Home Biographies বৰ্গৰাম দেউৰী | Bargaram Deori

বৰ্গৰাম দেউৰী | Bargaram Deori

0

বৰ্গৰাম দেউৰী | Bargaram Deori

বৰ্গৰাম দেউৰী  Bargaram Deori

 

বৰ্গৰাম দেউৰী

বৰ্গৰাম দেউৰী | Bargaram Deori

বৰ্গৰাম দেউৰী (Bargaram Deori) আছিল অসমৰ দেউৰী জনগোষ্ঠীৰ এজন প্ৰখ্যাত সমাজকৰ্মী, শিক্ষাবিদ আৰু ৰাজনীতিক। লক্ষীমপুৰ জিলাৰ বিহপুৰীয়া মৌজাৰ বাঁহগড়া দেউৰী গাঁৱত ১৯৩৮ চনৰ ১ আগষ্টত তেওঁৰ জন্ম হয়। নিজ গাঁৱতে প্ৰাথমিক শিক্ষা লাভ কৰি ১৯৫৯ চনত লক্ষীমপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিকত প্ৰথম বিভাগত উর্ত্তীর্ণ হয়। পিচত যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা বি. এচ. চি. পাছ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ত উদ্ভিদ বিজ্ঞান বিষয়ত নাম ভৰ্তি কৰে আৰু একে সময়তে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়তো অধ্যয়ন কৰে। তেওঁ এম. এচ. চি. আৰু এল. এল. বি. একে সময়তে সুখ্যাতিৰে পাছ কৰি পিচত পঞ্জাৱ বিশ্ববিদ্যালয়ত হোমিওেপথিক শিক্ষা পঢ়িবলৈ যায় আৰু তাতো তেওঁ সুখ্যাতিৰে সোণৰ মেডেল লৈ ডিগ্ৰী লাভ কৰে।

বৰ্গৰাম দেউৰী গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি থকা কালতে কামৰূপ একাডেমী বিদ্যালয়ত শিক্ষকতা কৰিছিল। ১৯৭১ চনত লক্ষীমপুৰ বাৰত যোগদান কৰি ওকালতি জীৱন আৰম্ভ কৰে। কিছুদিন তেওঁ মণিপুৰ কলেজত প্ৰবক্তা হিচাপেও কাম কৰিছিল।  

খ্ৰীষ্টীয় ১৯৭৮ চনত বঙ্গালমৰা গাঁও পঞ্চায়তৰ পৰা কাউন্সিলাৰ হিচাপে নিৰ্বাচিত হয়।  ১৯৮৩ চনত অসম বিধান সভালৈ বিহপুৰীয়া সমষ্টিৰ পৰা তেওঁ প্ৰথমবাৰ বিধায়ক হিচাপে  নিৰ্বাচিত হয়।  

দেউৰী ভাষাক দেউৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান আৰু দেউৰী জনগোষ্ঠীৰ ৰাজনৈতিক আৰু আৰ্থ-সামাজিক উন্নয়নৰ বাবে দেউৰী স্বায়ত্ব শাসিত পৰিষদ প্ৰদান কৰাত বৰ্গৰাম দেউৰীৰ অৱদান আছিল উল্লেখনীয়। 

তেওঁ ২০০৪ চনত হৃদ ৰোগত আক্ৰান্ত হৈ গুৱাহাটীত মৃত্যু বৰণ কৰে। ০ ০ ০

Read More: বিশ্ব ব্যক্তি পৰিচয়

 

বি. দ্র. উক্ত ‘বৰ্গৰাম দেউৰী | Bargaram Deori ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্রন্থৰ অন্তর্গত।

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here