মাদক দ্ৰব্য আৰু সমাজত ইয়াৰ প্ৰভাৱ
মাদক দ্ৰব্য আৰু সমাজত ইয়াৰ প্ৰভাৱ (Madak Drabya Aaru Samajat Eyar Provab/ Narcotics and Its Impacts on Society)
বা
ড্ৰাগছ– এক সামাজিক সমস্যা
বা
ৰাগিয়াল বস্তু আৰু মানৱ সমাজ
যিবোৰ দ্ৰব্য সেৱন কৰিলে নিচা লাগে, ৰাগি হয় আৰু হিতাহিত জ্ঞান হ্রাস পায় সেইবোৰ দ্ৰব্যকে ‘মাদক দ্ৰব্য’ বা ‘ৰাগিয়াল বস্তু’ বোলে। মদ, ভাং, কানি, বিড়ি, চিগাৰেট, গোটকা, ধঁপাত, তমাক আদি ৰাগিয়াল বস্তুৰ উদাহৰণ। এইবোৰৰ উপৰিও আন এবিধ তৰল ৰাসায়নিক মাদক বস্তু আছে তাক ইংৰাজীত ‘ড্ৰাগছ’ বুলি কোৱা হয়। হিৰোইন, কোকেইন, হাছিছ, ব্রাউন চুগাৰ, চাৰাচ, এল এচ ডি আদি ড্ৰাগছৰ কিছুমান উদাহৰণ। মাদক দ্ৰব্য, যি প্ৰকাৰৰে নহওঁক কিয় এইবোৰৰ যিকোনো এটাত এবাৰ আসক্ত হ’লে ইয়াৰ পৰা পৰিত্ৰাণ পাব নোৱাৰি। ই জীৱনৰ এক অংগ হৈ পৰে আৰু জীৱনক তিল তিলকৈ মৃত্যুৰ গৰাহলৈ ঠেলি দিয়ে।
মানৱ ইতিহাসত মাদক দ্ৰব্যৰ ব্যৱহাৰ প্ৰাচীন কালৰ পৰা চলি অহাৰ প্ৰমাণ পোৱা যায় যদিও আগৰ যুগত ইয়াৰ ব্যৱহাৰ অতি সীমতি আছিল। কিছুমানে ইয়াক ঔষধ হিচাপে প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰিছল। প্ৰাচীন আৰু মধ্য যুগত ৰাগিয়াল বস্তু সংজ্ঞানাশক দ্ৰব্য হিচাপে শল্য চিকিৎসা প্ৰদানৰ সময়ত ৰোগীক খাবলৈ দিয়া হৈছিল। কিন্তু বৰ্তমান যুগত ৰাগিয়াল দ্ৰব্যৰ ব্যৱহাৰ ইমান ব্যাপক হৈছে যে ই এক মাৰাত্মক সামাজিক ব্যাধিত পৰিণত হৈছে।
ভাৰতবৰ্ষত প্ৰাচীন কালত ধঁপাত আৰু ভাঙ ব্যৱহাৰ হোৱাৰ প্ৰমাণ পোৱা যায় যদিও ইংৰাজসকলৰ আগমণৰ পিছৰ পৰা ভাৰতত ৰাগিয়াল দ্ৰব্যৰ ব্যৱহাৰ বহুল পৰিমাণে হ’বলৈ ধৰে। ইংৰাজসকলে সিহঁতৰ ৰাজনৈকি উদ্দেশ্য সাধনৰ অৰ্থে বিদেশৰ পৰা কানি আৰু ৰাসায়নিকভাৱে প্ৰস্তুত কৰা ড্ৰাগৰ প্ৰচলন কৰে আৰু তেতিয়াৰ পৰাই ক্ৰমে ক্ৰমে ই সমাজৰ সৰ্বস্তৰৰ মানুহৰ মাজত প্ৰসাৰ লাভ কৰে। ইংৰাজসকলে চীন, আফগানিস্থান, পাকিস্থান, হংকং, লেটিন আমেৰিকা আদি দেশৰ পৰা ৰাগিয়াল বস্তুৰ আমদানি কৰি সহজ, সৰল, হোজা ভাৰতীয়সকলৰ মাজত ইয়াৰ ব্যাপক প্ৰচলনত পৃষ্ঠপোষকতাৰ ভূমিকা পালন কৰি ভাৰতবাসীক মাৰাত্মক বিহৰ প্ৰতি আসক্ত কৰি তোলে।
সাধাৰণতে মদ, ভাং, কানি, বিড়ি, চিগাৰেট, গোটকা, তমাক, ধঁপাত আদি মুখেৰে সেৱন কৰা হয় যদিও ড্ৰাগছ শ্ৰেণীভূক্ত কিছুমান মাদক দ্ৰব্য বেজীৰে শৰীৰত সোমোৱাই লোৱা হয়। ড্ৰাগছৰ ভিতৰত হিৰোইন, কোকেইন, হাছিছ, ব্রাউন চুগাৰ আদিক অতি মাৰাত্মক আৰু জীৱননাশক বিহ বুলি ধৰা হয়। কিছুমানে যুক্তি দৰ্শায় যে মাদক দ্ৰব্য সেৱন কৰি দৈনন্দিন জীৱনৰ হতাশা, দুঃখ-কষ্ট, মানসিক উদ্বেগ আদি পাহৰি থাকিব পাৰি। কিন্তু এই যুক্তি তেনেই অমূলক আৰু অসাৰ। বাস্তৱত দেখা যায় যিসকল লোক মাদক দ্ৰব্য সেৱনত আসক্ত সিহঁতে জীৱনত অধিক উদ্বেগ, হতাশা আৰু দুশ্চিন্তাৰ চিকাৰ হয়।
মাদক দ্ৰব্য ব্যৱহাৰৰ বহুতো মাৰাত্মক অপকাৰী আৰু নেতিবাচক দিশ আছে।
প্ৰথমত, মাদক দ্ৰব্যত এবাৰ আসক্ত হ’লে ইয়াক গ্ৰহণ নকৰি থাকিব নোৱাৰি। ফলত আসক্তকাৰীয়ে যিকোনো মূল্যৰ বিনিয়ত ইয়াক গ্ৰহণ কৰিব বিচাৰে। কিন্তু মাদক দ্ৰব্যৰ দাম অন্যান্য দ্ৰব্যৰ তুলনাত অধিক হোৱা বাবে ইয়াক ক্ৰয় কৰাত বহুত অৰ্থ হানি হয়। ফলত অৰ্থনৈতিকভাৱে মাদক আসক্ত ব্যক্তিজন দেউলীয়া হয়।
দ্বিতীয়তে, মাদকাসক্ত ব্যক্তিয়ে যিহেতু মাদক দ্ৰব্য ব্যৱহাৰ নকৰি থাকিব নোৱাৰে সেয়ে ইয়াৰ বাবে বহুতে চুৰি, ডকাইতি কৰি হ’লে ধন সংগ্ৰহ কৰে। ফলত সমাজত অপৰাধ আৰু বিশৃঙ্খলা বৃদ্ধি পায়।
তৃতয়ীতে, নিয়মিত নিচাজাতীয় দ্ৰব্য সেৱন কৰাৰ ফলত শৰীৰত নানা প্ৰকাৰৰ বিসংগতিয়ে দেখা দিয়ে। অকলাতে কিডনি, লিভাৰ নষ্ট হয়। শ্বাস-প্ৰশ্বাসত কষ্ট হয়। বহুতৰ পেটৰ বিষ, ক্ষয়ৰোগ, হেপাটাইচছ, নিদ্ৰাহীনতা, অভোগ, কৌষ্ঠকাঠিন্য, দৃষ্টিহীনতা, অপুষ্টি আদি ৰোগত আক্ৰান্ত হৈ দুর্বিষহ যন্ত্ৰণা ভোগে।
তৃতীয়তে, ভাং, কানি, ধঁপাত, বিড়ি আদি সেৱন কৰা লোক যক্ষ্মা ৰোগত আক্ৰান্ত হোৱা দেখা যায়।
চতুৰ্থতে, ৰাগিয়াল বস্তুয়ে মানুহৰ মন আৰু মস্তিষ্কত বিৰূপ প্ৰভাৱ পেলায়। বহুতে মদ বা ড্ৰাগছ গ্ৰহণৰ পিছে পিছে হিতাহিত জ্ঞান হেৰুৱাই প্ৰলাপ বকিবলৈ লয়। বহুতে কাজিয়াত লিপ্ত হৈ মৰামৰি, কিলাকিলি কৰাত অভ্যস্ত হয়। ফলত ঘৰুৱা তথা সামাজিক পৰিৱেশ বিনষ্ট হয়।
পঞ্চমতে, ৰাগিয়াল বস্তুত আসক্ত ব্যক্তিয়ে শাৰীৰিক শক্তি আৰু কৰ্ম উদ্দীপনা হেৰুৱাই পেলায়। ফলত নিষ্কৰ্মা হৈ ঘৰতে বহি থাকিব লগা হয় আৰু পৰিয়ালৰ বোজাস্বৰূপ হৈ পৰে।
ষষ্ঠতে, মাদক দ্ৰব্য সেৱন কৰা ব্যক্তিৰ পৌৰুষ শক্তিও হ্রাস কৰি বৈবাহিক জীৱন বিষময় কৰি তোলে। আকৌ ৰাগিয়াল বস্তু সেৱন কৰা তিৰোতাসকলৰ গৰ্ভৱতী সন্তানৰ ওপৰত মাৰাত্মক প্ৰভাৱ পৰে। বহু সময়ত সন্তান ঘূণীয়া, নিশকতীয়া আৰু চিৰৰুগীয়া হয়।
সপ্তমতে, মানুহৰ যিকোনো অভ্যাস সোঁচৰা বেমাৰৰ দৰে। ই এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ বিপয়ে। ৰাগিয়াল বস্তুত আসক্ত ব্যক্তিক অনুসৰণ কৰি বা তেওঁৰ প্ৰৰোচনাত ভাল ব্যক্তি এজনো এনে বদ অভ্যাসত আসক্ত হোৱাৰ আশংকা থাকে। যি পৰিয়ালত মদাসক্ত ব্যক্তি থাকে সেই পৰিয়ালৰ সন্তান-সন্ততিও ইয়াৰ বিৰূপ প্ৰভাৱৰ বলি হয়। ফলত সুস্থ মানসিকতা গঠনত ব্যাঘাত জন্মে।
বৰ্তমান সমাজত ৰাগিয়াল বস্তুৰ ব্যৱহাৰ ইমানেই ব্যাপক হৈছে যে ই মানৱ সভ্যতাৰ বাবে এক ভাবুকিৰ সৃষ্টি কৰিছে। অৱশ্যে ইয়াৰ বাবে যে কেৱল মদাসক্ত ব্যক্তিসকলেই দায়ী সেয়া নিশ্চয় নহয়। ইয়াৰ বাবে প্ৰশাসন তথা সমাজ ব্যৱস্থাও সমানে দায়ী। আজিকালি ৰাজহ পোৱাৰ আশাত চৰকাৰেও মদৰ ব্যৱসায়ৰ বাবে অনুজ্ঞাপত্ৰ দিয়াৰ লগতে ঋণৰ যোগান ধৰাও দেখা গৈছে। প্ৰশানৰ বিষয়-ববীয়াসকলেও ৰাগিয়াল বস্তুত আসক্ত হৈ সাধাৰণ নাগৰিকৰ বাবে আৰ্হিস্বৰূপ হৈছে।
সমাজত শান্তি-শৃঙ্খলা প্রতিষ্ঠা কৰিবলৈ আৰু মানৱ সমাজক ৰাগিয়াল বস্তুৰ প্ৰভাৱ পৰা মুক্ত কৰিবলৈ আমি তলত উল্লেখ কৰা পদক্ষেপসমূহ গ্ৰহণ কৰিব পাৰো–
প্ৰথমতে, ৰাগিয়াল বস্তু সেৱনৰ কুফলৰ প্ৰতি সৰ্বসাধাৰণ ৰাইজ সচেতন হ’ব লাগিব। সিহঁতে ইয়াৰ বিৰুদ্ধে সৰৱ হ’ব লাগিব আৰু মাদক দ্ৰব্য ব্যৱহাৰৰ বিৰুদ্ধে বিপ্লৱ আৰম্ভ কৰিব লাগিব।
দ্বিতীয়তে, চৰকাৰে মদৰ দোকানৰ বাবে দিয়া অনুজ্ঞাপত্ৰ বন্ধ কৰি সেইবোৰ উৎখাতৰ ব্যৱস্থা কৰিব লাগিব।
তৃতীয়তে, ৰাগিয়াল বস্তুৰ উৎপাদন আৰু ইয়াৰ ব্যৱসায়ৰ লগত জড়িত লোকক আইন সংগতভাৱে উপযুক্ত শাস্তি বিহিব লাগিব।
চতুৰ্থতে, শিক্ষানুষ্ঠানসমূহত নৈতিক, ধৰ্মীয় আৰু মূল্যবোধ শিক্ষা প্ৰদানত গুৰুত্ব দিব লাগিব যাতে ল’ৰা-ছোৱালীসকল জীৱনত নেতিবাচক দিকবোৰ এৰাই চলি ইতিবাচক দিকবোৰৰ প্ৰতি উদ্বুদ্ধ হয়।
সামৰণিত ক’ব পাৰি যে মাদক দ্ৰব্য নামৰ ব্যাধিৰ পৰা সমাজ তথা ৰাষ্ট্ৰক ৰক্ষা কৰিবলৈ হ’লে ইয়াৰ বিৰুদ্ধে সৰ্বসাধাৰণ ৰাইজ সচেতন হ’ব লাগিব আৰু চৰকাৰে কঠোৰ নীতি প্ৰনয়ণ কৰি ইয়াৰ মূলোৎপাটন কৰিব লাগিব। ০ ০ ০
বি. দ্র. উক্ত ‘মাদক দ্ৰব্য আৰু সমাজত ইয়াৰ প্ৰভাৱ’ | Narcotics and Its Impact in Society’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘অসমীয়া ৰচনা শিক্ষা‘ গ্রন্থৰ অন্তর্গত।
মাদক দ্ৰব্য আৰু সমাজত ইয়াৰ প্ৰভাৱ
(ইংৰাজীত)
Narcotics and Its Impacts on Society
Or
Alcohol and Human Society
Substances that cause addiction, intoxication and loss of consciousness are called ‘drugs’ or ‘intoxicants’ Examples of alcoholic beverages include alcohol, cigarettes, gotka, tobacco, etc. In addition to these, there is another type of liquid chemical intoxicant called ‘drugs’. Heroin, cocaine, brown sugar, and charas are some examples of drugs. Drugs, of any kind, cannot be cured once you become addicted to any of them. It becomes a part of life and pushes life to the brink of death.
There is evidence that drugs were used dates back to ancient times in human history, but in earlier times it was very limited. Some used it as a medicine. In ancient and medieval times, alcohol was given to patients as an anesthetic during surgery. However, in the present era, the use of alcohol is so widespread that it has become a deadly social disease.
There is evidence of the use of tobacco and cannabis in India in ancient times, but the use of alcoholic beverages became widespread in India after the arrival of the British. The British introduced cannabis and chemically prepared drugs from abroad to achieve their political objectives and since then it has gradually spread among people of all walks of life. The British imported alcoholic beverages from China, Afghanistan, Pakistan, Hong Kong, Latin America and other countries and sponsored their widespread use among the simple, naive Indians and made the Indians addicted to the deadly poisons.
Alcohol, cannabis, bidis, cigarettes, gotka, tobacco, etc. are usually consumed orally, but some drugs are injected into the body. Drugs include heroin, cocaine, hashish, brown sugar, etc., which are considered to be very deadly and life-threatening poisons. Some argue that drugs can help you forget the frustrations, sorrows, and anxieties of everyday life. But this argument is futile. In reality, people who are addicted to drugs are more likely to suffer from anxiety, depression, and anxiety in life.
There are many serious harms and negative aspects of drug use.
First, once you are addicted to drugs, you cannot stop taking them. As a result, addicts want to take it at any cost. However, the price of drugs is higher than and it costs a lot of money to buy them. As a result, the drug addict becomes economically bankrupt.
Secondly, since drug addicts cannot stay without using drugs, many people collect money for it by stealing and robbing. As a result, crime and disorder increase in society.
Thirdly, regular drug use can lead to various disorders in the body. Kidneys and liver are damaged. Many suffer from abdominal pain, tuberculosis, hepatitis, insomnia, anxiety, constipation, blindness, malnutrition, etc.
Thirdly, people who use cannabis, tobacco, bidi, etc. are more likely to develop tuberculosis.
Fourth, alcohol harms the mind and brain. Many people lose consciousness and start talking nonsense after taking drugs. Many people are accustomed to fighting and screaming. As a result, the domestic and social environment is destroyed.
Fifth, a person addicted to alcohol loses physical strength and motivation. As a result, they are unemployed and sit at home and become a burden to their families.
Sixth, drug use also reduces the masculinity of a person and makes nuptial life poisonous. Women who use alcohol have a serious effect on their pregnant babies. Many times they give birth to lame, weak and chronically ill babies.
Seventh, any human habit is like a contagious disease. It is dangerous from one person to another. Even a good person is at risk of becoming addicted to such bad habits by following or at the instigation of an alcoholic. Children in families with alcoholics are also affected. This disrupts the formation of a healthy mindset.
The use of alcohol is so widespread in today’s society that it poses a threat to human civilization. Of course, alcoholics are not the only ones responsible. The administration and the social system are equally responsible for this. Nowadays, the government is also issuing licenses and providing loans to liquor businesses in the hope of generating revenue. Police officials have also become role models for ordinary citizens by becoming addicted to alcohol.
To establish peace and order in society and to free human society from the influence of alcohol, we can take the following steps–
First, the general public must be aware of the consequences of alcohol consumption. They must speak out against it and start a revolution against the use of drugs.
Secondly, the government must stop issuing licenses for wine shops and take measures to evict them.
Thirdly, those involved in the production and trade of alcoholic beverages should be appropriately punished by the law.
Fourthly, emphasis should be placed on moral and religious values in education so that children are motivated towards positive aspects of life rather than negative aspects.
In order to protect the society and the state from the disease called drugs, the general public must be aware against it and the government must formulate strict policies to eradicate it. 0 0 0
N.B. If you like the essay, ‘Narcoltics and Its Impacts on Society’ (মাদক দ্ৰব্য আৰু সমাজত ইয়াৰ প্ৰভাৱ‘) please don’t forget to share your thoughts and feeling. We honour any kind of suggestive and formative comments. Thank you for reading the essay.
মাদক দ্ৰব্য আৰু সমাজ
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান:
- অসমীয়া ৰচনা
- নির্বাচিত অসমীয়া সাহিত্য, ৰচনা আৰু ব্যাকৰণ
- তোমাৰ প্রিয় সাহিত্যিক
- জৈৱ বৈচিত্ৰ্য
- ছ’চিয়েলে মিডিয়া
- জনসংখ্যা বৃদ্ধিৰ সমস্যা