Home Biographies বিষ্ণু ৰাভা। Vishnu Rava

বিষ্ণু ৰাভা। Vishnu Rava

0

বিষ্ণু ৰাভা। Vishnu Rava

বিষ্ণু ৰাভা। Vishnu Rava

 

বিষ্ণু ৰাভা

বিষ্ণু ৰাভা। Vishnu Rava

বিষ্ণু প্ৰসাদ ৰাভা (Vishnu Prasad Rava) আছিল  ৰাভা জনজাতিৰ এজন অসমীয়া কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, অভিনেতা আৰু স্বাধীনতা বিপ্লৱী। তেওঁ অসমৰ ‘কলাগুৰু’ বুলি পৰিচিত।

বিষ্ণু প্ৰসাদ ৰাভাৰ জন্ম হৈছিল ঢাকা মহানগৰীৰ সেনা ছাউনীত ১৯০৯ চনৰ ৩১ জানুৱাৰীত। তেওঁ আছিল চৰ্দাৰ বাহাদুৰ গোপাল চন্দ্ৰ ৰাভা আৰু গেথী বালা ৰাভাৰ পুত্ৰ। বিষ্ণু ৰাভাৰ প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিল ঢাকাৰ এখন প্ৰাথমিক বিদ্যালয়ৰ ইংৰাজী মাধ্যমত। কিন্তু দেউতাকে পিছত বঙালী মাধ্যমত ভৰ্তি কৰায় যদিও পিছলৈ তেজপুৰলৈ আহি অসমীয়া মাধ্যমত শিক্ষা গ্ৰহণ কৰে।

খ্ৰীষ্টীয় ১৯২৬ চনত তেজপুৰ হাইস্কুলৰ পৰা জিলাৰ ভিতৰতে প্ৰথম হৈ প্ৰৱেশিকা পাছ কৰি ‘কুইন এমপ্ৰেছ’ পদক লাভ কৰিছিল। হাইস্কুলীয়া শিক্ষা জীৱনৰ পৰাই বিষ্ণু ৰাভা আগশাৰীৰ খেলুৱৈ আছিল। ফুটবল, ক্ৰিকেট, হকী খেলাৰ উপৰিও সুন্দৰ গীত গাইছিল, নৃত্য কৰিছিল, অভিনয় কৰিছিল আৰু চিত্ৰ আঁকিছিল। ১৯২৬ চনত কলকাতাৰ চেণ্টপল কলেজত বিজ্ঞান শাখাত নাম ভৰ্তি কৰে  আৰু সেই বছৰে এই কলেজৰ ক্ৰিকেট দলৰ কেপ্তেইন নিৰ্বাচিত হয়। চেণ্টপল কলেজৰ পৰা প্ৰথম বিভাগত আই. এছ. চি. পাছ কৰাৰ পিছত ১৯৩০ চনত ৰিপন কলেজত পদাৰ্থ বিজ্ঞানত অনাৰ্চ লৈ বি. এছ. চি. পঢ়ে। ৰিপন কলেজতো তেওঁ ফুটবলৰ কেপ্তেইন নিৰ্বাচিত হয়। সেই সময়তে ভাৰতৰ স্বাধীনতা আন্দোলনৰ জোৱাৰে কলকাতা মহানগৰী অস্থিৰ কৰি তুলিছিল। দেশপ্ৰেমী বিষ্ণু ৰাভায়ো স্বাধীনতা আন্দোলনত যোগ দিয়ে আৰু স্বদেশপ্ৰেমমূলক বিপ্লৱী গীত ৰচনা কৰি জনসাধাৰণক স্বাধীনতা বিপ্লৱৰ প্ৰতি উদ্বুদ্ধ কৰে।

বিষ্ণু ৰাভাই ১৯৩৭ চনত  প্ৰিয়লতা দত্তৰ লগত বিবাহ-পাশত আবদ্ধ হয় যদিও মাত্ৰ ২৮ দিন সংসাৰ পতাৰ পিছতে পত্নীৰ মৃত্যু হয়। ৰাভাদেৱে ১৯৬৭ চনত তেজপুৰ সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হয়।

১৯৬৯ চনৰ ২০ জুনৰ দিনা এইজনা বিপ্লৱী নেতা কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ জীৱন নাটৰ সামৰণি পৰে।

সমগ্ৰ জীৱন দলিত আৰু অৱহেলিতৰ পক্ষে সংগ্ৰাম কৰা বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ জীৱন আছিল সীমাহীন দুখ-যন্ত্ৰণাৰে ভৰা। তাৰ মাজেৰে তেওঁৰ দ্বাৰা সৃষ্ট গীত, নৃত্য, লেখাসমূহে তেওঁক জনমানসত অমৰ কৰি ৰাখিব। ০ ০ ০

Read More: বিশ্ব ব্যক্তি পৰিচয়

বি. দ্র. উক্ত ‘বিষ্ণু ৰাভা । Vishnu Rava’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্রন্থৰ অন্তর্গত।

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

 

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here