Home Literary Criticism মহানগৰ | Mahanagar

মহানগৰ | Mahanagar

0

মহানগৰ

ৰাব্বি মছৰুৰ

মহানগৰ  Mahanagar

মহানগৰ | Mahanagar

মহানগৰ

আশাৰ অসিময় আলো লৈ খোজ কাঢ়িছো

খলা-বমা ৰাজপথৰ দাঁতিয়ে দাঁতিয়ে

হেঙুল সময়ৰ তালে তালে।

 

আড়ষ্ট সময়ৰ অসহায়তাত মোৰ হৃদয়ঘৰ ভাৰাক্ৰান্ত

অকনমান কোলাহলহীন নীৰৱতাৰে, অকনমান শুকুলা শান্তিৰে 

কটাব নোৱাৰো ইয়াত এৰাতিও-

ভৰিৰ তলৰ পৰা আঁতৰ হয় মাটি

বুকুৰ পৰা আশা, হাতৰ পৰা 

শতাব্দীৰ মুক্তিৰ বীণ

কণ্ঠৰ পৰা প্ৰাগলভ শ্লোগান।

 

মহানগৰৰ উপকণ্ঠত থিয় হৈ শুনিলো–

শতাব্দী জ্বলি-পুৰি শেষ হোৱাৰ কথা

আৰু মৃত্যুৰ দুৱাৰ দলিত ঠেলা-হেঁচা কৰা

হেজাৰ অনাথ শিশুৰ মৃত্যু চিৎকাৰ

অকালতে প্রৌঢ়ত্ব পোৱা ডেকা-ডেকেৰীৰ কোৰ্হাল হাই-উৰুমি

মাজে মাজে কোনোৱে কাৰো মাত নুশুনা কৰাল আহ্বান- 

বিপ্লৱী শ্লোগান।

আধুনিক কবিতাৰ দৰে কেৱল কবিসকলেহে বুজি পায়।

 

জীৱন মৰুত হেৰুৱা মুকুতাখিনি

কাহানিবাই জীৱাষ্ম হোৱাৰ দৰে

মহানগৰৰ শান্তি নামৰ পাৰ চৰাইটি

কেতিয়াবাই শিলাস্তূপত জাহ গ’ল।

 

আৰু চিৰিয়াখানা?

তাত আছে শতাব্দীৰ যৌৱনোদ্যম ডেকা-ডেকেৰীৰ

কান্ধত কান্ধ মিলাই সপোন ৰচাৰ বনৰীয়া বাসনা।

 

মহানগৰৰ বুকুত সূৰ্যোদয় নহয়

আছে মাথো

এডিচনৰ চাকিৰ নতুন সংস্কৰণৰ পয়োভৰ।

 

কবিৰ চকুত এতিয়া আশা ভঙ্গৰ কৰুণতা

অকালপক্ক বৃদ্ধাৰ হুমূনিয়াৰ দৰে নিঃস্ব। ০ ০ ০

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here