Home Literary Criticism মিছ কৰবী ডেকা হাজৰিকাৰ কবিতা–এক বৈশিষ্ট্যমূলক আলোচনা | Miss Karabi Deka Hazarikar...

মিছ কৰবী ডেকা হাজৰিকাৰ কবিতা–এক বৈশিষ্ট্যমূলক আলোচনা | Miss Karabi Deka Hazarikar Kabita

মিছ কৰবী ডেকা হাজৰিকাৰ কবিতা

0
মিছ কৰবী ডেকা হাজৰিকাৰ কবিতা–এক বৈশিষ্ট্যমূলক আলোচনা
মিছ কৰবী ডেকা হাজৰিকাৰ কবিতা

 

মিছ কৰবী ডেকা হাজৰিকাৰ কবিতা

মিছ কৰবী ডেকা হাজৰিকাৰ  কবিতা– এক বৈশিষ্ট্যমূলক আলোচনা

হৃদয়ত অসীম ভাবোদ্বীপক অনুভূতি আৰু উচ্ছাসৰ বিশাল ভাণ্ডাৰ আৰু মস্তিষ্কত উৰ্বৰ কবিত্ব শক্তিৰ সম্ভাৱনা লৈ প্ৰচলিত সাম্যবাদী, বস্তুবাদী আৰু বাস্তৱবাদী কবিতাৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি বিংশ শতাব্দীৰ শেষ দহকটোত অসমীয়া কাব্যাকাশত এটি উজ্জ্বল জ্যোতিষ্কৰ আৱিৰ্ভাব হয়- জ্যোাতিষ্কটিৰ নাম মিছ কৰবী ডেকা হাজৰিকা।

তাইৰ কবিতা বিষয়-বস্তু আৰু কাব্যিক গুণগত মানদণ্ডৰ পিনৰ পৰা অসমীয়া ভাষাত এটি মৌলিক প্ৰশংসনীয় প্ৰচেষ্টা। তাইৰ সৰহভাগ কবিতাই অৰ্ন্তমুখী (introvert)। অৰ্থাৎ তাই কবিতা সমাজৰ প্ৰতিলিপি বুলি স্বীকাৰ নকৰি হৃদয়ত সুপ্ত হৈ থকা অসীম ভাৱানুভূতিৰ আধাৰ বুলি গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত তাইৰ কবিতা তথাকথিত ৰমন্যাসবাদী কবিতাৰ নিচেই ওচৰ চাপিছে যদিও প্ৰচলিত অৰ্থত তাইৰ কবিতা পৰিপূৰ্ণ ৰমন্যাসবাদীও নহয়; কিয়নো ৰমন্যাসবাদী কবিসকলে মানবীয় আত্মাৰ পৰিবৰ্তে বাহ্যিক দৃশ্যগত প্ৰকৃতিৰ সাধাৰণ বস্তু জগতত বিষ্ময়ভাৱ আৰোপ কৰি সৌন্দৰ্য সৃষ্টিত ৰত। আনহাতে কবি কৰবীয়ে বাহ্যিক দৃশ্যমান জগতৰ পৰা দৃষ্টি আঁতৰাই আনি নিজৰ আত্মিক জগতৰ ভাৱ অনুভূতি, উচ্ছাস আদিৰ উৎস ‘হৃদয়’ নামৰ বিশাল খনিৰ অৰ্ন্তভাগত সুপ্ত হৈ থকা সৌন্দৰ্য সন্ধানত ব্রতী। সেয়ে তাইৰ কবিতা পোনে পোনে ৰমন্যাসবাদী কবিতা নকৈ ‘মায়াবাদী ৰমন্যাসবাদী কবিতা” বুলি নামকৰণ কৰিব পাৰি। সহজ ভাষাত তাইৰ কবিতা ‘আত্ম-ৰমন্যাসবাদী’  (ego-romantic)।

কবি কৰবী নতুন মৌলিক বিষয় এটিক লৈ  সদা ব্যস্ত বাবেই তাইৰ কবিতাত বিষয়-বস্তুৰ বৈবিধ্য নাই। অনন্ত ভাৱ আৰু অনুভূতিৰ উদয়স্থল হৃদয়ৰ মাজত সুপ্ত হৈ থকা ৰহস্যময়ী প্ৰেমেই তাইৰ কবিতাৰ প্ৰধান প্ৰসংগ (theme)। তাইৰ প্ৰেম বিশাল হৃদয় সাগৰত অবিৰাম উৰ্মিমালাৰ সৈতে উদয় হৈ তিনিটা বিশেষ স্বকীয় সুঁতিৰে বৈ গৈ তিনিটা ভিন্ন ভিন্ন মহাসাগৰত পৰিছেগৈ। সুঁতি তিনিটা ক্ৰমে- কবিতাৰ প্ৰতি প্ৰেম, যৌৱনৰ প্ৰতি প্ৰেম, আৰু আত্মসূত স্বদেশপ্ৰেম। তাইৰ প্ৰেম কেতিয়াও দুপৰীয়া আকাশৰ স্বৰ্ণোজ্জ্বল ৰ’দৰ দৰে তীব্র বা ফটফটীয়া নহয়; ই ৰহস্যৰ ৰঙীন আচ্ছাদনেৰে আচ্ছাদিত। 

কবি কৰবীৰ কবিতাৰাজিৰ প্ৰথম প্ৰসংগ অৰ্থাৎ ‘কবিতাৰ প্ৰতি প্ৰেম’ প্ৰসংগটোৱেই হৈছে প্ৰথমতে চকুত পৰা আলফুল বৈশিষ্ট্য। কবিতাৰ মাজেৰে কবি কৰবীয়ে যেন কবিতাৰ জীৱনীহে ব্যক্ত কৰিছে আৰু লগে লগে কবিতাৰ স’তে তাইৰ আত্ম হৃদয়ৰ সমন্ধটোও যোগ দিবলৈ নেৰানেপেৰা সংগ্ৰাম কৰিছে। কবি মিছ কৰবীয়ে ‘কবিতা’ত ব্যক্তিত্ব গুণ (personification) বা সমাসোক্তি  আৰোপ কৰি কবিতাক দেৱী হিচাপে কল্পনা কৰিছে। প্ৰথমতে কবিয়ে কবিতাৰ সাধাৰণ ধৰ্ম যেনে– কবিতাৰ বিষয়-বস্তু, কবিতাৰ উৎস, কবিতাৰ ভাষা আদিৰ বিষয়ে কবিৰ তত্বমূলক ধাৰণা আগবঢ়াইছে। দ্বিতীয়তে কবিতাৰ স’তে কবি-হৃদয় নাইবা মানৱ-হৃদয়ৰ সম্পৰ্ক কি তাক চিত্ৰায়ন কৰিছে।

কবি কৰবীৰ বাবে বিশাল বিশ্ব-ব্রহ্মাণ্ডৰ অনু-পৰমাণুৰ পৰা আৰম্ভ কৰি, বিশাল পাহাৰ-পৰ্বত নাইবা গ্ৰহ-নক্ষত্ৰৰ মাজত থকা সকলোবোৰ বস্তুয়েই কবিতাৰ সাৰ্বজনীন উৎস। কোনো এটি বস্তু আৰু কবিতাৰ মাজত কোনো সীমাৰেখা নাই। অনুভৱ কৰিব পাৰিলে আৰু মানস চকুৰে অৱলোকন কৰিব পাৰিলে আকাশ, মেঘ, বিজুলী আদিয়েই কবিতাৰ উৎস। কবিৰ ভাষাত–

“এটুকুৰা আকাশ, অলপ মেঘ

এচমকা বিজুলী- এইবোৰেই তেওঁ

এখন জীয়া নদী- তাৰ উচ্ছলতাত

এটা নীলা পৰ্বতৰ কলা বুকুৰ

শীতল গুহাত

এখন অৰণ্যৰ বিলাসী বৃক্ষত

এজোপা কবিৰ ৰঙীন পাহিতো 

কেতিয়াবা তেওঁ।

তেওঁ অভিমানী প্ৰিয়াৰ ওঁঠৰ ভাঁজত

আঁউজি থাকে।” (এজন কবিৰ প্ৰতিকৃতি)

কবিৰ বাবে দেশ, মাটি, প্ৰীতি, ঘৃণা, প্ৰেম, ভালপোৱা আদিয়েই কবিতাৰ বিষয়-বস্তু। অৰ্থাৎ মানৱ-হৃদয়ৰ লগত জড়িত থকা বা মানৱ হৃদয়ে অনুভৱ কৰিব পৰা  সকলো বস্তু বা ধাৰণাই কবিতাৰ বিষয়-বস্তু। সেয়ে কবিয়ে অকপটে স্বীকাৰ কৰিছে-

“দেশ, মাটি, মানুহ, প্ৰীতি, ঘৃণা, অনুৰাগ

এইবোৰ লৈয়েই কবিতা। কবিতাত

একেলগে থাকে উষ্ণ আলিংগন,

সস্নেহ কৰমৰ্দন, উমাল চুমাৰ সোৱাদ,

অথবা তিক্ত অনুভৱৰ জ্বালা। কেতিয়াবা

অনামী বিষাদ।” (কবিতা)

কবিৰ মতে কবিতাৰ নিৰ্দ্দিষ্ট কোনো ভাষা নাই। বিষয়-বস্তুয়েই কবিতা এটিৰ ভাষা। সেয়ে কবিয়ে কৈছে–

“অঘৰী পৃথিৱী কথকী

ত’ৰা, নীড়হাৰা চৰাই, এইবোৰেই কবিতাৰ

ভাষা। ঘামৰ টোপাল, চকুপানী অথবা

কুমাৰী নাৰীৰ তেজেৰে কবিতাই

কথা কয়।” (কবিতা)

কৰবীয়ে কবিতাৰ সাধাৰণ ধৰ্ম অৰ্থাৎ উৎস, বিষয়-বস্তু আৰু ভাষাৰ বিষয়ে তাইৰ নিজৰ তাত্বিক দৰ্শন আগবঢ়োৱাৰ পিছতে কবি-হৃদয় বা মানৱ হৃদয়ৰ লগত কবিতাৰ কি সম্পৰ্ক তাক ব্যক্ত কৰিছে। কবিৰ মতে কবিৰ লগত বা মানুহৰ লগত কবিতাৰ হাজাৰটা সম্পৰ্ক আছে। কেতিয়াবা কবিতা জাপি থোৱা সৌন্দৰ্যৰ ‘সংকুচিত আধাৰ’, কেতিয়াবা ‘দুখৰ দিনৰ বন্ধু’, কেতিয়াবা ‘দুখৰ শেষত সুখ’, কেতিয়াবা ‘পূৰ্ণতাৰ সাধনা’, কেতিয়াবা কাৰুণ্যবাহক ‘দূত’ অথবা হৃদয়ৰ লগত হৃদয়ৰ সংযোগ কৰাৰ সেঁতু।

কবিৰ প্ৰথম ধাৰণা মতে কবিতা জাপি থোৱা সৌন্দৰ্যৰ আধাৰ। কবিয়ে যেতিয়া কবিতাৰ মুখা-মুখি হয় তেতিয়া তাই ভাৱে তাই যেন অসীম সৌন্দৰ্যৰ মুখা-মুখিহে হৈছে। কবিৰ ভাষাত–

“কবিতাৰ দেশত 

বহুদিনৰ মূৰত আমি

আকৌ মুখামুখি হ’লোঁ

মোৰ হাতত এটি জাপি থোৱা জোনবাই

আৰু তেওঁৰ হাতত

একোচা সেউজীয়া পাত।” (কবিতাৰ দেশত এপলক)

কবিতা দুখৰ দিনৰ বন্ধু। কবি যেতিয়া দুখত পৰে তেতিয়া কবিতাই কবিক দুখ পাহৰিবলৈ শক্তি দিয়ে। কবিয়ে কৈছে–

“কবিতা স্বচ্ছন্দ প্ৰৱাহী নিজৰা

দুখৰ দিনৰ বন্ধুৰ দৰে

কবিতা সোমাই থাকে

প্ৰতিখন হিয়াৰ আন্ধাৰ গহ্বৰত।” (কবিতা বুকুৰ ছাঁ)

কবিতা জন্ম দিয়াটো অতিকৈ কষ্টকৰ। কবিসকল কবিতাৰ মাতৃ। যেতিয়া কবিতা এটিৰ ভাৱ মনত গুজৰি উঠে তেতিয়া কবিয়ে সন্তান সম্ভৱা নাৰীৰ প্ৰসৱ বেদনাৰ দৰে বেদনা অনুভৱ কৰে। কিন্তু যেতিয়া ভাৱ বা অনুভূতিবোৰ ভাষাৰ মাধ্যমত জন্ম গ্ৰহণ কৰে তেতিয়া কবিয়ে সকলো যন্ত্ৰণা বা দুখ পাহৰি সুখ অনুভৱ কৰে। কবিৰ ভাষাত–

“উস! কিমান দুখৰ পিছত যে

তহঁতক পাইছোঁ, সোণহঁত!

দেহাৰে বুকুৰে ভাৰ বৈ

মোৰ তেজেৰে তহঁতক খুৱাই

আৰ্তনাদেৰে আকাশ ছিৰা-ছিৰ কৰি

ঘামেৰে তিতা দুহাতেৰে

তহঁতক তুলি লৈছোঁ

দুখৰ শেষৰ সুখ বুলি।” (কবিতা মোৰ সন্তান)

কবিতা কবিৰ বাবে পূৰ্ণতাৰ সাধনা। কবিতাৰ মাজেদি কবিয়ে জীৱনৰ পূৰ্ণতা লাভ কৰে। কবিয়ে কৈছে–

“কবিতাবোৰৰ মুখ দেখিয়েই

পাহৰি যাওঁ

দুখ, ভাগৰ, যন্ত্ৰণা

দিনে দিনে মাত ফুটা

কবিতা শিশুবোৰৰ মাজতে

মোৰ জীৱন

মোৰ পূৰ্ণতাৰ সাধনা।”

কবিতা কাৰুণ্যবাহক দূত। কবিৰ হৃদয়ত যি কৰুণ ভাৱৰ উদয় হয়, সি কবিৰ হৃদয়ৰ পৰা আকাশলৈ সিঁচৰতি হৈ পৰে যেন এটি দ্রুতবেগী দেৱদূতহে। কবিয়ে লিখিছে–

“কবিয়ে যেতিয়া কলম তোলে

বিষেৰে নীলা হৈ পৰে আকাশ

শিলৰ শৰ্য্যাত নদীখনে

ছাটি-ফুটি কৰে

বাঁহীৰ মাতৰ দৰে

বিয়পী পৰে 

বতাহৰ কৰুণ নিশাহ।” (কৰুণ কবিতা)

কবিতা সমন্বয়ৰ প্ৰতীক। ই হৃদয়ৰ পৰা হৃদয়লৈ বাৰ্তা কঢ়িয়াই পৰস্পৰে হৃদয়ৰ লগত সমন্বয় গঢ়ি তোলে। কবিৰ ভাষাত–

“বুকুৰ পৰা বুকুলৈ 

কবিতা এখনি সাঁকো।” (কবিতা বুকুৰ ছাঁ)

কবি মিছেছ কৰবীয়ে কেৱল তাইৰ হৃদয়ৰ কথাকেই কবিতাৰ মাজেৰে মূৰ্ত কৰি ক্ষান্ত হোৱা নাই; তাইৰ বাহ্যিক অৰ্থাৎ অৰ্থনৈতিক দিশটোৰ কথাকো কবিতাৰ বিষয়-বস্তু হিচাপে স্থান দিছে। কবি কৰবীৰ অৰ্থনৈতিক অৱস্থা সম্ভৱতঃ চহকী নহয় আৰু চহকী হ’লেও আত্ম লঘিমা বজাই ৰাখিবলৈ নিজকে অৰ্থনৈতিকভাৱে দুর্বল বুলি জাহিৰ কৰিবলৈ লিখিছে–

“ময়েই বোধ কৰোঁ

সবাতোকৈ অভাগী কবি

মোৰ বহুত ধাৰ।” (কবিৰ কথা)

কবি কৰবী কবিতাৰ অবয়ৱ অৰ্থাৎ ভাষা আৰু শব্দ সন্ধানত অতিকৈ সচেতন। তাইৰ দুখ-শোকৰ আধাৰ ‘কবিতা’ নামৰ পাত্ৰক পূৰ্ণ কৰিবলৈ প্ৰকাশক্ষম শব্দ সন্ধানত ব্রতী। কবিয়ে অকপটে স্বীকাৰ কৰিছে–

“শব্দৰ শন্ধানত  ব্রতী

মই এক অসহায় কবি

মোৰ অশ্ৰয় মাথোঁ

যন্ত্ৰণাৰ অতিথিশালা।” (ধূপৰ দৰে)

কবিৰ বাবে কবিতা অকল বিলাসেই নহয়; জীৱিকাও। কবিয়ে ব্যক্ত কৰিছে–

“চিৰন্তন ৰাতিৰ সন্ধানত

মই মোহত নে ভ্ৰমত

কলমৰ আশ্ৰয়ত জীয়াই থকা

অভাগী কবি।” (ৰাতি, ৰাতি)

কবি কৰবী নিৰ্জনতা প্ৰিয়। তাই কবিতাৰ সন্ধানত মানুহৰ পৰা আতঁৰি থাকিব বিচাৰে। কবিয়ে কৈছে–

“গধূলি গোপালৰ দৰে

পাহি মেলা

মোৰ কিছুমান নিৰ্জন ক্ষণ আছে

য’ত নিবিড় সেউজেৰে

ভৰপুৰ অৰণ্যত

অকলেই ফুৰা মই

স্বপ্ন-চাৰিনী

মোৰ হাতত

সেউজীয়া এটা ভাটৌ

সবাক নীৰৱতা

মুখত আঙুল দি

নিৰ্বাক হৈ থকা

গছ-লতা সকলোৱে জানে

মই নীৰৱতা কিমান ভাল পাওঁ! (সেই অৰণ্যত)

কবি কৰবী কবিতা প্ৰসঙ্গক লৈ ইমানেই কবিতাৰ জন্ম দিছে যে কেৱল অসমীয়া ভাষাতেই নহয়; সম্ভৱত বিশ্বৰ কোনো এটি ভাষাতেই এজন মাথো কবিয়ে কবিতাৰ বিষয়-বস্তুক লৈ ইমান সংখ্যক কবিতা জন্ম দিয়াৰ দ্বিতীয় এটি উদাহৰণ নাই।

কবি কৰবী ডেকা হাজৰিকাৰ কবিতাত বৈ থকা দ্বিতীয় সুঁতিটি হৈছে যৌৱনোচ্ছল প্ৰেমৰ সুঁতি। কবি কৰবীৰ প্ৰেম স্পষ্ট নহয়; ই মেঘালী আকাশৰ দৰেই ছয়া-ময়া আৰু গোমোঠা। কবিয়ে কাক উদ্দেশ্যি প্ৰেমৰ সুঁতিটি বৈ নিছে তাক স্পষ্টকৈ কোৱা কঠিন। সম্ভৱতঃ  কবি কৰবীয়ে কোনো কাল্পনিক প্ৰেয়স বা প্ৰেমত কিছু পৰিমাণে সফল হোৱা বা কিছু পৰিমাণে বিফল হোৱা অতীতৰ কোনোবা গোপন প্ৰেমিকক উদ্দেশ্যি প্ৰাণোচ্ছল প্ৰেমৰ উচ্ছাস বোৱাই নিছে। কবি কৰবীৰ প্ৰেমৰ কবিতাত আশাবাদৰ পূৰ্ণ পয়োভৰ নাই যদিও নিৰাশাবাদৰ কৰুণ সুৰো নাই। কবিৰ বাবে প্ৰেম প্ৰেৰণা আৰু আনন্দৰ উৎস। কেতিয়াবা ই যৌৱনৰ উৎস, কেতিয়াবা সৌন্দৰ্যৰ উৎস, কেতিয়াবা সুখৰ সমলয়।

প্ৰথমে কবিৰ প্ৰেম আনন্দ আৰু প্ৰেৰণাৰ থলি হিচাপে উপস্থাপন কৰি  কৈছে  যে কবিৰ প্ৰেয়সৰ কথা মনত পৰিলে বুকুখন উদাৰতা আৰু আনন্দৰ উখল-মাখল লহৰেৰে ভৰি পৰে। কবিৰ ভাষাত–

“তোমালৈ মনত পৰিলে

বুকুখন আকাশ হয়

অথবা হয়

নীলা লহৰেৰে উখম-মাখল

সাগৰ।” (তোমালৈ যেতিয়া)

প্ৰেম সৌন্দৰ্যৰ আধাৰ। প্ৰেমৰ পোহৰত অন্ধকাৰ স্থানো পোহৰময় যেন অনুভৱ হয়। কবিয়ে কৈছে–

“দিনে দিনে তেওঁ

চন্দ্ৰকলাৰ দৰে উজ্জ্বল হয়

তীক্ষ্ণ কান্তি নক্ষত্ৰৰ দৰে

ছাঁ পেলায়

ফটিক পানীত।” (অনুভৱত তেওঁৰ অস্তিত্ব)

প্ৰেম যৌৱনৰ প্ৰতীক। কবিয়ে যৌৱনৰ প্ৰাণ চঞ্চল সময়খিনিত যেতিয়া প্ৰেমিকৰ পৰশ পায়, তেতিয়া কবিৰ যৌৱন ফেনে-ফোটোকাৰে উপচি পৰে আৰু নিজে নিজৰ যৌৱনোদ্যম দেহাটো পকা ডালিমৰ দৰে সঁপি দিয়ে প্ৰেমিকৰ ওচৰত।  কবি কৰবীৰ ভাষাত–

“তেওঁ আহিলেই মাটিৰ বুকুত

গজালিবোৰে গা নচুৱায়

বুকুৰ মণিমুক্তা সিঁচৰতি কৰি

ৰাতিটো ফাটি পৰে

পকা ডালিমৰ দৰে।” (অভিসাৰ)

কবি কৰবী ডেকা হাজৰিকাৰ বাবে প্ৰেম অনন্ত সুখৰ উৎস। কবিয়ে প্ৰেমিকক দেখা পোৱাৰ লগে লগেই যেন সকলো কিছুই হাতৰ মুঠিত পাই যায়। কবিয়ে লিখিছে–

“তোমাক যে দেখা পালোঁ । এনে লাগে যেন

একেলগে পালোঁ এটা জোন, এমুঠি ত’ৰা

এটা কোমল বেলিৰ এপিয়লা উম।” (তোমাক যে দেখা পালোঁ)

কবি কৰবী প্ৰেম-পাগল। সেয়ে প্ৰতিটো মূহুৰ্ততে কবিৰ অভিসাৰী প্ৰেমিকজনৰ উপস্থিতি অনুভৱ কৰে। কবিয়ে সাৱলীল ভাষাত ব্যক্ত কৰিছে–

“প্ৰতিটো কবিতাৰে লগত 

কি অনিবাৰ্য নিয়মত

তুমি সোমাই পৰা?

 

তুমি বতাহৰ দৰে

উশাহত আহা বুকুলৈ

জোনাকৰ দৰে আকাশত থকা

নিশাৰ পিছত নিশা

য’ত ভৰি থওঁ

সেই শুকান মাটিতো থাকে

তোমাৰ শৰীৰৰৰ উষ্ণতা।

 

কলম তুলিলেই 

তুমি হৈ পৰা এজাক বতাহ

উৰুৱাই নিয়া

যাতনাৰ মেঘ

দুখৰ সৰা পাত

মোৰ কবিতাৰ ইপাৰে সেয়েহে

তোমাৰ দৰদী মাত।” (কবিতাত তুমি)

কবি কৰবীৰ প্ৰেম দ্বৰ্থ্যক। ‘তুমি’ সবৰ্বনামটো কবিয়ে দুটা অৰ্থত প্ৰয়োগ কৰিছে। কেতিয়াবা ‘কবিতা’ আৰু কেতিয়াবা ‘প্ৰেয়স’ আৰু কেতিয়াবা দুয়ো অৰ্থকেই যমক অলংকাৰৰ দৰে ব্যৱহাৰ কৰিছে। কবিয়ে কৈছে–

“মই তোমাৰেই কবি

জবাফুলৰ দৰে ৰ’দৰ ৰসেৰে

ভৰাই তুলিছো কলম

কেৱল 

তোমাৰ কথাকেই লিখিম বুলি।” (মই তোমাৰেই কবি)

কবি কৰবী ডেকা হাজৰিকাৰ কবিতাৰ মাজেৰে  হৃদয়ৰ গোপন কোণৰ পৰা যি তৃতীয় প্ৰেমৰ সুঁতিটো নিঃসৃত হৈছে – সেয়া হৈছে আলফুল স্বদেশপ্ৰেম। কবিৰ দেশপ্ৰেম গঠনমূলক নহয়; ই কাব্যিকহে। কবিয়ে দেশৰ বাবে কি কৰিছে সেয়া কবিয়ে ব্যক্ত নকৰি, কবিয়ে দেশক কিদৰে গ্ৰহণ কৰিছে আৰু দেশে কবিক কি দিছে সেয়াহে কবিয়ে স্বতঃস্ফূর্তভাৱে প্ৰকাশ কৰিছে।

কবিয়ে মাটিক মৰম কৰে; কিন্তু মাটিয়ে কবিক তাতোকৈয়ো বেছি মৰম কৰে। সেয়ে মাটিৰ মৰম কবিৰ কলমৰ আগেদি সুখ হৈ নিগৰি পৰে। কবিৰ ভাষাত–

“মাটিৰ মৰমে মোক 

দিনে দিনে কন্দুৱায়

প্ৰতিদিন প্ৰতি ৰাতি

তপত তেজৰ ঢৌ

টলমল কৰে

লুণীয়া নদীৰ দৰে

অনুভূতি বৈ যায়

বুকুৰ বাটেৰে

এনেকৈয়ে প্ৰতিদিন

হিয়াত উপচি পৰে

ছল-ছল সুখ

তেজৰ আখৰ হৈ

মাটিৰ মৰম মোৰ

কলমৰ আগেৰে নিগৰে।” (সুধা)

কবি স্বদেশৰ বাবে  প্ৰীতি আৰু বিপ্লৱৰ প্ৰতীক। কবিয়ে কৈছে–

“মোৰ দেশৰ প্ৰথম পুৱাত

মই মিঠা ৰ’দালিৰ

প্ৰথম ঢৌ

আকাশৰ বুকু গানেৰে ভৰোৱা

প্ৰভাতী পখীৰ মাত।

 

মোৰ দেশ নদীৰ দেশ

ন-কইনাৰ চকুলোৰ দৰে

সুখেৰে বয়

দুখেৰে বয়

সোণ পানী সনা হেজাৰ নৈ

মই তাৰ ঢৌৱে ঢৌৱে

কলৰৱ কৰা

গানৰ সুৰ

কেতিয়াৱা প্ৰীতিৰ, কেতিয়াবা প্ৰলয়ৰ।” (মাটিৰ পৰা মেঘলৈ)

স্বদেশৰ লগত কবিৰ একাত্ম সমন্ধ। দেশ আৰু কবিৰ অস্তিত্বৰ মাজত কোনো পাৰ্থক্য নাই। কবিয়ে কৈছে–

“মোৰ দেশৰ কোমল বুকুত

অনুু-পৰমাণু হৈ মিলি আছোঁ

মই কবি

পুৱাৰ ৰ’দত মোৰেই

দৰদী স্পৰ্শ 

ত’ৰাফুলীয়া নৈশ প্ৰহৰত

মোৰ অস্ফুট অনুভৱ

উজ্জ্বল দ্বি প্ৰহৰ

কলকণ্ঠী সন্ধ্যা

সকলোতে মই

সুখেৰে দুখেৰে মিলি আছোঁ

ঠিক যিদৰে মিলি আছে

সুখৰ দিনত বন্ধুৰ দল।” (মোৰ দেশ, মোৰ অনুভৱ)

কবিৰ বাবে কবিৰ স্বদেশ কবিৰ আই, সন্তান আৰু বন্ধু। সেয়ে কবিয়ে কৈছে–

“মোৰ দেশৰ প্ৰতিটো প্ৰহৰ

অশ্ৰুৰ দৰে সজল কঠিন

স্নেহৰ বন্ধনত

দেশ মোৰ আই

মোৰ সন্তান

মোৰ বন্ধু।” (মোৰ দেশ, মোৰ অনুভৱ)

ৰমন্যাসবাদী কবিসকল প্ৰকৃতি সচেতনহে; সিহঁত বাস্তৱ সমাজৰ প্ৰতি সিমান সচেতন নহয়। কবি কৰবী ৰমন্যাসবাদী কবিসকলতকৈ এখোপ চৰা আত্ম-ৰমন্যাসবাদী (ego-romantic) কবিহে। সেয়ে তাই সমাজ সচেতন নহয়। অৱশ্যে সমাজ বিদ্বেষীও নহয়। সমাজত বসবাস কৰি থকাৰ বাবেই মাজে মাজে সামাজিক চিত্ৰই তাইৰ কবিতাত ভূমুকি মাৰিছে। কিন্তু এয়া কবিৰ ইচ্ছা প্ৰণোদিত নহয়, কলমৰ বা অনুভৱৰ বিচ্যুতিহে (slip of pen) বুলি ক’ব পাৰি। মাজে মাজে কলমৰ এই বিচ্যুতিৰ কোঁহে কোঁহে কবিৰ কবিতাত বিশৃঙ্খল সমাজৰ চিত্ৰ, দেশত সঘনাই বাঢ়ি উঠা মুদ্রাস্ফীতিৰ  কৰুণ প্ৰভাৱ, সন্ত্ৰাসৰ চিত্ৰ আদি প্ৰতিফলিত হৈছে।

বিশৃঙ্খল সমাজৰ চিত্ৰ ফুটাই তুলিবলৈ গৈ কবিয়ে লিখিছে–

“তোমাৰ সোণৰ খাৰুৰ

জুনুকা মাতত

আগলি কলাপাত লৰেনে?

ভেঁটফুলে মেলেনে চকু?

ইয়াত বতৰ বৰ বেয়া

বেলিয়ে দিয়ে কজলা ৰ’দ

জোনে আনে তপত ৰাতি

শেতেলীবোৰৰ তলিছা নিহালি

ওৰে ৰাতি থাকে তিতি।

 

ইয়াত জানা দেখাই নাপাওঁ

ধানৰ শীহত ওলমি থকা

নিয়ৰ

হাঁহিৰ দৰে ৰঙিয়াল

মইনাৰ মাত।” (সখীলৈ চিঠি)

সন্ত্ৰাসবাদৰ বলি হোৱা মাতৃৰ চিত্ৰ অংকন কৰিবলৈ গৈ কবি কৰবীয়ে লিখিছে–

“ঘৰে ঘৰে দীপাৱলী

উল্লাসৰ লহৰত

পাৰ ভগা বুকুৰ আবেগ

দেশৰ চৰণ চুই

চুমা খোৱা যৌৱনৰ

জয়  গীতে পোহৰালে

লুইতৰ পাৰ

তথাপিতো কি যে হাহাকাৰ

টোপনি আঁতৰি যোৱা

দুচকুৰে গণি গণি

আকাশৰ ত’ৰা

ক’ত জননীয়ে ভাৱে

কোনটো ত’ৰাৰ নাম 

মোৰ পোনাকণ।”

(পোনাকণ ওচৰত নাই)

মুদ্রাস্ফীতিৰ কৰুণ চিত্ৰ কবি কৰবীৰ কবিতাত এইদৰে ফুটি উঠিছে–

“দিনে দিনে বাঢ়ি গৈছে

মোৰ বিলাসিতা

আজিকালি সুলভ মূল্যত

সেউজীয়া নিশা এটা

পোৱাই টান

ধূপৰ দৰে জ্বলা জোন এটা

কিনিবলৈ পোৱা

কেতিয়াবা এচলু নিজৰা

অথবা

এপিয়লা ৰ’দ

নাইবা চকু পানীৰ দৰে

সুন্দৰ এপাহ ফুল

এইবোৰেই মই

ক’লা বজাৰত বিচাৰি ফুৰোঁ

উঃ কি যে চৰা দাম!” (বিলাসৰ সময়)

কবি কৰবী নিত্যান্তই মায়াবাদী কবি বাবেই কবিৰ কবিতাত যুগৰ প্ৰভাৱ অস্পষ্ট আৰু সমসাময়িক আন আন কবিৰ কবিতাত থকা দৰে তাইৰ কবিতাত সাম্যবাদ, সমাজবাদ, সংগ্ৰাম আদিৰ সুৰ পোৱা নাযায় আৰু সেইবাবেই তাইৰ কবিতাই সাৰ্বজনীনতা পোৱাৰ পৰা কিছু আঁতৰত আছে।

কবিৰ বাক্য গঠন চুটি চুটি আৰু স্পন্দনহীন হোৱা বাবে তাইৰ কবিতাবোৰ  বহু সময়ত কঁঠুৱা গদ্যধৰ্মী হৈ উঠিছে। তাইৰ কথন ভঙ্গীত পূৱ-উজনি অসমৰ অসমীয়া কথন ৰীতিৰ প্ৰভাৱ পৰা যেন লাগে।

কবি কৰবী কবি হিচাপে এটা স্পষ্ট দোষত দোষী। সেয়া হৈছে কবিৰ কবিতাৰ শিৰোনাম আৰু কবিতাৰ বিষয়-বস্তুৰ মাজত স্পষ্টতা নাই। অৰ্থাৎ কিছুমান কবিতাৰ শিৰোনাম বিষয়-বস্তুৰ লগত বিসঙ্গিতিপূৰ্ণ। তাৰোপৰি কিছুমান কবিতাৰ শিৰোনাম বিষয়-বস্তুৰ লগত সঙ্গতি নাৰাখি ৰচনাৰ সময়কালটোকহে শিৰোনাম  হিচাপে দিয়া হৈছে।

কবি কৰবী ডেকা হাজৰিকাৰ কবিতা প্ৰসঙ্গ (thematic) ৰ দিশত সংকীৰ্ণ হ’লেও কাব্যিক অলংকাৰৰ দিশত কিন্তু চহকী। তাইৰ কবিতা উপমা, উৎপ্ৰেক্ষা আদি অৰ্থালংকাৰ আৰু অনুপ্ৰাস শব্দালংকাৰেৰে পৰিপূৰ্ণ।

কৰবীৰ উপমা অলংকাৰ সমাজত প্ৰচলিত থকা উপমা অলংকাৰৰ সংকলন যদিও কবিয়ে স্বকীয়ভাবেও অভিনৱ উপমা অলংকাৰ সৃষ্টিতো দক্ষতা দেখুৱাইছে। উদাহৰণ–

(ক) “সেউজীয়া নদীৰ দৰে

মোৰ বুকুখন উপচি পৰে

লুণীয়া পানীৰ সুৰেৰে।”

(খ)“তাই ৰ’দৰ দৰে

ফুলৰ লগত দোঁ দি আছে

পোহৰৰ দৰে 

নীল বতাহত ওলমি আছে।”

(গ)“মোৰ সমস্ত অনুভৱ

নীলা পখিলাৰ দৰে

নিশ্চুপ  হৈ পৰি থাকে

দুপৰৰ নিজান পৰত।”

উপমা অলংকাৰৰ লগতে যি অলংকাৰে পূৰ্ণিমাৰ জোনটিৰ দৰেই কবি কৰবীৰ কবিতাত উজলি আছে সি হৈছে চিত্তাকৰ্ষক উৎপ্ৰেক্ষা অলংকাৰ। উদাহৰণ–

(ক)“কবিৰ কলমটো যেন 

এটা নীলা জিঁঞা।”

(খ)“কালি এজাক বতাহ বলিছিল

ঠিক যেন চিকাৰী শেনহে।”

(গ)“এজাক শুকুলা ৰাজহাঁহে

এনেকৈয়ে মোক খেদি থাকে

যেন মই

নতুনকৈ থোৰ মেলা ধানৰ পথাৰ।”

কবি কৰবীৰ কবিতাৰ শাৰীবোৰৰ মাজে মাজে যি ছন্দৰ লহৰ উঠিছে সি হৈছে অনুপ্ৰাস অলংকাৰৰ লহৰ। উদাহৰণ–

(ক) বুকুৰ বিৰিণা বন।

(খ) নীলাভ নিশা।

(গ)সুঁতি সলোৱা সোঁতৰ গানেৰে।

কবি  কৰবী কল্পচিত্ৰ (imagery) সৃষ্টিত দক্ষ। তাইৰ কবিতাত কল্পচিত্ৰ ইমান দোলদোপ-হেন্দোলদোপকৈ ৰজন-জনাই আছে যে বিষ্ময়ত অবাক নহৈ নোঁৱাৰি । অৱশ্যে বহু সময়ত কল্পচিত্ৰৰ প্ৰাচুৰ্যতাত কবিতাৰ মূল বিষয়-বস্তু স্তিমিত হৈ বক্তব্য ম্লান পৰি গৈছে। উদাহৰণস্বৰূপে তলৰ কল্পচিত্ৰটি উদ্ধৃত কৰিব পাৰি–

“জন্ম দিনটোৰে পৰা তোমাক পাইছো শৈশৱৰ সুখত।

যৌৱনৰ গভীৰ দুখৰ নিবিড় ক্ষণত। ৰ’দকাঁচলিৰ দৰে

উজ্জ্বল ফুলৰ মুখে তোমাৰ কথা কয়। নদীৰ বক্ৰ ৰেখাত

তোমাৰ ৰহস্যময় হাঁহি। টলমল বয়সে বুকুৰ যেতিয়া

পাৰ ভাঙে । তেতিয়াই তোমাৰ ওঁঠৰ কাষত মৌচাক হৈ

অথবা দেহৰ বনত দূৰ অৰণ্যৰ সুঘ্ৰাণ হৈ সোমাই অহা দেখিছিলোঁ।

দেখিছিলোঁ আকাশ যেন কজলা চকুত কি অদ্ভূত  মৰণ যজ্ঞ।

একাকাৰ হৈ পৰা জুই, ,গান, ধুমুহাৰ উন্মাদ কলৰব।

প্ৰতি বিন্দু তেজত গোপন অসুখৰ দৰে তোমাৰ অস্তিত্ব

অনুভৱ কৰিছিলোঁ। (গভীৰত)

কবি কৰবীৰ কবিতাক আন এটা অলংকাৰে পোহৰময় কৰি তুলিছে– সি হৈছে সণ্ঢালনি প্ৰতীকৰ ব্যৱহাৰ। ‘সূৰ্য’, ‘বৰষুণ’, ‘নৈ’, ‘ত’ৰা’, ‘ৰাজহাঁহ’, ‘সাপ’, ‘হৰিণ’, ‘জোন’, ‘আকাশ’ আদিক কবিয়ে প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছে।  কবিয়ে ইয়াৰ অধিকাংশই পোহৰ, সত্য, সুন্দৰ, জীৱন আৰু আশাৰ প্ৰতীক হিচাপে  গ্রহণ কৰিছে।

কবি কৰবী নতুন বিষয়-বস্তু আৰু নতুন দিশ এটিক মৌলিক বিষয়  হিচাপে বাচি লৈ কাব্য জগতত প্ৰৱেশ কৰিলেও তাই পূৰ্ব কবিসকলৰ প্ৰভাৱৰ পৰা মুক্ত নহয়। সমসাময়িক কবিসকলৰ প্ৰভাৱৰ ওপৰিও কবি হীৰেন ভট্টাচাৰ্যৰ প্ৰভাৱ তাইৰ কবিতাত পৰিলক্ষিত হয়।

পৰিশেষত ক’ব পাৰি যে কবি মিছেছ কৰবী ডেকা হাজৰিকা কাব্যিক অলংকাৰৰ দিশত যিমান সচেতন, তেনেকৈ বিষয়-বস্তুৰ দিশত আৰু বাক্য বিন্যাসৰ স্পন্দনৰ ওপৰত সচেতন হ’লে তাইৰ কবিতা যে উচ্চ পৰ্যায়ৰ যুগান্তকাৰী কবিতা হ’লহেঁতেন তাত কোনো সন্দেহ নাই। ০ ০ ০

 

বি. দ্র. উক্ত ‘মিছ কৰবী ডেকা হাজৰিকাৰ কবিতা–এক বৈশিষ্ট্যমূলক আলোচনা’ ৰচনাটি ‘অসমীয়া কবি প্রতিভা’ গ্রন্থৰ পৰা তুলি দিয়া হৈছে।

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here