Home Quiz ভাৰত ভূগোল কুইজ

ভাৰত ভূগোল কুইজ

0

ভাৰত ভূগোল কুইজ

ভাৰত ভূগোল কুইজ

ভাৰত ভূগোল কুইজ, India Geography Quiz

ভাৰত ভূগোল কুইজ

প্ৰঃ ভৌগোলিক অৱস্থান অনুসৰি ভাৰত কিমান ডিগ্ৰী অক্ষৰেখাৰ পৰা কিমান ডিগ্ৰী অক্ষৰেখালৈ  বিস্তৃত?

উঃ ভৌগোলিকভােব ভাৰত 8.4 ডিগ্ৰি উত্তৰ অক্ষাংশৰ পৰা 37.6 ডিগ্ৰি উত্তৰ অক্ষাংশলৈ বিস্তৃত।

প্ৰঃ ভৌগোলিক অৱস্থান অনুসৰি ভাৰত কিমান ডিগ্ৰী দ্ৰাঘিমাৰেখাৰ পৰা কিমান ডিগ্ৰী দ্ৰাঘিমাৰেখালৈ  বিস্তৃত?

উঃ ভৌগোলিকভােব ভাৰত 68.7 ডিগ্ৰি পূৱ দ্ৰাঘিমা ৰেখাৰ পৰা 97.25  পূৱ দ্ৰাঘিমাংশলৈ বিস্তৃত।

প্ৰঃ ভাৰতৰ ৰাজধানী ক’ত?

উঃ নতুন দিল্লীত।

প্ৰঃ আমাৰ দেশখনৰ নাম কেনেদৰে ভাৰতবৰ্ষ হ’ল?

উঃ প্ৰাচীন কালত এই দেশত  ‘ভৰত’ নামেৰে এজন ৰজাই এখন ডাঙৰ সাম্ৰাজ্য স্থাপন কৰিছিল। তেওঁৰ নাম অনুসাৰে দেশখনৰ নাম ‘ভাৰতবৰ্ষ’হয় বুলি কোৱা হয়।

প্ৰঃ ভাৰতৰ মাটিকালি কিমান?

উঃ 32,87,263 বৰ্গ কিলোমিটাৰ।

প্ৰঃ ভাৰতৰ প্ৰাকৃতিক বিভাগ কেইটা?

উঃ ভাৰতৰৰ প্ৰাকৃতিক বিভাগ চাৰিটা, যথাঃ (ক) হিমালয় পাৰ্বত্য অঞ্চল (খ) গংগা-সিন্ধু সমভূমি অঞ্চল (গ) উপকূলীয় অঞ্চল আৰু (ঘ) দক্ষিণ সমভূমি অঞ্চল।

প্ৰঃ ভাৰতৰ মুঠ ৰাজ্যৰ সংখ্যা কিমান? 

উঃ 29 খন।

প্ৰঃ ভাৰতৰ মুঠ কেন্দীয় শাসিত ৰাজ্যৰ সংখ্যা কেইখন?

উঃ 7 খন।

প্ৰঃ জনসংখ্যাৰ দিশৰ পৰা ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্য কোনখন?

উঃ চিকিম।

প্ৰঃ কিমানখন দ্বীপ লগলাগি ভাৰতৰ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ গঠিত হৈছে?

উঃ 500 খন।

ভাৰত ভূগোল কুইজ

প্ৰঃ ভাৰতৰ উচ্চতম দূৰদৰ্শন স্তম্ভ কোনটো?

উঃ প্ৰিতমপুৰ দূৰদৰ্শন স্তম্ভ, নতুন দিল্লী।

প্ৰঃ ভাৰতৰ কোনখন ৰাজ্য খনিজ পদাৰ্থত অতিকৈ চহকী?

উঃ ঝাৰখণ্ড।

প্ৰঃ ভাৰতবৰ্ষৰ উচ্চতম প্ৰৱেশদ্বাৰ কোনটো?

উঃ বুলন্দ দৰৱজা (আগ্ৰা)।

প্ৰঃ  ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ চিৰিয়াখানা কোনখন?

উঃ জ’লজিকেল গাৰ্ডেন (ক’লকাতা)।

প্ৰঃ  ভাৰতৰ কেনখন চহৰক ‘পিংক চিটি’ বুলি জনা যায়?

উঃ জয়পুৰ।

প্ৰঃ ভাৰতৰ দ্বিতীয় বৃহত্তম নদী অৱবাহিকা কোনখন নদীত আছে?

উঃ গোদাবৰী।

প্ৰঃ ভাৰতবৰ্ষৰ কোনখন ৰাজ্যই সৰ্বাধিক পৰিমাণে ইলাচি উৎপাদন কৰে?

উঃ কৰ্ণাটক।

প্ৰঃ  বিশ্বৰ দীৰ্ঘতম তুষাৰ নদীখনৰ নাম কি ?

উঃ চিয়াছেন হিমবাহ (ভাৰত-পাকিস্থান সীমান্তত অৱস্থিত)।

প্ৰঃ ভাৰতৰ চেন্নাইত অৱস্থিত দীৰ্ঘতম সমুদ্ৰ তীৰ (বীচ্চ) টোৰ নাম কি ?

উঃ মেৰীনা বীচ্চ।

প্ৰঃ  শিৱমুদ্ৰম জলপ্ৰপাত ক’ত অৱস্থিত ?

উঃ কাবেৰী নদীত।

প্ৰঃ  ভাৰতৰ কোনখন ৰাজ্যই সৰ্বাধিক বনাঞ্চল আগুৰি আছে?

উঃ মধ্যপ্ৰদেশ।

প্ৰঃ  মাটিকালিৰ ভিত্তিত ভাৰতৰ কোন ৰাজ্য সৰ্ববৃহৎ?

উঃ ৰাজস্থান।

ভাৰত ভূগোল কুইজ

প্ৰঃ  ভাৰতৰ দীৰ্ঘতম পথটোৰ নাম কি?

উঃ গ্ৰেণ্ড ট্ৰাংক ৰোড।

প্ৰঃ  কাঞ্চীপুৰম ঠাইডোখৰ কোনখন ৰাজ্যত অৱস্থিত?

উঃ তামিলনাডু।

প্ৰঃ  ভাৰতবৰ্ষৰ মাজেৰে পাৰ হৈ যোৱা অক্ষৰেখাডালৰ নাম কি?

উঃ কৰ্কটক্ৰান্তি ৰেখা।

প্ৰঃ ভাৰতৰ সৰ্ববৃহৎ মৰুভূমি ক’ত অৱস্থিত?

উঃ ৰাজস্থানত (থৰ মৰুভূমি)।

প্ৰঃ এখনতকৈ অধিক ৰাজধানী থকা ভাৰতৰ ৰাজ্য কোনখন?

উঃ জম্বু আৰু কাশ্মীৰ।

প্ৰঃ ভাৰতৰ বৃহত্তম মানৱ-সৃষ্ট হ্রদ কোনটো?

উঃ  গোবিন্দ সাগৰ হ্রদ (ভাক্ৰা নাãল)।

প্ৰঃ বিশ্বৰ উচ্চতম বান্ধটো ক’ত অৱস্থিত?

উঃ ভাৰতৰ হিমাচল প্ৰদেশত।

প্ৰঃ ভাৰতৰ উচ্চতম বান্ধটোৰ নাম কি?

উঃ ভাক্ৰা নাঙল (781 ফুট)।

প্ৰঃ মাটিকালিৰ ভিত্তিত ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্য কোনখন?

উঃ গোৱা  (3702 বৰ্গ কিলোমিটাৰ)।

প্ৰঃ ভাৰতৰ দীৰ্ঘতম কেনেল (খাল) টোৰ নাম কি?

উঃ ইন্দিৰা গান্ধী কেনেল (ৰাজস্থান)।

প্ৰঃ ভাৰতৰ প্ৰাচীনতম পৰ্বতমালাৰ নাম কি ?

উঃ আৰাৱলী পৰ্বতমালা।

ভাৰত ভূগোল কুইজ

প্ৰঃ  ভাৰতবৰ্ষৰ বৃহত্তম লুনীয়া পানীৰ হ্রদটোৰ নাম কি?

উঃ চিল্কা হ্রদ।

প্ৰঃ  ভাৰতৰ কোনখন চহৰক ভাৰতৰ ‘অক্সফোৰ্ড আৰু কেমব্রিজ’ বোলা  হয়?

উঃ পুনে।

প্ৰঃ  ভাৰতৰ সর্বোচ্চ বিমানঘাটি কোনখন?

উঃ চাশ্বাল (লাডাখ)।

প্ৰঃ  ভাৰতৰ কোনখন ৰাজ্যত বৃহত্তম সমুদ্ৰক্ষেত্ৰ অৱস্থিত?

উঃ গুজৰাট।

প্ৰঃ  ভাৰতৰ উচ্চতম জলপ্ৰপাতটোৰ নাম কি?

উঃ জগ্‌ জলপ্ৰপাত।

প্ৰঃ  ম্যানমাৰ আৰু বাংলাদেশ উভয়ৰ সীমাৰ লগত ভাৰতৰ কোনখন ৰাজ্য সংলগ্ন হৈ আছে?

উঃ মিজোৰাম।

প্ৰঃ  ভাৰতৰ ভূ-গৰ্ভত থকা আগ্নেয়গিৰি বিশিষ্ট দ্বীপ দুটাৰ নাম কি?

উঃ নাৰকোণ্ডম আৰু বেৰেন।

প্ৰঃ  ভাৰতৰ আন্দামান দ্বীপপুঞ্জৰ নিকটতম বিদেশী ৰাষ্ট্ৰখনৰ নাম কি?

উঃ ম্যানমাৰ।

প্ৰঃ  ভাৰতৰ কোনখন হ্রদৰ পানী আটাইতকৈ বেছি লুনীয়া?

উঃ সম্ভাৰ হ্রদ।

প্ৰঃ  ভাৰতৰ একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰিটো ক’ত অৱস্থিত?

উঃ বেৰেণ দ্বীপত (আন্দামান নিকোবৰ দ্বীপপুঞ্জ)।

প্ৰঃ  বিশ্বৰ ভিতৰত সৰ্বাধিক বৃষ্টিপাত হোৱা ভাৰতৰ ঠাই খনৰ নাম কি?

উঃ মৌচিনৰাম (মেঘালয়)।

ভাৰত ভূগোল কুইজ, India Geography Quiz

প্ৰঃ  ভাৰতৰ ক্ষুদ্ৰতম কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ নাম কি?

উঃ লাক্ষাদ্বীপ (32 বৰ্গ কিলোমিটাৰ)।

প্ৰঃ ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰৰ কোনখনে ভাৰতবৰ্ষৰ লগত দীৰ্ঘতম সীমাৰেখাৰে সংলগ্ন হৈ আছে?

উঃ চীন।

প্ৰঃ  ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক চহৰ আছে?

উঃ উত্তৰ প্ৰদেশ।

প্ৰঃ  ভাৰতৰ কোনখন ঠাইক ‘আলফেনচো’ আমৰ গৃহ বুলি কোৱা হয়?

উঃ ৰত্নগিৰি (মহাৰাষ্ট্ৰ)।

প্ৰঃ  ভাৰতবৰ্ষৰ দীৰ্ঘতম বান্ধটোৰ নাম কি?

উঃ হীৰাকুঁদ বান্ধ (উৰিষ্যা)।

প্ৰঃ  ভাৰতৰ সৰ্বাধিক কুঁহিয়াৰ উৎপাদন কৰা ৰাজ্য কোনখন?

উঃ উত্তৰ প্ৰদেশ।

ভাৰত ভূগোল কুইজ

প্ৰঃ বংগোপ সাগৰ, ভাৰত মহাসাগৰ আৰু আৰব সাগৰৰ পানী কোনখন ঠাইত লগ লাগিছে?

উঃ কন্যাকুমাৰীত।

প্ৰঃ  ব্রহ্মপুত্ৰ নদীৰ মুঠ ৰ্দ্ঘৈ কিমান?

উঃ 2900 কিলোমিটাৰ।

প্ৰঃ  প্ৰাক-ঐতিহাসিক যুগত  ভাৰত কোনখন চুপাৰ মহাদেশৰ অংশ আছিল?

উঃ গ’নৱানালেণ্ড।

প্ৰঃ  কোনখন তুষাৰ নদীৰ পৰা ব্রহ্মপুত্ৰ নদীখন ওলাইছে?

উঃ ছেমায়ুং ডং।

প্ৰঃ  ভাৰতৰ কোনখন ৰাজ্যই সৰ্বাধিক ৰবৰ উৎপাদন কৰে?

উঃ কেৰেলা।

প্ৰঃ ভাৰতৰ সৈতে কেইখন দেশৰ সমূহীয়া আন্তৰ্জাতিক সীমাৰেখা আছে?

উঃ সাতখন।

প্ৰঃ মৌচুমী বতাহৰ দ্বাৰা বেছি  প্ৰভাৱিত হোৱা ভাৰতৰ ৰাজ্যখনৰ নাম কি?

উঃ তামিলনাডু।

প্ৰঃ  কোনখন নদী এলাহাবাদত গংগা নদীৰ লগত মিলিত হৈছে?

উঃ যমুনা।

ভাৰত ভূগোল কুইজ, India Geography Quiz

প্ৰঃ  ভাৰতৰ কোনখন ৰাজ্যত পুষ্কৰ হ্রদ অৱস্থিত?

উঃ ৰাজস্থান।

প্ৰঃ ভাৰতীয় মানসময় আৰু গ্ৰীণউইচ মান সময়ৰ মাজত পাৰ্থক্য কিমান?

উঃ 5 ঘন্টা 30 মিনিট।

প্ৰঃ ভাৰত আৰু শ্ৰীলংকাক বিভাজিত কৰা প্ৰণালীটোৰ নাম কি ?

উঃ পক-প্ৰণালী।

প্ৰঃ  ভাক্ৰা নাঙল বান্ধটো কোনখন নদীত অৱস্থিত?

উঃ ছুটলেজ।

প্ৰঃ  কোনখন নদীক ‘বংগৰ দুখ’ বুলি কোৱা হয়?

উঃ দামোদৰ নদী।

প্ৰঃ  ভাৰতৰ কোনখন ঠাইক ভাৰতবৰ্ষৰ হৃদপিণ্ড বুলি কোৱা হয়?

উঃ যোদপুৰ।

প্ৰঃ  ভাৰতৰ অংগৰাজ্য অসমৰ পাহাৰীয়া অঞ্চলৰ উচ্চতা কিমান?

উঃ  1000 মিটাৰৰ পৰা 1200 মিটাৰ।

প্ৰঃ  ভাৰতৰ কোনখন ঠাইক ‘ভূ-স্বৰ্গ’ বুলি কোৱা হয়?

উঃ কাশ্মীৰ।

প্ৰঃ  ভাৰতত মুঠ গাওঁৰ সংখ্যা কিমান?

উঃ 6,38,588 খন।

প্ৰঃ  ভাৰতত মুঠ চহৰৰ সংখ্যা কিমান?

উঃ  7,935 খন। 0 0 0

ভাৰত ভূগোল কুইজ, India Geography Quiz

বিজ্ঞপ্তিঃ আমি আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা সত্বেও কিবা ভুল-ভ্রান্তি থাকি যাব পাৰে। আমাৰ প্রিয় সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনালে আমি চিৰ কৃতাৰ্থ হৈ থাকিম। ধন্যবাদ —ৰাব্বি মছৰুৰ

ভাৰত ভূগোল কুইজ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here