বৰ্ণ বিভাজন। Barna Bivajon

0

বৰ্ণ বিভাজন। Barna Bivajon

 

বৰ্ণ বিভাজন

বৰ্ণ বিভাজন । Barna Bivajon

বৰ্ণ বিভাজন । Barna Bivajon

আমি শিকি আহিলো যে মানুহৰ মুখৰ ধ্বনিক প্ৰতিনিধিত্ব কৰিবলৈ যি চিন বা প্ৰতীক ব্যৱহাৰ কৰা হয়, তাক বৰ্ণ বা আখৰ বোলে।  অসমীয়া ভাষাত মুঠ ৫২ টা বৰ্ণ বা আখৰ আছে। উচ্চাৰণৰ প্ৰকৃতি অনুযায়ী অসমীয়া বৰ্ণমালাৰ বর্ণবোৰক প্ৰধানকৈ দুই শ্ৰেণীত ভাগ কৰা হৈছে, যথা– (১) স্বৰবৰ্ণ আৰু  (২) ব্যঞ্জন বৰ্ণ 

অসমীয়া বৰ্ণমালাত এনে কিছুমান বৰ্ণ আছে যিবোৰৰ উচ্চাৰণ স্বতন্ত্ৰ। অৰ্থাৎ সেই বৰ্ণবোৰ  উচ্চাৰণ কৰোতে আন কোনো বৰ্ণৰ সহায় নালাগে বা উচ্চাৰণ কৰোতে অইন কোনো বৰ্ণৰ ধ্বনি উচ্চাৰিত নহয়। সেই বৰ্ণবোৰক স্বৰবৰ্ণ (Vowel) বোলে। অসমীয়া ভাষাত স্বৰবৰ্ণৰ সংখ্যা ১১ টা, যথা–

বৰ্ণ বিভাজন । Barna Bivajon

অ আ ই ঈ

উ ঊ

এ ঐ ও ঔ 

উচ্চাৰণৰ হ্রস্ব আৰু দীৰ্ঘ মাত্ৰালৈ লক্ষ্য কৰি স্বৰবৰ্ণবোৰক আকৌ দুটা ভাগত ভাগ কৰা হৈছে, যথা–

(ক) হ্রস্বস্বৰ (Short Vowel) আৰু  (খ) দীৰ্ঘস্বৰ (Long Vowel)

যিবিলাক স্বৰবৰ্ণৰ উচ্চাৰণ চুটি সিবোৰ স্বৰবৰ্ণক হ্রস্বস্বৰ (Short Vowel) বোলে। অসমীয়া স্বৰবৰ্ণবিলাকৰ ভিতৰত হ্রস্বস্বৰ ৪টা, যথা–

   ই  উ

আনহাতে যিবিলাক স্বৰবৰ্ণৰ উচ্চাৰণ দীৰ্ঘ সেইবোৰ স্বৰবৰ্ণক দীৰ্ঘস্বৰ (Long Vowel) বোলে। অসমীয়া ভাষাত দীৰ্ঘস্বৰ ৭ টা, যথা–

আ  ঈ  ঊ

এ  ঐ  ও  ঔ 

অসমীয়া বৰ্ণমালাত এনে কিছুমান বৰ্ণ আছে যিবোৰ উচ্চাৰণ কৰোতে  স্বতঃস্ফূর্তভাৱেই স্বৰবৰ্ণৰ ধবনি উচ্চাৰিত হয় তেনে বৰ্ণবোৰক ব্যঞ্জনবৰ্ণ (Consonant) বোলে। অসমীয়াত ব্যঞ্জনবৰ্ণৰ সংখ্যা ৩৩ টা, যথা–

ক  খ  গ  ঘ 

চ  ছ  জ  ঝ  ঞ

ট  ঠ  ঢ  ড  ণ 

ত  থ  দ  ধ  ন 

প  ফ  ভ  ব  ম

য  ৰ  ল  ৱ

শ  ষ  স  হ

বৰ্ণ বিভাজন । Barna Bivajon

বি দ্ৰ: কিছুমানে পণ্ডিতে অসমীয়া  ক্ষ ড় ঢ়  য়  আৰু ৎ ক মৌলিক বৰ্ণ বুলি স্বীকাৰ নকৰে বাবে  এইবোৰক ব্যঞ্জণবৰ্ণ বুলি ধ’ৰা নহ’ল।

বৰ্ণ বিভাজন । Barna Bivajon

অনুশীলনী

(১) উচ্চাৰণৰ প্ৰকৃতি অনুযায়ী অসমীয়া বৰ্ণমালাক কেই শ্ৰেণীত ভাগ কৰা হৈছে?

(২) স্বৰবৰ্ণ  কাক বোলে? অসমীয়া স্বৰবৰ্ণ মুঠ কেইটা?

(৩) স্বৰবৰ্ণক কেই ভাগত ভাগ কৰা হৈছে ? 

(৪) ব্যঞ্জনবৰ্ণ কাক বোলে?

(৫) অসমীয়া বৰ্ণমালাত ব্যঞ্জনবৰ্ণ কেইটা আৰু কি কি? ০ ০ ০.

বৰ্ণ বিভাজন । Barna Bivajon

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

LEAVE A REPLY

Please enter your comment!
Please enter your name here