Home Ass Grammar বৰ্ণ আৰু বৰ্ণমালা। Barna Aru Barnamala

বৰ্ণ আৰু বৰ্ণমালা। Barna Aru Barnamala

0

বৰ্ণ আৰু বৰ্ণমালা। Barna Aru Barnamala

বৰ্ণ আৰু বৰ্ণমালা। Barna Aru Barnamala

 

বৰ্ণ আৰু বৰ্ণমালা

বৰ্ণ আৰু বৰ্ণমালা । Barna Aru Barnamala

বৰ্ণ আৰু বৰ্ণমালা: আৰম্ভণি

আমি আগতে পাই আহিছো যে ভাষা এটিৰ মূল উপাদান হৈছে ধ্বনি। অৰ্থাৎ ধ্বনিৰ ওপৰত ভিত্তি কৰিয়েই ভাষাৰ জন্ম হৈছে। সেয়ে ‘ভাষা’ বুলিলে ধ্বনি সমষ্টিক বুজায়। অৰ্থাৎ জীৱৰ ভাৱ প্ৰকাশ কৰিব পৰা ধ্বনিময় মাধ্যমটোৰ নামেই ভাষা। ধ্বনি উচ্চাৰণ কৰিব পৰা প্ৰায় সকলোবোৰ জীৱৰে ভাষা আছে যদিও মানুহৰ বাহিৰে অন্যান্য জীৱৰ ভাষাৰ মাথো এটা ৰূপহে আছে। অকল মানুহে ব্যৱহাৰ কৰা ভাষাৰহে দুটা ৰূপ আছে- কথিত ৰূপ আৰু লিখিত ৰূপ।  মানুহে ভাষাৰ মাধ্যমত প্ৰকাশ কৰা ভাৱ-অনুভূতিবোৰ স্থায়ীভাৱে ধৰি ৰখাৰ উদ্দেশ্যে অৰ্থাৎ লিখিত ৰূপ দিয়াৰ বাবে ভাষাৰ ধ্বনিক প্ৰতিনিধিত্ব কৰিব পৰাকৈ  কিছুমান সাংকেতিক চিন বা প্ৰতীক উদ্ভাৱন কৰা হৈছে। এই সাংকেতিক চিন বা প্রতীকবোৰকে বৰ্ণ বা আখৰ (Letter) বোলে। বৰ্ণ আৰু বৰ্ণমালা

উল্লেখ্য যে ‘ধ্বনি’ আৰু ‘বৰ্ণ’ এক নহয়। ধ্বনি হ’ল ভাষা এটিৰ ব্যক্ত বা মৌখিক ৰূপ আৰু বৰ্ণ হ’ল ধ্বনিক প্ৰতিনিধিত্ব কৰা লিখিত ৰূপ। ভাষা ভেদে ভাষাৰ ধ্বনিক প্ৰতিনিধিত্ব কৰা সাংকেতিক চিন বা প্ৰতীকবোৰো বেলেগে বেলেগ হোৱা দেখা যায়। উদাহৰণস্বৰূপে -আৰবী ভাষাৰ বৰ্ণ, অসমীয়া ভাষা বৰ্ণ, হিন্দি ভাষাৰ বৰ্ণ আৰু ইংৰাজী ভাষাৰ বৰ্ণৰ মাজত পাৰ্থক্য আছে । আনকি প্ৰত্যেক ভাষাৰ  বৰ্ণ বা আখৰৰ সংখ্যাও বেলেগ বেলেগ হয় । উদাহৰণস্বৰূপে- ইংৰাজী ভাষাত ইয়াৰ ধ্বনিক প্ৰতিনিধিত্ব কৰিবলৈ মুঠ ২৬ টা বৰ্ণ আছে, আৰবী ভাষাৰ বৰ্ণৰ সংখ্যা ২৮ টা, গ্ৰীক ভাষাৰ মুঠ বৰ্ণৰ সংখ্যা ২৪ টা। কিন্তু অসমীয়া ভাষাৰ বৰ্ণৰ সংখ্যা মুঠ ৫২ টা। আকৌ চীনা ভাষাত প্ৰায় তিনি হেজাৰটা বৰ্ণ বা  প্ৰতীক আছে ।

বৰ্ণমালা (Alphabet) 

প্ৰত্যেক ভাষাৰ বৰ্ণ বা আখৰৰ সমষ্টিক একেলগে বৰ্ণমালা (Alphabet) বোলে। উদাহৰণস্বৰূপে ইংৰাজী ভাষাৰ বৰ্ণ সমষ্টিক ‘ইংৰাজী বৰ্ণমালা’, আৰু হিন্দী ভাষাৰ বৰ্ণ সমষ্টিক ‘হিন্দী বৰ্ণমালা’ বোলে। সেইদৰে অসমীয়া ভাষাৰ বৰ্ণ সমষ্টিক একেলগে অসমীয়া বৰ্ণমালা (Assamese Alphabet) বোলে। অসমীয়া ভাষাৰ মুঠ ৫২ টা বৰ্ণ । 

অসমীয়া বৰ্ণমালা

বৰ্ণ আৰু বৰ্ণমালা

অ আ ই ঈ

উ   ঊ 

এ   ঐ  ও  ঔ 

ক  খ  গ  

চ  ছ  জ  ঝ  

ট  ঠ  ঢ  ড  ণ 

ত  থ  দ  ধ  ন 

প  ফ  ভ  ব  

য  ৰ  ল  

শ  ষ  স  

ক্ষ  ড় 

ৎ ং ঃ  ঁ

বৰ্ণ আৰু বৰ্ণমালা

অনুশীলনী

(১) ধ্বনিক প্ৰতিনিধিত্ব কৰা প্ৰতীক বা চিনবোৰক কি বোলে?

(২) বৰ্ণমালা কাক বোলে?

(৩) অসমীয়া বৰ্ণমালা কাক বোলে?

(৪) অসমীয়া  বৰ্ণমালাত মুঠ কেইটা আখৰ আছে?

(৫) অসমীয়া বৰ্ণমালাত থকা বর্ণ তোমাৰ কপি বুকত লিখা। ০ ০ ০

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here