Home Kabita মই সাৰে থাকোঁ | Moi Sare Thako

মই সাৰে থাকোঁ | Moi Sare Thako

0

মই সাৰে থাকোঁ | Moi Sare Thako

মই সাৰে থাকোঁ  Moi Sare Thako
মই সাৰে থাকোঁ
কোঁ 

মই সাৰে থাকোঁ

ৰাব্বি মছৰুৰ

 

অন্তঃশীলা ফল্গুৰ দৰে

বৈ আছে মোৰ অনুযোগ

হাবিয়াসলব্ধ পোহৰৰ দৰে

তমসা ৰাতিৰ সপোনবোৰ মোৰ 

দিঠক হৈ যায় আৰু এন্ধাৰৰ মাজত হেৰাই যায় ক্ৰমে ক্ৰমে।

মোৰ অযত্ন-বিন্যস্ত শব্দৰ ইপিঠিত-সিপিঠিত

তাৰেই ব্যৰ্থ অনুৰণন।

মোৰ অৰ্ন্ত:সংঘাত মোৰ সুহৃদ

সিহঁতৰ পৰাই মই আখৰা লও

সম্পূৰ্ণ নির্ভুল হোৱাৰ 

বিশালতাৰে ভ’ৰাই তোলো মোৰ শব্দ ভাণ্ডাৰ

বুটলো নীলোজ্জ্বল নক্ষত্ৰৰ বীজ

আৰু বাৰিধিৰ এবুকু নীলা।

মোৰ অনুসন্ধানী মন থমকি ৰয়

যেতিয়া ৰাজপথত পৰি থাকে ৰঙীন সূৰ্য।

মোৰ সপোনৰ অকাল বৃদ্ধ বিপ্লৱ 

মোৰ সুপ্ত সংঘাতৰ স’তে

প্ৰতিনিয়ত যুঁজ কৰে মোৰেই প্ৰতীতিৰ বিৰুদ্ধে

প্ৰতিবাৰেই মই পৰাজিত হওঁ

আৰু প্ৰতিবাৰতে মই প্ৰতিজ্ঞাবদ্ধ হওঁ

নতুনকৈ সাৰ পোৱাৰ।

সোণালী অৰুনোদয়ৰ অপেক্ষাত 

হাহাকাৰ কৰি ফুৰে মোৰ বিপ্লৱী শ্লোগান 

মোৰ মানস মালঞ্চত।

তাৰে মাজত মই সাৰে থাকো

গোটেই দিন, গোটেই ৰাতি

যদিও নিথৰ মোৰ অস্তিত্ব। ০ ০ ০

মই সাৰে থাকোঁ | Moi Sare Thako

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here