মণিকুন্তলা–এক সমালোচনাত্মক বিশ্লেষণ | Ismail Hossain Manikuntala

0

মণিকুন্তলা–এক সমালোচনাত্মক বিশ্লেষণ

ৰাব্বি মছৰুৰ

মণিকুন্তলা-- এক সমালোচনাত্মক বিশ্লেষণ

মণিকুন্তলা– এক সমালোচনাত্মক বিশ্লেষণ

‘মণিকুন্তলা’ কবিতাটি এটি শোকাত্মক কবিতা। কবিয়ে কৈছে, ‘বিয়াৰ  প্ৰথম নিশাতেই স্বামীৰ দ্বাৰা নিগৃহীতা এগৰাকী ৰমণীৰ আত্ম পাঠ।’ অৰ্থাৎ নিগৃহীতা ৰমণীজনীয়ে স্বামীৰ দ্বাৰা নিগৃহীতা হৈ যি ভাবিছে তাকেই কবি ইছমাইল হোছাইনয়ে মণিকুন্তলাৰ ভাষাত, প্ৰথম পুৰুষত, ব্যক্ত কৰিছে।

স্বামীৰ দ্বাৰা লাঞ্ছিতা হৈ মণিকুন্তলাৰ এক বিশেষ অভিজ্ঞতা হ’ল- জীৱন সম্পৰ্কে, প্ৰেম সম্পৰ্কে আৰু পুৰুষ জাতিৰ প্ৰকৃতি সম্পৰ্কে। অৱশ্যে এই অভিজ্ঞতা মিঠা নহয়, তিতাহে। সেয়ে মণিকুন্তলাই হাচনাহানা ৰাতিৰ কথা শুনিবলৈ বিচৰা নাই। তাই জানে হাচনাহানা ফুলৰ আঁৰত সাপহে  শুই থাকে যি সুযোগ পালেই খুটিব। আনকি তাই সুমধুৰ গান নাইবা কোনেও নুশুঙা ফুলো ছিঙিব বিচৰা নাই।  কিয়নো বাহ্যিক দৃষ্টিত ভাল লগা  সকলোবোৰ বস্তুৰ আঁৰতে কুৰূপ লুকাই আছে। কবিয়ে কৈছে–

”ভোমোৰাই জানো জানে জোনাক ৰাতি 

হাচনাহানা ফুল ফুলেনে নুফুলে ?

তুমি মোক নক’বা হাচনাহানা ৰাতিৰ কথা– 

সুঘ্ৰাণ লই শুই থকা সাপবোৰে ফণা তুলিব

তুমি মোক নুশুনাবা কোনেও নুশুনা গান– 

সুৰবোৰৰ তালে তালে মানুহবোৰ  বেসুৰা হ’ব

তুমি মোক নেদেখুৱাবা কোনেও নুশুঙা ফুল–

সৌগন্ধবোৰ সৰি সৰি দূৰ্গন্ধ ওলাব।”

মণিকুন্তলাই বিয়াৰ আগতে হয়তো ভাবিছিল স্বামীৰ ঘৰলৈ গৈ সুখে-সন্তোষে থাকিব। কিন্তু তাই বাস্তৱ জীৱনত তাৰ ওলোটা ফলহে দেখিবলৈ পালে। তাই স্বামীৰ দ্বাৰা ইমানেই  নিগৃহীতা হৈছে যে আন কাকো ইয়াৰ খবৰ ল’বলৈ বাধা দিছে। সেয়ে কবিয়ে কৈছে–

“তুমি মোক লৈ নাযাবা ৰূপকোঁৱৰৰ দেশলৈ– 

তালৈ গ’লে মানুহবোৰ কুৎসিত হয়,

তুমি মোৰ কাষলৈ নাহিবা বতৰা ল’বলৈ–

মোৰ সমস্ত শৰীৰ জুৰি কোষ্ঠ ৰোগীৰ ভয়।”

মনিকুন্তলাই পূৰ্বৰ সকলো বিশ্বাস হেৰুৱাই পেলাইছে।  সেইবাবেই তাই সতীৰ কাহিনী শুনিবলৈ বিচৰা নাই। তাই ভাৱে স্বামীৰ সন্মুখতেই নাৰী ধৰ্ষিতা হ’ব আৰু কুমাৰী দেহবোৰ পুৰি ছাই হ’ব। কবিৰ ভাষাত–

“তুমি মোক নক’বা সতীৰ কাহিনী–

স্বামীৰ সন্মুখতেই নাৰীবোৰ ধৰ্ষিতা হ’ব

তুমি মোক নুশুনাবা অধিকাৰৰ বাণী–

গৰ্ভৱতী মাতৃৰ অকস্মাতে গৰ্ভপাত হ’ব

তুমি মোৰ বাবে নজ্বলাবা হোমৰ অগনি–

কুমাৰী দেহবোৰ পুৰি ছাঁই হ’ব।”

ওপৰোদ্ধৃত কবিতাফাকিৰ সাম্প্ৰতিক সমাজত প্ৰাসঙ্গিকতা আছে। আজিকালি ধৰ্ষণৰ সংখ্যা নিশ্চয় বাঢ়িছে, আনকি পৃথিৱীৰ পৰিৱেশো বেয়া হৈ আহি আছে যাৰ বাবে অকস্মাৎ গৰ্ভপাত হোৱাটোও সাধাৰণ কথাত পৰিণত হৈছে। আজিকালি যৌন সংক্ৰান্ত অপৰাধো তুলনামূলকভােব আগতকৈ বৃদ্ধি পাইছে। নাৰী জাতিৰ আত্ম হননৰ প্ৰৱণতাও বাঢ়িছে। মণিকুন্তলাই এই বাস্তৱ সত্য উপলব্ধি কৰিছে।

মণিকুন্তলাই এনে এখন দেশলৈ যাব বিচাৰে যিখন দেশত আজিলৈ কোনো নাৰী ধৰ্ষিতা হোৱা নাই, যি দেশৰ শিশুৰ অকাল মৃত্যু হোৱা নাই নাইবা বেয়োনেটৰ আঘাতত কোনো মাতৃৰ গৰ্ভপাত হোৱা নাই।  কবিয়ে ইয়াত ‘মণিকুন্তলা’ ৰূপকৰ মাজেৰে এখন আদৰ্শ দেশৰ কথা কল্পনা কৰিছে। কিন্তু এই আদৰ্শ দেশ যে কবিৰ কল্পনা প্ৰসূত নাইবা ইয়াৰ যে কোনো বাস্তৱ ভিত্তি নাই তেনে নহয়। মানৱতাবাদৰ ভিত্তিত আমি তেনে এখন দেশ পাব পাৰো। কবিয়ে অৱশ্যে ইয়াত মানৱতাবাদ প্রতিষ্ঠাৰ জৰিয়তে যে এনে এখন দেশ পাব পাৰি তাৰ কোনো ইংগিত কবিতাটোত  দিয়া নাই। কবিয়ে কৈছে–

“তুমি  মোক লৈ ব’লা সেই দেশলৈ–

য’ত কোনো নাৰী আজিলৈ ধৰ্ষিতা হোৱা নাই

তুমি মোক লৈ যোৱা সেই সন্তানৰ কাষলৈ–

মাতৃ স্তন মুখত লৈ যাৰ মৃত্যু হোৱা নাই

তুমি মোক লৈ যোৱা সেই মাতৃৰ বুকুলৈ–

বেয়োনেটৰ আঘাতত যাৰ গৰ্ভপাত হোৱা নাই।”

মণিকুন্তলাৰ দাম্পত্য জীৱনৰ অভিজ্ঞতা ইমানেই তিক্ত যে তাই তথা কথিত মানৱ সমাজৰ পৰা প্ৰকৃতিৰ ৰাজ্যলৈ যাবলৈ বাঞ্ছা কৰিছে। কবিয়ে কৈছে–

“তুমি মোক দাম্পত্য ক্ষুধাৰ বিড়ম্বনা হ’বলৈ নিদিবা সবেৰা–

মোক লৈ ব’লা নদীৰ কাষলৈ- তাৰ সমতলত মোৰ ঘৰ সজাম

মোক লৈ ব’লা আকাশৰ বুকুলৈ — 

তাৰ দিগবলয়ত মানুহবোৰ চাম

য’ত আছে নক্ষত্ৰ পুৰুষ, সূৰ্য সন্তান, প্ৰেমৰ গান, জীৱনৰ গান।”

কবিতাটিৰ ভাষা গদ্যধৰ্মী। ইয়াত কল্পচিত্ৰ আছে; কিন্তু ৰোমান্টিক কবিসকলৰ কবিতাত থকাৰ দৰে কল্পচিত্রবোৰ সুদূৰ প্ৰসাৰী নহয়। কবিতাটি ভাষা শৈলীৰ পিনৰ পৰা নহয়, বিষয়-বস্তুৰ দিশৰ পৰাহে এটি আটক ধুনীয়া কবিতা। কবিতাটিৰ আন এটি আকৰ্ষণীয় দিশ হৈছে ইয়াত প্ৰকাশ পোৱা কৰুণ ৰস। কবিতাটি কৰুণ ৰসতে আৰম্ভ হৈছে আৰু কৰুণ ৰসতেই শেষ হৈছে। ০ ০ ০

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here