Home Literary Criticism মুৱাল্লাকা। The Muallaqa

মুৱাল্লাকা। The Muallaqa

0

মুৱাল্লাকা। The Muallaqa

মুৱাল্লাকা। The Muallaqa

 

মুৱাল্লাকা। The Muallaqa

প্ৰাক-ইছলামী যুগ (৫০০ খ্ৰীষ্টাব্দৰ পৰা ৬২২ খ্ৰীষ্টাব্দ) ত আৰবী কাব্য সাহিত্যৰ উল্লেখযোগ্য বিকাশ হৈছিল। এই যুগত আৰবৰ অধিবাসীসকল কেইবাটাও গোষ্ঠী বা গোত্ৰত বিভক্ত আছিল আৰু প্ৰত্যেক গোত্ৰতে এক বা একাধিক কবি আৰু বক্তা আছিল যিসকলে নিজৰ কবিতা ৰচনাৰ যোগেদি নিজ নিজ গোত্ৰক প্ৰতিনিধিত্ব কৰিছিল। ফলত এই যুগত আৰবী কাব্য সাহিত্যৰ যথেষ্ট উন্নতি হয়। কিন্তু সেই সময়ত আৰবত আনুষ্ঠানিক কোনো লিখা-পঢ়াৰ ব্যৱস্থা নাছিল। সেয়ে প্ৰায় সকলো মানুহেই আছিল অশিক্ষিত আৰু সিহঁতে অশিক্ষিত হৈয়ো কাব্য চৰ্চা কৰিছিল। অৰ্থাৎ সিহঁতে মুখে মুখে কবিতা ৰচনা কৰিছিল আৰু সেইবোৰ লোক সমাগম হোৱা ঠাইত গাই ফুৰিছিল। কবিতাবোৰ মুখস্থ  বিদ্যাৰ ওপৰত ভিত্তি কৰি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বৰ্তি আছিল। কিন্তু কালৰ সোঁতত সেইবোৰৰ সৰহ ভাগেই বিস্মৃতিৰ গৰ্ভত বিলীন হৈ গৈছিল। মাথো সামান্য খণ্ড খণ্ড অংশহে পিছৰ দুটা শতাব্দীলৈ বৰ্তি আছিল। পিছত উমাইয়া যুগৰ অন্তিম ভাগত আৰু আব্বাচী যুগৰ আদি ভাগত কেইজনমান সাহিত্যপ্ৰেমী লোকে প্ৰাক-ইছলামী যুগৰ কিছু কবিতা লোকমুখৰ পৰা সংগ্ৰহ কৰি সংকলন কৰে আৰু সেই সংকলনসমূহৰ জৰিয়তে চিৰদিনৰ বাবে হেৰাই যোৱাৰ পৰা কিছু কবিতাৰ নমুনা ৰক্ষা পৰে। সেই সংকলনসমূহৰ ভিতৰত উল্লেখযোগ্য কেইটামান হ’ল- মুৱাল্লাকা (The Muallaqa), মুফাদ্দালিয়াত (The Mufaddaliyat), আবু তামামৰ দিৱানুল হামাছা (The Diwanul Hamasa of Abu Tammam), বুহতুৰিৰ হামাছা (The Hamasa of Buhturi), জামহাৰাত অম্বা’ৰিল আৰব (Jamharat Ambaril Arab), কিতাবুল আঘানি (Kitabul Aghani) আদি উল্লেখযোগ্য। তলত মুৱাল্লাকা (The Muallaqa) শিৰোনামৰ সংকলনখনৰ   চমু পৰিচয় আগবঢ়োৱা   হ’ল-

মুৱাল্লাকা (The Muallaqa):  খ্ৰীষ্টীয় অষ্টম শতিকাৰ হাম্মাদ বিন আল-ৰাবি নামৰ এজন কাব্যপ্ৰিয় লোকে ‘মুৱাল্লাকা’ কাব্যপুথিখন সংকলন কৰে। এই সংকলনখনত প্ৰাক-ইছলামী যুগৰ সাতজন শ্ৰেষ্ঠ কবিৰ কবিতাৰ কিয়দাংশ সংকলিত হৈছে। ‘মুৱাল্লাকা’ শব্দৰ অৰ্থ হৈছে ওলমি থকা। উল্লেখ্য যে প্ৰাক ইছলামী যুগত ‘ওকাজ’ নামে ঠাইত প্ৰতিবছৰ এবাৰকৈ কবিতা আৰু বক্তৃতা আবৃতি প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল আৰু সেই প্ৰতিযোগিতাত শ্ৰেষ্ঠ বুলি বিবেচিত হোৱা কবিসকলক পুৰস্কৃত কৰা হৈছিল আৰু  পুৰস্কৃত কবিতাসমূহ কাবা ঘৰৰ দেৱালত ওলোমাই ৰখা হৈছিল। এনে মুৱাল্লাকা কবিসকল হৈছে ইমৰাউল কাইছ,  জুহাইৰ বিন আবি ছালমা, ত্বাৰফা, লাবিদ বিন ৰাবিয়া, আন্তাৰা বিন শ্বাদ্দাদ, আমৰ বিন কুলছুম আৰু হাৰিছ বিন হিল্লিজা। মুৱাল্লাকা কবিতাসমূহ আছিল বৰ্ণনাত্মক। এইবোৰক ‘কাছিদা’ বুলি কোৱা হৈছিল। গোষ্ঠীদ্বন্দ্ব, গোত্ৰীয় বল-বীৰ্য, প্ৰতিদ্বন্দ্বী শত্রূৰ প্ৰতি নিন্দা- ভৰ্ৎসনা, প্ৰেম, কবিৰ পৃষ্ঠপোষকৰ প্ৰতি প্ৰশংসা আদি আছিল এই কবিতাবোৰৰ প্ৰধান বিষয়বস্তু। এই সংকলনখনত যদিও প্ৰাক-ইছলামী যুগৰ কবিতাৰ এক সামান্য অংশহে সংৰক্ষিত হৈছে তথাপি ইয়াৰ  জৰিয়তেই আমি সেই যুগৰ শ্ৰেষ্ঠ কবিসকলৰ কবিতাৰ লগত পৰিচয় হ’ব পাৰো। ০ ০ ০.

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

LEAVE A REPLY

Please enter your comment!
Please enter your name here