তেওঁ ১৯৫৫ চনত দিল্লীত হোৱা অল ইণ্ডিয়া ৰেডিঅ’ৰ মুকলি প্ৰদৰ্শনী অনুষ্ঠানত অংশ গ্ৰহণ কৰি বিবাহ গীত পৰিেবশন কৰিছিল। এই অনুষ্ঠানৰ পৰা উভতি আহিয়েই ওস্তাদ কামিনীয়ে বড়ো সংস্কৃতিৰ উন্নতিৰ বাবে বিভিন্ন দিশত কাম কৰিবলৈ লয়।

খ্ৰীষ্টীয় ১৯৫৭ চনৰ ২৬ জানুৱাৰী তাৰিখে দিল্লীত অনুষ্ঠিত গণতন্ত্ৰ দিৱসত ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰীয়ে এটি ‘সাংস্কৃতিক দল’ লৈ অংশ গ্ৰহণ কৰি ‘বাগুৰুমবা’ নৃত্য পৰিবেশন কৰি ভাৰতৰ ভিতৰত প্ৰথম স্থান দখল কৰে।

খ্ৰীষ্টীয় ১৯৯২ চনত এছিয়া মেলা ১৩-ত অংশ গ্ৰহণ কৰি বড়ো নাছিনা নৃত্য প্ৰদৰ্শন কৰি দৰ্শকৰ পৰা ভূয়সী প্ৰংশসা লাভ কৰে। ১৯৭৬ চনত গুৱাহাটীত হোৱা ভাৰত-ছভিয়েট মন্ত্ৰী সন্মিলনত বড়ো কৃষ্টি প্ৰদৰ্শন কৰে। ইয়াৰ উপৰিও নাৰ্জাৰীৰ দলে ১৯৮২ চনৰ ২৯ জুলাই তাৰিখে গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত হোৱা ‘জনজাতি লোক-নৃত্য প্ৰদৰ্শনী’ অনুষ্ঠানত অংশ গ্ৰহণ কৰে।

ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰীয়ে তেওঁৰ কর্ম স্বীকৃতি হিচাপে ১৯৮২ চনত ‘সংগীত নাটক একাডেমী’ বঁটা লাভ কৰিছিল। তেওঁৰ প্ৰচেষ্টাতেই বড়ো সংস্কৃতিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হয়। 

এই মহান শিল্পীজনাই ১৯৯৮ চনৰ ১৬ মে তাৰিখে ইহলীলা সম্বৰণ কৰে। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

শোভা ব্রহ্ম

শোভা ব্রহ্ম (Shuva Brahma) ভাৰতৰ এজন প্ৰখ্যাত চিত্ৰশিল্পী, ভাস্কৰ্যবিদ, অসমৰ কলা জগতৰ পথ-প্ৰদৰ্শক আৰু এজন সাহিত্যক আছিল।

এই মহান শিল্পীগৰাকী ১৯২৯ চনৰ ১৮ অক্টোবৰ তাৰিখে বৰ্তমান কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ ভূমকা নামৰ এখন পিছপৰা গাঁৱত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃৰ নাম আছিল হৰিচৰণ ব্রহ্ম আৰু মাতৃৰ নাম আছিল দেৱশ্ৰী ব্রহ্ম।

ড০ ব্রহ্মই নিজ গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল। ইয়াৰ পিছত ধুবুৰীৰ ছাপটগ্ৰাম হাইস্কুলৰ পৰা ১৯৫০ চনত বুৰঞ্জী বিষয়ত লেটাৰসহ প্ৰথম বিভাগত উর্ত্তীর্ণ হৈ গুৱাহাটী মহাবিদ্যালয়ত নাম ভৰ্তি কৰে। ব্রহ্মদেৱ সৰুৰে পৰাই এজন চিত্ৰশিল্পী আৰু ভাস্কৰ্যশিল্পী হোৱাৰ সপোন দেখিছিল। ললিত কলাৰত্ন ড০ শোভা ব্রহ্মদেৱে ১৯৫০ চনত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে স্থাপন কৰা কলিকতাস্থিত শান্তি নিকেতনত নাম ভৰ্তি কৰে আৰু ১৯৫৭ চনত সুখ্যাতিৰে শিল্প বিষয়ত স্নাতক ডিগ্ৰী লৈ অসমলৈ উভতি আহে।

অসমলৈ আহি তেওঁ তাৰিণী চৰণ হাইস্কুলত শিক্ষকতা আৰম্ভ কৰে আৰু সৃষ্টিশীল কৰ্মত নিয়োজিত কৰে। তেওঁৰ সৃষ্টিশীল জীৱনৰ দুটা লক্ষ্য আছিল। প্ৰথমটো হৈছে, অসমত চাৰুকলা মহাবিদ্যালয় প্রতিষ্ঠা কৰা, দ্বিতীয়টো হৈছে উত্তৰ পূবৰ্বাঞ্চলৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-কলা, জন-জীৱন অধ্যয়ন কৰি এক সুকীয়া শিল্পধাৰাৰ সৃষ্টি কৰা। দৰিদ্ৰতা আৰু চৰম অৰ্থ অভাৱ-সত্ত্বেও তেওঁ শিল্পধাৰাৰ সৃষ্টিৰ নিৰলস প্ৰচেষ্টা চলাই গৈছিল। ১৯৬৪ চনৰ ৩১ জানুৱাৰী তাৰিখে বৰ্তমানৰ চৰকাৰী চাৰুকলা মহাবিদ্যালয়ত অধ্যক্ষৰূপে তেওঁ নিযুক্তি লাভ কৰে। চাকৰি জীৱনৰ ব্যস্ততাৰ লগে লগে তেওঁ চিত্ৰ-ভাস্কৰ্যৰ জৰিয়তে জাতি-ভাষা-বৰ্ণ নির্বিশেষে সকলোকে মিলি দেশ তথা নিজ মাতৃক উদ্ধাৰ কৰিবলৈ অনুপ্ৰেৰণা যোগাইছিল। তেওঁৰ প্ৰতিখন ছবিয়ে একোখন কিতাপৰ দৰে আছিল। ১৯৬৫ চনত তেওঁৰ চিত্ৰ আৰু ভাস্কৰ্যসমূহ প্ৰথমবাৰৰ বাবে গুৱাহাটী জিলা পুথি ভঁৰালত প্ৰদৰ্শন কৰা হৈছিল। তাৰ পাছত তেওঁৰ সৃষ্টিবোৰ শ্বিলং, দিল্লী, কলকাতা, মুম্বাই, বুলগেৰিয়া, চেকোশ্ল’ভাকিয়া আদি দেশ-বিদেশৰ বিভিন্ন ঠাইত প্ৰদৰ্শন কৰা হৈছিল। 

চিত্ৰ-ভাস্কৰ্যৰ উপৰিও তেওঁৰ সাহিত্য সৃষ্টিতো যথেষ্ট হাত আছিল। ১৯৮৯ চনত চাৰু-কলা আৰু কলা-মহাবিদ্যালয়ৰ অধ্যক্ষ পদৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত সাহিত্য ৰচনা কৰাত নিজকে নিমজ্জিত কৰি ৰাখিছিল। তেওঁৰ প্ৰকাশিত গ্ৰন্থসমূহ হৈছে—‘শিল্পকলাৰ নৱপ্ৰজন্ম’, ‘ভাৰতীয় চিত্ৰ কলা’ (অনৃষাদ) ‘গৗদান উজি’ (বড়ো), ‘লিউ-নাৰ্ডো-দ্যা-ভিন্সি’, ‘ৰোজেছ ৰেজ এণ্ড গল্ড’ (ইংৰাজী) আৰু ‘খন্থায়াঞ্জলী’ (বড়ো ভাষাত অনুবাদ)।

ড০ শোভা ব্রহ্মদেৱে নিজৰ কৰ্মৰাজিৰ বাবে ৰাজ্যিক পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈ বিভিন্ন বঁটা পাবলৈ সক্ষম হৈছিল। চিত্ৰশিল্প আৰু ভাস্কৰ্যৰ লগতে সাহিত্য চৰ্চাত নিজকে মনে প্ৰাণে ঢালি দি এই মহান শিল্পীজনে ২০১২ চনৰ মাৰ্চ মাহৰ ৫ তাৰিখে শেষ নিশ্বাস ত্যাগ কৰে। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

বিনেশ্বৰ ব্রহ্ম

বিনেশ্বৰ ব্রহ্ম (Bineshwar Brahma) এজন তীক্ষ্ণ মেধাসম্পন্ন, বুদ্ধিমত্তা, সু-চিন্তক, সমাজসেৱক, সাহিত্যিক তথা সু-সংগঠক আছিল। শ্বহীদ বিনেশ্বৰ ব্রহ্মদেৱে ১৯৪৯ চনৰ ২৮ ফেব্রূৱাৰীত বৰ্তমান কোকৰাঝাৰ জিলাৰ ভাতৰমাৰী গাঁৱত জন্মগ্ৰহণ কৰে। তেওঁৰ পিতৃ-মাতৃৰ নাম আছিল ক্ৰমে তাৰামণি ব্রহ্ম আৰু সোনটি ব্রহ্ম।

ব্রহ্মদেৱৰ প্ৰাথমিক শিক্ষা আৰম্ভ হয় নিজ গাঁৱৰ ৩৬৫ নম্বৰ প্ৰাথমিক বিদ্যালয়ত ১৯৫৪ চনত। প্ৰাথমিক শিক্ষা সাং কৰি কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত ১৯৬০ চনত নাম ভৰ্তি কৰে। এই বিদ্যালয়ৰ পৰাই এম.ই. খণ্ডৰ বৃত্তি লাভ কৰাৰ লগতে ১৯৬৭ চনত পি.ইউ.এচ.ছি. পৰীক্ষাত অংকত লেটাৰ নম্বৰসহ প্ৰথম বিভাগত উর্ত্তীর্ণ হয়। একেটা বৰ্ষতেই যোৰহাটৰ অসম কৃষি মহাবিদ্যালয়ত স্নাতক ডিগ্ৰীত নাম ভৰ্তি কৰে আৰু ১৯৭২ চনত উক্ত কৃষি মহাবিদ্যালয়ৰ পৰা কৃষিৰ স্নাতক ডিগ্ৰী লাভ কৰে।

তেওঁ ১৯৭৩ চনৰ ফেব্রূৱাৰী মাহত প্ৰথমবাৰৰ বাবে ‘হিন্দুস্তান সাৰ নিগমৰ সাৰ সম্প্ৰসাৰণ’ আৰু ‘কৃষি গৱেষণা বিভাগত’ চাকৰি জীৱন আৰম্ভ কৰে। তেওঁ ১৯৮০ চনৰ আগষ্ট মাহলৈ এই বিভাগটোত থকাৰ পিছত ভাৰতীয় খাদ্য নিগম (FCI) বিভাগত Quality Control-ৰ Deputy Manager ৰূপে গুৱাহাটীত নিযুক্ত হয়। ১৯৮১ চনৰ পৰা ১৯৮৩ চনলৈ কৰ্মসূত্ৰে বিহাৰৰ ৰাজধানী পাটনাত কৰ্ম সম্পাদনা কৰিবলগীয়া হয়। পুনৰ ১৯৮৩ চনত গুৱাহাটীলৈ Regional Officer ৰূপে পদোন্নতি লাভ কৰি ঘূৰি আহে। পিছলৈ ১৯৯৮ চনত সেই বিভাগৰেই Jonal Office-অত Manager (Movement)হিচাপে পদোন্নতি লাভ কৰে।

তেওঁ মুঠ ৮-টা ভাষা সলসলীয়াকৈ ক’ব পাৰিছিল। সেইবোৰ হ’ল— বড়ো, ইংৰাজী, অসমীয়া, বঙালী, হিন্দী, নেপালী, ভোজপুৰী আৰু ৰাজবংশী। তেওঁৰ প্ৰকাশিত গ্ৰন্থ হ’ল— ‘আই নি মাদৈ’ (কবিতা পুথি-১৯৮৫), ‘বৰদৈসিখ্‌লা’ (কবিতা পুথি-১৯৯৭) আৰু ‘আংনি গামি ভাতাৰমাৰি’ (প্ৰৱন্ধ সংকলন)

বিনেশ্বৰ ব্র হ্মই ১৯৯০ চনৰ পৰা ১৯৯৩ চনলৈ বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদকৰ পদত নিৰ্বাচিত হয়। দুটা কাৰ্যকালৰ বাবে বড়ো সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল। ২০০০ চনৰ ১৯ আগষ্ট তাৰিখে গুৱাহাটীৰ ভেটাপাৰাস্থিত নিজ বাসভৱনত অচিন আততায়ীৰ হাতত গুলিবিদ্ধ হৈ তেওঁ অকাল মৃত্যুক আঁকোৱালি লয়। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

কিৰাত শৌৰ্য বদৌচা

কিৰাত শৌৰ্য বদৌচা (Kirat Shourya Badoucha) আছিল অসমৰ আদিম অধিবাসী কিৰাত-মঙ্গোলীয় গোষ্ঠীৰ অন্তৰ্গত মৰাণসকলৰ ঐতিহাসিক যুগৰ অন্তিমজন ৰজা। ১২২৮ খ্ৰীষ্টাব্দত চাউল্যুঙ চ্যুকাফাই অসমত প্ৰৱেশ কৰাৰ সময়ত বদৌচাৰ অধীনতউত্তৰে বুঢ়ী দিহিং, দক্ষিণে দিচাং, পূৱে  চফ্ৰাই আৰু পশ্চিমে ব্রহ্মপুত্ৰ নদীৰ মাজৰ ভূখণ্ডত এখন সমৃদ্ধিশালী মৰাণ ৰাজ্য আছিল। সাম্প্ৰতিক কালৰ শিৱসাগৰ জিলা আৰু ডিব্রূগড় জিলাৰ একাংশ সামৰি মৰাণ ৰাজ্যৰ অৱস্থিতি আছিল। মৰাণ ৰাজ্যৰ কাষতে বৰাহী ৰাজ্য আছিল আৰু অন্যান্য অঞ্চলত চুটীয়া, কছাৰী, ভূঞা ৰাজ্যৰ উপৰিও পাহাৰ-ভৈয়ামৰ সকলোবোৰ আদিম গোষ্ঠীৰ নিজ নিজ ভূখণ্ড আছিল। সেই প্ৰাচীন ৰাজ্যবোৰৰ জাতি-জনগোষ্ঠীসকলৰ মাজত কোনো ধৰণৰ অসূয়া-অপ্ৰীতি, দ্বন্দ-সংঘাত, যুদ্ধ-বিগ্ৰহ আদি হোৱাৰ সম্ভেদ বুৰঞ্জীত পোৱা নাযায়। 

চাউল্যুঙ  চ্যুকাফাই ৰাজ্য প্রতিষ্ঠাৰ পৰিকল্পনাক বাস্তৱ ৰূপ দিয়াৰ মানসেৰে মৰাণসকলকেই প্ৰথমে লগ ধৰিছিল। প্ৰবল অতিথিপৰায়ণ মহানুভৱ বদৌচাই চ্যুকাফাৰে সৈতে লগত অহা টাইসকলক আদৰি লৈছিল। ৰজা বদৌচাৰ অনুমতি আৰু আতিথ্যত চ্যুকাফা আৰু তেওঁৰ অনুগামীসকলে ইয়াৰ থলুৱা মৰাণ, বৰাহী, চুতীয়া, কছাৰী সমাজৰ সৈতে বহু কালজুৰি সমিলমিলেৰে বসবাস কৰি সকলোৰে আপোন আৰু থলুৱা সমাজখনৰ অবিচ্ছদ্য অংগ হৈ পৰিছিল। লগত তিৰোতা লৈ নহা টাইসকলে ইয়াৰ থলুৱা গাভৰু বিবাহ কৰাই মহামিতিৰ হৈ পৰিছিল।

অপুত্ৰক বদৌচাই সুলক্ষণযুক্ত, সুদৰ্শন যুৱক চ্যুকাফালৈ নিজৰ কন্যা বিয়া দি শহুৰ-জোঁৱাই সম্বন্ধেৰে বান্ধ খাইছিল। অপুত্ৰক বদৌচাই নিজৰ বৃদ্ধ বয়সত জোঁৱায়েক চ্যুকাফাৰ হাতত মৰাণ ৰাজ্যৰ শাসনভাৰ অৰ্পণ কৰিছিল। পৰম বুজা-বুজি অনুসৰি বৰাহী ৰাজ্যও চুকাফাৰ ৰাজ্যৰ লগত চামিল হৈছিল। বদৌচা আৰু  বৰাহী ৰজা থাকুমথাৰ পৰামৰ্শক্ৰমে চ্যুকাফাই মৰাণ-বৰাহীৰ পবিত্ৰ পূজাৰ থলি চৰাইদেউত ৰাজধানী পাতি, মৰাণ ৰাজ্যক ‘আহোম’ ৰাজ্য নামকৰণ কৰি এখন সন্মিলিত ৰাজ্যৰ পাতনি মেলিছিল। এনেদৰেই চ্যুকাফাই বৰ অসম আৰু বৃহত্তৰ  অসমীয়া জাতিসত্বাৰ বীজ ৰোপণ কৰিছিল। কিন্তু চ্যুকাফাৰ এনে মহৎ কাৰ্যৰ আঁৰত থকা বদৌচাৰ বিৰাট অৱদানৰ কথা আজিৰ অসমীয়াই নাজানে। আমি নিশ্চয় ক’ব পাৰো চাউল্যুঙ  চ্যুকাফাক যদি অসমীয়া জাতিৰ ‘পিতৃ’ আখ্যা দিয় হয় তেন্তে বদৌচাক অসমীয়া জাতিৰ ‘পিতামহ’ আখ্যা দিয়া উচিত। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

বীৰাঙ্গণা ৰাধা-ৰুকুণী

বিশ্ব ইতিহাসৰ গণবিপ্লৱসমূহৰ ভিতৰত মধ্যযুগৰ অসমত সংঘটিত হোৱা মোৱামৰীয়া গণবিপ্লৱো অন্যতম। এই সৰ্বাত্মক গণবিপ্লৱত নাৰীশক্তিৰ সবল যোগদান এক ইতিহাসৰ এক বিস্ময়কৰ অধ্যায়।

ছশ বছৰীয়া আহোম ৰাজত্বৰ শেষৰ ফালে স্বেচ্ছাচাৰী হৈ উঠা ৰাজতন্ত্ৰৰ চৰম অন্যায়-অবিচাৰ, অনাচাৰ-অত্যাচাৰৰ বিৰুদ্ধে, সকলো জাতি-উপজাতিৰ সাধাৰণ কৃষক প্ৰজাই সৰ্বাত্মকভাৱে অংশগ্ৰহণ কৰা এই বিপ্লৱৰ নেতৃত্ব দিছিল মৰাণসকলে। বীৰ ৰাঘৱ মৰাণ আৰু নাহৰখোৱা মৰাণ (শইকীয়া)ৰ অগ্ৰণী ভূমিকাৰ সমানেই প্ৰজাসাধাৰণক সংগঠিত কৰিবৰ বাবে এক শক্তিশালী ভূমিকা গ্রহণ কৰিছিল নাহৰৰ দুই পত্নী ভাতুকী আৰু ভাবুলী ওৰফে ৰাধা-ৰুকুণীয়ে (Radha- Rukuni)।

এবাৰ আহোম ৰজা লক্ষ্মীসিংহই বৰধাক সাজিবৰ বাবে গছ কাটিবলৈ হাবিলৈ মানুহ পঠাইছিল। ৰাধা-ৰুকুণীয়ে গাঁৱৰ মানুহ একত্ৰিত কৰি ‘এইখন থলুৱা জনগণৰ আবহমান কালৰ হাবি, যাউতিযুগীয়া প্ৰাকৃতিক সম্পদ, ইয়াত ৰজাৰ অধিকাৰ নাই।’ বুলি কৈ ৰজাৰ মানুহক ওভতাই পঠিয়াইছিল।

উল্লেখ্য যে এই দুই বীৰাঙ্গণাই সেই কালৰ পৃথিৱীত নোহোৱা-নোপজা এক শক্তিশালী যুঁজাৰো নাৰী বাহিনী গঠন কৰিছিল। প্ৰথম যেতিয়া বিপ্লৱী বাহিনী আৰু ৰজাঘৰীয়া সৈন্য বাহিনী মুখামুখি যুদ্ধ হয়, তেতিয়া ৰাধা আৰু ৰুকুণীৰ প্ৰবল পৰাক্ৰমৰ সন্মুখত তিষ্টিব নোৱাৰি ৰাজকীয় বাহিনী শোচনীয়ভাৱে পৰাজিত হৈছিল। এই তিৰোতা দুগৰাকী বৰ চতুৰ আছিল আৰু গুপুতে ৰণৰ কৌশল জনাৰ বাবে সিবিলাকৰ গাত কোনেও ধনুৰ কাড়  অথবা হিলৈৰ গুলি লগাব নোৱাৰিছিল। প্ৰণিধানযোগ্য যে বিপ্লৱী বাহিনীয়ে ৰংপুৰ দখল কৰি ৰমাকান্তক ৰজা পতাৰ সময়তো এই দুগৰাকী নাৰী পৰামৰ্শদাত্ৰীৰূপে  অৱতীৰ্ণ হৈছিল।

পৰৱৰ্তী সময়ত ৰাজতন্ত্ৰৰ ষড়যন্ত্ৰৰ বলি হৈ দুয়ো গৰাকীৰে মৃত্যু হয় যদিও, পক্ষপাতদুষ্ট ৰাজঘৰীয়া বুৰঞ্জীতো তেওঁলোকৰ অজেয় কীৰ্তি লিপিবদ্ধ হৈ ৰ’ল। 

নিপীড়িত মানুহৰ মুকুতিপ্ৰয়াসী এই দুগৰাকী মহান নাৰী ইতিহাস পৰিক্ৰমাত  অমৰ হৈ থাকিব আৰু আজিৰ নাৰীসমাজৰ সাহ আৰু প্ৰেৰণাৰ অমল উৎস হৈ ৰ’ব। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

ঝপৰা জগধা 

ঝপৰা জগধা (Jhapara Jagadha) দশম শতিকাৰ মৰাণ জনজাতিৰ এগৰাকী বীৰ পুুৰুষ আছিল। তেওঁৰ পিতৃৰ নাম আছিল দাৰবি। যদিও ত্ৰয়োদশ শতিকাতেই অসমলৈ চাওলুং চ্যুকাফাই আহি মৰাণ, বৰাহী, কছাৰী আদি জাতি সামৰি বৃহত্তৰ আহোম ৰাজ্যৰ পাতনি মেলিছিল তথাপি পঞ্চদশ শতিকাৰো পাছলৈকে মৰাণসকলৰ দৰে বহু জনজাতিয়ে ঘন অৰণ্যৰ মাজত অৰণ্যবাসী হিচাপে স্বাধীনভাৱে জীৱন-যাপন কৰিছিল। সেইসকলে দলপতি বা মুৰববীৰ দ্বাৰা পৰিচালিত সমাজ পাতি বসবাস কৰিছিল। তেনে এগৰাকী দলপতি আছিল খাওখাই। প্ৰাচীন সৌমাৰখণ্ডৰ এক বিস্তৃত অঞ্চলত তেওঁ উল্লেখযোগ্য ভূমিকা লৈছিল। উল্লেখযোগ্য যে মৰাণসকলে আহোম ৰাজ্য তথা অসমীয়া জাতি প্রতিষ্ঠাত প্ৰধান ভূমিকা লৈছিল। সেয়েহে তেওঁলোকে আহোম ৰাজ্য প্ৰশাসনলৈ কৰ-কাটল দিব নেলাগিছিল। খাওখাই আৰু দাৰবীৰ ছয়জন পুত্ৰ খাদুন, কিচিম, ফেফেলা, হুইলাও, জগধা, খাওখাই আৰু চিকচৌ। জগধা পঞ্চম পুত্ৰ আছিল। তেওঁ সকলোতকৈ পাহুৱাল, বলী আৰু সাহসী আছিল। ল’ৰাকালিতে তেওঁ বাৰিষা ডিব্রূ¸ নদী পাৰ হৈ অৰণ্যত মেলি থোৱা হাতী ধৰি ঘৰলৈ আনিব পাৰিছিল। আন দহজন ল’ৰাতকৈ জগধা সাহস, বল বিক্ৰম আৰু চিন্তাধাৰাত বৰ আগবঢ়া আছিল। সমনীয়াৰ সৈতে খেল-ধেমালি, চৰাই চিকাৰ, চেমেনিয়াৰ চিকাৰী ভোজ আদিত জগধাৰ মুখ্য স্থান দিছিল। ডাঙৰ হৈ অহাত সি বিহু দলৰ, ডেকা-ডেকেৰীহঁতৰ দলপতি হৈ পৰে। 

সেই সময়ত আন জনজাতিৰ লগত প্ৰায়ে যুদ্ধ-বিগ্ৰহ চলিছিল। খাওখাইৰ পুত্ৰ জগধাৰ নেতৃত্বত এক বিশাল যুঁজাৰু সৈনিক দল গঠন হৈছিল। অভিজ্ঞজনৰ পৰা যুদ্ধৰ ৰণ-কৌশল শিকি জগধাই সৈনিকসকলক প্ৰশিক্ষণ দি ৰণত পাৰ্গত কৰি তুুলিছিল। বিভিন্ন সময়ত তেওঁৰ সৈন্য-বাহিনী বিভিন্ন জাতি-উপজাতিক মহা পৰাক্ৰমেৰে পৰাস্ত কৰিছিল। আন আন মৰাণ প্ৰধান অঞ্চলত উপদ্ৰপ কৰা পাহাৰীয়া জাতি-জনজাতিক খেদিবলৈ জগধাৰ সৈন্য দলক আহ্বান জনোৱা হৈছিল। জগধাৰ মূৰটো বহুত ডাঙৰ আৰু চুলিৰে ভােবাৰা হৈ থকা বাবে মানুহে তেওঁক ‘ঝপৰা’ বুলিও কৈছিল। পাছলৈ সকলোৱে তেওঁক ‘ঝপৰা জগধা’ বুলিছিল।

এবাৰ খামতিসকলে মৰাণ গাঁও এফালৰ পৰা আক্ৰমণ কৰি আহিছিল। সেনাপতি ঝপৰা জগধাই সিহঁতক পৰাস্ত কৰি পাহাৰলৈকে খেদি পঠিয়াছিল।

এনে ধৰণৰ অনেক যুদ্ধত ঝপৰা জগধাই নিজ জাতিক ৰক্ষা কৰি জাতীয় বীৰৰূেপ পৰিগণিত হৈছিল। আজিও মৰাণ সমাজত তেওঁৰ নাম যাউতিযুগীয়া হৈ আছে। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

মোহন শইকীয়া

মৰাণসকলৰ আধুনিক কালছোৱাৰ পুৰোধা ব্যক্তিসকলৰ অন্যতম আছিল মোহন শইকীয়া (Mohan Saikia)। তেওঁ আছিল অনগ্ৰসৰ মৰাণ সমাজখনৰ প্ৰথমচাম মুষ্টিমেয় শিক্ষিত লোকৰ অন্যতম।

তেওঁৰ জন্ম হয় ১৯৩০ চনৰ ২২ নৱেম্বৰত তিনিচুকীয়া জিলাৰ তালাপৰ ২২ নং তামূলি গাঁৱত। পিতৃৰ নাম আছিল জ্ঞানেন্দ্ৰ শইকীয়া আৰু মাতৃৰ নাম আছিল শুকানি শইকীয়া। প্ৰাথমিক শিক্ষা জন্মগাঁৱতে গ্ৰহণ কৰি ১৯৫০ চনত ডাঙৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীর্ণ হৈ ১৯৫৫ চনত ডিব্রূগড় কানৈ বাণিজ্য মহাবিদ্যালয়ৰ পৰা বি. কম. পাছ কৰি প্ৰথমে ডিব্রূগড় জিলাৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত কেৰাণী পদত যোগদান কৰে। তেওঁৰ মেধা আৰু দক্ষতা চাৰিওদিশত প্ৰচাৰিত হোৱাৰ সূত্ৰত মহাকালী চাহ বাগিচা কৰ্তৃপক্ষই তেওঁক মেনেজাৰৰ পদ যাঁচিছিল। তদুপৰি অ’ এন জি চিত লোভনীয় চাকৰি পাইছিল। কিন্তু তেওঁ চাকৰিৰ মোহ ত্যাগ কৰি পিছ পৰা অঞ্চলত শিক্ষাৰ পোহৰ বিলোৱাৰ উদ্দেশ্যে কাকপথাৰ উচ্চ ইংৰাজী বিদ্যালয়ৰ শিক্ষকৰূপে যোগদান কৰি পিছলৈ টঙনা উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দায়িত্ব গ্ৰহণ কৰে।

তেওঁ মৰাণ জনগোষ্ঠীৰ সামাজিক জীৱনলৈ অনন্য বৰঙণি আগবঢ়ায়। তেওঁ ১৯৬৫ চনত কেইজনমান শিক্ষিত ব্যক্তিক লগত লৈ ‘অসম মৰাণ সভা’ গঠন  কৰে। মৰাণ সভাৰ জৰিয়তে তেওঁ মৰাণ সমাজক কোঙা কৰি পেলোৱা কানি নিবাৰণ অভিযান আৰুম্ভ কৰে। তেওঁৰ দিনতেই মৰাণসকলক অনুসূচীকৰণ কৰা, মৰাণসকলক বিনা প্ৰিমিয়ামে মাটিৰ পট্টা দিয়া, মৰাণ বেল্ট এণ্ড ব্লক গঠন কৰা আদিকে ধৰি বহু দাবী সম্বলিত স্মাৰক পত্ৰ চৰকাৰৰ ওচৰত প্ৰদান কৰা হৈছিল। তেওঁ অসম মৰাণ সভাৰ প্রতিষ্ঠাপক সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ প্ৰস্তুত কৰি চৰকাৰক প্ৰদান কৰা ‘Moran Development Plan’ নামৰ আঁচনিখন মৰাণৰ অগ্ৰণী সমাজত আজিও চৰ্চিত বিষয়ৰূপে পৰিগণিত হৈ আছে। তেওঁ জাতীয় ইতিহাস, সংস্কৃতিৰ ওপৰত ভালেমান উন্নতমানৰ লেখা লিখি থৈ গৈছে আৰু তেওঁৰ প্ৰচেষ্টাতে ডিগবৈৰ ওচৰত বানবিধবস্ত লোকসকলক লৈ তামুলি বনগাঁও প্রতিষ্ঠা হৈছিল।

স্বকীয় বৈ শিষ্ট্যপূৰ্ণ ‘মৰাণ বিহু’ক তেৱেঁই এখন গোড়া সমাজৰ পৰা বাহিৰলৈ উলিয়াই বহল সমাজত পৰিচয় কৰাই দিছিল। তেওঁ পোন প্ৰথমবাৰৰ বাবে  ১৯৫১ চনত কাকপথাৰৰ পৰা বিহুদল লৈ অসমৰ বিভিন্ন মঞ্চত মৰাণ বিহুক সৰ্বজন সমাদৃত কৰিছিল। তেওঁ সৃষ্টি কৰা মৰাণ বিহুগীতৰ কেছেট ‘হোতৌ-পাতৌ’ মৰাণ সংস্কৃতিৰ এক অনুপম চানেকি।

অসমৰ বিদেশী বহিষ্কাৰ আন্দোলনতো তেওঁ অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ অসম গণ পৰিষদৰ এগৰাকী উল্লেখনীয় নেতা ৰূেপ প্রতিষ্ঠিত হৈছিল। এইজনা আপোচবিহীন সংগ্ৰামীয়ে জীৱনত বহু ত্যাগ স্বীকাৰ কৰি সাধাৰণ জীৱন যাপন কৰিছিল। তেওঁ মৰাণ সমাজত চিৰকাল স্মৰণীয় হৈ থাকিব। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

ৰাঘৱ মৰাণ

ৰাঘৱ মৰাণ (Raghav Maran) আছিল আহোম ৰাজত্বৰ শেষ ভাগত সংঘটিত হোৱা মোৱামৰীয়া গণবিপ্লৱৰ প্ৰধান নেতা । ছশ বছৰীয়া আহোম ৰাজত্বৰ শেষৰ ফালে স্বেচ্ছাচাৰী হৈ উঠা ৰাজতন্ত্ৰৰ চৰম অন্যায়-অবিচাৰ, শোষণ-নিষ্পেষণৰ কবলৰ পৰা ৰাজ্যখনৰ সকলো জাতি-উপজাতিৰ নিস্তাৰৰ হকে এইজনা বীৰৰ নেতৃত্বতে সূচনা হৈছিল এই সৰ্বাত্মক বিপ্লৱ। উল্লেখযোগ্য যে ইতিহাস প্ৰসিদ্ধ ফৰাচী বিপ্লৱৰ বিশ বছৰ পূর্বেই এই বিপ্লৱ সংঘটিত হৈছিল।

সাধাৰণ কৃষক সন্তান ৰাঘৱ মৰাণে যুদ্ধবিদ্যাত অপ্ৰশিক্ষিত সাধাৰণ প্ৰজাক, বাঁহৰ লাঠি, যাঠি, ধনু-কাঁড় আদি সাধাৰণ অস্ত্ৰেৰে সজ্জ্বিত কৰি বিৰাট ৰাজকীয় বাহিনীক পৰাস্ত কৰি ৰাজশাসন ওফৰাই দিছিল। এনে ঘটনা বিশ্ব ইতিহাসত অতি বিৰল।

ৰাঘৱৰ আহ্বানত জাতি-গোষ্ঠী নির্বিশেষে সকলো প্ৰজা জাগৰিত হৈ সদলবলে ওলাই আহিছিল। এই ঘটনাই প্ৰমাণ কৰে যে তেওঁ এজন সৰ্বজন গ্ৰহণীয় নেতা আছিল। ৰাজ্যখনৰ চাৰিওফালে ৰাজতন্ত্ৰক ঘেৰাও কৰি বিপ্লৱী বাহিনীক গোট গোট কৈ তৈয়াৰ কৰা, যুদ্ধত গেৰিলা কৌশল প্ৰয়োগ আদিয়ে ৰাঘৱ মৰাণৰ প্ৰচুৰ সাংগঠনিক দক্ষতা আৰু  সামৰিক-কুশলতা দাঙি ধৰে। তদুপৰি ৰজা লক্ষী সিংহক বন্দী কৰি ৰাজকীয় মৰ্যাদা দিয়া, প্ৰকৃত গণশতৰুসকলক মৃত্যুদণ্ড দিয়াৰ বাহিৰে লঘু দোষত দোষীসকলকৰ সামান্য শাস্তি দি ৰেহাই দিয়া আদি গুণে তেওঁৰ উদাৰনৈতিক গণতান্ত্ৰিক চৰিত্ৰকে প্ৰতিফলিত কৰে। 

সেয়ে সকলো মানুহে বিচৰা শ্ৰেণী বৈ ষম্যবিহীন সমাজ গঢ়াৰ পথ-প্ৰদৰ্শকৰূপে এইজনা বীৰনায়ক যুগ যুগলৈ প্ৰাসংগিক হৈ থাকিব। । ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

পৱন নেওগ

পৱন নেওগ (Pawan Neog) আছিল এজন বহুমূখী প্ৰতিভাধাৰী ব্যক্তি। তেওঁ আছিল শিক্ষাবিদ, শৰীৰচৰ্চাবিদ, ক্ৰীড়াবিদ আৰু সমাজকৰ্মী। তেওঁৰ জন্ম হয় ১৯৩৩ চনৰ ১৮ অক্টোবৰ তাৰিখে বৰগুৰি, তিনিচুকীয়াত। পিতৃ আসাম্বৰ নেওগ আৰু মাতৃ গোলাপী নেওগ। মাতৃ ঢুকোৱাৰ পিছত মাহী মাক মুহীলা নেওগৰ দ্বাৰা লালিত-পালিত হয়। তেওঁ চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা¸ ১৯৫৩ চনত প্ৰৱেশিকা পৰীক্ষা পাছ কৰে।

খেলা-ধূলাত যথেষ্ট ৰাপ থকা নেওগে বিশেষকৈ ফুটবল আৰু ভলীবল খেলত বিদ্যালয়খনৰ এজন ভাল খেলুৱৈ হিচাপে সুনাম অৰ্জন কৰিছিল। সঙ্গীত তেওঁৰ প্ৰিয় আছিল আৰু যৎপৰোনাস্তি চৰ্চাও কৰিছিল। তেওঁৰ বহুমুখী প্ৰতিভাৰ বাবে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ অতি প্ৰিয় ছাত্ৰ আছিল।

প্ৰৱেশিকা পৰীক্ষা পাছ কৰাৰ পিছত তেওঁ উচ্চ শিক্ষাৰ বাবে যোৰহাটৰ জে. বি. কলেজৰ কলা বিভাগত নাম ভৰ্তি কৰে। পঢ়া-শুনাৰ উপৰিও তেওঁ শৰীৰ চৰ্চা কৰি প্ৰতিযোগিতাত সুনাম অৰ্জন কৰিছিল। পেশী সঞ্চালন বিভাগত তেওঁ কৃতিত্ব দেখুৱাৰ বাবে ১৯৫৫ চনত Mr. J. B.. উপাধি প্ৰদান কৰা হৈছিল। N.C.C. ত যোগ দি নিজ দক্ষতাৰ বাবে এজন ভাল নেতা হিচাপেও পৰিচিত হৈছিল। ১৯৬৫ চনত তেওঁ দ্বিতীয় বিভাগত আই. এ. পাছ কৰে।

তাৰ পাছত গুৱাহাটীৰ কটন কলেজত স্নাতক শ্ৰেণীত অধ্যয়ন আৰম্ভ কৰে। কলেজত  থাকোঁতেই আন্তঃ মহাবিদ্যালয় প্ৰতিযোগিতাৰ শৰীৰ চৰ্চা বিভাগৰ প্ৰতিযোগিতাত তেওঁ Physique হিচাপে নিৰ্বাচিত হৈছিল আৰু তেওঁক Mr. Cottonian উপাধি প্ৰদান কৰা হৈছিল। সেই একে বছৰতে অৰ্থাৎ ১৯৫৭ চনত Gymnasium প্ৰতিযোগিতাত Mr Guwahati University উপাধি লাভ কৰি পুৰস্কৃত হয়। তেওঁ  ১৯৬২ চনত D.S.P. পদত নিযুক্তি পাইছিল যদিও তেওঁ শিক্ষকতা বাদ দিব  পৰা নাছিল।

তেওঁৰ মনোবল আৰু সাহস অপৰিসীম আছিল। ল’ৰা-ছোৱালীক তেওঁ খুউব মৰম কৰিছিল। বিপদ-আপদত পৰা লোকক তেওঁ সৎ পৰামৰ্শ দি সহানুভূতি জনাইছিল।

খ্ৰীষ্টীয় ১৯৯২ চনৰ ৩০ চেপ্তেম্বৰত তেওঁ চাকৰিৰ পৰা অৱসৰ লয়। ২০০২ চনৰ ১১ আগষ্ট তাৰিখে তেওঁ শেষ নিস্বাস ত্যাগ কৰে। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

লংকেশ্বৰ গোহাঁই

লংকেশ্বৰ গোহাঁই (Lankeshwar Gohain) বেংমৰা ৰাজ্যৰ প্রতিষ্ঠাপক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ সুযোগ্য পৰিনাতি আছিল। ৰজা সৰ্বানন্দ সিংহৰ তিনিজন পুত্ৰ আছিল। মাটিবৰ, কলিবৰ আৰু কমলেশ্বৰ। মাটিবৰৰ ভোগবৰ, ভগীৰথ, দুখীৰথ, সুক আদিকে ধৰি দহজন পুত্ৰ আছিল। ভগীৰথৰ তৃতীয় পুত্ৰ বিশবৰৰ নুমলীয়া পুত্ৰজনেই  আছিল ৰাজকুমাৰ লংকেশ্বৰ গোহাঁই। 

লংকেশ্বৰ গোহাঁইৰ জন্ম হয় ১৮৮৭ চনত তিনিচুকীয়াত। স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ মৃত্যুৰ পিছত ৰাজ পৰিয়ালটোৰ লগতে বেংমৰা ৰাজ্যৰ অন্যান্য বিষয়ববীয়াসকল ৰাজ্যৰ বিভিন্ন স্থানত সিঁচৰতি হৈ বসবাস কৰিবলৈ লয়। ৰাজকুমাৰ লংকেশ্বৰ গোহাঁইৰ দহ বছৰ বয়সত পৰিয়ালৰ সৈতে চাবুৱালৈ উঠি যায়। ৰাজপৰিয়াল বাস কৰাৰ বাবে অঞ্চলটোৰ নাম পৰৱৰ্তী সময়ত ‘ৰজাবাৰী’ নামেৰে নামকৰণ হয়। সেই সময়ত খেতি-বাতিৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বাবে ৰাজকুমাৰৰ পৰিয়ালটিকে ধৰি ৰাজপৰিয়ালৰ কিছু লোকে খেতিমাটিৰ সন্ধানত বৰ্তমানৰ তিনিচুকীয়া জিলাৰ ডিৰাকলৈ উঠি যায়। পৰিয়ালটিয়ে সৰু ডিৰাকত নিগাজীকৈ থাকিবলৈ লয়।

ৰাজকুমাৰ লংকেশ্বৰ গোহাঁই আনুষ্ঠানিক উচ্চ শিক্ষাৰে শিক্ষিত নাছিল যদিও সাহসী, উচ্চাকাংক্ষী আৰু চিন্তাশীল ব্যক্তি আছিল। তেওঁ সমাজক নেতৃত্ব দিব পৰা উপযুক্ত গুণৰ অধিকাৰী আছিল। ৰজাৰ উপযুক্ত প্ৰতিনিধি হিচাপে দেশ স্বাধীন হোৱাৰ পূৰ্বৰে পৰা বেংমৰা ৰাজ্যৰ পুনৰুদ্ধাৰ আৰু সুকীয়া স্বীকৃতি বাহাল ৰাখিবৰ বাবে চৰকাৰৰ ওচৰত প্ৰবল দাবী উত্থাপন কৰিছিল। তেওঁ থলুৱা জাতি-জনগোষ্ঠীৰ ভূমি অধিকাৰ, সম্পত্তিৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ সুৰক্ষিত ৰখাৰ স্বাৰ্থত বেংমৰা ৰাজ্যৰ সুকীয়া স্বীকৃতি দাবী কৰি আহিছিল। তেওঁ বাৰ্মিজ, মণিপুৰী, চিংফৌ, খামতি, মিচিং, দেউৰী, নক্তে আদিকে ধৰি বহুকেইটা ভাষা জানিছিল। তেওঁ ব্যৱসায়ৰ কামত বিভিন্ন ঠাই ভ্ৰমি ফুৰিছিল যদিও নিজৰ মূল লক্ষ্যৰ পৰা বিচলিত হোৱা নাছিল। তেওঁ এই বৃহৎ অঞ্চলটোৰ বিভিন্ন জাতি, জনগোষ্ঠৰ ৰাইজ আৰু মুখিয়াল তথা ৰজাসকলৰ সৈতে অতি মধুৰ সম্পৰ্ক ৰক্ষা কৰি চলিছিল। তেওঁ নিজ ৰাজ্যৰ উপৰিও অৰুণাচল, মণিপুৰ, চিকিম, নগালেণ্ড, মেঘালয় আদি অঞ্চলৰ সমাজকৰ্মীৰ সৈতে জনহিতকৰ তথা উন্নয়নমূলক কামত নিজকে জড়িত কৰিছিল। 

শেষ অৱস্থাত ৰাজকুমাৰ লংকেশ্বৰ গোহাঁই শয্যাশায়ী হৈ ১৯৭৩ চনৰ ৭ মাৰ্চৰ দিনা সৰু ডিৰাকৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

সৰ্বানন্দ সিংহ

সৰ্বানন্দ সিংহ (Sarbananda Sinha) আছিল এজন বিদ্ৰোহী নেতা, সংগঠক আৰু উত্তৰ-পূৱত অসমৰ বেংমৰা অঞ্চল (মটক ৰাজ্য) ৰ ৰজা। তেওঁৰ পিতৃৰ নাম আছিল মৰুৎনন্দন আৰু মাতৃৰ নাম আছিল পাতয়। পিতৃ-মাতৃৰ একমাত্ৰ সন্তান সৰ্বানন্দই কেঁচুৱা কালতে মাতৃক হেৰুৱাবলগীয়া হৈছিল। অতি সাধাৰণ খাটিখোৱা মৰুৎনন্দন আছিল মটকৰ বুৰুক চুতীয়া খেলৰ লোক। সৰ্বানন্দৰ পিতৃ প্রদত্ত নাম আছিল ‘মেজেৰা’। মাতৃহাৰা মেজেৰাক সকলো সময়তে মৰুৎনন্দনে লগত লৈ ফুৰিবলগীয়া হৈছিল আৰু অতি যতনেৰে তুলি-তালি ডাঙৰ-দীঘল কৰিছিল। মৰুৎনন্দনে এবাৰ মেজেৰাক বোকোচাত লৈ পুখুৰী খান্দি থাকোঁতে ৰজাই দেখি তেওঁক কামৰ পৰা অব্যাহতি দিছিল। 

মেজেৰা আছিল অতি ধৰ্মপৰায়ণ ব্যক্তি। তেওঁ মায়ামৰা ধৰ্মগুৰু অষ্টভুজ গোসাঁইৰ ওচৰত শৰণ লৈছিল। শৰণ লোৱাৰ সময়ত গোসাঁইজনে শৰণাৰ্থীক একো একোটি নাম দিয়াটো মায়ামৰা বৈষ্ণৱ ধৰ্মৰ এটি পৰম্পৰা আছিল। সেয়েহে মেজেৰাক অষ্টভুজ গোসাঁইয়ে নাম দিয়ে ‘সৰ্বানন্দ’। মোৱামৰীয়া বিদ্ৰোহৰ প্ৰধান নেতা মটকসকলৰ ওপৰত ৰজাঘৰীয়া অত্যাচাৰ চলিছিল। বিদ্ৰোহৰ নেতাসকলক বিচাৰি নাপাই সাধাৰণ নিৰপৰাধী মানুহকে বন্দী কৰি কাৰাগাৰত ৰাখিছিল। এইখিনি সময়তে সৰ্বানন্দই মোৱামৰীয়া বিদ্ৰোহৰ নেতৃত্ব লৈছিল। সৰ্বানন্দৰ আছিল প্ৰচুৰ সাংগঠনিক দক্ষতা। কাৰাগাৰৰ ভিতৰে-বাহিৰে সকলো মটকলোকৰ তেওঁ মনোবল বঢ়াইছিল। মোৱামৰীয়া বিদ্ৰোহৰ সময়ত সৰ্বানন্দই বেংমৰাত ৰাজ্য পাতি নিজকে ৰজা বুলি ঘোষণা কৰিছিল। সৰ্বানন্দ সিংহই ৰজা হৈ প্ৰথমে বৰ্তমানৰ তিনিচুকীয়াৰ পৰা প্ৰায় দহ কিলোমিটাৰ উত্তৰে ৰঙাগড়াত ১৭৮৮ খ্ৰীষ্টাব্দত ৰাজধানী স্থাপন কৰিছিল আৰু ১৭৯১ খ্ৰীষ্টাব্দত বেংমৰা অৰ্থাৎ বৰ্তমানৰ তিনিচুকীয়ালৈ ৰাজধানী স্থানান্তৰিত কৰিছিল। ৰজা হৈ সৰ্বানন্দ সিংহই টাই পৰম্পৰা ৰক্ষা কৰি ‘স্বৰ্গদেউ’ উপাধি গ্ৰহণ কৰিছিল। নিজৰ নামত সোণ আৰু ৰূপৰ মুদ্ৰাৰ প্ৰচলন কৰিছিল। এই মোহৰবোৰ এটকীয়া, আধাটকীয়া আৰু আধামহীয়া অৰ্থাৎ এটকাৰ আঠভাগৰ একাংশ হিচাপত আছিল বুলি জানিব পৰা যায়।

মটক ৰাজ্যৰ উন্নতিৰ বাবে সৰ্বানন্দ সিংহই বিভিন্ন জনকল্যাণমূলক কাম-কাজ হাতত লৈছিল। আলি-পদূলি নিৰ্মাণ কৰি যাতায়াত-ব্যৱস্থাৰ উন্নতি কৰিছিল। ৰঙাগড়া আলি, গোধা আলি, ৰাজগড় আলি, হাতীআলি আদি আলি বন্ধোৱাইছিল। প্ৰজাৰ সুবিধাৰ বাবে ৰাজধানীৰ বাহিৰে-ভিতৰে মুঠ চৌবিবশটা পুখুৰী খন্দাইছিল। ইয়াৰ ভিতৰত বেংমৰা পুখুৰী, তিনিকোণীয়া পুখুৰী, দেৱী পুখুৰী, শেলুকীয়া পুখুৰী, বৰ পুখুৰী, চাউলধোৱা পুখুৰী, গোধা পুখুৰী আদিয়েই প্ৰধান। সৰ্বানন্দই খন্দোৱা তিনিকোণীয়া পুখুৰীৰ নাম অনুসাৰে পৰৱৰ্তী সময়ত বেংমৰা নগৰখনিৰ নাম তিনিচুকীয়া হৈ পৰিছিল।

সৰ্বানন্দ সিংহৰ ৰাজশাসনত প্ৰজাবৰ্গ শান্তিত বসবাস কৰিছিল বুলি জনা যায়। ৰাজ্য খাদ্য শস্যৰে নদন-বদন আছিল। প্ৰয়োজনীয় অস্ত্ৰ-শস্ত্ৰ নিজ ৰাজ্যতে নিৰ্মাণ কৰি লৈছিল। সৰ্বানন্দ সিংহ আছিল অতি দূৰদৰ্শী আৰু বিচক্ষণ বুদ্ধিৰ ৰজা। প্ৰজাসকলৰ মাজত সৰ্বানন্দ অতি জনপ্ৰিয় আছিল। প্ৰজাৰঞ্জক এই ৰজাজন অসুস্থ হৈ কিছু বছৰ শয্যাশায়ী হৈ ১৮০৫ চনত ইহলীলা সম্বৰণ কৰে। সৰ্বানন্দৰ মৃত্যুৰ পিছত তেওঁৰ বৰ পুত্ৰ মাতিবৰ বৰ সেনাপতি মটক ৰাজ্যৰ ৰজা হৈছিল। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

ছবিলাল উপাধ্যায়

ছবিলাল উপাধ্যায় (Sabilal Upadhaya) আছিল অসমৰ এজন নেপালীভাষী বা গোৰ্খা কংগ্ৰেছ কৰ্মী, সমাজ সংগঠক আৰু স্বাধীনতা বিপ্লৱী। খ্ৰীষ্টীয় ১৮৮২ চনৰ ১২ মে’ ৰ দিনা বৰ্তমানৰ বিশ্বনাথ জিলাৰ বুঢ়ীগাঙত কাশীনাথ উপাধ্যায়ৰ ঔৰষত ছবিলাল উপাধ্যায়ৰ জন্ম হয়। ছবিলাল উপাধ্যায়ৰ আনুষ্ঠানিক শিক্ষা মাধ্যমিক পৰ্যায়তে সীমিত আছিল। কিন্তু তেওঁ অনানুষ্ঠানিকভাৱে শিক্ষিত হৈছিল। পিছত তেওঁ চন্দ্ৰনাথ শৰ্মা, ঘনশ্যাম বৰুৱা, লোকনায়ক অমিয় কুমাৰ দাস আদিৰ সান্নিধ্যত ভাৰতৰ স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰে। তৎকালীন ব্ৰিটিছ চৰকাৰে কাজিৰঙাৰ আশে-পাশে থকা গোৰ্খা আৰু মিচিং লোকৰ গৰু-ম’হৰ খুঁটি উচ্ছেদৰ প্ৰস্তুতি চলায়। ছবিলাল উপাধ্যায়ে ১৯১৯ চনত তেজপুৰত অনুষ্ঠিত ‘অসম এছোচিয়েচন’ৰ সভাত এই উচ্ছেদৰ বিৰুদ্ধে প্ৰস্তাৱ উত্থাপন কৰে আৰু প্ৰস্তাৱটো গৃহীত হয়। ‘অসম এছোচিয়েচন’ৰ লগত যুক্ত ছবিলাল উপাধ্যায়ৰ সভাপতিত্বত ১৯২১ চনৰ ১৮ এপ্ৰিলৰ দিনা যোৰহাটত অনুষ্ঠিত হোৱা সভাত ‘অসম এছোচিয়েচন’ক অসম প্ৰদেশ কংগ্ৰেছ কমিটিলৈ ৰূপান্তৰিত কৰা হয়। ছবিলাল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি নিৰ্বাচিত হয়। বৃটিছে ছবিলাল উপাধ্যায়ক কংগ্ৰেছৰ পৰা আঁতৰত ৰাখিবলৈ মৌজাদাৰ,কাউন্সিলাৰ, বৰলাট আদি লোভনীয় পদ যাচিছিল। তেওঁ এই সকলোবোৰ প্ৰত্যাখ্যান কৰি গান্ধীৰ নেতৃত্বত চলা অসহযোগ আন্দোলনত স্বেচ্ছাসেৱীৰূপে যোগদান কৰিছিল আৰু ছমাহ কাৰাবাস খাটিছিল। জেলৰ পৰা ওলাই আহি তেওঁ বিদেশী বস্তু বৰ্জন কাৰ্যসূচীত সহযোগ কৰে আৰু প্ৰথমে নিজৰ ঘৰত থকা বিদেশী বস্তু জ্বলায়। তেওঁ স্থানীয়ভাবে স্বদেশী বিদ্যালয় স্থাপনত আগভাগ লয়। ১৯৪২ চনত মহাত্মা গান্ধীৰ  নেতৃত্বত চলা ভাৰত ত্যাগ আন্দোলনতো তেওঁ সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল। ০ ০ ০ 

বিশ্ব ব্যক্তি পৰিচয়  

দলবীৰ সিং লোহাৰ

দলবীৰ সিং লোহাৰ (Dalabir Sinha Luhar) আছিল অসমৰ নেপালীভাষী বা গোৰ্খা সমাজকৰ্মী, শ্ৰমিক নেতা, স্বাধীনতা বিপ্লৱী আৰু ৰাজনীতিক। 

তেওঁৰ জন্ম হয় ১৯১৫ চনৰ ২৫ জানুৱাৰীত ডিব্রূগড়ৰ খলিহামাৰীত। তেওঁৰ পিতৃৰ নাম অনতৰাম লোহাৰ। ১৫ বছৰ বয়সতে লোহাৰে জাতীয় আন্দোলনত স্বেচ্ছাসেৱক বাহিনীত যোগদান কৰে আৰু ১৯৩০ চনত কৰাচীত অনুষ্ঠিত অখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ সভাত অসমৰ হৈ প্ৰতিনিধিত্ব কৰে। লোহাৰে ১৯৩০ চনত কুখ্যাত কানিংহাম চাৰ্কুলাৰৰ বিৰোধিতা কৰি তিনি মাহ কাৰাবাস খাটে। নিৰ্ভীক আৰু স্বাধীনতাপ্ৰিয় লোহাৰে ব্ৰিটিছৰ গণবিৰোধী নীতিৰ বিৰোধিতা কৰি পুনৰ ১৯৩০-৩১ চনত ছমাহ কাৰাবাস খাটিব লগা হয়। 

সমাজৰ পৰা অস্পৃশ্যতা দূৰীকৰণত তেওঁ সক্ৰিয় ভূমিকা লৈছিল আৰু সেৱাদল গঠনত আগভাগ লৈছিল। তেওঁ শ্ৰমিক আন্দোলনৰ নেতা আছিল আৰু ট্রেড ইউনিয়ন গঠনত নিজকে মনোনিৱেশ কৰাইছিল। তেওঁ দ্বিতীয় বিশ্বযুদ্ধত ভাৰতক জড়িত কৰা কাৰ্যৰ বিৰোধিতা কৰা বাবে ঘৰৰ পৰা বিতাড়িত হ’বলগীয়া হৈছিল আৰু তেওঁক কেৱল গোৱালপাৰা জিলাতহে থাকিবলৈ অনুমতি দিয়া হৈছিল। এসময়ত লোহাৰ গোৱালপাৰাৰ পৰা সংগোপনে কলগছৰ ভূৰেৰে ব্ৰহ্মপুত্ৰয়েদি উজাই আহি ঘৰ পাইছিল।  ১৯৪৬ চনত দলবীৰ সিং লোহাৰ শ্ৰমিক আৰু পিছ পৰা শ্ৰেণীৰ প্ৰতিনিধি হিচাপে তিনিচুকীয়া অঞ্চলৰ পৰা বিধান সভালৈ নিৰ্বাচিত হয়। দলবীৰ সিং লোহাৰেই হৈছে অসমৰ নেপালীভাষী প্ৰথম বিধায়ক। 

২৯ জুলাই ১৯৬৯ চনত তেওঁ মৃত্যুবৰণ কৰে। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

হৰিপ্ৰসাদ গোৰ্খা ৰাই

হৰিপ্ৰসাদ গোৰ্খা ৰাই (Hariprasad Gorkha Rai) এজন নেপালীভাষী অসমীয়া আৰু গোৰ্খা সাহিত্যিক আৰু অভিধান লেখক আছিল। 

তেওঁ নাগালেণ্ডৰ ৰাজধানী ক’হিমাত ধনৰাজ ৰাইৰ ঔৰষত আৰু যশোদা ৰাইৰ গৰ্ভত ১৯১৫ চনৰ ১৫ মাৰ্চত জন্মগ্ৰহণ কৰিছিল।হৰিপ্ৰসাদ ৰাইয়ে পিছত নিজকে ‘হৰিপ্ৰসাদ গোৰ্খা ৰাই’ হিচাপে চিনাকি দিছিল। আৱাহন যুগৰ বিশিষ্ট লিখক হিচাপে পৰিচিত গোৰ্খা ৰাইয়ে ধনবাহাদুৰ সোনাৰ আৰু গোবিন্দ চন্দ্ৰ পৈৰাৰ লগ লাগি সাহিত্য চৰ্চাত আত্মনিয়োগ কৰে। এই ত্ৰিমূৰ্তিয়ে অসমীয়া মাধ্যমত শিক্ষাগ্ৰহণ কৰিছিল আৰু অসমীয়া ভাষা-সাহিত্যৰ চৰ্চাত ব্ৰতী হৈছিল। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি পদ্মনাথ গোহাঞিবৰুৱাৰ সান্নিধ্যত সাহিত্য জগতত খোজ পেলোৱা  ‘গোৰ্খা’ ৰাইয়ে ধনবাহাদুৰ সোনাৰ তথা¸ গোবিন্দ চন্দ্ৰ পৈৰাৰ সহযোগত অসম সাহিত্য সভাৰ কোহিমা শাখা গঠন কৰে। পৰাধীন ভাৰতত  জাতীয় চেতনা আৰু জাগৰণৰ বাবে  সাহিত্য চৰ্চাক মাধ্যম হিচাপে লোৱা ব্যক্তিসকলৰ ভিতৰত  গোৰ্খা  ৰাই আছিল অন্যতম।  অসমীয়া আৰু নেপালী উভয় ভাষাতে সাহিত্য ৰচনা কৰা গোৰ্খা ৰাই সঁচা অৰ্থতে সমন্বয় আৰু সম্প্ৰীতিৰ প্ৰতীক আছিল। তেওঁৰ গল্পবোৰত পাহাৰৰ জনজাতীয় আৰু অজন-জাতীয় জনজীৱনৰ সম্প্ৰীতিৰ চিত্ৰ ফুটি  উঠা দেখা যায়। শিক্ষকতাৰে জীৱিকা আৰম্ভ কৰা গোৰ্খা ৰাইয়ে পিছলৈ আকাশবাণীত সেৱা আগবঢ়াই নেপালী আৰু অসমীয়া সাহিত্যৰ সেৱা কৰি গৈছে। 

ৰাইয়ে কেইবাখনো অভিধান ৰচনা কৰিছিল, যেনে –

(ক) মিকিৰ শব্দকোষ (১৯৭৪-৭৬)

(খ) পুমেইতাঙখুল  শব্দকোষ (১৯৭৪-৭৬)

(গ) মাৰাম শব্দকোষ (১৯৭৪-৭৬)

(ঘ) মেইৰিঙ শব্দকোষ (১৯৭৪-৭৬)

(ঙ) অসমীয়া শব্দকোষ (১৯৭৪-৭৬)

(চ) নেপালী শব্দকোষ (১৯৭৪-৭৬) 

তদুপৰি,তেওঁ নেপালী ভাষাত সৃষ্টি কৰা পুথিসমূহ হ’ল— 

১) বাবৰী (কবিতা-সংকলন, ১৯৭৪) 

২) মনচৰিকোবোলী ( কবিতা-সংকলন, ১৯৭৭)

৩) য়হা বদনাম হুঞ্চ (গল্প-সংকলন, ১৯৭৪) ইত্যাদি। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয় । Bishwa Byakti Parichay

ভীমবৰ দেউৰী

ভীমবৰ দেউৰী Vimbar Deori) আছিল এজন দেউৰী সমাজ সংগঠক,  সংস্কাৰক, সংস্কৃতিৰ সমন্বয়ক, প্ৰভাৱশালী ৰাজনীতিক আৰু সংস্কৃতমনা ব্যক্তি।

শিৱসাগৰ জিলাত ১৯০৩ চনৰ মে’ মাহৰ ১৬ তাৰিখত ভীমবৰ দেউৰীৰ জন্ম হয়। পিতৃৰ নাম গদৰাম (গদৰা) দেউৰী মাতৃৰ নাম বাজতী দেউৰী (বাজং) দেউৰী আছিল। 

বৰগাঁও প্ৰাথমিক বিদ্যালয়ত শিক্ষা-জীৱন আৰম্ভ কৰি ১৯১৮ চনত শিৱসাগৰ চৰকাৰী এম. ভি. স্কুলৰ পৰা এম. ভি. পাছ কৰি মাহে চাৰিটকীয়া বৃত্তি অৰ্জন কৰে।  ১৯২৫ চনত শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা এণ্ট্ৰেন্স পৰীক্ষাত পাঁচোটা বিষয়ত লেটাৰ নম্বৰসহ উর্ত্তীর্ণ হয়। পিছত কটন কলেজত ভৰ্তি হৈ ১৯২৭ চনত প্ৰথম বিভাগত আই. এ. পৰীক্ষাত উর্ত্তীর্ণ হয়। ১৯২৯ চনত একে কলেজৰ  পৰাই অৰ্থনীতি বিষয়ক প্ৰধান বিষয় হিচােপ লৈ দ্বিতীয় শ্ৰেণীৰ সন্মানসহ  বি. এ. পাছ কৰে। ১৯৩১ চনত কলিকতাৰ পৰা আইন পৰীক্ষাত উর্ত্তীর্ণ হৈ  বি. এল. হয়। একে সময়তে প্ৰেচিডেন্সি কলেজত স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়ন কৰে। অৰ্থৰ অসুবিধাৰ কাৰণে পৰীক্ষা নিদিয়াকৈ চাকৰি কৰাৰ ইচ্ছাৰে অসমলৈ ঘূৰি আহে। ১৯৩২ চনত অসম অসামৰিক সেৱা পৰীক্ষাত কৃতকাৰ্য হয় যদিও স্বতন্ত্ৰভাৱে ওকালতি কৰিবলৈ লয়। ওকালতি ব্যৱসায়ে ভীমবৰৰ ৰাজহুৱা জীৱন উন্মুক্ত কৰে।

খ্ৰীষ্টীয় ১৯৩২ চনত ডিব্রূগড় আদালতত ওকালতি আৰম্ভ কৰে। ১৯৩৩ চনত ভীমবৰ দেউৰীৰ উদ্যোগত অসমৰ অনগ্ৰসৰ জনগোষ্ঠীসমূহক ঐক্যৱদ্ধ কৰাৰ উদ্দেশ্যে নগাঁৱৰ ৰহাত অসম ভৈয়ামৰ অনগ্ৰসৰ জনগোষ্ঠীৰ প্ৰথম অধিৱেশন অনুষ্ঠিত কৰি Assam Backward Plains Tribal League চমুকৈ  ‘ট্ৰাইেবল লীগ’ৰ জন্ম দিয়ে। এই অধিৱেশনত ভীমবৰ দেউৰীয়ে সভাত এটি উদাত্ত ভাষণ দিয়ে। ভীমবৰ দেউৰীৰ যুক্তিপূৰ্ণ এই সভাতে ভীমবৰ দেউৰী সৰ্বসন্মতিক্ৰমে সাধাৰণ সম্পাদক নিৰ্বাচিত হয়। ১৯৩৫ চনত ভীমবৰ দেউৰীৰ নেতৃত্বত ট্ৰাইেবল লীগৰ দাবীৰ ভিত্তিত অসম বিধান সভাৰ মুঠ ১০৮৪-খন আসনৰ মাজত ১০ খন আসন অনগ্ৰসৰ ভৈয়াম-জনজাতিসকলৰ বাবে সংৰক্ষণ কৰা হয়। ১৯৩৮ চনত ভীমবৰ দেউৰীক ডিব্রূগড় স্থানীয় মণ্ডলৰ এজন মনোনীত সদস্য হিচাপে ৰাজ্যপালে নিযুক্তি দিয়ে। ১৯৩৯ চনত অসমৰ ৰাজ্যপালে ভীমবৰ দেউৰীক উচ্চ পৰিষদ অৰ্থাৎ অসম বিধান পৰিষদৰ সদস্য পদত মনোনীত সদস্য হিচাপে মনোনীত কৰে।

১৯৪০ চনৰ ১৮ ফেব্রূৱাৰীত মন্ত্ৰী ৰূপ নাথব্রহ্মৰ কন্যা কমালৱতী ব্রহ্মৰ লগত ভীমবৰ দেউৰীৰ ব্রহ্মধৰ্ম মতে কোকৰাঝাৰ বাঁশবাৰী গাঁৱত বিবাহ সম্পন্ন হয়। 

খ্ৰীষ্টীয় ১৯৩৩ চনৰ পৰা ১৯৪৬ চনলৈকে ভীমবৰ দেউৰী অকল জনজাতীয় জনগোষ্ঠীৰেই নহয়, অসম আৰু অসমৰ জনসাধাৰণৰ স্বাৰ্থৰ হকে উন্নয়নৰ প্ৰক্ৰিয়াত আত্মনিয়োগ কৰিছিল। দেশখনত বহিৰাগত প্ৰব্রজন ৰোধ, প্ৰাকৃতিক সম্পদৰ ৰক্ষা, পিছপৰা জাতি-জনগোষ্ঠীৰ বাবে সংৰক্ষণৰ ব্যৱস্থা, কেন্দ্ৰৰ পৰা ৰাজ্যসমূহলৈ অধিক ক্ষমতা বিকেন্দ্ৰীকৰণ, স্বায়ত্ব শাসন, বিধান পৰিষদ গঠন, সকলো জনগোষ্ঠীৰ মাজত অৰ্থনৈতিক সমতা স্থাপন আদি নীতি উদ্ভাৱনেৰে নিজৰ বিচক্ষণতা প্ৰদৰ্শনৰ যোগেদি ৰাজনৈতিক-সামাজিক জীৱন পৰিচালিত কৰিছিল।

তেওঁ ১৯৪৭ চনৰ ৩০ নভেম্বৰত ৪৪ বছৰ বয়সত নশ্বৰ দেহ ত্যাগ কৰে। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয় । Bishwa Byakti Parichay

  ৰাধাকান্ত দেউৰী

ৰাধাকান্ত দেউৰী (Radhakanta Deori) আছিল অসমৰ দেউৰী সম্প্ৰদায়ৰ এজন সমাজকৰ্মী, শিক্ষাবিদ আৰু গৱেষক-লেখক। তেওঁৰ জন্ম হয় ১৯৩১ চনৰ জুন মাহৰ ১ তাৰিখে লক্ষীমপুৰ জিলাৰ বাঁহগড়া দেউৰী গাঁৱত। তেওঁৰ পিতৃৰ নাম আছিল আদিচন দেউৰী আৰু মাতৃৰ নাম তাইবা দেউৰী। পিতৃ-মাতৃৰ একমাত্ৰ পুত্ৰ ৰাধাকান্ত দেউৰীৰ তিনিগৰাকী বায়েক-ভনীয়েক আছিল। আৰ্থিক দৈন্যতাৰ বাবে দেউতাকে বিদ্যালয়ত নামভৰ্তি কৰি দিব নোৱাৰত তেওঁ নিজে লোকৰ পৰা কিতাপ, ফলি খুজি আনি নিজ গাঁৱৰ ১১ নং মৰনৈ প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰিছিল। আৰ্থিক কষ্টৰ মাজেৰে পঢ়া-শুনা কৰি সুখ্যাতিৰে মেট্ৰিক পাছ কৰি যোৰহাটৰ জে. বি. কলেজত  কলেজীয়া জীৱন আৰম্ভ কৰে আৰু  ১৯৫৮ চনত বি. এ. ডিগ্ৰী লাভ কৰে। ১৯৫৯ চনত শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে  চাকৰিত সোমায়। যোৰহাটলৈ আহি বি. টি. পাছ কৰে। ১৯৮৫ চনত তেওঁ শদিয়াৰ চপাখোৱা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সহ-শিক্ষক হিচাপে যোগদান কৰে।

জনগোষ্ঠীয় তথা অসমীয়া ভাষা-সাহিত্যলৈ ৰাধাকান্ত দেউৰীৰ অৱদান অপৰিসীম। তেওঁ এজন স্বল্পভাষী তথা দেউৰী ভাষা-সংস্কৃতিৰ গৱেষক পণ্ডিত আছিল। বিভিন্ন কাগজ-পত্ৰ, আলোচনী আদিত তেওঁৰ লেখা সিঁচৰতি হৈ আছে। দেউৰী ভাষাৰ জৰিয়তে অসমীয়া ভাষা¸-সাহিত্যলৈ অনেক অৱদান আগবঢ়াই থৈ যোৱা দেউৰীদেৱৰ গ্ৰন্থসমূহ ‘দেউৰী চ্চুবিঁব’ (দেউৰী অভিধান), ‘চ্চিবাঁ জিমচাঁয়া চ্চুবিঁব’ (আধুনিক দেউৰী শব্দকোষ) দুখন প্ৰধান। ইয়াৰে দ্বিতীয়খন গ্ৰন্থ ত্ৰি-ভাষিক (দেউৰী, অসমীয়া, ইংৰাজী)। এইখন দেউৰী ভাষাৰ পূৰ্ণাঙ্গ অভিধান। ‘দেউৰী শব্দ সম্ভাৰ’ তেখেতৰ অন্যতম সংযোজিত পুথি। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয় । Bishwa Byakti Parichay

বৰ্গৰাম দেউৰী

বৰ্গৰাম দেউৰী (Bargaram Deori) আছিল অসমৰ দেউৰী জনগোষ্ঠীৰ এজন প্ৰখ্যাত সমাজকৰ্মী, শিক্ষাবিদ আৰু ৰাজনীতিক। লক্ষীমপুৰ জিলাৰ বিহপুৰীয়া মৌজাৰ বাঁহগড়া দেউৰী গাঁৱত ১৯৩৮ চনৰ ১ আগষ্টত তেওঁৰ জন্ম হয়। নিজ গাঁৱতে প্ৰাথমিক শিক্ষা লাভ কৰি ১৯৫৯ চনত লক্ষীমপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিকত প্ৰথম বিভাগত উর্ত্তীর্ণ হয়। পিচত যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা বি. এচ. চি. পাছ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ত উদ্ভিদবিজ্ঞান বিষয়ত নাম ভৰ্তি কৰে আৰু একে সময়তে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়তো অধ্যয়ন কৰে। তেওঁ এম. এচ. চি. আৰু এল. এল. বি. একে সময়তে সুখ্যাতিৰে পাছ কৰি পিচত পঞ্জাৱ বিশ্ববিদ্যালয়ত হোমিওেপথিক শিক্ষা পঢ়িবলৈ যায় আৰু তাতো তেওঁ সুখ্যাতিৰে সোণৰ মেডেল লৈ ডিগ্ৰী লাভ কৰে।

বৰ্গৰাম দেউৰী গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি থকা কালতে কামৰূপ একাডেমী বিদ্যালয়ত শিক্ষকতা কৰিছিল। ১৯৭১ চনত লক্ষীমপুৰ বাৰত যোগদান কৰি ওকালতি জীৱন আৰম্ভ কৰে। কিছুদিন তেওঁ মণিপুৰ কলেজত প্ৰবক্তা হিচাপেও কাম কৰিছিল।  

খ্ৰীষ্টীয় ১৯৭৮ চনত বঙ্গালমৰা গাঁও পঞ্চায়তৰ পৰা কাউন্সিলাৰ হিচাপে নিৰ্বাচিত হয়।  ১৯৮৩ চনত অসম বিধান সভালৈ বিহপুৰীয়া সমষ্টিৰ পৰা তেওঁ প্ৰথমবাৰ বিধায়ক হিচাপে  নিৰ্বাচিত হয়।  

দেউৰী ভাষাক দেউৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান আৰু দেউৰী জনগোষ্ঠীৰ ৰাজনৈতিক আৰু আৰ্থ-সামাজিক উন্নয়নৰ বাবে দেউৰী স্বায়ত্ব শাসিত পৰিষদ প্ৰদান কৰাত বৰ্গৰাম দেউৰীৰ অৱদান আছিল উল্লেখনীয়। 

তেওঁ ২০০৪ চনত হৃদ ৰোগত আক্ৰান্ত হৈ গুৱাহাটীত মৃত্যু বৰণ কৰে। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয় । Bishwa Byakti Parichay

চন্দ্ৰ সিং দেউৰী

চন্দ্ৰ সিং দেউৰী (Chandra Sinha Deori) অসমৰ দেউৰী সম্প্ৰদায়ৰ এজন খেলুৱৈ, লোক-শিল্পী আৰু লেখক।

১৯২৭ চনৰ ২৮ এপ্ৰিলত গোপাল দেউৰীৰ ঔৰষত আৰু আতবা দেউৰীৰ গৰ্ভত যোৰহাটত শ্ৰীচন্দ্ৰসিং দেউৰীৰ জন্ম হয়। তেওঁ নিজ গাঁৱতে প্ৰাথমিক শিক্ষা সাং কৰি যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা ১৯৪৯ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুক্ষাতিৰে উর্ত্তীর্ণ হয়। পিচত তেওঁ১৯৬২ চনত  শ্বিলং কলেজৰ পৰা আই. এ. পাছ কৰে।

খ্ৰীষ্টীয় ১৯৫৫ চনৰ এক অক্টোবৰত ভাৰত চৰকাৰৰ অধীনৰ অনুসূচিত জাতি আৰু জনজাতি বিভাগৰ তৃতীয় বৰ্গৰ কৰ্মচাৰী হিচাপে যোগদান কৰে আৰু ১৯৮৮ চনৰ ৩১ মাৰ্চ  তাৰিখে অধীক্ষক হিচাপে চাকৰি জীৱনৰ পৰা অৱসৰ লয়। ১৯৫৯ চনৰ দিল্লী গণৰাজ্য দিৱসত তেওঁৰ নেতৃত্বত দেউৰী লোক-গীত আৰু লোক-নৃত্য প্ৰদৰ্শন কৰাৰ উপৰিও ১৯৫৯ চনৰ পৰা ১৯৭৫ চনলৈকে আকাশবাণী গুৱাহাটী কেন্দ্ৰত দেউৰী লোক-গীত পৰিবেশন  কৰে।

লেখক হিচােপ তেওঁ ২০০৩ চনৰ পৰা একে লেঠাৰিয়ে— ‘আৰাও’ (২০০৩), ‘আৰ্চিয় ইবাঁ’ (২০১৪ চন), ‘আমিৰিয়া ইবাঁ’ (২০১৩ চন), ‘বিচু’ (২০১৫ চন) ‘হিচৰি’ (২০১৬ চন), ‘দেউৰী জনজীৱন’ (২০১৬ চন) পুথি  নিজ প্ৰচেষ্টাত প্ৰকাশ কৰি উলিয়ায়। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয় । Bishwa Byakti Parichay

আইজাক এছিমভ

আইজাক এছিমভ (Issac Asimov) আমেৰিকাৰ এজন জৈৱ ৰসায়নবিদ ঔপন্যাসিক, সমালোচক  আৰু  কল্প বিজ্ঞান লেখক আছিল। ৰাছিয়াৰ পেট্রোভিচিত ১৯২০ চনৰ ২০ জানুৱাৰীত তেওঁৰ জন্ম হয়। তিনি বছৰ বয়সতে তেওঁ পিতৃ-মাতৃৰ লগত আমেৰিকালৈ যায়। পৰিয়ালটোৱে আমেৰিকাৰ নাগৰিকত্ব গ্ৰহণ কৰে আৰু এছিমেভ কলম্বিয়া বিশ্ববিদ্যালয়ত ৰসায়ন শাস্ত্ৰ অধ্যয়ন কৰে। তেওঁ নিজকে জৈৱ ৰসায়নবিদ হিচাপে প্রতিষ্ঠা কৰে  আৰু সমান্তৰালভাৱে কল্প বিজ্ঞানৰ লেখকৰূপে কৰ্মজীৱন আৰম্ভ কৰে। তেওঁৰ প্ৰকাশিত উল্লেখযোগ্য পুথিকেইখনমান হৈছে: ‘ফাউণ্ডেচন’, ‘ফাউণ্ডেচন এণ্ড এম্পায়াৰ’, ‘দি কেভ অব্‌ ষ্টীল’ আদি। ১৯৯২ চনৰ ৬ এপ্ৰিলত তেওঁৰ মৃত্যু হয়। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয় । Bishwa Byakti Parichay

ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ

ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ (Ishwarchandra Bidya Sagar) এজন শিক্ষাবিদ, সমাজ সংস্কাৰক আৰু বাংলা গদ্য লিখক আছিল। ১৮২০ চনৰ ২৬ ছেপ্টেম্বৰত পশ্চিমবংগৰ মেদিনীপুৰ জিলাৰ বীৰসিংহ গাঁৱত তেওঁৰ জন্ম হয়। পিতৃৰ নাম ঠাকুৰদাস বন্দ্যোপাধ্যায় আৰু মাতৃৰ নাম আছিল ভগৱতী দেৱী।

গাঁৱৰ পাঠশালাতেই প্ৰাথমিক শিক্ষা লাভ কৰি কলকাতাৰ সংস্কৃত মহাবিদ্যালয়ত কাব্য, ব্যাকৰণ, আদিত ব্যুৎপত্তি লাভ কৰে। সংস্কৃত শিক্ষাৰ লগতে ইংৰাজী ভাষাও শিকে। ১৮৩৯ চনত হিন্দু আইন সমিতিৰ পৰীক্ষাত অসাধাৰণ ব্যুৎপত্তি দেখুওৱাত  তেওঁ ‘বিদ্যাসাগৰ’ উপাধি লাভ কৰে। আনুষ্ঠানিক শিক্ষা জীৱনৰ সামৰণি মাৰি ১৮৪১ চনত ফৰ্ট উইলিয়াম মহাবিদ্যালয়ত বাংলা বিভাগৰ প্ৰধান শিক্ষকৰ পদত চাকৰি জীৱনৰ পাতনি মেলে। ইয়াৰ দহ বছৰ পিছত ১৮৫১ চনত সংস্কৃত মহাবিদ্যালয়ত অধক্ষ পদত অধিষ্ঠিত হয়।

বাংলা গদ্য সাহিত্যৰ পিতৃস্বৰূপ বিদ্যাসাগৰ স্কুল পৰ্যায়ৰ সকলো স্তৰতে প্ৰযোজ্য হোৱাকৈ  বহতো পাঠ্যপুথি যেনে: ‘বোধোদয়’, ‘বৰ্ণ পৰিচয়’, ‘কথামালা’, ‘চৰিতাৱলী’ আদি প্ৰণয়ন কৰে।  এইবোৰৰ উপৰি তেওঁ কেইবাখনো মূল্যৱান পুথি সম্পাদনা কৰে। তেওঁৰ সম্পাদিনত গ্ৰন্থসমূহ হ’ল:  ৰঘুবংশ, কুমাৰসম্ভৱ, কাদম্বৰী, মেঘদূত, উত্তৰ ৰামচৰিত, অভিজ্ঞানম শকুন্তলম আদি। 

আজীৱন শিক্ষা আৰু সামাজিক কাম-কাজৰ লগত জড়িত থাকি ১৮৯১ চনৰ ২৯ জুলাইত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ পৰলোক গমন কৰে। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয় । Bishwa Byakti Parichay

উইলহেম  ৰণ্টজেন

উইলেম ৰণ্টজেন (Wilhelm Rontgen: 1845-1923) এজন জাৰ্মান পদাৰ্থ বিজ্ঞানী আছিল। সম্পূৰ্ণ নাম হ’ল উইলেম কনৰাড ভন ৰণ্টজেন। ১৮৪৫ চনৰ ২৭ মাৰ্চত তেতিয়াৰ প্রোছিয়াৰ লেনেপত, (বৰ্তমান জাৰ্মানীৰ ৰেমশ্বিড)ত তেওঁৰ  জন্ম হয়। পিতৃ-মাতৃৰ একমাত্ৰ সন্তান ৰণ্টজেন সৰুতে পঢ়া-শুনাত অকণো ভাল নাছিল। ১৮৪৮ চনত তেওঁলোকৰ পৰিয়ালটো হলেণ্ডলৈ উঠি যায় আৰু তাতে বসবাস কৰিবলৈ লয়। ইয়াতো পঢ়া-শুনাত বিশেষ সুবিধা কৰিব নোৱাৰি ৰণ্টজেন ছুইজাৰলেণ্ডৰ জুৰিখলৈ যায় আৰু তাৰে এখন অভিযান্ত্ৰিক শিক্ষানুষ্ঠানত নাম লগায়। ইয়াত ৰণ্টজেনে আগষ্ট কুণ্ড্‌ট নামৰ এজন পদাৰ্থ বিজ্ঞানৰ শিক্ষকৰ সান্নিধ্যলৈ আহে। কুণ্ড্‌টৰ সান্নিধ্যই ৰণ্টজেনক পদাৰ্থ বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰে আৰু ক্ৰমে তেওঁ এই বিষয়টো অধ্যয়ন কৰিবলৈ লয়। ১৮৬৯ চনত ৰণ্টজেনে স্নাতক ডিগ্ৰী লাভ কৰে। ১৮৭৬ চনত ষ্টে˜ছবুৰ্গ বিশ্ববিদ্যালয়ৰ অধ্যাপকৰূপে কৰ্মজীৱন আৰম্ভ কৰি ৰণ্টজেনে ক্ৰমে গিছেন, উৰ্জবাৰ্গ আৰু মিউনিক বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে। উৰ্জবাৰ্গ বিশ্ববিদ্যালয়ত থাকোতেই ১৮৯৫ চনত তেওঁ এক্স-ৰে (ৰঞ্জন ৰশ্মি) আৱিষ্কাৰ কৰে। সুদূৰ প্ৰসাৰী সম্ভাৱনাপূৰ্ণ এই অভাৱনীয় আৱিষ্কাৰৰ বাবে ১৯০১ চনত ৰণ্টজেনক পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হয়।  ৰন্টজেন হৈছে পদাৰ্থ বিজ্ঞানত নোবেল বঁটা লাভ কৰা প্ৰথমজন বিজ্ঞানী। ১৯২৩ চনৰ ১০ ফেব্রূৱাৰীত মিউনিখত কৰ্কট ৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয় । Bishwa Byakti Parichay

উইলিয়াম থমছন কেলভিন

উইলিয়াম থমছন কেলভিন (William Thomson Kelvin) এজন  ইংৰাজ বিজ্ঞানী আৰু আৱিষ্কাৰক আছিল। ১৮২৮ চনৰ ২৬ জুনত তেওঁৰ জন্ম হয়। পঢ়া-শুানত অতি চোকা কেলভিনে মাত্ৰ ২২ বছৰ বয়সতে ইংলেণ্ডৰ গ্লাছগো বিশ্ববিদ্যালয়ৰ প্ৰকৃতি বিজ্ঞানৰ অধ্যাপক হয়। তেওঁ ১৮৪৬ চনৰ পৰা ১৮৯৯ চনলৈকে সুদীৰ্ঘ ৫৩ বছৰ অধ্যাপনা আৰু গৱেষণা কৰে। উষ্ণতাৰ পৰম মান উদ্ভাৱনৰ বাবে তেওঁ বিখ্যাত। এই স্কেল ‘কেলভিন স্কেল’ নামেৰে প্ৰখ্যাত। আমেৰিকা আৰু ইংলেণ্ডৰ টেলিগ্ৰাফ সংযোগ সাধনত আটলাণ্টিক মহাসাগৰৰ তলত বৈদ্যুতিক তাঁৰ সন্নিৱেশৰ সফল পৰিকল্পনা আৰু ব্যৱস্থাপনাৰ বাবে তেওঁ অবিস্মৰণীয় কৃতিত্ব অৰ্জন কৰে। সঠিক আৰু সূক্ষ্ম বৈজ্ঞানিক যন্ত্ৰ-পাতি নিৰ্মাণত অতুলনীয় দক্ষতা প্ৰদৰ্শন কৰা উইলিয়াম থমছন কেলভিনে ১৯০৭ চনৰ ১৭ ডিচেম্বৰত মৃত্যু বৰণ কৰে। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয় । Bishwa Byakti Parichay

ইহুদী মেনুহিন

ইহুদী মেনুহিন (Yehudi Menuhin ) কুৰি শতিকাৰ এজন বিৰল প্ৰতিভাধৰ সংগীতজ্ঞ আৰু অবিসম্বাদী বেহেলাবাদক আছিল। ১৯২৬ চনৰ ২২ এপ্ৰিলত আমেৰিকাৰ নিউয়ৰ্কত তেওঁৰ জন্ম হয়। মাত্ৰ সাত বছৰ বয়সতে আমেৰিকাৰ ছান ফ্ৰান্সিকো চহৰৰ এক অনুষ্ঠানত এককভাৱে বেহেলা বজাই দৰ্শকক বিষ্মিত কৰে আৰু  কেইবছৰমানৰ ভিতৰতে বিশ্বজোৰা খ্যাতি লাভ কৰিবলৈ সক্ষম হয়। এই বিৰল প্ৰতিভাই মেনুহিনক বিষ্ময় বালক ৰূপে প্ৰতিষ্ঠা কৰে। তেৰ বছৰ পূৰ্ণ নৌহওঁতেই এক সংগীতানুষ্ঠানত মেনুহিনৰ বেহেলাৰ যাদুকৰী ঝংকাৰ শুনি বিজ্ঞানী এলবাৰ্ট আইনষ্ঠানে মন্তব্য কৰিছিল: ‘এতিয়া মই বিশ্বাস কৰিছো স্বৰ্গত ভগবান নিশ্চয় আছে।’ 

শিক্ষা সমাপ্ত কৰি মেনুহিনে বেহেলাৰ ম-ধাৰাৰ উৎকৰ্ষ আৰু উত্তৰণৰ কামত গভীৰভাৱে আত্মনিয়োগ কৰে। ইয়াৰ বাবে তেওঁ পৃথিৱীৰ কেইবাখনো দেশ ভ্ৰমণ কৰিবলগা হয়। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত তেওঁ ইংলেণ্ড আৰু ছুইজাৰলেণ্ডতে বসবাস কৰিবলৈ লয়। ১৯৬২ চনত তেওঁ লণ্ডনৰ ওচৰতে এখন সংগীত বিদ্যালয় স্থাপন কৰি সংগীতৰ অনুৰাগী শিশুসকলক শিক্ষাদান কৰে আৰু ইয়াৰ  সমান্তৰালকৈ বেহেলা আৰু সংগীতৰ বিভিন্ন দিশৰ বিকাশৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখে । সংগীত জগতলৈ আগবঢ়োৱা অনবদ্য অৰিহণাৰ স্বীকৃতি ৰূপে মেনুহিনে ১৯৬৫ চনত লাভ কৰে সন্মানীয় ‘নাইট’ উপাধি লাভ কৰে। ১৯৬৮ চনত ভাৰতৰ পৰা তেওঁক ‘জৱাহৰলাল নেহৰু বঁটা’ প্ৰদান কৰা হয় । ১৯৮৫ চনত ব্ৰিটিছ নাগৰিকত্ব গ্ৰহণ কৰা মেনুহিনে ১৯৮৭ চনত ‘অৰ্ডাৰ অব্‌ মেৰিট’ৰ সদস্য পদ লাভ কৰে। বেহেলাৰ অনুপম মূৰ্ছনাৰে  শ্ৰোতাক বিস্ময়াভিভূত কৰা ইহুদী মেনুহিনৰ ১৯৯৯ চনৰ ১২ মাৰ্চত বাৰ্লিনত মৃত্যু বৰণ কৰে। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয় । Bishwa Byakti Parichay

ঈছপ

ঈছপ (Esop) হৈছে প্ৰাচীন গ্ৰীচৰ এজন গল্পকাৰ। তেওঁৰ জীৱনকাল সম্পৰ্কে নিদিষ্টকৈ একো জনা নাযায়। বহুতে অনুমান কৰে যে যীশুখ্ৰীষ্টৰ জন্মৰ প্ৰায় ৬২০ বছৰৰ আগেয়ে গ্ৰীচৰ এটা দৰিদ্ৰ পৰিয়ালত ঈছপৰ জন্ম হয়। কোনো কোনো পণ্ডিতৰ মতে ঈছপ আছিল আফ্ৰিকাৰ ইথিওপিয়াত জন্ম গ্ৰহন কৰা এজন  কৃষ্ণাংগ লোক ।

সৰুৰে পৰা ঈছপে সজাই-পৰাই কথা ক’ব পাৰিছিল। তেওঁ য’লৈকেৰ গৈছিল তাতে তেওঁ মনে সজা সাধু কৈ মানুহৰ অন্তৰ জয় কৰিছিল। তেওঁ কোৱা কথাবোৰ মনে সজা হ’লেও উপদেশপূৰ্ণ আৰু ৰসাল আছিল। দেখিবলৈ আপচু আছিল যদিও মানুহ হিচাপে ঈছপ আছিল অতিশয় জ্ঞানী। তেওঁ মানুহৰ আচাৰ-ব্যৱহাৰ অতি মনোযোগেৰে লক্ষ্য কৰিছিল আৰু মানুহৰ দোষ-গুণক লৈয়ে সুন্দৰ সুন্দৰ সাধু ৰচনা কৰিছিল। অৱশ্যে ঈছপে মানুহৰ অনৈতিক আচৰণ বা দোষ-ত্রূটিবোৰ মানুহৰ আগত কৈ শ্ৰোতাৰ মনত আঘাত দিব খোজা নাছিল বাবে  ঈছপে পশু-পক্ষীক তেওঁৰ সাধুকথাৰ চৰিত্ৰ হিচাপে  লৈছিল। সেয়ে  ঈছপৰ সাধুত মানুহতকৈও পশু-পক্ষীৰ কথাহে বেছিকৈ পোৱা যায়। তেওঁৰ সাধুকথাসমূহ বহু বছৰলৈকে মানুহৰ মুখে মুখে চলি আহিছিল  যদিও তেওঁৰ মৃত্যুৰ প্ৰায় চাৰিশ বছৰ পিছত সেইবোৰ লিখিত ৰূপত সংকলতি হয়। বৰ্তমান বিশ্বৰ বহুতো ভাষালৈ তেওঁৰ সাধুকথাসমূহ অনুদিত হৈছে। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয় । Bishwa Byakti Parichay

এদি আমিন

এদি আমিন (Adi Amin) আছিল উগাণ্ডাৰ ৰাষ্ট˜পতি ।  তেওঁৰ জন্ম হয় ১৯২৫ চনত । তেওঁ প্ৰাথমিক পৰ্যায়লৈকে শিক্ষা গ্ৰহণ কৰি সৈন্যবাহিনীত যোগ দিয়ে আৰু ১৯৬৪ চনত উগাণ্ডাৰ সেনাৰ কৰ্ণেল পদ লাভ কৰে। তেওঁ আছিল তৎকালীন উগাণ্ডাৰ প্ৰধানমন্ত্ৰী মিল্টন আবেটেৰ বন্ধু আৰু তেওঁ ইদি আমিনক সৈন্যবাহিনীৰ প্ৰধানৰূপে অধিষ্ঠিত কৰে। কিন্তু পাছলৈ তেওঁলোকৰ মাজৰ সম্পৰ্কৰ অৱনতি ঘটে আৰু ১৯৭১ চনত এক সামৰিক অভ্যুত্থানৰ জৰিয়তে মিল্টন আবেটেকে ক্ষমতাচ্যুত কৰি এদি আমিনে উগাণ্ডাৰ ৰাষ্ট্ৰপতি হয় আৰু  দেশখনত সামৰিক একনায়কত্ববাদৰ প্ৰচলন কৰে। ৰাষ্ট্ৰপতি হৈ তেওঁ দেশখনত থকা সকলো বিদেশী ব্যৱসায় জব্দ কৰে আৰু তেওঁক বিৰোধিতা কৰা কেইবাহাজাৰো নিৰ্দোষী লোকক প্ৰাণদণ্ড দিয়ে। তেওঁৰ এই ঘোষণাই সমগ্ৰ বিশ্বতে আলোড়নৰ  সৃষ্টি কৰে। ১৯৭৮ চনত এদি আমিনে টানজানিয়াৰ কাগেৰা অঞ্চল দখলৰ চেষ্টা কৰে যদিও পৰাজিত হয় আৰু ১৯৭৯ চনত ক্ষমতাচ্যুত হয়। ইয়াৰ পাচত তেওঁ লিবিয়ালৈ পলাই যায় আৰু বহুকেইখন দেশত আত্মগোপন কৰি অৱশেষত ছৌডি আৰবত বসবাস কৰিবলৈ লয়। বিশাল আৰু ভয়কৰ চেহেৰাৰ এইজন শাসকে তেওঁৰ ৮ বছৰীয়া শাসনকালত এক লাখৰো অধিক লোকক বিনাকাৰণে নিৰ্মমভাৱে হত্যা কৰে।  বিশ্বই  ইদি আমিনক আধুনিক বিশ্বৰ আটাইতকৈ নিষ্ঠূৰ শাসক বুলি ঘৃণাৰ চকুৰে চায়। তেওঁৰ কেইবাগৰাকী বিবাহিতা পত্নী থকাৰ উপৰিও তেওঁৰ প্ৰায় ৪০ গৰাকী উপ-পত্নী আছিল। 

২০০৩ চনৰ ১৬ আগষ্টত এদি আমিনৰ মৃত্যু হয়। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয় । Bishwa Byakti Parichay

ইবন বটুতা

ইবন বটুটা Ibn Battuta) আছিল মধ্যযুগৰ মৰক্কোৰ এজন পৰ্যটক। ১৩০৪ চনৰ ২৪ ফেব্রূৱাৰীত মৰক্কোৰ  টাঞ্জিয়েৰত তেওঁৰ জন্ম হয়। টাঞ্জিয়েৰতে তেওঁ সাহিত্য আৰু আইন সম্পৰ্কীয় শিক্ষা গ্ৰহণ কৰি ১৩৫২ চনত ২১ বছৰ বয়সত দেশ ভ্ৰমণৰ প্ৰতি আগ্ৰহী হয় আৰু সুদীৰ্ঘ প্ৰায় ৩০ বছৰ পৃথিৱীৰ বিভিন্ন দেশ ভ্ৰমণ কৰি ফুৰে। সুদীৰ্ঘ কালৰ এই ভ্ৰমণত ইবন বটুতাই ইজিপ্ট, মক্কা, আৰব, ইৰাক, ইৰাণ, আজেৰবাইজান, ভাৰত, স্পেইন, চীন, বাগদাদ আদি ঠাইৰ প্ৰায় ১,২০,০০০ কিলোমিটাৰ পথ ভ্ৰমণ কৰে। ১৩৩৩ চনত মহম্মদ  বিন টোগলকৰ ৰাজত্ব কালত তেওঁ ভাৰতলৈ আহে আৰু ১৩৫৩ চনলৈ ভাৰতত থাকে। ভাৰতত থকা কালত তেওঁ ১৩৩৪ চনৰ পৰা ১৩৪২ চনলৈ দিল্লীৰ প্ৰধান কাজী বা বিচাৰপতিৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল। ‘ট্রাভেলাৰ অব্‌ ইছলাম’ৰূপে খ্যাত ইবন বটুতা ১৩৫৪ চনত তেওঁ নিজ দেশ মৰক্কো লৈ ঘূৰি যায়।

নতুন দেশ তথা মানুহ সম্পৰ্কে জনাৰ প্ৰবল ইচ্ছা আৰু আগ্ৰহেই আছিল ইবন বটুতাৰ বিশ্ব ভ্ৰমণৰ প্ৰধান উদ্দেশ্য। বিভিন্ন দেশ ভ্ৰমণ কৰি লাভ কৰা অভিজ্ঞতাৰে তেওঁ ‘ৰিহ্‌লা’ নামেৰে এখন বহু মূল্যৱান গ্ৰন্থ ৰচনা কৰে। বৰ্তমান তেওঁৰ গ্ৰন্থখনবহুতো ভাষালৈ অনুদিত হৈছে। ১৩৬৮ চনত জন্মস্থান টাঞ্জিয়েৰতে ইবন বটুতাৰ মৃত্যু হয়। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয়  

ইভ

ইভ (Eve) বাইবেলৰ অ’ল্ড টেষ্টামেণ্টত বৰ্ণিত ঈশ্বৰসৃষ্ট প্ৰথম মানৱী। তাই  মানৱ জাতিৰ মাতৃৰূপে স্বীকৃত। হিব্রূ ভাষাত এই নামটোৰ অৰ্থ ‘সৰ্বজীৱৰ মাতৃ’। প্ৰথম আদাম (Adam)ক সৃষ্টি কৰাৰ পাছত নিঃসংগ আদমৰ সংগী হিচােপ ঈশ্বৰে আদমৰ কামিহাড়ৰ পৰা ইভক সৃষ্টি কৰে।  প্ৰথম দৰ্শনতেই আদাম ইভৰ সৌন্দৰ্যত আকৃষ্ট হৈ সংগী হিচাপে গ্ৰহণ কৰে। ইছলাম আৰু ইহুদী ধৰ্মগ্ৰন্থতো ইভৰ উল্লেখ আছে। আৰবী আৰু হিব্রূ ভাষাত ইভ ‘হাৱা’ নামে পৰিচিত। বাইবেলৰ জেনেছিছ অংশত থকা বৰ্ণনা মতে ইভে চয়তানৰ প্ৰৰোচনাত বেহেস্তত থকা নিষিদ্ধ ফল ভক্ষণ কৰে আৰু  তাইৰ প্ৰৰোচনাত পিছত আদামেও এই  ফল  ভক্ষণ কৰাত ঈশ্বৰে দুয়োকে পৃথিৱীত পেলাই দিয়ে। মানৱ প্ৰকৃতিত বিভিন্ন ৰিপুৰ আৱিৰ্ভাৱ সেই নিষিদ্ধ ফল ভক্ষণৰ  ফল বুলি বাইবেলত বৰ্ণিত হৈছে। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয় । Bishwa Byakti Parichay

আমেৰিগো ভেছপুচি

আমেৰিগো ভেছপুচি (Amerigo Vespucci) আছিল ইটালীৰ এজন  ব্যৱসায়ী, নাবিক আৰু অভিযাত্ৰী। ১৪৫৪ চনত ইটালীৰ ফ্লোৰেন্সত তেওঁৰ জন্ম হয়। পিছত তেওঁ স্পেইনলৈ যায় আৰু ক্ৰমে মোছিছি আৰু ছেভাইল চহৰত বসবাস কৰিবলৈ লয়। কিছুদিন তাৰে বেংক এটাৰ এজেণ্টৰূপে কাম কৰাৰ উপৰিও খ্ৰীষ্টাফাৰ কলম্বাছ নামৰ এজন অভিযাত্ৰীৰ নৌযাত্ৰাৰ বয়-বস্তু যোগানৰ ঠিকাদাৰ আছিল। তেওঁ ১৪৯৯ চনত সমুদ্ৰ অভিযান চলাই আমাজন নদীৰ মোহনাত উপস্থিত হয়গৈ। ইয়াৰ পাছত দক্ষিণ আমেৰিকাৰ উত্তৰৰ উপকূলৱৰ্তী দ্বীপবোৰ পৰিভ্ৰমণ কৰি ১৫০০ চনত স্পেইনলৈ উভতি আহে। তেওঁৰ এই দীৰ্ঘ নৌযাত্ৰাৰ বিষয়ে এটা সুন্দৰ টোকাও লিখিছিল। কলম্বাছে আৱিষ্কাৰ কৰা দেশখন কলম্বাছে ভবাৰ দৰে যে ভাৰত বা এছিয়াৰ অংশ নহয়, ভেছপুচিয়েই সেই কথা প্ৰথমে ঘোষণা কৰে। জাৰ্মান ভূগোলবিদ মাৰ্টিন ৱাল্ডছিমুলাৰে তেওঁৰ ‘কছমোগ্ৰাফি ইণ্ট’ডাকটিঅ’ শীৰ্ষক গ্ৰন্থত ভেছপুছিৰ সন্মানাৰ্থে নতুনকৈ আৱিষ্কৃত সেই ভূখণ্ডক ‘আমেৰিকা’ বুলি নামাকৰণ কৰে। তেওঁৰ নামানুসাৰে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা, দুয়োখন মহাদেশৰেই নামকৰণ কৰা হয় ‘আমেৰিকা’ বুলি  ১৫১২ চনত আমেৰিগো ভেছপুচিৰ মৃত্যু। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয় । Bishwa Byakti Parichay

ইন্দিৰা গান্ধী  

ইন্দিৰা গান্ধী  (Indira Gandhi:1917-1984) আছিল এজনী ৰাজনীতিক আৰু স্বাধীন ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী। ১৯১৭ চনৰ ১৯ নৱেম্বৰত এলাহাবাদত তাইৰ জন্ম হয়। তাই আছিল স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ কন্যা। তাইৰ মাকৰ নাম আছিল  কমলা নেহৰু। পুনা, মুম্বাই আদিত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি ১৯৩৪ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পাছত ক্ৰমে ছুইজাৰলেণ্ড আৰু অক্সফোৰ্ডত পঢ়িবলৈ লয় যদিও কোনো ডিগ্ৰী নোলোৱাকৈয়ে আনুষ্ঠানিক শিক্ষাৰ সামৰণি মাৰে। তাই  বৰীন্দ্ৰনাথ ঠাকুৰৰ তত্ত্বাৱধানত সংগীত আৰু নৃত্যৰ শিক্ষাও গ্ৰহণ কৰিছিল। ১৯৪২ চনত ফিৰোজ গান্ধীৰ লগত বিবাহ পাশত আৱদ্ধ হয় আৰু ৰাজীৱ গান্ধী আৰু সঞ্জয় গান্ধী নামৰ দুজন পুত্ৰ সন্তানৰ জননী হয়।

সৰুৰে পৰা এক ৰাজনৈতিক পৰিৱেশত ডাঙৰ-দীঘল হোৱা ইন্দিৰাই ১৯৩৮ চনত ২১ বছৰ বয়সত আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰি ৰাজনৈতিক জীৱনৰ পাতনি মেলে। ইয়াৰ আগতে ১২ বছৰ বয়সত গান্ধীজীৰ আঁচনিমৰ্মে ‘চৰ্খা সংঘ’ আৰু ১৪ বছৰ বয়সত ‘বানৰ সেনা’ নামে সংগঠন খুলি অসহযোগ আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। ইন্দিৰাই প্ৰায় ১৩ মাহমান কাৰাবাসো খাটিবলগীয়া হৈছিল।

ইন্দিৰা গান্ধীৰ প্ৰধানমন্ত্ৰীত্বৰ কালছোৱাত ভাৰতৰ ৰাজনৈতিক ক্ষেত্ৰ কেইবাটাও দিশৰ পৰা উল্লেখযোগ্য। তেওঁৰ শাসন কালতে ১৯৭১ চনত স্বাধীন বাংলাদেশ ৰাষ্ট˜ সৃষ্টি হয়। তদুপৰি ১৪টা ছোভিয়েট শান্তি-মৈত্ৰী আৰু সহযোগিতাৰ চুক্তি, ৰাজন্যবৰ্গৰ মাননী বিলোপ বিল উত্থাপন আৰু গৃহীতকৰণ তেওঁৰ কাৰ্যকালত সম্পাদিত হয়।

ৰাজনতিক জীৱনত নেহৰু-শাস্ত্ৰীৰ নীতি মানি চলা সুদক্ষ ৰাজনীতিবিদ ইন্দিৰা গান্ধীয়ে কৰ্ম জীৱনৰ কৃতকাৰ্যতাৰ স্বীকৃতিস্বৰূপে বহুতো বঁটা আৰু সন্মান লাভ কৰে। ইয়াৰ ভিতৰত ‘মাতৃ পুৰস্কাৰ’ আৰু  ‘ভাৰত ৰত্ন’  উল্লেখযোগ্য।

১৯৮৪ চনৰ ৩১ অক্টোবৰত নিজৰ দেহৰক্ষী গুলীত নিহত হয়। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয় । Bishwa Byakti Parichay

ইউৰি গাগাৰিন

ইউৰি গাগাৰিন (Uri Gagarin)আছিল ছোভিয়েট বায়ু সেনা বাহিনীৰ বিমান চালক আৰু বিশ্বৰ প্ৰথমজন মহাকাশচাৰী। ১৯৩৪ চনৰ ৯ মাৰ্চত ছোভিয়েট ৰাছিয়াৰ কুছিনো নামে ঠাইত তেওঁৰ  জন্ম হয়। সম্পূৰ্ণ নাম ইউৰি আলেক্সিভিছ গাগাৰিন। বিদ্যালয়ৰ সাধাৰণ শিক্ষা সম্পূৰ্ণ কৰাৰ পাছত কাৰিকৰী বিদ্যালয়ত ধাতু ঢালাই আৰু সংশ্লিষ্ট অন্যান্য বৃত্তিৰ শিক্ষা গ্ৰহণ কৰে। পিছত বিমান চালনৰ  প্ৰশিক্ষণ লৈ ১৯৫৭ চনত ছোভিয়েট বিমান বাহিনীৰ বিমান চালক হিচাপে কাৰ্মজীৱন আৰম্ভ কৰে। ১৯৬০ চনত গাগাৰিন মহাকাশ যাত্ৰাৰ শিক্ষানবীচ হিচাপে নিৰ্বাচিত হয়। ১৯৬১ চনৰ ১২ এপ্ৰিলত ‘ভস্তক’ নামৰ মহাকাশযানত তেওঁ মহাকাশলৈ যাত্ৰা কৰে। মহাকাশত তেওঁ ১ ঘণ্টা ৪০ মিনিটৰ সময় কটাই পৃথিৱীৰ প্ৰথমজন মহাকাশচাৰীৰ সন্মান অৰ্জন কৰে। এই সময়ছোৱাত ‘ভস্তক’ যানখনেৰে তেওঁ পৃথিৱীক সম্পূৰ্ণ এবাৰ প্ৰদক্ষিণ কৰিছিল। ইয়াৰ বাবে তেওঁক ছোভিয়েক ৰাচিয়াৰ ‘অৰ্ডাৰ অব্‌ লেনিন’ সন্মান প্ৰদান কৰা হয়।

মহাকাশ বিজয়ৰ পাছত গাগাৰিন মহাকাশযাত্ৰাৰ ছোভিয়েট পৰিকল্পনাসমূহৰ পৰামৰ্শদাতা আৰু প্ৰশিক্ষকৰ দায়িত্বত নিযুক্ত হয়। ১৯৬৮ চনৰ ২৭ মাৰ্চত এক বিমান দুৰ্ঘটনাত তেওঁৰ মৃত্যু হয়। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয় । Bishwa Byakti Parichay

ইউপিৰিডিছ

ইউৰিপিডিছ (Uripides) আছিল এজন প্ৰাচীন গ্ৰীক নাট্যকাৰ। আনুমানিক খ্ৰীষ্টপূৰ্ব ৪৮০-ত গ্ৰীচৰ এথেন্সত তেওঁৰ জন্ম হয়। তেওঁ প্ৰায় ৮০ খন নাটক লিখিছিল বুলি জনা যায় যদিও এতিয়ালৈকে তাৰে ১৯ খনহে পোৱা গৈছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য কেইখনমান নাটক হ’ল: আলচেছটিছ, অ’ৰেছটিছ, ইলেকট্ৰী, ট্রজান ৱমেন, দি বাক্কে, মেডেয়া,  আইফিজেনিয়া আদি। ইউপিৰিডিছৰ মৃত্যুৰ পাছতহে তেওঁৰ প্ৰায়বোৰ নাটক এথেন্সত মঞ্চস্থ হয় আৰু প্ৰভূত জনপ্ৰিয়তা অৰ্জন কৰে। জীৱিতকালত তেওঁ মানুহৰ পৰা কেৱল প্ৰত্যাখ্যান আৰু অৱহেলাহে পাইছিল। আনুমানিক খ্ৰীষ্টপূৰ্ব ৪০৬-ত মেচেডোনিয়াৰ এখন সৰু গাঁৱত নিঃসংগ অৱস্থাত ইউৰিপিডিছৰ  মৃত্যু হয়। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয় । Bishwa Byakti Parichay

আৰ্যভট্ট

আয্যভট্ট (Aryabhatta) প্ৰাচীন ভাৰতৰ এজন গণিতজ্ঞ আৰু¸ জ্যোৰ্তিবিদ আছিল। ৪৭৬ খ্ৰীষ্টাব্দত বৰ্তমানৰ বিহাৰৰ পাটনাৰ ওচৰৰ কুসুমপুৰত তেওঁৰ জন্ম হৈছিল বুলি ঠাৱৰ কৰা হয়  যদিও এই বিষয়ত মতানৈক্য আছে। ২৩ বছৰ বয়সতে তেওঁ ‘আৰ্যভটীয়’ নামে এখন গ্ৰন্থ ৰচনা কৰে। এই গ্ৰন্থত তেওঁ গণিত আৰু জ্যোৰ্তিবিদ্যাৰ বিষয়ে বিশদ আলোচনা কৰিছিল। ‘আৰ্যভট্ট’ই প্ৰথমবাৰৰ বাবে গণিতক জ্যোতিৰ্বিদ্যাৰ এটা বিভাগ হিচাপে বিবেচনা কৰিছিল। পৃথিৱীৰ আহ্নিক গতিৰ ফলত যে দিন-ৰাতি হয় সেয়া তেওঁ জানিছিল। 

বৃত্তৰ পৰিধি আৰু ব্যাসৰ অনুপাত তেওঁ শুদ্ধকৈ ৩.১৪৬ বুলি নিৰ্ণয় কৰি উলিয়ায়। তীক্ষ্ণ মেধা সম্পন্ন আৰ্যভট্টৰ মৃত্যু হয় ৫৫০ খ্ৰীষ্টাব্দত। আৰ্যভট্টৰ সোঁৱৰণত ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম ৰখা হৈছে ‘আৰ্যভট্ট’।০ ০ ০

বিশ্ব ব্যক্তি পৰিচয় । Bishwa Byakti Parichay

আশাপূৰ্ণা দেবী

আশাপূৰ্ণা দেৱী (Ashapoorna Devi) আছিল এজনী ভাৰতীয় বঙা লী কবি আৰু ঔপন্যাসিক। ১৯০৯ চনৰ ৮ জানুৱাৰীত পশ্চিমবংগৰ হুগলী জিলাত এক ৰক্ষণশীল হিন্দু পৰিয়ালত তাইৰ জন্ম হয়। ৰক্ষণশীল পৰিয়ালৰ হোৱা বাবে তাই আনুষ্ঠানিক শিক্ষা লাভৰ পৰা বঞ্চিত হয়। অৱশ্যে সাহিত্যনুৰাগী মাতৃৰ সন্নিধ্যত ঘৰতে গ্ৰন্থ অধ্যয়নৰ স্পৃহা আৰু অভ্যাস গঢ়ি তুলে। ১৩ বছৰ বয়সত এখন শিশু আলোচনীত এটা কবিতা প্ৰকাশেৰে তাই সাহিত্যিক জীৱনৰ আৰম্ভণি কৰে। আজীৱন সাহিত্য সাধনেৰে আশাপূৰ্ণা দেৱীয়ে ১৭৬ খন উপন্যাস, ৩০ খন গল্প সংকলন, ৪৭ খন শিশুপুথি, ২৫ খন অন্যান্য গ্ৰন্থ ৰচনা কৰি বাংলা তথা ভাৰতীয় সাহিত্যলৈ অভূতপূৰ্ব   বৰঙণি আগবঢ়াইছে  । ১৯৭৬ চনত ‘প্ৰথম প্ৰতিশ্ৰুতি’ উপন্যাসৰ বাবে তাই জ্ঞানপীঠ বঁটা লাভ কৰে। ১৯৯৫ চনৰ ১৩ জুলাইত আশাপূৰ্ণা দেৱীৰ মৃত্যু হয়। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয় । Bishwa Byakti Parichay

আশা ভোছলে

আশা ভোছলে (Asha Bhosle) আছিল এজনী ভাৰতীয় চলচ্চিত্ৰৰ নেপথ্য গায়িকা। ১৯৩৩ চনৰ ৮ ছেপ্টেম্বৰত মহাৰাষ্ট˜ৰ সাতাৰাত তাইৰ জন্ম হয়। পিতৃ আছিল সংগীতৰ বিশাৰদ দীননাথ মংগেশকাৰ। পিতৃৰ ওচৰতে তাই শাস্ত্ৰীয় সংগীতৰ শিক্ষা লাভ কৰে। ১৪ বছৰ বয়সতে ‘বড়ি মা’ ছবিৰ জৰিয়তে চলচ্চিত্ৰৰ নেপথ্য গায়িকাৰূপে আত্মপ্ৰকাশ কৰে। পিছলৈ ক্ৰমে ভাৰতীয়  ১৪ টা ভাষাত ১২,০০০-ৰো অধিক গীতত কণ্ঠদান কৰে। প্ৰথমে গণপত ভোছলেৰ লগত বিবাহ হয় যদিও বিবাহ বিচ্ছেদ হয়। পাছত সংগীতজ্ঞ বাহুল দেৱ বৰ্মনৰ লগত দ্বিতীয় বিবাহ হয়। সংগীত জগতলৈ আগবঢ়োৱা অৰিহণাৰ বাবে আশা ভোছলেই অসংখ্য বঁটা আৰু সন্মান লাভ কৰিছে। তাৰ ভিতৰত ফিল্ম ফেয়াৰ বঁটা, শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ ৰাষ্ট্ৰীয় বঁটা, নাইটিংগেল অব্‌ এছিয়া সন্মান, লতা মংগেশকাৰ বঁটা, এম-টিভি ভিউৱাৰ্ছ চইচ বঁটা, দাদা চাহেব ফাল্‌কে বঁটা, পদ্মবিভূষণ আদি উল্লেখযোগ্য। তাই হৈছে ভাৰতৰ ‘সুৰ সম্ৰাজ্ঞী’ নামে খ্যাত লতা মংগেশকাৰৰ ভনীয়েক। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয় । Bishwa Byakti Parichay

আলেকজেণ্ডাৰ  

আলেকজেণ্ডাৰ (Alexander) আছিল প্ৰাচীন গ্ৰীচৰ অন্তৰ্গত মেচিডনৰ সম্ৰাট আৰু বিশ্ববিজয়ী মহাবীৰ।  খ্ৰীষ্টপূৰ্ব ৩৫৬-ত গ্ৰীচৰ পেল্লাত তেওঁৰ জন্ম হয়। পিতৃ মেচিডনৰ ৰজা দ্বিতীয় ফিলিপ আৰু মাতৃ অলিম্পিয়াছ। সৰুতে লিঅ’নিডোছ নামৰ এজন শিক্ষকৰ ওচৰত তেওঁ শিক্ষা গ্ৰহণ কৰে। ১৩ বছৰৰ পৰা ১৬ বছৰ বয়সলৈকে তেওঁ সুপ্ৰসিদ্ধ গ্ৰীক দাৰ্শনিক এৰিষ্টটলৰ ওচৰত শিক্ষা লাভ কৰে। 

পিতৃ ফিলিপৰ মৃত্যুৰ পাছত মাত্ৰ ২০ বছৰ বয়সতে খ্ৰীষ্টপূৰ্ব ৩৩৬-ত আলেকজেণ্ডাৰ মেচিডনৰ সিংহাসনত বহে। সিংহাসন আৰোহণ কৰিয়েই তেওঁ বিশ্ববিজয়ৰ বাবে প্ৰস্তুতি লয় আৰু সোনকালেই সমগ্ৰ গ্ৰীচৰ ওপৰত আলেকজেণ্ডাৰৰ আধিপত্য বিস্তাৰ হয়। ইয়াৰ পাছত খ্ৰীষ্টপূৰ্ব ৩৩০-ৰ পৰা মাত্ৰ তিনিবছৰৰ ভিতৰত তেওঁ এছিয়া মাইনৰ, ছিৰিয়া, মিছৰ, তুৰ্কীস্তান, পাৰস্য উপসাগৰীয় অঞ্চল, আফগানিস্তান আদি জয় কৰি খ্ৰীষ্টপূৰ্ব ৩২৭-ত উত্তৰ-পশ্চিম ভাৰতৰ হিন্দুকুশ পৰ্বতেদি ভাৰতত প্ৰৱেশ কৰে। সেই সময়ত উত্তৰ-পশ্চিম ভাৰতত কোনো ৰাজনৈতিক ঐক্য নাছিল। সমগ্ৰ অঞ্চলটোত  সৰু সৰু  ৰাজ্য পাতি বহুতো ৰজাই ৰাজত্ব কৰিছিল। এই সৰু সৰু ৰজাসকলৰ কেইজনমান সাহসী তথা পৰাক্ৰমী আছিল যদিও পৰস্পৰৰ মিলা-প্ৰীতিৰ অভাৱত তেওঁলোকে আলেকজেণ্ডাৰৰ বিৰুদ্ধে একেলগে থিয় দিব নোৱাৰিছিল। সেয়ে সিন্ধু নদীৰ পশ্চিম পাৰৰ সৰু সৰু ৰাজ্যবোৰে প্ৰায় বিনাবাধাই আলেকজেণ্ডাৰৰ বশ্যতা স্বীকাৰ কৰি লয়। সিন্ধু নদীৰ পূব পাৰৰ তক্ষশীলাৰ ৰজা অম্ভিও বিনাযুদ্ধে আলেকজেণ্ডাৰৰ বশ্যতা স্বীকাৰ কৰে। কিন্তু ঝিলাম আৰু চেনাব নদীৰ মধ্যৱৰ্তী অঞ্চলৰ ৰজা পুৰুৱে বশ্যতা স্বীকাৰ নকৰি আলেকজেণ্ডাৰৰ বিশাল সৈন্যবাহিনীৰ আক্ৰমণৰ সন্মুখীন হয়। তেওঁ ৩০ হাজাৰ পদাতিক, চাৰি হাজাৰ আশ্বাৰোহী, তিনিশ ৰথ আৰু দুশ হাতী লৈ ঝিলাম নদীৰ পাৰত আলেকজেণ্ডাৰৰ বিপক্ষে থিয় দিয়ে। আলেকজেণ্ডাৰৰ সৈন্যবাহিনীৰ বাবে ঝিলাম নদীৰ সিপাৰৰ পুৰুৰ সৈন্যবাহিনীৰ লগত যুদ্ধ কৰাটো সম্ভৱ নাছিল। সেয়ে আলেকজেণ্ডাৰে গোপনে ঝিলাম নৈৰ পাৰ হৈ কাৰি নামৰ এডোখৰ ঠাইত পুৰুৰ সন্মুখীন হয়। এই যুদ্ধত পুৰুৱে অসাধাৰণ বীৰত্ব দেখুৱায়। যুদ্ধত পুৰুৰ ১২ হাজাৰ সৈন্য নিহত হয় আৰু পুৰু নিজেও আহত অৱস্থাত বন্দী হয়। ইতিহাসত এই যুদ্ধ ‘ঝিলাম নদী’ৰ যুদ্ধ নামেৰে খ্যাত। পুৰুৰ বীৰত্বত আলেকজেণ্ডাৰ মুগ্ধ হৈ¸ পুৰুক তেওঁৰ ৰাজ্যৰ আধা অংশ ঘূৰাই দিয়ে। ইয়াৰ পাছত তেওঁ ঝিলাম নদী অতিক্ৰম কৰি পূবৰ বিপাশা নদী পৰ্যন্ত অগ্ৰসৰ হয় আৰু বহুকেইখন ৰাজ্য জয় কৰে। আলেজেণ্ডাৰে বিপাশা নদী অতিক্ৰম কৰি পূবলৈ দিগবিজয়ৰ পৰিকল্পনা কৰিছিল যদিও তেওঁৰ সৈন্য বাহিনীৰ অনিচ্ছাক্ৰমে বিশ্বজয়ৰ অভিযান স্থগিত ৰাখি স্বদেশলৈ ৰাওনা হয়। ভাৰত ত্যাগৰ আগতে আলেকজেণ্ডাৰে পুৰুক ঝিলাম আৰু বিপাশা নদীৰ মধ্যৱৰ্তী অঞ্চল আৰু ঝিলাম নদীৰ পশ্চিম পাৰৰ অঞ্চলৰ শাসনৰ দায়িত্ব অৰ্পণ কৰি থৈ যায়। স্বদেশলৈ প্ৰত্যাৱৰ্তনৰ পথত বেবিলনত খ্ৰীষ্টপূৰ্ব ৩২৩-ৰ ১৩ জুনত মাত্ৰ ৩৩ বছৰ বয়সত সম্ৰাট আলেকজেণ্ডাৰৰ মৃত্যু হয়। মৃত্যুৰ পাছত আলেকজেণ্ডাৰৰ বিশাল সাম্ৰাজ্য তেওঁৰ প্ৰধান সেনাপতিসকলে সিহঁতৰ মাজত ভগাই লয়। আলেকজেণ্ডাৰৰ ভাৰত আক্ৰমণৰ ফলত প্ৰাচ্য আৰু প্ৰাশ্চাত্যৰ মাজত যোগসূত্ৰৰ সূচনা হয়। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয় । Bishwa Byakti Parichay

 আলেকজেণ্ডাৰ গ্ৰাহাম বেল

আলেকজেণ্ডাৰ গ্ৰাহাম বেল (Alexander Graham Bell) স্কটলেণ্ডৰ এজন পদাৰ্থ বিজ্ঞানী আৰু শিক্ষাবিদ আছিল। ১৮৪৭ চনৰ ৩ মাৰ্চত স্কটলেণ্ডৰ এডিনবৰাত তেওঁৰ জন্ম হয়। পিতৃৰ নাম আছিল আলেকজেণ্ডাৰ মেলভিল বেল। এডিনবৰা বিশ্ববিদ্যালয় আৰু লণ্ডনৰ ইউনিভাৰচিটি কলেজত শিক্ষা লাভ কৰি দেউতাকৰ এক মূকবধিৰ শিক্ষানুষ্ঠানত সহকাৰী শিক্ষকৰূেপ কৰ্মজীৱন আৰম্ভ কৰে। ১৮৭১ চনত গ্ৰাহাম বেল আমেৰিকালৈ যায় আৰু তাৰ ব’ষ্টন বিশ্ববিদ্যালয়ৰ কণ্ঠ শৰীৰবিদ্যা বিভাগৰ অধ্যাপকৰূপে কাৰ্যনিৰ্বাহ কৰে। সমসাময়কি মূকধিৰসকলৰ শিক্ষাৰ উন্নয়নৰ বাবে বিভিন্ন প্ৰয়াস আৰম্ভ কৰে আৰু বধিৰসকলৰ শিক্ষাৰ বাবে বিশেষ পদ্ধতিৰ উদ্ভাৱনত অৰিহণা যোগায়। সেই সময়তে তেওঁৰ মনলৈ বৈদ্যুতিক তৰংগৰ সহায়ত শব্দ প্ৰেৰণৰ ধাৰণাটো আহে আৰু দীৰ্ঘ গৱেষণাৰ অন্তত ১৮৭৫ চনৰ ৫ জুনত বেলে টেলিফোন আৱিষ্কাৰ কৰে। ধ্বনিবিদ হিচাপেও আলেকজেণ্ডাৰ গ্ৰাহাম বেলে খ্যাতি অৰ্জন কৰিছিল। ‘ৱৰ্ল্ড ইংলিছ’ নামে এটা আন্তজাৰ্তিক ভাষাৰো  সৃষ্টিৰ বাবে তেওঁ প্ৰচেষ্টা কৰিছিল। 

১৯২২ চনৰ ২ আগষ্টত এইজন মহান বিজ্ঞানী গ্ৰাহাম বেলৰ মৃত্যু হয়।  ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয় । Bishwa Byakti Parichay

আল-খোৱাৰিজমি

আল-খোৱাৰিজমি (Al-Khuwarizmi) আছিল এজন আৰবীয় গণিতজ্ঞ। আনুুমানিক ৮০০ খ্ৰীষ্টাব্দত বাগদাদত তেওঁৰ জন্ম হয়। গণিতৰ উপৰিও জ্যোতিৰ্বিজ্ঞান আৰু ভূগোল বিষয়ৰ ওপৰত তেওঁ মূল্যৱান গ্ৰন্থ ৰচনা কৰে। মধ্য যুগৰ ইউৰোপত আল-খোৱাৰিজমিৰ ৰচনাৰ লেটিন ভাঙনিয়ে যথেষ্ট প্ৰভাৱ পেলাইছিল। তেওঁ ৰচনা কৰা ‘অল-জাব্‌ৰ’ নাম গ্ৰন্থখনৰ পৰাই গণিতত এলজেব্ৰা বা বীজগণিত শব্দটোৰ উৎপত্তি হৈছে বুলি কোৱা হয়। আনুমানিক ৮৫০ খ্ৰীষ্টাব্দত তেওঁৰ মৃত্যু হয়। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয় । Bishwa Byakti Parichay

আৰ্ল ষ্টেনলি গাৰ্ডনাৰ  

আৰ্ল ষ্টেনলি গাৰ্ডনাৰ (Erle Stanley Gradner) এজন মাৰ্কিন ৰহস্য ঔপন্যাসিক আছিল। ১৮৮৯ চনৰ ১৭ জুলাইত আমেৰিকা যুক্তৰাষ্ট˜ৰ মাছাচুছেট্‌ছ প্ৰদেশৰ মালডেনাত তেওঁ জন্ম গ্ৰহণ কৰে। এজন খনি অভিযন্তাৰ পুত্ৰ গাৰ্ডনাৰে আনুষ্ঠানিক শিক্ষা শেষ কৰি কেলিফৰ্নিয়ালৈ যায় আৰু তাৰে এক আইন ব্যৱসায়ী প্ৰতিষ্ঠানত  কৰ্মজীৱন আৰম্ভ  কৰে। ১৯২২ চনত তেওঁ নিজাকৈ ওকালতি কৰিবলৈ লয়। ১৯৪০ চনত গাৰ্ডনাৰে দুখীয়া আৰু নিৰপৰাধী অভিযুক্তসকলক সহায় কৰাৰ অৰ্থে ‘দি ক’ৰ্ট অব্‌ লাষ্ট ৰিজ’ৰ্ট’ নামেৰে এটা আইন সংস্থা গঠন কৰে। কেলিফৰ্নিয়াত থাকোতেই গাৰ্ডানাৰে বিভিন্ন ৰহস্য উপন্যাস লিখিবলৈ লয়। ‘পেৰি মেছন’ নামৰ এজন ৰহস্যসন্ধানী আইনজীৱীক কেন্দ্ৰীয় চৰিত্ৰ হিচাপে লৈ ৰচিত তেওঁৰ ৰহস্য-উপন্যাসবোৰ পাঠক সমাজৰ  মাজত বিপুল জনপ্ৰিয়তা অৰ্জন কৰে। ১৯৩৩ চনত  গাৰ্ডনাৰৰ প্ৰথমখন ৰহস্য উপন্যাস ‘দি কে’ছ অব্‌ দি ভেলভেট ক্লজ’ প্ৰকাশ পায়। গাৰ্ডনাৰে প্ৰায় ১০০ খন ৰহস্য উপন্যাস ৰচনা কৰে আৰু প্ৰায় প্ৰতিখনেই সৰ্বাধিক বিক্ৰী হোৱা গ্ৰন্থৰূপে স্বীকৃতি পায়। 

১৯৭০ চনৰ ১১ মাৰ্চত আৰ্ল ষ্টেনলি গাৰ্ডনাৰৰ মৃত্যু হয়। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয় । Bishwa Byakti Parichay

আৰ্নল্ড যোছেফ টয়নবি

আৰ্নল্ড যোছেফ টয়নবি (Ernest Rutherford) আছিল এজন ইংৰাজ ইতিহাসবিদ। ১৮৮৯ চনৰ ১৪ এপ্ৰিলত লণ্ডনত তেওঁৰ  জন্ম হয়। অক্সফোৰ্ড বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি, আনুষ্ঠানিক শিক্ষা জীৱনৰ অন্ত পেলাই  প্ৰথম আৰু দ্বিতীয় মহাসমৰত ব্ৰিটিছ বৈদেশিক দপ্তৰত কাৰ্যনিৰ্বাহ কৰে। বিশ্বযুদ্ধৰ অন্তত ১৯১৯-১৯২৪ চনৰ সময়ছোৱাত লণ্ডন বিশ্ববিদ্যালয়ত তেওঁ ক্ৰমে গ্ৰীক, ইতিহাস আৰু আৰ্ন্তজাতিক ইতিহাস বিষয়ৰ গৱেষক অধ্যাপকৰূপে কাৰ্যনিৰ্বাহ কৰে। ১৯২৫ চনৰ পৰা ১৯৫৫ চনলৈকে লণ্ডনৰ ‘ৰয়েল ইনষ্টিটিউট অব্‌ ইণ্টাৰনেচনেল এফেয়াৰ্ছ’ৰ সঞ্চালক পদত কাৰ্যনিৰ্বাহ কৰে। ‘এ ছাৰ্ভে অব্‌ ইণ্টাৰনেচনেল এফয়াৰ্ছ’ শীৰ্ষক গ্ৰন্থমালাৰ কেইবাটাও খণ্ড ৰচনা আৰু সম্পাদনা কৰে। টয়নবিৰ আন আন উল্লেখযোগ্য গ্ৰন্থসমূহ  হ’ল: ‘এ হিষ্টৰিয়ান এপ্ৰোচ্চ্‌ টু ৰিলিজিয়ন’, ‘মেনকাইণ্ড এণ্ড মাদাৰ আৰ্থ’। 

১৯৭৫ চনৰ ২২ অক্টোবৰত আৰ্নল্ড যোছেফ টয়নবিৰ মৃত্যু হয়। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয় । Bishwa Byakti Parichay

আৰ্নেষ্ট ৰাথাৰফোৰ্ড

আৰ্নেষ্ট ৰাথাৰফৰ্ড (Arnold Joseph Toynbee) আছিল এজন ইংৰাজ পদাৰ্থ বিজ্ঞানী। ১৮৭১ চনৰ ৩০ আগষ্টত নিউজিলেণ্ডৰ নেলছনত তেওঁ জন্ম গ্ৰহণ কৰে। নেলছন কলেজ আৰু নিউজিলেণ্ড বিশ্ববিদ্যালয়ত শিক্ষা সাং কৰি কেমব্ৰিজ বিশ্ববিদ্যালয়ত গৱেষণা কৰে। পিছত কানাডাৰ মেকগিল বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপকৰূপে কৰ্মজীৱন আৰম্ভ কৰি ক্ৰমে ইংলেণ্ডৰ মানচেষ্টাৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু কেমব্ৰিজৰ কেবেণ্ডিছ বিশ্ববিদ্যালয়ৰ সঞ্চালক ৰূপে কাৰ্যনিৰ্বাহ কৰে । তেওঁ পৰমাণু সংগঠনত নিউট্ৰন কণিকাৰ অস্তিত্ব সম্পৰ্কে ভৱিষ্যদ্বাণী কৰে আৰু পদাৰ্থ আৰু শক্তিৰ অভিন্নতা আৰু পৰমাণুৰ বিভাজন সম্পৰ্কীয় গৱেষণাৰ ভিত্তি স্থাপন কৰে।

পদাৰ্থৰ মৌলিক গঠন সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্যাদিৰ আৱিষ্কাৰত তেওঁ যশস্যা  লাভ কৰে। তেওঁ তেজস্ক্ৰিয়তাৰ বিষয়ে এক উল্লেখযোগ্য তথ্যৰ আৱিষ্কাৰক কৰে। এই তথ্যমতে তেজস্ক্ৰিয়তাৰ ফলত এটা পদাৰ্থৰ পৰমাণুবিলাক আপোনা-আপোনি আন এটা পদাৰ্থৰ পৰমাণুলৈ ৰূপান্তৰিত হয়। ইয়াৰ বাবে তেওঁ ১৯০৮ চনত ৰসায়ন বিজ্ঞানত নোবেল বঁটা লাভ কৰে। ১৯১৪ আৰু ১৯৩১ চনত তেওঁ লাভ কৰে ক্ৰমে সন্মানীয় ‘নাইট’ আৰু ‘বেৰণ’ উপাধি। ৰাদাৰফোৰ্ডৰ প্ৰকাশিত গ্ৰন্থাৱলীৰ ভিতৰত ‘ৰেডিঅ’একটিভ ট্রেন্সফৰমেচন’, ‘দি ইলেকট্ৰনিক স্ট্রাকচাৰ  অব্‌ মেটাৰ’ আদি উল্লেখযোগ্য। ১৯৩৭ চনৰ ১৯ অক্টোবৰত আৰ্নেষ্ট ৰাথাৰফোৰ্ডয়ে মৃত্যু বৰণ কৰে। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয় । Bishwa Byakti Parichay

আৰ্কিমিডিছ

আৰ্কিমিডিছ (Archimedes) আছিল এগৰাকী গ্ৰীক গণিতজ্ঞ আৰু বিজ্ঞানী। প্ৰাচীন গ্ৰীচত তেৱেঁই পোনপ্ৰথমে বিজ্ঞানচৰ্চাক পৰীক্ষা-নিৰীক্ষাৰ মাধ্যমলৈ উন্নীত কৰে আৰু পৰৱৰ্তীকালত তেওঁৰ এই নীতিকেই পৃথিৱীৰ সকলো বিজ্ঞানীয়ে অনুসৰণ কৰে।

প্ৰায় দুহাজাৰ বছৰৰ আগতে জন্ম গ্ৰহণ কৰা আৰ্কিমিডিছৰ জীৱনৰ বিস্তাৰিত  বিৱৰণ পাবলৈ নাই। প্ৰাচীন বুৰঞ্জীবিদসকলৰ ৰচনাৰ পৰা তেওঁৰ জীৱনৰ আংশিক বিৱৰণ পোৱা গৈছে। আনুমানিক খ্ৰীষ্টপূৰ্ব ২৮০-২৯০-ত গ্ৰীচৰ ছাইৰাকিউজ নামৰ সৰু ৰাজ্যৰ এখন ঠাইত আৰ্কিমিডিছে জন্ম গ্ৰহণ কৰে। তেওঁৰ দেউতাক ফিউৰাছ আছিল এজন জ্যোতিৰ্বিদ। সম্ভ্ৰান্ত পৰিয়ালৰ সন্তান আৰ্কিমিডিছে পঢ়া-শুনা কৰিছিল আলেকডেণ্ড্ৰিয়া চহৰত। সৰুৰে পৰাই বিজ্ঞানৰ প্ৰতি আৰ্কিমিডিছৰ অপৰিসীম আগ্ৰহ আছিল। ছাইৰাকিউজ ৰাজ্যৰ ৰজা হিয়েৰোৱে আলেকজেণ্ড্ৰিয়াত বিশেষ সহায়ৰ বাবে আৰ্কিমিডিছৰ শৰণাপন্ন হৈছিল। আৰ্কিমিডিছেও ৰজাক সহায় কৰাৰ বাবে যথাসাধ্য চেষ্টা কৰিছিল।

এবাৰ ৰজা হিয়েৰোৱে সোণাৰীৰ হতুৱাই এটা সোণৰ মুকুট গঢ়োৱাইছিল। কিন্তু হঠাৎ ৰজাৰ মুকুটটো নিভাঁজ সোণৰ হয়নে বুলি সন্দেহ হোৱাত  সন্দেহ দূৰ কৰিবৰ বাবে সহায় বিচাৰি তেওঁ আৰ্কিমিডিছিক মতাই পঠায়। আৰ্কিমিডিছে সকলো কথা শুনিলে যদিও মুকুটটো নভঙাকৈ সেইটো নিভাঁজ সোণৰ হয়নে নহয়, তাক ভাবি উলিয়াব নোৱাৰিলে। এনেকৈ কেইবাদিনো পাৰ হৈ গ’ল। দিনে-ৰাতিয়ে আৰ্কিমিডিছে মুকুটটোৰ কথাকে চিন্তা কৰিবলৈ ধৰিলে।

মুকুটটোৰ কথা ভাবি ভাবিয়েই এদিনাখন এটা পানী ভৰ্তি চৌবাচ্চাত গা ধূবলৈ বহি হঠাৎ আৰ্কিমিডিছৰ ভাব হ’ল, তেওঁৰ দেহৰ ওজন যেন কিছু কমি গৈছে। চৌবাচ্চাটোৰ কাষেদি কিছু পানী ওফন্দি বাগৰি পৰাও তেওঁৰ চকুত পৰিল। অলপ পৰ ভাবি তেওঁ উলিয়ালে যে, কোনো এটা বস্তু পানী বা আন কোনো তৰল পদাৰ্থত ডুবাই দিলে বস্তুটোয়ে কিছু তৰল পদাৰ্থ অপসাৰিত কৰে আৰু  কিছু ওজন হেৰুৱায়। বস্তুটোৱে হেৰুৱা ওজন ই অপসাৰিত কৰা তৰল পদাৰ্থখিনিৰ সমান।  এই সূত্ৰটোক ‘আৰ্কিমিডিছৰ সূত্ৰ’ বুলি কোৱা হয়। 

হাজাৰ বছৰৰ পাছতো এই সূত্ৰৰ গুৰুত্ব আৰু মৰ্যাদা অক্ষুন্ন আছে। কোৱা বাহুল্য, এই সূত্ৰটো প্ৰয়োগ কৰিয়েই আৰ্কিমিডিছে অতি সহজেই ৰজাৰ মুকুটটোৰ বিশুদ্ধতা নিৰ্ণয় কৰিছিল।

আৰ্কিমিডিছে গোটেই জীৱন ৰাজঅনুগ্ৰহত কটাইছিল। আপোনভোলা এই বিজ্ঞানীজন আছিল ৰজাৰো প্ৰিয়পাত্ৰ। আৰ্কিমিডিছে প্ৰায় তিনি বছৰকাল ৰোমানসকলৰ পৰা ছাইৰাকিউজ ৰাজ্য ৰক্ষা কৰি আছিল। ৰোমানসকলে এদিন ৰাতি মনে মনে আহি ছাইৰাকিউজ দখল কৰে। ৰোমানসকল ছিৰাকিউজবাসীৰ শত্রু হ’লেও আৰ্কিমিডিছৰ প্ৰতি ৰোমান সেনাধ্যক্ষ মাৰ্ছেলাছৰ এক বিশেষ প্ৰীতিৰ ভাব আছিল। সেয়েহে তেওঁ আৰ্কিমিডিছক আনিবলৈ সৈন্য পঠিয়াইছিল। কিন্তু অবোধ সৈন্যই পৰিচয় নাজানি নিৰ্দয়ভাৱে আৰ্কিমিডিছক হত্যা কৰে। তেওঁ আৰ্কিমিডিছৰ শৱ সসন্মানে সৎকাৰ কৰি শ্ৰদ্ধা জ্ঞাপন কৰে। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয় । Bishwa Byakti Parichay

আৰ কে নাৰায়ণ

আৰ কে নাৰায়ণ (R K Narayan) এজন ভাৰতীয় ইংৰাজী গল্পকাৰ আৰু ঔপন্যাসিক আছিল। তেওঁৰ সম্পূৰ্ণ নাম আছিল ৰাছিপুৰম কৃষ্ণস্বামী নাৰায়ণস্বামী। তেওঁ হৈছে খ্যাতিমান কাৰ্টুনিষ্ট আৰ কে লক্ষ্মনৰ জেষ্ঠ্য ভ্ৰাতৃ। ১৯০৬ চনৰ ১০ অক্টোবৰত মাদ্ৰাজ (বৰ্তমানৰ চেন্নাই)ত তেওঁৰ  জন্ম হয়। মাদ্ৰাজৰ মহীশূৰ (বৰ্তমান কৰ্ণাটক)ত শিক্ষাত গ্ৰহণ কৰি ১৯৩০ চনত শিক্ষকতাৰে কৰ্মজীৱনৰ পাতনি মেলে। কিছুদিন ‘জাষ্টিছ’ নামৰ কাকত এখনত সাংবাদিকতাও কৰিছিল। অৱশেষত পূৰ্ণকালীন বৃত্তিধাৰী লেখক হিচাপে গল্প আৰু উপন্যাত ৰচনাত আত্মনিয়োগ কৰে। ইংৰাজীত উপন্যাস লিখা ভাৰতীয় লেখকসকলৰ বাটকটীয়া আৰ কে নাৰায়ণৰ প্ৰথমখন উপন্যাস ‘স্বামী এণ্ড ফ্ৰেণ্ডছ’ প্ৰকাশ হয় ১৯৩৫ চনত। নাৰায়ণে ভাৰতীয় মধ্যশ্ৰেণীৰ সমাজ জীৱনক মূল বিষয়বস্তু হিচাপে লৈ অত্যন্ত সৰল আৰু হাস্যৰস সানি তেওঁৰ গল্প আৰু উপন্যাসমূহ ৰচনা কৰিছিল। একেদৰে ‘স্বামী’ নামৰ কিশোৰ এজনক নায়ক হিচাপে লৈ ‘মালগুড়ি ডে’জ’ নামৰ টেলিভিছনৰ ধাৰাবাহিক এখন ৰচনা কৰে।  এই ধাৰাবাহিকখনৰ বাবে নাৰায়ণে বিভিন্ন বঁটা আৰু সন্মান লাভ কৰে। ইয়াৰ ভিতৰত ‘সাহিত্য অকাডেমী বঁটা’, ‘পদ্মভূষণ’ সন্মান, ‘পদ্মবিভূষণ’ সন্মান আদি উল্লেখযোগ্য। ১৯৮৯ চনত তেওঁ ৰাজ্যসভাৰ সদস্য হয়। ২০০১ চনত ১৩ মে’ত ৯৫ বছৰ বয়সত আৰ কে নাৰায়নৰ মৃত্যু হয়। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয় । Bishwa Byakti Parichay

আইভান টুৰ্গেনিভ

আইভান টুৰ্গেনিভ (Ivan Turgenev) আছিল এজন ৰুছ গল্পকাৰ আৰু ঔপন্যাসিক। তেওঁৰ জন্ম হয় ১৮১৮ চনৰ ৯ নৱেম্বৰত ৰাছিয়াৰ অৰিয়লত। মস্কো, ছেন্ট পিটাৰ্ছবুৰ্গ আৰু বাৰ্লিনত শিক্ষা লাভ কৰি ১৮৪১ চনত ৰাছিয়াৰ অসামৰিক সেৱাত যোগদান কৰে। ১৮৪৩ চনত এই চাকৰি ইস্তফা দি সম্পূৰ্ণৰূপে সাহিত্য ৰচনাত আত্মনিয়োগ কৰে। ১৮৪৩ চনৰ পৰা ১৮৫২ চনৰ ভিতৰত কেইবাখনো নাটক আৰু এখন ৰোমাণ্টিক কাব্যকাহিনী লিখি সাহিত্য জগতত প্ৰৱেশ কৰে যদিও ১৮৪৭ চনত ‘ছোভৰেমেনিক’ পত্ৰিকাত প্ৰকাশিত তেওঁৰ ‘স্পৰ্ট্‌ছমেনছ্‌ স্কেচ্চেজ’ নামৰ গল্প সংলনটিৰ জৰিয়তে টুৰ্গেনিভে প্ৰতিষ্ঠা আৰু স্বীকৃতি লাভ কৰে। ৰাছিয়াৰ কৃষক জীৱনক লৈ ৰচিত এই গল্প সংকলনটি ১৮৫২ চনত গ্ৰন্থাকাৰে প্ৰকাশ হয়। এই গ্ৰন্থত তৎকালীন ৰাছিয়াত প্ৰচলিত ভূমিদাস প্ৰথাৰ সমালোচনা কৰাৰ বাবে  চৰকাৰৰ কূটদৃষ্টি টুৰ্গেনিভৰ ওপৰত পৰে আৰু  দুবছৰৰ বাবে তেওঁক গৃহবন্দী কৰি ৰখা হয়।  সেই দুবছৰ টুৰ্গেনিভে তেওঁৰ পৈত্ৰিক পামতে গৃহবন্দী হৈ কটায় আৰু কেইবাখনো বিখ্যাত উপন্যাস ৰচনা কৰে। ১৮৬২ চনত তেওঁৰ প্ৰসিদ্ধ উপন্যাস ‘পিতা-পুত্ৰ’  প্ৰকাশিত হয়। কিন্তু উপন্যাসখন ৰাছিয়াত অতি বেয়াকৈ সমালোচিত হোৱাত অপমানিত আৰু বিৰক্ত হৈ চুৰ্গেনিভে জাৰ্মানীলৈ যায়। পাছৰ জীৱনৰ অধিকাংশ সময় তেওঁ জাৰ্মানী আৰু ফ্ৰান্সত কটায়। টুৰ্গেনিভৰ আন কেইখনমান উল্লেখযোগ্য উপন্যাস হ’ল: ‘ৰুদিন’, ‘এ নেষ্ট আব্‌ দা জেনেট্ৰ’,  ‘অন দি ইভ’,  ‘ভাৰ্জিন ছইল’ আদি। উপন্যাসৰ উপৰিও টুৰ্গেনিভে কবিতা, নাটক, চুটিগল্প আদিও ৰচনা কৰিছিল। ১৮৮৩ চনৰ ৩ ছেপ্টম্বৰত পেৰিছৰ ওচৰৰ বগিভেলত আইভান টুৰ্গেনিভৰ মৃত্যু হয়। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয় । Bishwa Byakti Parichay

আন্দ্ৰে-মেৰি এম্পিয়েৰ

আদ্ৰে মেৰি এম্পিয়েৰ (Andre Marie Ampere) আছিল এজন ফৰাচী পদাৰ্থ বিজ্ঞানী আৰু গণিতজ্ঞ। ১৭৭৫ চনৰ ২২ জানুৱাৰীত ফ্ৰান্সৰ লিয়নত তেওঁৰ জন্ম হয়।  লিয়ন আৰু পেৰিচত শিক্ষা লাভ কৰি তেওঁ বিদ্যুৎ আৰু চুম্বকত্বৰ ওপৰত গৱেষণা কৰি বিজ্ঞান জগতত প্ৰভূত অৱদান ৰাখে। তেওঁ উদ্ভাৱন কৰা সুপ্ৰসিদ্ধ ‘এম্পিয়েৰ নিয়ম’ৰ দ্বাৰা বিদ্যুৎ প্ৰবাহ আৰু চুম্বক গতিৰ দিশ নিৰ্ণয় কৰিব পাৰি। পোহৰ বিজ্ঞান, আণৱিক তত্ত্ব, মনস্তত্ত্ব আদি বিষয়তো তেওঁৰ দক্ষতা আছিল। তেওঁ বিজ্ঞানৰ দৰ্শন সম্পৰ্কে এলানি চিন্তা-গধূৰ প্ৰৱন্ধও ৰচনা কৰিছিল। তেওঁ বিদ্যুৎ গতি বিজ্ঞান নামৰ শাখাটোৰ জনকৰূপে স্বীকৃত। আদ্ৰে মেৰি এম্পিয়েৰৰ সন্মানাৰ্থে  চলবিদ্যুতৰ ব্যৱহাৰিক এককটোৰ নাম ৰখা হৈছে ‘এম্পিয়েৰ’ আৰু বিদ্যুৎ জোখা  যন্ত্ৰৰ নাম ৰখা হৈছে ‘এম্পিয়েৰ মিটাৰ’, সংক্ষেপে ‘এমিটাৰ’। 

১৮৪৬ চনৰ ১০ জুনত এইজন মহান বিজ্ঞানীৰ মৃত্যু হয়। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয় । Bishwa Byakti Parichay

আবুল ফজল

আবুল ফজল (Abul Fazal) আছিল মোগল সম্ৰাট আকবৰৰ যুগৰ এজন ইতিহাসবিদ, কুনীতিক, সামৰিক অধিনায়ক আৰু মোগল সম্ৰাট আকবৰৰ অন্যতম পৰামৰ্শদাতা। তেওঁ ১৫৫১ চনৰ ১৪ জানুৱাৰীত আগ্ৰাত জন্ম গ্ৰহণ কৰে। পিতৃৰ নাম আছিল শ্বেখ মোবাৰক নাগাউৰি।  শৈশৱৰ পৰা অসাধাৰণ প্ৰতিভা পৰিস্ফুট হোৱা আবুল ফজলৰ বিভিন্ন শাস্ত্ৰৰ প্ৰতি গভীৰ অনুৰাগ আছিল। ১৫৭৪ চনত জ্যেষ্ঠ ভাতৃ কবি ফৈজীৰ সৌজন্যত সম্ৰাট আকবৰৰ ৰাজসভাত প্ৰৱেশ কৰে আৰু অসাধাৰণ বুদ্ধিমত্তা তথা বিচক্ষণতাৰ বলত আকবৰৰ প্ৰিয়পাত্ৰ হয়। আকবৰৰ শাসন সংক্ৰান্তীয় কাৰ্যৱলীত আবুল ফজলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল। বিশেষকৈ আকবৰৰ ধৰ্মনীতি নিৰ্ধাৰণত তেওঁ গভীৰ প্ৰভাৱ বিস্তাৰ কৰিছিল। ১৫৯৯ চনত তেওঁক মোগল সেনাৰ অধিনায়ক কৰি দক্ষিণ ভাৰতলৈ পঠিওৱা হয়। যুদ্ধৰ শেষত উভতি আহোতে ১৬০২ চনত আকবৰৰ পুত্ৰ ছেলিমৰ (পাছলৈ জাহাংগীৰ) ষড়যন্ত্ৰত নিহত হয়। আবুল ফজলে ৰচনা কৰা ‘আকবৰ নামা’ সম্ৰাট আকবৰৰ শাসন কালৰ সৰ্বাধিক তথ্যপূৰ্ণ আৰু নিৰ্ভৰযোগ্য ইতিহাস। ‘আইন-ই-আকবৰী’ আবুল ফজলৰ আন এখন ঐতিহাসিক গ্ৰন্থ। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয় । Bishwa Byakti Parichay

আব্দুছ ছালাম

আব্দুছ ছালাম (Abdus Salam)  আছিল পাকিস্তানৰ পদাৰ্থ বিজ্ঞানী। ১৯২৬ চনৰ ২৯ জানুৱাৰীত পাকিস্তানৰ পঞ্জাব প্ৰদেশৰ জং চহৰত তেওঁৰ জন্ম হয়। পিতৃৰ নাম আছিল চৌধুৰী মহম্মদ হুচেইন আৰু মাতৃৰ নাম আছিল হাজেৰা বেগম। পাকিস্তানৰ পাঞ্জাব বিশ্ববিদ্যালয় আৰু কেমব্ৰিজৰ ছে’ণ্ট জন্‌ছ কলেজত শিক্ষা লাভ কৰি লাহোৰৰ চৰকাৰী মহাবিদ্যালয়ৰ গণিত বিষয়ৰ অধ্যাপকৰূপে কৰ্মজীৱন আৰম্ভ কৰে। ইয়াৰ পাছত ক্ৰমে পাঞ্জাব বিশ্বদ্যিালয় আৰু কেমব্ৰিজ বিশ্ববিদ্যালয়ত অধ্যাপনা কৰি ১৯৫৭ চনত লণ্ডনৰ ইম্পেৰিয়েল কলেজৰ তাত্ত্বিক পদাৰ্থ বিদ্যাৰ অধ্যাপক হয়। ১৯৬৪ চনত ইটালীৰ ট্রিয়েষ্টেত প্ৰতিষ্ঠিত ‘ইণ্টাৰনেচনেল চেণ্টাৰ অব্‌ থিয়ৰিটিকেল ফিজিক্স’ৰ প্ৰতিষ্ঠাপক সঞ্চালকৰূপে দায়িত্বভাৰ গ্ৰহণ কৰে। পৰমাণু-নিউক্লিয়াছত সক্ৰিয়-দুৰ্বল বিদ্যুৎ চৌম্বিক ক্ষেত্ৰৰ স্বৰূপৰ তাত্ত্বিক ব্যাখ্যাৰ বাবে ১৯৭৯ চনত মাৰ্কিন যুক্তৰাষ্ট্রৰ দুগৰাকী বিজ্ঞানী শ্বেলডন লি গ্লাশ্বো আৰু ষ্টিভেন উইনবেৰ্গৰ লগত যুটীয়াভাৱে পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে। ১৯৯৬ চনৰ ২২ নৱেম্বৰত তেওঁৰ মৃত্যু হয়। ০ ০ ০ 

বিশ্ব ব্যক্তি পৰিচয় । Bishwa Byakti Parichay

আব্ৰাহাম লিংকন

আব্রাহাম লিংকন (Abraham Lincoln) আছিল এজন উকিল, মানৱতাবাদী কৰ্মী আৰু  আমেৰিকাৰ ১৬ তম ৰাষ্ট˜পতি। ১৮০৯ চনৰ ১২ ফেব্রূৱাৰীত এটা অতি দুখীয়া পৰিয়ালত  তেওঁৰ জন্ম হয়। পিতৃৰ নাম আছিল টমাছ লিংকন আৰু মাতৃৰ নাম আছিল নেন্‌ছি হান্‌ফছ লিংকন। মাক-দেউতাক নিৰক্ষৰ আৰু দুখীয়া আছিল যদিও আব্ৰাহামক পঢ়া-শুনাৰ কাৰণে উদগনি দিছিল। গাঁৱৰ পাঠশালাত নিজস্ব চেষ্টাৰে পঢ়া-শুনা কৰি ইংৰাজী ভাষাত যথেষ্ট ব্যুৎপত্তি অৰ্জন কৰে। আৰ্থিক দুৰৱস্থাৰ বাবে সৰুতে দেউতাকৰ লগত হাবিত কাঠ ফলাকে ধৰি নানান কাম কৰিব লগা হৈছিল। ১৮৩১ চনত লিংকনৰ পৰিয়াল ইলিনইলৈ যায় আৰু তাতে বসবাস কৰিবলৈ লয়। ইয়াতে তেওঁ নিউছালেম বন্দৰৰ এটা গুদাম ঘৰৰ ৰখীয়াৰ চাকৰিত সোমায়। তাত থকাৰ সময়তে বন্ধুবৎসল, সততা আৰু বাকপটু স্বভাৱৰ কাৰণে অঞ্চলটোত প্ৰভূত জনপ্ৰিয়তা অৰ্জন কৰে। ১৮৩২ চনত সক্ৰিয় ৰাজনীতিত অংশ লোৱাৰ আগ্ৰহত প্ৰাদেশিক বিধানমণ্ডলীৰ নিৰ্বাচনত প্ৰদ্বিন্দ্বিতা কৰে যদিও পৰাজয় বৰণ কৰিবলগীয়া হয়। ১৮৩৪ চনত তেওঁ পুনৰ সেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা  কৰে আৰু সেইবাৰকে ধৰি পৰৱৰ্তী তিনিবাৰ বিপুল ভোটত বিজয়ী হয়। ৰাজনৈতিক জীৱনৰ আৰম্ভণিৰে পৰাই আইন শিক্ষা গ্ৰহণ কৰিছিল আৰু¸ কালক্ৰমত ইলিনই প্ৰদেশৰ জ্যেষ্ঠ আইনজীৱীসকলৰ এজন হয়। ১৮৪২ চনত মেৰীটোডক বিয়া কৰায় আৰু কালক্ৰমত চাৰিটা পুত্ৰ সন্তানৰ পিতৃ হয়। ১৮৪৬ চনত আব্ৰাহাম লিংকনে ইলিনইৰ পৰা প্ৰতিদ্বন্দ্বিতা আৰু জয়লাভ কৰি আমেৰিকাৰ ছিনেটলৈ নিৰ্বাচিত হয়। সেই সময়তে আমেৰিকাৰ প্ৰচলিত দাস প্ৰথাৰ তীব্ৰ বিৰোধিতা কৰি ঘৃণনীয় সেই প্ৰথাৰ বিলোপ সাধনৰ বাবে সংসদত এখন বিল উত্থাপন কৰে যদিও বিলখন নাকচ হয়। ১৮৫৮ চনৰ নিৰ্বাচনত ছিনেটৰ ডগলাছৰ হাতত লিংকন পৰাস্ত হয় যদিও ১৮৬০ চনত আমেৰিকাৰ ৰিপাব্লিকান পাৰ্টিৰ পৰা এই নিৰ্বাচনত লিংকন জয়ী হয়। ১৮৬১ চনৰ ১৩ ফেব্রূৱাৰীত লিংকনে আমেৰিকাৰ ষষ্ঠদশ ৰাষ্ট্রপতিৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে। ৰাষ্ট্রপতিৰ কাৰ্যভাৰ লৈয়ে তেওঁ সন্মুখীন হয় দাস প্ৰথাক লৈ সংঘটিত এক গৃহযুদ্ধৰ। ধৈৰ্য, সাহস আৰু কৌশলেৰে লিংকনে এই গৃহযুদ্ধৰ সন্মুখীন হয়। ৰক্তক্ষয়ী  গৃহযুদ্ধৰ মাজতেই ১৮৬৩ চনৰ ১ জানুৱাৰীৰ এক ঘোষণাৰ দ্বাৰা আমেৰিকা যুক্তৰাষ্ট্র শাসনতন্ত্ৰৰ ত্ৰয়োদশ সংশোধনত এই আদেশৰ স্থায়ী ৰূপ দিয়া হয়। ১৮৬৫ চনৰ ৯ এপ্ৰিলত আমেৰিকা গৃহযুদ্ধৰ অৱসান ঘটে। ইয়াৰ মাত্ৰ পাঁচদিনৰ পাছত ৱাশ্বিংটনৰ ফোৰ্ড থিয়েটাৰৰ বুথ নামৰ এজন অভিনেতাৰ গুলীত দৰ্শকৰ আসনত বহি থকা আব্ৰাহাম লিংকন ধৰাশায়ী হয়। ইয়াৰ পাছদিনা, অৰ্থাৎ, ১৮৬৫ চনৰ ১৫ এপ্ৰিলত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয় । Bishwa Byakti Parichay

আমজাদ আলি খান

আমজাদ আলি খান (Amzad Ali Khan)) আছিল ভাৰতীয় সৰোদবাক। ১৯৫৪ চনৰ ৯ অক্টোবৰত মধ্যপ্ৰদেশৰ গোৱালিয়ৰত তেওঁ জন্ম গ্ৰহণ কৰে। পিতৃ আছিল প্ৰসিদ্ধ সৰোদবাদক হাফিজ আলি খান। সৰুৰে পৰা পিতৃৰ ওচৰতে সৰোদ বাদনৰ শিক্ষা লাভ কৰে আৰু পিতৃৰ লগতে বিভিন্ন ঠাইত সৰোদ বাদনৰ অনুষ্ঠান পৰিৱেশন কৰি মাত্ৰ ১২ বছৰ বয়সতে এককভাৱে অনুষ্ঠান পৰিৱেশন কৰিব পৰা হয়। ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীৰ সোঁৱৰণত ক্ৰমে ‘ৰাগ প্ৰিয়দৰ্শিনী’ আৰু ‘ৰাগ কমলাশ্ৰী নামৰ দুটা জনপ্ৰিয় ৰাগৰ সৃষ্টি কৰে। আমজাদ আলি খানৰ আন কেইটামান উল্লেখযোগ্য সংগীত-সুৰ ৰচনা হ’ল শিৱালি, হৰিপ্ৰিয়া কানাড়া, কিৰণ ৰঞ্জিনী, সুহাগ ভৈৰৱ, শুলক্ষ্মী, ললিত ধ্বনি, শ্যামশ্ৰী আৰু জৱাহৰ মঞ্জিশ্ৰী। 

ভাৰতীয় শাস্ত্ৰীয় সংগীতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে আমজাদ আলি খানে লাভ কৰিছে বহুকেইটা সন্মান আৰু পুৰস্কাৰ। ইয়াৰ ভিতৰত ‘পদ্মশ্ৰী’, ‘সংগীত-নাটক একাডেমী বঁটা’, ‘ইউনেস্কো বঁটা’, ‘কলাৰত্ন’, ‘সাৰোদ সম্ৰাট’ আদি উল্লেখযোগ্য। ১৭৭৫ চনত অসমৰ জীয়ৰী খ্যাতনামা ভাৰতনাট্যম শিল্পী শুভলক্ষ্মী বৰুৱাৰ লগত বিবাহ আৰু কালক্ৰমত দুটি পুত্ৰ সন্তানৰ (অনম আৰু অয়ন) পিতৃ হয়। পিতৃৰ দৰে পুত্ৰ অমন আৰু অয়নেও সৰোদ বাদনত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছে। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয় । Bishwa Byakti Parichay

আকবৰ

আকবৰ (Akbar) আছিল তৃতীয় মোগল সম্ৰাট। তেওঁৰ সম্পূৰ্ণ নাম আছিল আবুল ফতে জালালউদ্দিন মহম্মদ আকবৰ। ১৫৪২ চনৰ ১৫ অক্টোবৰত সিন্দু প্ৰদেশৰ অমৰকোট নামে ঠাইত তেওঁৰ জন্ম হয়। পিতৃ  আছিল দ্বিতীয় মোগল সম্ৰাট হুমায়ুন আৰু মাতৃ আছিল হামিদা বানু বেগম।  ১৫৫৬ চনত পিতৃ হুমায়ুনৰ মৃত্যু হোৱাত মাত্ৰ ১৪ বছৰ বয়সতে  আকবৰ মোগল সিংহাসনত বহে। নাবালক হৈ থকা বাবে প্ৰথম চাৰি বছৰ হুমায়ুনৰ বিশ্বস্ত অনুচৰ বৈৰাম খাঁ আকবৰৰ অভিভাৱক হিচাপে শাসনকাৰ্য পৰিচালনা কৰিছিল। আকবৰ ৰাজপটত বহা বছৰেই আফগান ৰজা শ্বেৰশ্বাহৰ অন্যতম উত্তৰাধিকাৰী আদিল শ্বাহৰ সেনাপতি হিমুৱে আকবৰৰ ৰাজ্য আক্ৰমণ কৰে। বৈৰাম খাঁই হিমুক পৰাজিত কৰি হত্যা কৰে। এই যুদ্ধ ‘পানীপথৰ দ্বিতীয় যুদ্ধ’ নামে পৰিচিত। এই যুদ্ধৰ ফলত ভাৰতৰ ইতিহাসৰ পৰৱৰ্তী অধ্যায়ৰ গতি নিৰ্ধাৰিত হোৱাৰ লগতে ভাৰতত মোগল সাম্ৰাজ্যৰ ভেটি সুদৃঢ় হয়। আকবৰে যমুনা নদীৰ পাৰৰ আগ্ৰাত ৰাজধানী স্থাপন কৰে। ১৫৬০ চনৰ ভিতৰত আকবৰে ক্ৰমে আজমীৰ, গোৱালিয়ৰ আৰু জৌনপুৰ জয় কৰি মোগল সাম্ৰাজ্য বিস্তৃত আৰু শক্তিশালী কৰি তোলে। সমসাময়কিভাৱে বৈৰাম খাঁ স্বেচ্ছাচাৰী হৈ উঠাত আকবৰে তেওঁক পদচ্যুত কৰি ১৫৬০ চনত মোগল সাম্ৰাজ্যৰ ক্ষমতা নিজৰ হাতলৈ আনে। ইয়াৰ পাছত সূদীৰ্ঘ প্ৰায় ৪০ বছৰ সামৰিক শক্তি আৰু কূটনৈতিক দূৰদৃষ্টিৰ বলত এখনৰ পাছত আনখন ৰাজ্য জয় কৰি আকবৰ বিশাল সাম্ৰাজ্যৰ অধিকাৰী হয়। উত্তৰে কাবুল-কাশ্মীৰ, পশ্চিমে সিন্ধু-বেলুচিস্তান, পূবে বংগ-উৰিষ্যা আৰু দক্ষিণে আহমেদনগৰ পৰ্যন্ত সম্ৰাট আকবৰৰ সাম্ৰাজ্য বিস্তাৰিত হৈছিল।

শাসনৰ সুবিধাৰ্থে আকবৰে তেওঁৰ সাম্ৰাজ্যক ১৫ খন প্ৰদেশ বা চুবাত ভাগ কৰাৰ উপৰি সেইবোৰক জিলা, পৰগনা আৰু গাওঁ পঞ্চায়তত ভাগ কৰিছিল। ইংৰাজৰ শাসনকালতো এই ব্যৱস্থা প্ৰায় অপৰিৱৰ্তিত আছিল। আজিৰ পৰা প্ৰায় ৪৫০ বছৰৰ আগতেই সুসংহত সৈন্যদল গঠন, অসামৰিক প্ৰশাসন নিয়ন্ত্ৰণ, ধৰ্ম আৰু¸ সমাজ সংস্কাৰত আকবৰে যি দক্ষতা আৰু দূৰদৰ্শিতাৰ পৰিচয় দিছিল, তাক পৰৱৰ্তীকালত ইতিহাসবিদসকলে ভূয়সী প্ৰশংসা কৰিছে। ইয়াৰ উপৰি মাটি জৰীপ, উৰ্বৰতা অনুযায়ী কৃষিভূমিৰ বিভাজন আৰু ৰাজহ হাৰ নিৰ্ধাৰণ ইত্যাদি ৰাজহ-সংস্কাৰ বিষয়তো আকবৰৰ শাসন ব্যৱস্থা উল্লেখযোগ্য। এই প্ৰসংগত তেওঁৰ মন্ত্ৰী টোডৰমলৰ বুদ্ধিমত্তা দূৰদৃষ্টিও স্মৰণীয়।

আকবৰ আছিল ইংলেণ্ডৰ ৰাণী এলিজাবেথ, পাৰস্য সম্ৰাট আববাছ দি গ্ৰেট আৰু ফৰাচী সম্ৰাট চতুৰ্থ হেনৰী প্ৰভৃতি প্ৰগতিশীল দেশনায়কৰ সমসাময়িক। নিজে নিৰক্ষৰ আছিল যদি শিক্ষাৰ প্ৰতি তেওঁৰ প্ৰৱল আগ্ৰহ আছিল। শিল্প-সাহিত্যৰ অনুৰাগী এইগৰাকী সম্ৰাটৰ ৰাজসভাত পণ্ডিত আৰু ঐতিহাসিক আব্দুল ফল, কবি ফৈজী, গায়ক তানসেন, সংগীতশাস্ত্ৰ বিশাৰদ ৰাজবাহাদুৰ, কবি আৰু সুৰসিক বীৰবল আদি বহু গুণী-জ্ঞানী ব্যক্তিৰ সমাগম হৈছিল। আকবৰৰ দিনতে বহুকেইখন সংস্কৃত গ্ৰন্থ ফাৰ্চীলৈ অনূদিত হোৱাৰ উপৰিও আব্দুল ফজলে ‘আইন-ইআকবৰী’ আৰু ‘আকবৰনামা’ নামেৰে দুখন নিৰ্ভৰযোগ্য বুৰঞ্জী ৰচনা কৰে।

আকবৰৰ ধৰ্মমত আছিল উদাৰ। পঞ্চদশ-ষষ্টাদশ শতিকাৰ ভাৰতত ব্যাপক ধৰ্মীয় নৱজাগৰণৰ অন্যতম সাক্ষী হিচাপে আকবৰৰ মনত ধৰ্মীয় অনুসন্ধিৎসা জাগ্ৰত হৈছিল। ইয়াৰ বাবে ফতেহপুৰ ছিক্ৰিত ‘ইবাদৎখানা’ নামে এক ধৰ্মসভা প্ৰতিষ্ঠা কৰি তেওঁ হিন্দু, বৌদ্ধ, খ্ৰীষ্টান, জৈন পাৰ্চি আদি বিভিন্ন ধৰ্ম-সম্প্ৰদায়ৰ পণ্ডিতসকলৰ লগত নিয়মিতভাৱে ধৰ্ম আলোচনা কৰিছিল। এই পণ্ডিতসকলৰ চিন্তা-ধাৰাই আকবৰৰ ধৰ্ম ধাৰণাক প্ৰভাৱিত কৰে আৰু সেই প্ৰভাৱ-অনুপ্ৰেৰণাতেই ১৫৮২ চনত তেওঁ সকলো ধৰ্মৰে মূলতত্ত্বৰ সমন্বয়ত ‘দিন-ই-ইলাহী’ নামে এক নতুন ধৰ্ম প্ৰচাৰ কৰে। সমগ্ৰ ভাৰতকে ধৰ্মীয় একতাৰ বান্ধোনেৰে বন্ধাই তেওঁৰ এই ধৰ্মৰ উদ্দেশ্য আছিল যদিও আকবৰৰ এই প্ৰচেষ্টা সফল নহয়। পূৰ্বৰে পৰা চলি অহা হিন্দুসকলৰ প্ৰতি থকা বৈষম্যমূলক তীৰ্থকৰ, জিজিয়া কৰ আদি আকবৰৰ দিনতে সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা হয়।

জীৱনৰ শেষ কালছোৱাত আকবৰে যথেষ্ট দুখ আৰু মানসিক কষ্ট ভোগ কৰিবলীয়া হয়। পুত্ৰ ছেলিম (পাছলৈ সম্ৰাট জাহাংগীৰ) পিতৃৰ বিদ্ৰোহী হৈ উঠে। আকবৰে সেই বিদ্ৰোহ দমন কৰে। দুই পুত্ৰ মুৰাদ আৰু ডানিয়েলৰ অকাল মৃত্যুৱেও তেওঁক শোকবিহ্বল কৰি তোলে। তদুপৰি পৰম সুহূদ আৰু মুখ্য সচিব আব্দুল ফজলৰ হত্যা আৰু কবি ফৈজীৰ মৃত্যুও বৃদ্ধ বয়সত আকৰৰ বাবে বিশেষ দুখৰ কাৰণ হৈ উঠে। ১৬০৫ চনৰ ১৭ অক্টোবৰত আগ্ৰাত আকবৰৰ মৃত্যু হয়।

আকবৰ ধৰ্ম-নিৰপেক্ষ উদাৰ নীতি, শাসক-শাসিতৰ মাজৰ মধুৰ সম্পৰ্ক আৰু সুশাসনে ভাৰতৰ ইতিহাসত নতুন অধ্যায়ৰ সূচনা কৰে। ৰাজ্য বিস্তাৰ আৰু শাসন ব্যৱস্থাৰ বিভিন্ন ক্ষেত্ৰত তেওঁৰ দূৰদৃষ্টি আৰু প্ৰতিভা আজিও শ্রেষ্ঠ বুলি স্বীকৃত। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয় । Bishwa Byakti Parichay

হিটলাৰ

হিটলাৰ (Hitler) আছিল জাৰ্মানীৰ চ্যান্সেলৰ তথা তথা একনায়ক। তেওঁৰ সম্পূৰ্ণ নাম আছিল এডল্‌ফ হিটলাৰ (Adolf Hitler)। ১৮৮৯ চনৰ ২০ এপ্ৰিলত অস্ট্রিয়াৰ ব্ৰাওনাও-আম্‌-ইন নামৰ সৰু চহৰত জন্ম তেওঁৰ জন্ম হয়। পিতৃৰ নাম এলিছ হিটলাৰ। অস্ট্রিয়াতে শিক্ষা লাভ কৰিছিল যদিও হাইস্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিব পৰা নাছিল। স্কুলীয়া দিনত ছবি আঁকিছিল আৰু শিল্প চৰ্চা কৰিছিল। ষোল্ল বছৰমান বয়সৰ পৰা তেওঁ ৰাজনীতিৰ প্ৰতি আকৰ্ষিত হয়। মাজতে অস্ট্রিয়াৰ ৰাজধানী ভিয়েনাৰ এক চিত্ৰকলাৰ মহাবিদ্যালয়ত অধ্যয়ন কৰিবলৈও মন মেলিছিল। কিন্তু সেই মহাবিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাতে উত্তীৰ্ণ হ’ব নোৱাৰি কেইবাবছৰো তেওঁ ভিয়েনাত মজদুৰ হিচাপে কাম কৰি, নিজে অঁকা ছবি বাটে-পথে বিক্ৰী কৰি, অট্টালিকা আদিৰ নক্সা তৈয়াৰ কৰি বহু কষ্টৰে জীৱন-নিৰ্বাহ কৰিছিল। ১৯১৩ চনত তেওঁ জাৰ্মানীৰ মিউনিকলৈ যায় আৰু জাৰ্মানীৰ সৈন্যবাহিনীত যোগ দিয়ে। প্ৰথম মহাসমৰত জাৰ্মানীৰ সেনাৰ এজন কৰ্পৰেল হিচাপে যুদ্ধ কৰি তেওঁ সাহসিকতাৰ পুৰস্কাৰস্বৰূপ ‘আইৰণ ক্ৰছ’ লাভ কৰে। ১৯১৯ চনত তেওঁ ‘জাৰ্মান কৰ্মী সংঘ’ নামৰ সৰু দল এটাত যোগ দিয়ে। ১৯২০ চনৰ ১ এপ্ৰিলত এই দলটোৰ নাম সলনি কৰি ‘নেচনেল ছচিয়েলিষ্ট জাৰ্মান ৱৰ্কচ পাৰ্টি’ কৰা হয়। ইতিহাসত এইটো দলেই সংক্ষেপে ‘নাজী’ বা ‘নাৎচি’ নামে বিখ্যাত। ১৯২১ চনত হিটলাৰ এই দলৰ সভাপতি হয়গৈ। ১৯২৩ চনত চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰি গ্ৰেপ্তাৰ হয় আৰু নমাহ কাৰাবাস খাটে। কাৰাবাসত থকা সময়তে হিটলাৰে ‘মাইন কাম্ফ’ (মোৰ সংগ্ৰাম) নামৰ আত্মজীৱনীখন ৰচনা কৰে। গ্ৰন্থখনত হিটলাৰে  বৃহত্তৰ জাৰ্মানীৰ সপোন আৰু নাজী দলৰ আদৰ্শ দাঙি ধৰিছিল। ‘মাইন কাম্ফ’তে হিটলাৰে উল্লেখ কৰিছিল যে জাৰ্মানীৰ সকলো সমস্যাৰ মূলতে হ’ল ইহুদী আৰু কমিউনিষ্টসকল। তেওঁ আৰু উল্লেখ কৰিছিল যে জাৰ্মানী পূৰ্বৰ দৰে সমৃদ্ধ হ’বলৈ হ’লে এজন ‘ফুৰাৰ’ বা নেতাৰ প্ৰয়োজন। জাৰ্মানীত সেই সময়ত বৰ দুৰ্দিন চলিছিল আৰু সেয়ে হিটলাৰৰ এনেবোৰ কথাই সহজে মানুহক আকৰ্ষণ কৰিছিল। ১৯৩৩ চনত হিটলাৰ জাৰ্মানীৰ চান্সেলৰ হয়। ১৯৩৪ চনত চান্সেলৰ আৰু ৰাষ্ট্রপতি দুয়োটা পদক একেলগ কৰি হিটলাৰে নিজকে জাৰ্মানীৰ ডিকটেটৰ বা ফুৰাৰৰূপে ঘোষণা কৰে। সকলো বিৰোধী দল ভাঙি হিটলাৰে জাৰ্মানীত একনায়কত্বৰ সূচনা কৰে। জাৰ্মান সেনাৰো তেওঁ সৰ্বাধিনায়ক হয়। হিটলাৰে একনায়কত্ব লাভ কৰাৰ পাছত হাজাৰ হাজাৰ মানুহ বন্দী হয়। বহু মানুহক, বিশেষকৈ ইহুদী লোকক হত্যা কৰা হয় আৰু  প্ৰগতিশীল ধাৰণসম্পন্ন কিতাপ-পত্ৰ আদি পুৰি পেলোৱা হয়। সমগ্ৰ বিশ্বতে জাৰ্মান প্ৰভূত্ব বিস্তাৰৰ উদ্দেশ্য হিটলাৰে ১৯৩৮ চনত প্ৰথমে অস্ট্রিয়া আৰু ১৯৩৯ চনত চেকোশ্লাভাকিয়া আক্ৰমণ কৰি অধিকাৰ কৰে। ইয়াৰ পাছত তেওঁ পোলেণ্ড আক্ৰমণ কৰে। ফলস্বৰূপে আৰম্ভ হয় দ্বিতীয় মহাসমৰ। প্ৰাথমিক অৱস্থাত জয়লাভ কৰিছিল যদিও শেষত জাৰ্মানী চূড়ান্তভাৱে পৰাস্ত হয়। পৰাজয় নিশ্চিত বুলি জানি ১৯৪৫ চনৰ ৩০ এপ্ৰিলৰ দিনা প্ৰনয়িণী ইভা ব্ৰাউনক লৈ হিটলাৰে নিজ বাসগৃহৰ ভূগর্ভস্থ কোঠাত আত্মহত্যা কৰে। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয় । Bishwa Byakti Parichay

আদাম

আদাম (Adam) বাইবেলৰ অ’ল্ড টেষ্টামেণ্টত বৰ্ণিত ঈশ্বৰসৃষ্ট প্ৰথম মানৱ অৰ্থাৎ মানৱ জাতিৰ পিতৃ। হিব্রূ ভাষাত ‘আদাম’ শব্দৰ  অৰ্থ ‘জীৱন’। ঈশ্বৰে ধূলিৰ পৰা নিজৰ প্ৰতিৰূপত আদামক সৃষ্টি কৰিছিল। ইয়াৰ পাছত আদামৰ কামিহাড়ৰ পৰা ঈশ্বৰে  প্ৰথম মানৱী ‘ইভ’ক সৃষ্টি কৰে। হিব্রূ ভাষাত ইভ মানে ‘সৰ্বজীৱৰ মাতৃ’। ইডেন নামৰ স্বৰ্গৰ এখন উদ্যানত আডাম-ইভে বাস কৰিছিল। পাছত চয়তানৰ প্ৰৰোচনাত জ্ঞান-বৃক্ষৰ নিষিদ্ধ ফল খোৱাৰ অপৰাধত স্বৰ্গৰ পৰা বহিষ্কৃত হৈ মৰ্তলৈ আহিবলগা হয়। আজি বিশ্বৰ সকলো মানুহেই আদাম আৰু ইভৰ সতি-সন্ততি। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয় । Bishwa Byakti Parichay

আডাম স্মিথ

আদাম স্মিথ (Adam Smith) আছিল স্কটলেণ্ডৰ অৰ্থনীতিবিদ আৰু দাৰ্শনিক। তেওঁ‘ৰাজনৈতিক অৰ্থনীতি’ৰ জনক’ ৰূপে জনাজাত। ১৭২৩ চনৰ ৫ জুনত জন্ম। গ্লাছগো আৰু অক্সফোৰ্ড বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি ১৭৫১ চনত গ্লাছগো বিশ্ববিদ্যালয়ৰ তৰ্ক বিজ্ঞানৰ অধ্যাপকৰূপে কৰ্মজীৱন আৰম্ভ কৰে। ১৭৫২ চনত সেই বিশ্ববিদ্যালয়ৰ নৈতিক দৰ্শন বিষয়ৰ অধ্যাপক হয়গৈ। গ্লাছগোত অধ্যাপনা কৰি থাকোতেই ১৭৫৯ চনত আদাম স্মিথৰ ‘থিঅ’ৰি অব্‌ মৰেল ছেণ্টিমেণ্টছ’ প্ৰকাশ হয়। এই গ্ৰন্থই তেওঁলৈ আন্তজাৰ্তিক খ্যাতি কঢ়িয়াই আনে। ১৭৭৬ চনত তেওঁ লণ্ডনলৈ যায় আৰু তাতে  ‘এন ইনকুৱেৰি ইনটু দা নেচাৰ এণ্ড কজেছ অব্‌ দা ৱেলথ অব্‌ নেছনছ’ গ্ৰন্থখন ৰচনা কৰে। ৰাজনৈতিক অৰ্থনীতিৰ এইখন এখন অতি গুৰুত্বপূৰ্ণ গ্ৰন্থৰূপে ইতিমধ্যে সমগ্ৰ বিশ্বত স্বীকৃত হৈছে। ১৭৭৮ চনত তেওঁ স্কটলেণ্ডৰ কমিছনাৰ অব্‌ কাষ্টম্‌ছৰূপে নিযুক্তি লাভ কৰে আৰু মৃত্যুৰ সময়লৈকে সেই পদবীত থাকে। 

১৭৯০ চনৰ ১৭ জুলাইত আদাম স্মিথৰ মৃত্যু হয়। ০ ০ ০

বিশ্ব ব্যক্তি পৰিচয় । Bishwa Byakti Parichay

ফ্রেন্চ কাফকা 

ফ্রেন্চ কাফ্‌কা [Franz Kafka: 1883-1924] আছিল এজন জাৰ্মানভাষী ইহুদী গল্পকাৰ আৰু ঔপন্যাসিক। তেওঁ অষ্ট্ৰো-হাঙ্গেৰিয়াৰ প্ৰেগ’ত জন্ম গ্ৰহণ কৰিছিল। তেওঁ আইন অধ্যয়ন কৰিছিল যদিও বীমা কোম্পানীতহে কাম কৰিছিল।  তেওঁৰ ৰচনাত বাস্তৱতা আৰু কল্পনাৰ এক মধুৰ সংমিশ্রণ দেখা যায়। তেওঁ ৰচিত কেইখনমান গ্ৰন্থ হ’ল: Metamorphosis and Other Stories,The Castle, The Judgement, A Hunger Artist, Letters to Felice etc. 0 0 0

বিশ্ব ব্যক্তি পৰিচয় । Bishwa Byakti Parichay

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here