Home Literary Criticism মা-এক সমালোচনাত্মক বিশ্লেষণ | Ismail Hossain Maa

মা-এক সমালোচনাত্মক বিশ্লেষণ | Ismail Hossain Maa

0

মা – এক সমালোচনাত্মক বিশ্লেষণ

ৰাব্বি মছৰুৰ
মা

মা-এক সমালোচনাত্মক বিশ্লেষণ

মা-এক সমালোচনাত্মক বিশ্লেষণ

‘মা’ কবিতাটি কবি ইছমাইল হোছেইনৰ ‘জীৱন আৰু মানুহ বিষয়ক’ কবিতা সংকলনটিৰ ত্ৰয়োদশ কবিতা। কবিতাটিৰ শিৰোনামৰ পৰাই বুজিব পৰা যায় যে কবিতাটি আইক উদ্দেশ্যি লিখা।  কিন্তু কবিৰ ‘মা’ শিৰোনামটি দ্ব্যৰ্থক (ambiguous) হৈছে। ইয়াত ‘মা’ শব্দটোৱে প্ৰথমতে কবিৰ ‘মা’ (আই) ক বুজাইছে। দ্বিতীয়তে কবিৰ স্বদেশ (motherland) ক বুজাইছে। কবিতাটিৰ জৰিয়তে কবিয়ে তেওঁৰ আইৰ প্ৰতি অকপট কৃতজ্ঞতা প্ৰকাশ কৰিছে।

প্ৰথমে কবিয়ে তেওঁৰ আইয়ে তেওঁক দিয়া  মৰম আৰু প্ৰেম স্বীকাৰ কৰি তাইক অবৰ্ণনীয় ক্ষমতাৰ অধিকাৰী হিচাপে গণ্য কৰি ‘কোন কাননৰ ‘সূৰ্যসম পুষ্পধাৰ’ বুলি প্ৰশ্ন কৰিছে। কবিয়ে কৈছে ঃ

“তুমি মোক জীৱনৰ কি যে নিবিড় আলিঙ্গন দিলা

তুমিনো কোন কাননৰ সূৰ্যসম পুষ্পধাৰ

তোমাৰ উমাল আৱেশত জোনাকে সলায়নে ছাঁ

তোমাৰ কুঁৱলী আৱৰা মেল খোৱা পাহিত

সদায় লিখিবলৈ মন যায় মোৰ পঢ়াশালিৰ ইতিহাস।”

দ্বিতীয়তে কবিয়ে তেওঁৰ দৃষ্টিত তেওঁৰ আই পালতৰা নাও আৰু শৈশৱৰ সোণালী স্মৃতি হিচাপে ধ’ৰা দিছে- যি নাওৰ কবিও এজন নাৱৰীয়া। কবিয়ে ব্যক্ত কৰিছে ঃ

“তুমি মোৰ দৃষ্টিত পাল তৰা নাও

শৈশৱৰ সোণালী স্মৃতি

তুমিতো মোক নেজানা মই যে এই পাৰঘাটৰেই নাৱৰীয়া

তোমাৰেই উপত্যকাৰ আদিম অধিবাসী।”

কবিৰ আই কবিৰ বাবে অতিকৈ পূজনীয়া। সম্ভৱতঃ ঈশ্বৰৰ পিছতেই আইৰ নাম জপিয়েই কবিয়ে আৰম্ভ কৰে সুবিমল যাত্ৰা, দিনটোৰ প্ৰাৰ্থনা। অৱশ্যে ইয়াত ইছলামীয় দৰ্শনৰ প্ৰভাৱ পৰা যেন লাগে। ইছলামীয় দৰ্শন মতে ঈশ্বৰৰ পিছতেই এজন মানুহৰ বাবে ‘মা-বাবা’ৰ স্থান। কবিৰ ভাষাত ঃ

“মই তোমাৰ নামেৰেই আৰম্ভ কৰো

মোৰ সুবিমল যাত্ৰা, দিনটোৰ প্ৰাৰ্থনা

নদীৰ ধাৰাল সোঁতৰ বিপৰীতে বঠাৰ পৌৰুষ খোজ।”

কবিৰ হৃদয়ত কবিৰ ‘মা’ বহুৰূপী আৰু বহু গুণী। কবিয়ে মাকক প্ৰেমৰ নক্ষত্ৰ, শান্তিৰ গভীৰ জলাধাৰ, সৌৰজগতৰ সুৰভি আকাশ আৰু চৰণীয়া গৰখীয়াৰ মাত ইত্যাদি বিভিন্ন ৰূপত কল্পনা কৰিছে। নাইবা ইয়াৰ অন্য অৰ্থও কৰিব পাৰি যে কবিৰ ‘মা’ প্ৰকৃততে কি তাক কবিয়ে ধৰিব পৰা নাই। অৱশ্যে কবিৰ কল্পচিত্ৰটো সন্দেহ অলংকাৰৰ সৃষ্টিৰ প্ৰৱণতায়ো আইক বিভিন্ন ৰূপত কল্পনা কৰাৰ থ’ল আছে। কবিয়ে কৈছে ঃ

”তুমি প্ৰেমৰ নক্ষত্ৰ নে শান্তিৰ গভীৰ জলাধাৰ

তুমি কোন সৌৰজগতৰ সুৰভি আকাশ

নে মোৰ চৰণীয়া পথাৰৰ গৰখীয়াৰ  মাত।”

কবিয়ে ‘মা’ক প্ৰাৰ্থনা জনাইছে তেওঁৰ বুকুত আইৰ ‘স্পৰ্শত গজা বসন্তৰ ঘাঁহ’ (ডেকা যৌৱনৰ আনন্দময় পৰিৱেশৰ প্ৰতীক) ৰুই দিবলৈ আৰু তাইৰ ‘দেহৰ শুভ্ৰ জোনাক’ (শান্তিৰ প্ৰতীক) ঢালি দিবলৈ। কবিৰ ভাষাত ঃ

“এবাৰ মাথোন এবাৰ মোৰ বুকুত ৰুই দিয়া

তোমাৰ স্পৰ্শত গজা বসন্তৰ ঘাঁহ

এবাৰ মাথোন মোৰ বুকুত চটিয়াই দিয়া

তোমাৰ দেহৰ শুভ্ৰ জোনাক।”

শেষত কবিয়ে মাকক শিশুৰ থুনুক-থানাক মাতৰ দৰেই  প্ৰেমময় আৰু শুৱলা বুলি স্বীকাৰ কৰি কৈছে ঃ

“তুমি মোৰ চেতনাত

শিশুৰ মুখৰ প্ৰথম মাত।”

মাকৰ প্ৰতি এজন সন্তানৰ থাকিবলগীয়া সকলোখিনি কৃতজ্ঞতাই আলফুল কল্পচিত্ৰৰ সহায়েৰে কবিতাটিত অংকিত হৈছে। ভাষা আৰু ৰচনা শৈলীৰ পিনৰ পৰা কবিতাটি উৎকৃষ্ট। ইয়াৰ শব্দ নিৰ্বাচন ভাৱৰ সৈতে মিলি যোৱাকৈ অতি  সুনিপুণ কাৰু-কাৰ্য খটুৱাই কবিয়ে কবিতাটিৰ সার্বিক ৰূপ দিছে। ইয়াৰ ছন্দ সম্পূৰ্ণৰূপে স্পন্দিত নহয় যদিও মুক্তক ছন্দ হিচাপে গদ্যৰ ওচৰা-ওচৰি। 0 0 0

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here