বিহিস্ত কুইজ
বিহিস্ত কুইজ
বিহিস্ত কুইজ
প্ৰঃ বিহিস্ত কি?
উঃ পূণ্যবান মানৱ আৰু জ্বিন সলকৰ বাবে আল্লাহই সৃষ্টি কৰা অনন্ত সুখ আৰু আনন্দৰ ঠাই।
প্ৰঃ কোৰানত বিহিস্ত (জান্নাত) ৰ বিষয়ে কিমানবাৰ উল্লেখ আছে?
উঃ 150 বাৰ।
প্ৰঃ জান্নাতে নহৰ (পানীৰ নদী বা ঝৰ্ণা) কেইটা আৰু কি কি?
উঃ 4 টা, যথাঃ গাখীৰৰ নহৰ, মধুৰ নহৰ, নিশাহীন মদৰ নহৰ আৰু পানীৰ নহৰ।
প্ৰঃ জান্নাতৰ গছবিলাক কেনেকুৱা হ’ব?
উঃ জান্নাত (বিহিস্ত)ৰ গছবিলাকৰ মূল (শিপা) ওপৰৰ পিনে থাকিব আৰু শাখা-প্ৰশাখাবোৰ তলৰ পিনে থাকিব। ইয়াৰ পাত সৰি নপৰিব আৰু ফল কেতিয়াও শেষ নহ’ব। ফলবোৰ বিহিস্তবাসীসকলৰ হাতেৰে ঢুকি পাব পৰা অৱস্থাত থাকিব।
প্ৰঃ বিহিস্ত (জান্নাত) কেইটা আৰু কি কি? বিহিস্ত কুইজ
উঃ 8 টা, যথা– (ক) জান্নাতুল খুলদ, (খ) জান্নাতুল দাৰুছ ছালাম, (গ) জান্নাতুল দাৰুল কাৰাৰ, (ঘ) জান্নাতুল আদন, (ঙ) জান্নাতুল মাওয়া, (চ) জান্নাতুল নাঈম, (ছ) জান্নাতুল ফিদা আৰু (জ) জান্নাতুল ফিৰদাউছ।
প্ৰঃ সৰ্বপ্ৰথম কোনে বিহিস্ত পাব?
উঃ হজৰত মুহাম্মদ (ছাঃ)।
প্ৰঃ নবীসকলৰ উম্মতৰ মাজত কোনজন সৰ্ব প্ৰথমে বিহিস্তত প্ৰৱেশ কৰিব?
উঃ হজৰত আবু বক্কৰ (ৰাঃ)।
প্ৰঃ আল্লাহই বিহিস্তবাসীকসলক প্ৰথমে কি খাদ্যৰে আপ্যায়ন কৰিব?
উঃ মাছৰ ভজা কলিজাৰে।
প্ৰঃ বিহিস্তবাসীসকলে কেইধৰণৰ পোছাক পিন্ধিব?
উঃ 70 ধৰণৰ ৰেশমী পোছাক।
প্ৰঃ জান্নাতত কোনবাৰ (দিন)ত বজাৰ হ’ব?
উঃ শুক্ৰবাৰ।
বিহিস্ত কুইজ
প্ৰঃ বিহিস্তত কেইটি তখ্ত (পালেং) থাকিব?
উঃ প্ৰতিজন পুৰুষৰ বাবে 70 টি তখত (পালেং) থাকিব। প্ৰতিটি পালেঙত কোমল শয্যা থাকিব আৰু প্ৰতিটো শৰ্য্যাত একোজনীকৈ অকল্পনীয় ৰূপবান ষোড়শী গাভৰু থাকিব।
প্ৰঃ বিহিস্তবাসীকসলৰ শাৰীৰিক বৈশিষ্ট্য কেনেকুৱা হ’ব?
উঃ বিহিস্তবাসীসকল আদম (আঃ) ৰ দৰে 120 হাত দীঘল, 14 হাত প্ৰস্থ হ’ব; হজৰত ইউছুফ (আঃ)ৰ দৰে সুশ্ৰী হ’ব; হজৰত ঈছা (আঃ)ৰ দৰে বয়স (33 বছৰ ) হ’ব; হজৰত দাউদ (আঃ)ৰ দৰে অতি সুমধুৰ কণ্ঠস্বৰ হ’ব; হজৰত মুহাম্মদ (ছাঃ)ৰ দৰে ভাষা আৰবী হ’ব।
প্ৰঃ জান্নাতীসকল কিহত আটাইতকৈ বেছি তৃপ্তি পাব?
উঃ আল্লাহক দৰ্শন কৰি।
প্ৰঃ কোন কোন বস্তু বা প্ৰাণী (মানুহৰ উপৰিও) বিহিস্ত পাব?
উঃ হাদিছ মতে, হুজুৰ (ছাঃ)ৰ উষ্ট্ৰী, সখৰা পাথৰ (যি বায়তুল মুকাদ্দাছত জুলন্ত অৱস্থাত আছে), ইব্রাহিম (আঃ)ৰ গৰু পোৱালি, ইছমাইল (আঃ)ৰ দুম্বা, ইউনুছ (আঃ)ৰ মাছ, ওৱাজেৰ (আঃ) আৰু ঈছা (আঃ)ৰ গাধ, চুলেইমান (আঃ)ৰ পিঁপৰা, বিলকিছ ৰাণীৰ হুদহুদ চৰাই, ইয়াকুব (ছাঃ)ৰ বাঘ, মুছা (আঃ)ৰ গাভী, হজৰত আলি (ৰাঃ)ৰ ঘোঁৰা, আবু হোৰাইৰা (ৰাঃ)ৰ মেকুৰী, বায়তুল্লা শ্বৰিফ (কাবা গৃহ), তুৰ পাহাৰ, হুজুৰ (ছাঃ) ৰ ৰওজা মোবাৰক, মছজিদে নববীৰ মধ্যৱৰ্তী স্থান।
প্ৰঃ সৰ্বশেষত যি ব্যক্তিয়ে বিহিস্ত পাব তেওঁ বিহিস্তত কিমান পৰিমাণৰ ঠাই পাব?
উঃ 50 হাজৰ বছৰ দোজখত শাস্তি ভোগ কৰাৰ পিছত এজন ব্যক্তি সৰ্বশেষত বিহিস্ত পাব আৰু তেওঁ বিহিস্তত এই পৃথিৱীতকৈ 10 গুণ ডাঙৰ ঠাই পাব। 0 0 0
বিহিস্ত কুইজ
বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান: