Home Essay বৰদিন | Christmas Essay in Assamese

বৰদিন | Christmas Essay in Assamese

0

বৰদিন

Christmas Essay

বৰদিন | Christmas

বৰদিন | Christmas Essay in Assamese

পৰিচয়: বৰদিন হৈছে খ্ৰীষ্টানধৰ্মাৱলম্বীসকলে পালন কৰা এক ডাঙৰ  উৎসৱ। আজিৰ পৰা দুহেজাৰ বছৰ আগতে যীশুখ্ৰীষ্টই ২৫ ডিচেম্বৰ তাৰিখে বৰ্তমানৰ জেৰুজালেমৰ বেথেলহেম নামে ঠাইত জন্ম গ্ৰহণ কৰে। যীশু খ্ৰীষ্টৰ জন্মৰ দিনটোৰ স্মৰণত খ্ৰীষ্টানসকলে প্ৰতি বছৰে ২৫ ডিচেম্বৰ দিনটোক ‘বৰদিন’ হিচাপে  পালন কৰে।

বিৱৰণ: যীশু খ্ৰীষ্টৰ পিতৃৰ নাম আছিল জোছেফ আৰু মাতৃৰ নাম আছিল মেৰী। যীশুৰ জন্মৰ কালছোৱা পৃথিৱী অশান্তি, অধৰ্ম আৰু নানান ধৰণৰ পাপাচাৰেৰে ভৰি  পৰিছিল। বিশ্বৰ মানুহে সঠিক পথ হেৰুৱাই পেলাইছিল। তেনে দুৰ্যোগপূৰ্ণ সময়ত যীশু খ্ৰীষ্টই জন্মলাভ কৰি মানৱৰ মুক্তিৰ পথ দেখুৱাইছিল। তেওঁ মানুহক প্ৰেম, দয়া, ভাতৃত্বেবাধ, ক্ষমা, পৰোপকাৰ আদি মহান আদৰ্শৰ কথা প্ৰচাৰ কৰিছিল। তেওঁ প্ৰচাৰ কৰা ধৰ্মক তেওঁৰ নাম অনুসাৰেই ‘খ্ৰীষ্টান ধৰ্ম’ বুলি কোৱা হয়।

কিন্তু সেই সময়ত বহুতো লোকে বিশেষকৈ ইহুদি সম্প্ৰদায়ৰ লোকে যীশু  খ্ৰীষ্টৰ প্ৰেমৰ বাণী অগ্ৰাহ্য কৰি তেওঁৰ বিৰোধিতা কৰি অৱশেষত তেওঁক ক্ৰুছবিদ্ধ কৰি হত্যা কৰিছিল।

বৰদিনৰ তাৎপৰ্য: বৰ দিনৰ দিনা খ্ৰীষ্টানসকলে ৰাতিপুৱা প্ৰাৰ্থনা আৰু যীশুৰ গুণ-কীৰ্তন গায়। সকলোৱে মিলিজুলি ভোজ-ভাত খায়। সৰুৱে ডাঙৰক  সেৱা কৰে আৰু ডাঙৰে সৰুক আৰ্শীবাদ দিয়ে। সন্ধিয়া ঘৰত প্ৰদীপ জ্বলায়।

এই দিনটো প্ৰেম আৰু ভাতৃত্ববোধৰ  প্ৰতীক। যীশুৰ মহান ত্যাগৰ কথা এই উৎসৱে সোঁৱৰাই দিয়ে। কিছুমান ঠাইত দেৱদাৰু গছৰ ডাল এটা কাটি সজাই  পৰাই বৰদিনৰ গছ হিচাপে  ৰখা হয়। ইয়াৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ  আয়োজন কৰে। সমূহীয়া সংগীতৰ ব্যৱস্থা কৰা হয়। সেই দিনা বিশ্ববাসীৰ উদ্দেশ্যে পোপে  প্ৰেম আৰু ধৰ্মৰ বাণী  শুনায়।

সামৰণি: বৰদিন উৎসৱটো গোটেই  মানৱ জাতিৰ বাবে  এক মঙ্গলময় বাৰ্তাৰ বাহক।  ইয়ে মানুহক সৎ আৰু ঈশ্বৰপৰায়ণ হ’বলৈ শিক্ষা দিয়ে। আমি সকলোৱে বৰদিন উৎসৱ পালনৰ লগে লগে লগে যীশু খ্ৰীষ্টৰ ত্যাগ আৰু ধৰ্মীয় বাণীৰ দ্বাৰা উদ্বুদ্ধ হোৱা  উচিত। 0 0 0

বি. দ্র. উক্ত ‘বৰদিন | Christmas Essay in Assamese ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত অসমীয়া ৰচনা শিক্ষা‘ গ্রন্থৰ অন্তর্গত।

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here