মানুহ বিপদ আৰু দৰিদ্ৰতাত অধীৰ হব নালাগে-ভাব সম্প্ৰসাৰণ
মানুহ বিপদ আৰু দৰিদ্ৰতাত অধীৰ হব নালাগে
মানুহ বিপদ আৰু দৰিদ্ৰতাত অধীৰ হব নালাগে—ভাব সম্প্ৰসাৰণ | Manuh Bipad Aaru Daridratat Adhir Haba Nalage
মানুহ বিপদ আৰু দৰিদ্ৰতাত অধীৰ হ’ব নালাগে। ধন সম্পদক লৈ দম্ভ কৰা আৰু দুখ দৰিদ্ৰতাত অধীৰ হোৱা নীচ লোকৰ কাম। মহৎ লোকসকল সকলো অৱস্থাতে একে থাকে। অৰ্থাৎ মহৎ লোকসকলে সম্পদ আৰু বিপদকালত অধীৰ নহৈ সুস্থিৰে থাকিব পাৰে। কাৰণ সিহঁতে জানে যে মানৱ জীৱনটো সুখ আৰু দুখৰ সমষ্টি। অকল সুখ বিচৰাটো অজ্ঞানীৰ লক্ষণ। বিপদত অধীৰ হ’লে বিপদ আঁতৰ নহয়, ইয়াৰ বোজা অধিক বৃদ্ধিহে পায়। সেয়ে বিপদত অধীৰ বা অস্থিৰ নহৈ সুস্থিৰভাৱে বিপদৰ মোকাবিলা কৰিব লাগে। মানুহ যিমানে মহত্বৰ দিশত আগবাঢ়ি যায় সিমানে বেছি অসুবিধা বা বিপদৰ মুখামুখি হ’ব লগা হয়। মহামানৱ মহাত্মা গান্ধীয়ে ভাৰতৰ স্বাধীনতাৰ হকে কেইবাবাৰো জেললৈ যাবলগা হৈছিল। কিন্তু সেই বুলি অস্থিৰ হৈ বা উদ্যম হেৰুৱাই লক্ষ্য এৰি দিয়া নাছিল। সেইদৰে ছেৰচাহৰ হাতত মোগল সম্ৰাট হুমায়ুনে ৰাজ্য হেৰুৱাই অধীৰ নহৈ নতুন উদ্যমেৰে আগবাঢ়ি হেৰুৱা ৰাজ্য উদ্ধাৰ কৰিছিল। তেনেদৰে জেমচ ৱাটে ষ্ট্ৰিম ইঞ্জিন আৱিষ্কাৰ কৰোতে আৰ্থিক আৰু মানসিক দিশত বহুত বিপদ আৰু লাঞ্ছনাৰ মুখামুখি হৈছিল কিন্তু সেইবুলি অধীৰ হৈ নিজৰ গৱেষণা এৰি দিয়া নাছিল। বৰং উদ্যম ঠিক ৰাখি কাৰ্য কৰি গৈছিল আৰু অৱশেষত সফল হৈছিল।
সেয়ে মানুহ বিপদ আৰু দৰিদ্ৰতাত অধীৰ হ’ব নালাগে। 0 0 0
মানুহ বিপদ আৰু দৰিদ্ৰতাত অধীৰ হব নালাগে — ভাব সম্প্ৰসাৰণ | Manuh Bipad Aaru Daridratat Adhir Haba Nalage
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান:
- অসমীয়া কবিতা
- সাহিত্য সমালোচনা
- অসমীয়া কবিতাৰ ইতিহাস
- অসমীয়া ব্যাকৰণ
- ভাব সম্প্রসাৰণ
- Assamese Essays