Home Literary Criticism মহানগৰ–এক সমালোচনাত্মক বিশ্লেষণ | ismail Hossain Mahanagar

মহানগৰ–এক সমালোচনাত্মক বিশ্লেষণ | ismail Hossain Mahanagar

0

মহানগৰ–এক সমালোচনাত্মক বিশ্লেষণ

ৰাব্বি মছৰুৰ

মহানগৰ--এক সমালোচনাত্মক বিশ্লেষণ  ismail Hossain Mahanagar 

 

মহানগৰ–এক সমালোচনাত্মক বিশ্লেষণ

‘মহানগৰ’ কবিতাটি এটি বিশেষ তাৎপৰ্যপূৰ্ণ কবিতা। ইয়াৰ মাজেৰে কবিয়ে বৰ্তমান সময়ৰ অৱস্থা বিশেষকৈ ৰাজনৈতিক অৱস্থাৰ প্ৰতিটি দিশ স্পষ্টকৈ প্ৰকাশ কৰিছে।

কবিৰ মহানগৰত কেতিয়াবাই ভাগোন ধৰিছে। তাত বিশুদ্ধ পানী, বায়ু, খাদ্য আৰু সুপৰিৱেশৰ অভাৱ। তাৰোপৰি মহানগৰখনত কোনো বিশুদ্ধ প্ৰশাসন, নিৰাপত্তা, শান্তি, বিশ্বাস, আন্তৰিকতা আদি একোৱেই নাই। ইয়াত মানুহৰ কোনো নিৰাপত্তা নাই, কোন মূহুৰ্তত কোনে নিজৰ প্ৰাণটো অকালতে হেৰুৱায় তাৰ কোনো সঠিক ঠিকনা নাই। সেয়ে কবিয়ে বৰ্তমানৰ মহানগৰৰ (সম্ভৱত কবিৰ পৰিচিত গুৱাহাটী মহানগৰখনেই, যদিও ‘মহানগৰ’ শব্দটি বহল অৰ্থত পৃথিৱীৰ সকলোবোৰ মহানগৰকে বুজাইছে) পিনে দৃষ্টি দি লিখিছে–

“দীৰ্ঘদিন ধৰি মহানগৰীৰ অসুখ। 

সংক্ৰামক ৰোগৰ ভয়ত মানুহবোৰে হৃদপিণ্ডটো হাতত

ৰাখিছে। কোনেও ক’ব নোৱাৰে কেতিয়া ক’ত

এৰি যায় কাৰ বৰ্তমান পৰিচয় আৰু ঠিকনা।

ভীষণ অভাৱত মানুহবোৰে দিন নিয়াইছে।

বিশুদ্ধ বায়ু, পানী, খাদ্য আৰু পৰিৱেশ ৰ অভাৱ।

বিশুদ্ধ প্ৰশাসন, নিৰাপত্তা, শান্তি

বিশ্বাস, সমন্বয়, আন্তৰিকতা আৰু হৃদয়ৰ অভাৱ।”

মহানগৰত চলি থকা সমস্যাবোৰৰ প্ৰতি বছৰেই চৰকাৰৰ দৃষ্টি গোচৰ কৰা হয়; প্ৰতি বছৰেই তাত অন্তঃত এবাৰ প্ৰধান মন্ত্ৰী নাইবা ৰাষ্ট্ৰপতি আহে, নিৰাপত্তা বাহিনীৰ লোকেৰে ভৰি পৰে গোটেই মহানগৰী। মহানগৰীৰ অভাৱ অভিযোগসমূহ দূৰ কৰাৰ নামত স্থানান্তৰিত হয় গৃহহীন মানুহ, পদপথৰ পৰা কুষ্ঠ ৰোগী ইত্যাদি। কিন্তু সমস্যাবোৰ সমস্যা হৈয়ে থাকে। মন্ত্ৰী, আমোলাসকলে শেন চকুৰ ওপৰুৱা দৃষ্টি দি গুচি যায়গৈ। কবিয়ে শাসন বিভাগৰ এনে ভেকো-ভাওনাই প্ৰকাশ কৰিবলৈ গৈ কৈছে–

“প্ৰতিবছৰেই ইয়াত প্ৰধান মন্ত্ৰী কিম্বা

ৰাষ্ট্ৰপতি আহে অন্তঃত এবাৰ চাইৰেণ

বজাই আৰম্ভ কৰে ৰঙৰ মেলা।

আমোলাই সলায় পোছাক, নিৰাপত্তা

বাহিনীয়ে পিন্ধে নতুন ফলক। 

পথবোৰত যান-বাহনৰ ব্যস্ত নিয়ন্ত্ৰণ,

দেবালয়বোৰত চৰকাৰৰ সুলভ শ্লোগান।”

মহানগৰখনত প্ৰতিদিনেই হয় হত্যা, অপহৰণ, বোমা বিস্ফুৰণ ইত্যাদি। বাতৰি কাকত মেলিলেই ৰোমাঞ্চকৰ ঘটনাবোৰ চকুৰ আগত উপস্থিত হয়। কবিয়ে এইবোৰ লোমহৰ্ষক অৱস্থাৰ হুবহু বৰ্ণনা দি  লিখিছে–

“ইয়াতকৈ অধিক কৃতিত্বৰ সমল এই মহানগৰীৰ নাই 

ৰাতি পুৱাতেই হ’কাৰে দি যোৱা খবৰৰ কাকতত

অপহৰণ, নিৰুদ্দেশ আৰু হত্যাৰ খবৰ–

বোমা বিস্ফুৰণত পঁচিশজন মানুহৰ মৃত্যু, 

শতাধিক আহত, ত্ৰিশজন চিকিৎসাধীন। 

মৃত্যু হোৱা লোকৰ পাঁচ গৰাকী মহিলা, 

চাৰিজন শিশু, ছজন ছাত্ৰ, দুজন শান্তিৰক্ষী সমিতিৰ

কৰ্মকৰ্তা আৰু বাকীবোৰ সাধাৰণ মানুহ।”

এনে পৰিস্থিতিৰ খবৰ পোৱা মাত্ৰেই অকস্মাতে মহানগৰীৰ নিৰাপত্তা সষ্টম হয়। অপৰাধীসকলক ধৰিব নোৱাৰি শান্তি প্ৰিয় সাধাৰণ মানুহৰ ওপৰত চলোৱা হয় গুলি, লাঠি চালনা। ফলত দোষীসকলৰ ঠাইত নিৰপৰাধী লোক আহত হয়, কিছুমান নিহত হয় আৰু শ্ৰমিক বেকাৰবোৰ হয় আটকাধীন। কবিয়ে এই পৰিস্থিতিসমূহ নিঁখুত চিত্ৰকৰৰ দৰেই অলেপা কেনা নলগাকৈ প্ৰকাশ কৰিছে–

“অকস্মাতে সষ্টম হয় মহানগৰীৰ নিৰাপত্তা ব্যৱস্থা।

উগ্ৰপন্থী বিচাৰি স্কুটাৰ, মটৰ চাইকেল আৰু টেক্সিত খানা তালাচ।

শান্তি ৰক্ষাৰ নামত এশ চৌৱাল্লিশ ধাৰা অথবা সান্ধ্য আইন। 

কৃষক-শ্ৰমিক বেকাৰৰ সমদলত নিষেধাজ্ঞা, 

লাঠি চালনা, গুলিবৰ্ষণ–

দুজন শ্ৰমিক নিহত, এজন পুলিচ আহত,

শ শ শ্ৰমিক বেকাৰ আটকাধীন; 

তিনিজনৰ চিকিৎসালয়ৰ পথত মৃত্যু! 

আহা! কি তাজা খবৰ।”

এনেকুৱা সংকটাপন্ন অৱস্থাত আত্মাক হাতত লৈ লাখ লাখ শান্তিপ্ৰিয় জনতাই দুঃসহ জীৱন অতিবাহিত কৰিছে। যদিও নতুন নতুন আদৰ্শ আৰু আঁচনিৰ কথা চৰকাৰৰ তৰফৰ পৰা ঘোষণা কৰা হয়, কিন্তু বাস্তৱতাৰ কোনো ক্ৰিয়া দেখিবলৈ পোৱা নাযায়। কবিয়ে কৈছে–

“সম্প্ৰতি আমি সংক্ৰামক ৰোগত ভূগিছোঁ;

বিকাৰগ্ৰস্ত হৈ নিজকে নিজে অত্যাচাৰ কৰিছোঁ

চকুৰ আগৰ পৰা আঁতৰলৈ গৈছে পোহৰ;

মুখৰ পৰা নোহোৱা হৈছে মাত, মস্তিষ্কৰ পৰা

খহি পৰিছে বিবেক আৰু গাৰ পৰা পোছাক।”

অৰ্থাৎ চাৰিওফালৰ পৰা আকাল আৰু অন্ধকাৰে ছানি ধৰিছে সভ্যতাৰ আকাশখন। সেইবাবেই নাশ হৈ আছে সমাজ আৰু সভ্যতাৰ শান্তি অশান্তি বাঢ়ি গৈ আছে দিনে দিনে।

কবি ইছমাইল সমাজ সচেতন কবি। সমাজৰ বিভিন্ন দিশ পাঠকৰ আগত দাঙি ধ’ৰাই তেওঁৰ উদ্দেশ্য। তেওঁৰ সকলোবোৰ কবিতাত সমাজৰ অৱস্থা দাঙি ধৰিছে যদিও এই কবিতাটি সকলোবোৰ কবিতাৰ ভিতৰত বে ছি নিখুঁত আৰু পূৰ্ণাঙ্গ।

ভাষা আৰু কাব্যিক  সৌন্দৰ্যৰ দিশৰ পৰা কবিতাটি চহকী নহয়, তথাপি কবিতাটি উৎকৃষ্ট কবিতা–বিষয়-বস্তুৰ নিঁখুত  উপস্থাপনেই ইয়াৰ  ঘাই কাৰণ। ০ ০ ০

Read More: কাঞ্চনজঙ্গাৰ বুৰঞ্জী

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here