ভৃগুমুনি কাগ্য়ুঙ | Vrigumuni Kagyung

ভৃগুমুনি কাগ্য়ুঙ
ভৃগুমুনি কাগ্য়ুঙ | Vrigumuni Kagyung
ভৃগুমুনি কাগ্য়ুঙ (Vrigumuni Kagyung) হৈছে মিচিং সম্প্ৰদায়ৰ এজন অসমীয়া কবি, শিক্ষাবিদ আৰু গৱেষক আছিল। ১৯৩২ চনৰ অক্টোবৰ মাহত আলিমূৰ গাঁৱত খহুৱাৰ ঔৰসত আৰু য়াবৰীৰ গৰ্ভত ভৃগুমুনিৰ জন্ম হয় ।
ভৃগুমুনি কাগয়ুঙে নিজ গাঁৱৰে ৫৮ নং আলিমূৰ প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি ১৯৫৮ চনত প্ৰৱেশিকা পৰীক্ষাত উর্ত্তীৰ্ণ হয়। পৰিয়ালৰ আৰ্থিক অৱস্থা অতি নিঃস্ব হোৱাত নিজে দিনৰ ভাগত বিভিন্ন প্রতিষ্ঠানত কাম কৰিছিল আৰু ৰাতিৰ ভাগত কলেজত পঢ়িছিল। এনেদৰে পঢ়িয়ে তেওঁ বি বৰুৱা কলেজ, গুৱাহাটীৰ পৰা ১৯৮৭ চনত স্নাতক ডিগ্ৰী লাভ কৰে। তদুপৰি কাগ্য়ুঙে ১৯৯২ চনত মহীশূৰৰ Institute of Indian Language-ত মিচিং প্ৰাপ্ত বয়স্কঃ পাঠ্যপুথি প্ৰণয়নৰ বােব প্ৰশিক্ষণ গ্ৰহণ কৰে। এই প্রতিষ্ঠানতে তেওঁ ভাষা বিষয়ক প্ৰশিক্ষণো গ্ৰহণ কৰিছিল।
ইয়াৰ পিছত ১৯৫৮ চনত যোৰহাট ভকেশ্বনেল কলেজিয়েট হাইস্কুলত এগৰাকী শিক্ষক হিচাপে যোগদান কৰে। ভৃগুমুনি কাগয়ুঙে যোৰহাট চৰকাৰী বহুমুখী ল’ৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১৯৬৪ চনৰ পৰা ১৯৬৬ চনলৈ তিনি বছৰ শিক্ষকতাৰ চাকৰি কৰে।
অসমীয়া কাব্য-সাহিত্যলৈ ভৃগুমুনি কাগয়ুঙৰ অৱদান অপৰিসীম। তেওঁৰ ৰচিত অসমীয়া কাব্য-গ্ৰন্থকেইখন হ’ল- ‘কবিতাকলি’, ‘আনাহুত’, ‘মন বননিৰ জুই’ আৰু ‘কবিতা কুসুম’। ভৃগুমুনি কাগ্য়ুঙৰ আটাইতকৈ জনপ্ৰিয় কাব্য-গ্ৰন্থখনৰ নাম হৈছে ‘অনাহুত’। ভাৰত চৰকাৰে তেওঁক ‘অনাহুত’ কাব্য-গ্ৰন্থৰ বাবে ১৯৭১ চনত ৰাষ্ট্ৰপতিৰ দ্বাৰা পুৰস্কৃত কৰিছিল। ‘মন বননিৰ জুই’ কাব্য-গ্ৰন্থৰ বাবেও ভৃগুমুনি কাগ্য়ুঙ ১৯৯৪ চনত ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ লাভ কৰে। ভৃগুমুনি কাগ্য়ুং মিচিং জনগোষ্ঠীৰ প্ৰথম ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত সাহিত্যিক।
ভৃগুমুনি কাগ্য়ুঙৰ কবিতা ৰমন্যাসবাদী যদিও আধুনিকতাৰ ছাপ তেওঁৰ কবিতাত স্পষ্ট। দেশপ্ৰেম, ইতিহাস চেতনা, মানবতাবোধ আৰু সমাজৰ প্ৰতি দায়ৱদ্ধতা ভৃগুমুনি কাগ্য়ুঙৰ কবিতাৰ প্ৰধান বৈশিষ্ট্য।
ভৃগুমুনি কাগয়ুঙে অসমীয়া ভাষাৰ লগে লগে মিচিং ভাষাতো কবিতা লিখিছিল। কাগ্য়ুঙৰ বিভিন্ন সময়ত লিখা মিচিং কবিতাৰ সংকলনখন হ’ল ‘কঃকাং মৗতম্ দঃঞিং’। তেওঁৰ ৰচিত আৰু সম্পাদিত গ্ৰন্থৰ সংখ্য মুঠ ২৭খন।
খ্ৰীষ্টীয় ২০১১ চনৰ ২৭ মাৰ্চত এইগৰাকী মনীষা, সু-সাহিত্যিক আৰু প্ৰসিদ্ধ কবি ভৃগুমুনি কাগ্য়ুঙ পৰলোকগামী হয়। ০ ০ ০
Read More: বিশ্ব ব্যক্তি পৰিচয়
বি. দ্র. উক্ত ‘ভৃগুমুনি কাগ্য়ুঙ | Vrigumuni Kagyung‘ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্রন্থৰ অন্তর্গত।
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান: