Home Literary Criticism ভট্টদেৱৰ বিষাদযোগ–এক বিশ্লেষণাত্মক অধ্যয়ন | Bhattadev Bikhadjug

ভট্টদেৱৰ বিষাদযোগ–এক বিশ্লেষণাত্মক অধ্যয়ন | Bhattadev Bikhadjug

0

ভট্টদেৱৰ বিষাদযোগ–এক বিশ্লেষণাত্মক অধ্যয়ন

ভট্টদেৱৰ বিষাদযোগ--এক বিশ্লেষণাত্মক অধ্যয়ন  Bhattadev Bikhadjug

ভট্টদেৱৰ বিষাদযোগ

ভট্টদেৱৰ বিষাদযোগ–এক বিশ্লেষণাত্মক অধ্যয়ন | Bhattadev Bikhadjug

ভট্টদেৱৰ ‘বিষাদযোগ’ নামৰ পাঠটি তেওঁৰ ‘কথাগীতা’ নামৰ গ্ৰন্থখনৰ পৰা লোৱা হৈছে। পাঠটিত পাণ্ডৱসকলৰ যুদ্ধোৎসৱৰ এক বিবৰণ আছে। 

কৌৰৱসকলৰ পিতৃ অন্ধ ধৃতৰাষ্ট্ৰই সিহঁতৰ দূত সঞ্জয়ৰ পৰা কুৰুক্ষেত্ৰ যুদ্ধৰ বিষয়ে জানিব বিচাৰিছে। সঞ্জয়ে ধৃতৰাষ্ট্ৰক  যুদ্ধক্ষেত্ৰৰ যি বিৱৰণ দাঙি ধৰিছে সেই বিৱৰণেই  ‘বিষাদযোগ’ নামৰ পাঠটিৰ মূল বক্তব্য বিষয়।

ভট্টদেৱৰ বিষাদযোগ 

কুৰুক্ষেত্ৰ মহাসমৰৰ প্ৰাকক্ষণত কৌৰৱ আৰু পাণ্ডৱসকল যুদ্ধৰ বাবে সাজু হৈছে। বগা ৰঙৰ চাৰিটা ঘোঁৰাই টনা ৰথত উঠি কষ্ণাঅর্জুনে  দিব্যশঙ্খ বজাই যুদ্ধক্ষেত্ৰলৈ গৈছে। কৃষ্ণই পাঞ্চজন্য শংখ ফুকাইছে। অৰ্জ্জুনে দেৱদত্ত শংখ ফুকাইছে। ভীমে পণ্ডক নামে মহাশংখ, যুধিষ্ঠিৰে অনন্ত, নকুলে সঘোষ আৰু সহদেৱে মণিপুষ্পক ধ্বনিৰে ৰণক্ষেত্ৰত প্ৰৱেশ কৰিছে। আনহাতে কাশীৰাজ, সাত্যিক, ধৃষ্টদ্যুম্ন বিৰাট, দ্ৰুপদ, অভিমান্যু আদিয়ে পৃথকে পৃথকে শংখ বজাই আকাশ-বতাহ মুখৰিত কৰি কৌৰৱ সৈন্যৰ মাজত মহা আতংকৰ সৃষ্টি কৰিছে।

ভট্টদেৱৰ বিষাদযোগ

যুদ্ধক্ষেত্ৰলৈ গৈ যুদ্ধ আৰম্ভ হোৱাৰ আগতে অর্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কৈছে যাতে সি যুদ্ধত সমেবত হোৱা যুঁজাৰু বীৰসকলক এবাৰ দৰ্শন কৰি ল’ব পাৰে। অর্জুনে যুদ্ধক্ষেত্ৰত পিতৃৰ সমতুল্য যোদ্ধাসকল, পিতামহ ভীষ্ম, আচাৰ্য,  মাতুল, ভাতৃপুত্ৰ, ভাতৃ, সখি, শহুৰ, সুহৃদসকল আদি আপ[আপোনজনক দেখা পাইছে। যুদ্ধক্ষেত্ৰত সমেবত হোৱা উক্ত আপোনলোকসকলক দেখা পাই অর্জুনে  শ্ৰীকৃষ্ণক ক’লে যে তেওঁৰ হাত-ভৰি ভাঙি যায়, মুখ শুকাই যায়, শৰীৰ কঁপি উঠে, নোম শিয়ঁৰি উঠে, হাতৰ পৰা গাণ্ডীব খহি পৰে। তেওঁৰ মতিভ্ৰম হয়, বিমঙ্গল দেখে। আকাশত শগুন উৰে, শিয়ালেও চিঞৰে। যুদ্ধত আপোনজনক মাৰি তেওঁৰনো কি লাভ হ’ব। তেওঁৰ বিষয় নালাগে, ৰাজ্য নালাগে আৰু সুখো নালাগে।

ভট্টদেৱৰ বিষাদযোগ 

এই আত্মীয়সকলে যদিও পাণ্ডৱসকলক মাৰে, তথাপি সিহঁতে এই আপোনলোকসকলক হত্যা কৰা উচিত নহ’ব। যদিওবা অৰ্থশাস্ত্ৰমতে আততায়ীক হত্যা কৰাটো দোষণীয় নহয় তথাপি তেওঁলোকক মাৰিলে দোষে চুব। ধৃতৰাষ্ট্ৰৰ পুত্ৰসকল পাণ্ডৱসকলৰ বন্ধু। বন্ধুৰ দোষ থাকিলে হত্যা কৰা উচিত নহয়। সিহঁতক হত্যা কৰিলে কুলদোষে পাব। যুদ্ধৰ ফলত নিজৰ জাতি, ধৰ্ম আদি নষ্ট হ’ব। দুৰ্যোধনে যদি তেওঁক বধো কৰে তথাপি তেওঁৰ কোনো আক্ষেপ নাই। এই বুলি কৈ অর্জুনে অস্ত্ৰ এৰি কম্পিত হৈ ৰথৰ ওপৰত বহি পৰিল। অৰ্থাৎ পাণ্ডৱসকলে ভাতৃ কৌৰৱসকলৰ লগত যুদ্ধ কৰিবলৈ অমান্তি হয়। ইয়াৰ পিছত শ্ৰীকৃষ্ণই শাস্ত্ৰ ব্যাখ্যা কৰি যুদ্ধৰ যে প্ৰয়োজন আছে সেয়া বুজাই অৰ্জুনক যুদ্ধ কৰিবলৈ সৈমান কৰে। কিন্তু পাঠটিত সেই বিৱৰণ নাই।

ভট্টদেৱৰ ‘বিষাদযোগ’ পাঠটি চুটি হ’লেও বৰ্ণনাৰ নাটকীয়তা আৰু সাৱলীলতাই ৰচনাটি উপভোগ্য কৰি তুলিছে। 0 0 0.ভট্টদেৱৰ বিষাদযোগ

বি. দ্র. ভট্টদেৱৰ বিষাদযোগ–এক বিশ্লেষণাত্মক অধ্যয়ন | Bhattadev Bikhadjug | Anuradha Sarma Pujari Aranyo Jatraৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘নির্বাচিত অসমীয়া প্রবন্ধ সমালোচনা‘ গ্রন্থৰ   পৰা লোৱা হৈছে

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here