Home Essay মোৰ প্রিয় খেল ফুটবল | My Favourite Game Football

মোৰ প্রিয় খেল ফুটবল | My Favourite Game Football

0
আপুনি যদি ‘মোৰ প্রিয় খেল ফুটবল শিৰোনামত এখন ৰচনা / নিবন্ধ (article) বিচাৰি আছে, আৰু ইয়াৰ বিষয়ে সবিশেষ জানিব বিচাৰিছে, তেন্তে এইখন ৰচনা / নিবন্ধ আপোনাৰ বাবে। এই নিবন্ধখন ছাত্ৰ-ছাত্ৰী তথা সাধাৰণ পাঠকসমাজে সহজতে আয়ত্ব কৰিব পৰাকৈ সৰল ভাষাত লিখা হৈছে।

মোৰ প্রিয় খেল ফুটবল My Favourite Game Football

মোৰ প্রিয় খেল ফুটবল | My Favourite Game Football

(ৰচনা ১ )

মানুহে বিনোদন আৰু শৰীৰ চৰ্চাৰ উদ্দেশ্যে যিবোৰ  কাৰ্য কৰিবলৈ লয় সেইবোৰক  খেল-ধেমালি বুলি ক’ব পাৰি। খেল-ধেমালি কাৰ্যটো মানুহৰ সহজাত প্রবৃত্তি । ডেকাৰ পৰা  বুঢ়ালৈকে সকলোৱে খেল-ধেমালি কৰি ভাল পায়। পৃথিৱীৰ প্ৰায় সকলো জাতি, উপজাতি, দেশ বা অঞ্চলতে খেল-ধেমালিৰ প্ৰচলন আছে। খেল-ধেমালি বিভিন্ন ধৰণৰ আছে। কিছুমান খেল ঘৰৰ ভিতৰত খেলিব পাৰি আৰু কিছুমান খেল আমি ঘৰৰ বাহিৰত মুকলি পথাৰত খেলিব লগা হয়। কিছুমান খেলত দুজন আৰু কিছুমান খেলত বহুত  খেলুৱৈৰ প্ৰয়োজন হয়। মই ঘৰৰ বাহিৰত কৰা খেল-ধেমালি বৰ ভাল পাওঁ। ভলীবল, ক্ৰিকেট, কাবাডী, দৌৰ আদি খেল মই বৰ ভাল পাওঁ যদিও মোৰ প্ৰিয় খেল ফুটবলৰ বিষয়ে মই আজি লিখিবলৈ ল’লোঁ।

পৃথিৱীৰ অতি জনপ্ৰিয় খেলবোৰৰ  ভিতৰত ফুটবলো এটা। এই খেল দুটা দলৰ মাজত এখন লথিয়াব পৰা ঘূৰণীয়া বল লৈ খেলা হয়।  প্ৰতিটো দলত এঘাৰজনকৈ খেলুৱৈ থাকে। ফুটবল খেলৰ বাবে ডাঙৰ খেল পথাৰৰ প্ৰয়োজন হয়। ফুটবল খেল-পথাৰখনৰ পৰস্পৰৰ বিপৰীত দুয়োফালে দুটা গ’লস্থান থাকে। যিদলে অধিক গ’ল দিব পাৰে সেইদল বিজয়ী বুলি ঘোষিত হয়। 

ফুটবল খেল কেতিয়া ক’ত আৱিষ্কাৰ হৈছিল সঠিককৈ কোৱা টান যদিও আধুনিক ফুটবল খেল ইংলেণ্ডত আৰম্ভ হয় বুলি কোৱা হয়। আধুনিক ফুটবল খেলৰ নীতি-নিয়ম ১৮৬৩ চনত ইংলণ্ডত স্থিৰ আৰু বিধিবদ্ধ কৰা হয়। অৱশ্যে প্ৰাচীন চীন দেশত ‘কুজু’ নামেৰে এবিধ খেলৰ প্ৰচলন আছিল বুলি প্ৰমাণ পোৱা যায়। ‘কুজু’ শব্দৰ অৰ্থ লথিওৱা বল।  এই খেলত হাতৰ বাহিৰে শৰীৰৰ যিকোনো অংগ ব্যৱহাৰ কৰিব পৰা গৈছিল। খেলত বলটো লথিয়াই লথিয়াই এটা জালৰ ভিতৰত পেলাব লাগিছিল। কিন্তু বৰ্তমানৰ ফুটবল খেলটো ইয়াৰ নীতি-নিয়মৰ পৰা ভিন্ন প্ৰকৃতিৰ।

ঊনবিংশ শতিকাৰ পৰা ফুটবল খেল বিশ্বত জনপ্ৰিয় হ’বলৈ ধৰে আৰু বিংশ শতাব্দীত ই জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহন কৰে। ইয়াৰ আন্তৰ্জাতিক জনপ্ৰিয়তালৈ চাই ১৯০৪ চনত ফ্ৰান্সৰ  পেৰিচত ‘ইন্টাৰনেচনেল ফেডেৰেশ্বন অৱ ফুটবল’ চমুকৈ ‘ফিফা’ প্রতিষ্ঠা কৰা হয়। বৰ্তমান বিশ্বত চলি থকা ফুটবল প্ৰতিযোগিতাসমূহ ই নিয়ন্ত্ৰণ কৰে। এই সংস্থাটোৰ মূলমন্ত্ৰটো হৈছে, “খেলৰ কাৰণে, বিশ্বৰ কাৰণে।” 

ফুটবল খেল অতি জনপ্ৰিয় হোৱাৰ কাৰণ হ’ল ই এক উত্তেজক  খেল। দৰ্শকে এই খেল চাই খেলুৱৈসকলৰ লগত একাত্মকতা অনুভৱ কৰে। ফুটবল খেলে শাৰীৰিক ব্যয়ামৰ কাম কৰে। ইয়াৰ উপৰিও আন্তৰ্জাতিক ফুটবল প্ৰতিযোগিতাসমূহৰ জৰিয়তে আন্তৰ্জাতিক বুজাপৰা, ভাতৃত্বেবাধ, সহযোগিতা আদি দিশৰ বিকাশ হয়।

আমি সকলোৱে এই খেলবিধক অকল ভালপোৱাই নহয়, ইয়াক অনুশীলন কৰা উচিত। 0 0 0

মোৰ প্রিয় খেল ফুটবল

(ৰচনা )

মোৰ প্ৰিয় খেল ফুটবল

খেল-ধেমালি কি?

মানুহে বিনোদন আৰু শৰীৰ চৰ্চাৰ বাবে যিবোৰ কাৰ্য কৰে, সেইবোৰক খেল-ধেমালি বুলি কোৱা হয়। খেল-ধেমালি মানুহৰ সহজাত প্রবৃত্তি। ডেকাৰ পৰা বুঢ়ালৈকে সকলোৱে খেল-ধেমালি কৰি ভাল পায়। পৃথিৱীৰ প্ৰায় সকলো জাতি, উপজাতি, দেশ বা অঞ্চলত খেল-ধেমালিৰ প্ৰচলন আছে। খেল-ধেমালি বিভিন্ন ধৰণৰ হয়। কিছুমান খেল ঘৰৰ ভিতৰত খেলিব পাৰি আৰু কিছুমান খেল আমি ঘৰৰ বাহিৰত মুকলি পথাৰত খেলিব লাগে। কিছুমান খেলত দুজন আৰু কিছুমান খেলত বহুত খেলুৱৈৰ প্ৰয়োজন হয়। মই ঘৰৰ বাহিৰত কৰা খেল-ধেমালি বৰ ভাল পাওঁ। ভলীবল, ক্ৰিকেট, কাবাডী, দৌৰ আদি খেল মই বৰ ভাল পাওঁ যদিও মোৰ প্ৰিয় খেল ফুটবল।

ফুটবল কি?

ফুটবল হৈছে পৃথিৱীৰ অতি জনপ্ৰিয় খেলবোৰৰ ভিতৰত এটা। এই খেল দুটা দলৰ মাজত এখন লথিয়াব পৰা ঘূৰণীয়া বল লৈ খেলা হয়। প্ৰতিটো দলত এঘাৰজনকৈ খেলুৱৈ থাকে। ফুটবল খেলৰ বাবে ডাঙৰ খেল পথাৰৰ প্ৰয়োজন হয়। ফুটবল খেল-পথাৰখনৰ পৰস্পৰৰ বিপৰীত দুয়োফালে দুটা গ’লস্থান থাকে। যিদলে অধিক গ’ল দিব পাৰে সেই দল বিজয়ী হয়।

ফুটবলৰ ইতিহাস

ফুটবল খেল কেতিয়া ক’ত আৱিষ্কাৰ হৈছিল সঠিককৈ কোৱা টান যদিও আধুনিক ফুটবল খেল ইংলেণ্ডত আৰম্ভ হয় বুলি কোৱা হয়। আধুনিক ফুটবল খেলৰ নীতি-নিয়ম ১৮৬৩ চনত ইংলেণ্ডত স্থিৰ আৰু বিধিবদ্ধ কৰা হয়। অৱশ্যে প্ৰাচীন চীন দেশত ‘কুজু’ নামেৰে এবিধ খেলৰ প্ৰচলন আছিল বুলি প্ৰমাণ পোৱা যায়। ‘কুজু’ শব্দৰ অৰ্থ লথিওৱা বল। এই খেলত হাতৰ বাহিৰে শৰীৰৰ যিকোনো অংগ ব্যৱহাৰ কৰিব পৰা গৈছিল। খেলত বলটো লথিয়াই লথিয়াই এটা জালৰ ভিতৰত পেলাব লাগিছিল। কিন্তু বৰ্তমানৰ ফুটবল খেলটো ইয়াৰ নীতি-নিয়মৰ পৰা ভিন্ন।

ফুটবলৰ জনপ্ৰিয়তা

ঊনবিংশ শতিকাৰ পৰা ফুটবল খেল বিশ্বত জনপ্ৰিয় হ’বলৈ ধৰে আৰু বিংশ শতাব্দীত ই জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহন কৰে। ইয়াৰ আন্তৰ্জাতিক জনপ্ৰিয়তালৈ চাই ১৯০৪ চনত ফ্ৰান্সৰ পেৰিচত ‘ইন্টাৰনেচনেল ফেডেৰেশ্বন অৱ ফুটবল’ চমুকৈ ‘ফিফা’ প্রতিষ্ঠা কৰা হয়। বৰ্তমান বিশ্বত চলি থকা ফুটবল প্ৰতিযোগিতাসমূহ ই নিয়ন্ত্ৰণ কৰে। এই সংস্থাটোৰ মূলমন্ত্ৰটো হৈছে, “খেলৰ কাৰণে, বিশ্বৰ কাৰণে।”

ফুটবলৰ উপকাৰিতা

ফুটবল খেল অতি জনপ্ৰিয় হোৱাৰ কাৰণ হ’ল ই এক উত্তেজক খেল। দৰ্শকে এই খেল চাই খেলুৱৈসকলৰ লগত একাত্মতা অনুভৱ কৰে। ফুটবল খেলে শাৰীৰিক ব্যয়ামৰ কাম কৰে। ইয়াৰ উপৰিও আন্তৰ্জাতিক ফুটবল প্ৰতিযোগিতাসমূহৰ জৰিয়তে আন্তৰ্জাতিক বুজাপৰা, ভাতৃত্ববোধ, সহযোগিতা আদি দিশৰ বিকাশ হয়।

উপসংহাৰ

আমি সকলোৱে এই খেলবিধক অকল ভালপোৱাই নহয়, ইয়াক অনুশীলন কৰা উচিত। ফুটবল খেলে আমাৰ শৰীৰ আৰু মন দুয়োটাই সুস্থ ৰাখে। সেয়া হ’ল মোৰ প্ৰিয় খেল ফুটবল। 0 0 0

 

ফুটবল খেলৰ বিষয়ে কিছুমান প্ৰশ্ন আৰু উত্তৰ

১. ফুটবল কি?

ফুটবল হৈছে এটা দলগত খেল, য’ত দুটা দলৰ প্ৰতিটোত ১১ জন খেলুৱৈ থাকে আৰু বলটো লাথি মাৰি বিপক্ষৰ গ’লত পেলাই গ’ল কৰাৰ চেষ্টা কৰে।

২. ফুটবল খেলৰ উদ্দেশ্য কি?

ফুটবল খেলৰ মূল উদ্দেশ্য হৈছে বলটো বিপক্ষৰ গ’লত পেলাই গ’ল কৰা আৰু অধিক গ’ল কৰা দলটো বিজয়ী হয়।

৩. ফুটবল খেলৰ ইতিহাস কি?

আধুনিক ফুটবল খেলৰ আৰম্ভণি ইংলেণ্ডত ১৮৬৩ চনত হৈছিল। যদিও প্ৰাচীন চীনত ‘কুজু’ নামেৰে এবিধ খেলৰ প্ৰচলন আছিল।

৪. ফুটবল খেলৰ উপকাৰিতা কি?

ফুটবল খেলে শৰীৰিক ব্যয়ামৰ কাম কৰে, মনৰ উত্তেজনা হ্ৰাস কৰে আৰু আন্তৰ্জাতিক বুজাপৰা আৰু ভাতৃত্ববোধৰ বিকাশ কৰে।

৫. ফুটবল খেলৰ নিয়ম কি কি?

ফুটবল খেলৰ নিয়মত খেলপথাৰৰ আকাৰ, বলৰ আকাৰ, খেলুৱৈৰ সংখ্যা, ফাউল আৰু পেনাল্টি আদিৰ উল্লেখ থাকে।

৬. ফুটবল খেলৰ জনপ্ৰিয়তা কিয়?

ফুটবল খেলা উত্তেজক আৰু দৰ্শকে খেলুৱৈসকলৰ লগত একাত্মতা অনুভৱ কৰে। ই বিশ্বৰ আটাইতকৈ জনপ্ৰিয় খেল।

৭. ফুটবল খেলৰ মূল সংস্থা কোনটো?

ফুটবল খেলৰ মূল সংস্থা হৈছে ফিফা (FIFA), যি ১৯০৪ চনত ফ্ৰান্সৰ পেৰিচত স্থাপিত হৈছিল।

৮. ফুটবল খেলৰ সময়সীমা কিমান?

ফুটবল খেল ৯০ মিনিটৰ হয়, যাক ৪৫ মিনিটৰ দুটা অংশত বিভক্ত কৰা হয়।

৯. ফুটবল খেলত কিমান গ’লকিপাৰ থাকে?

প্ৰতিটো দলে এজন গ’লকিপাৰ থাকে, যাৰ কাম হৈছে গ’ল ৰক্ষা কৰা।

১০. ফুটবল খেলৰ বাবে কিমান খেলুৱৈৰ প্ৰয়োজন?

প্ৰতিটো দলে ১১ জন খেলুৱৈৰ প্ৰয়োজন হয়।

আশা কৰোঁ এই প্ৰশ্ন আৰু উত্তৰবোৰে আপোনাৰ ফুটবল খেলৰ বিষয়ে ধাৰণা স্পষ্ট কৰিব। 0 0 0

নোট: যদি আপুনি এই ‘মোৰ প্রিয় খেল ফুটবল নিবন্ধখনটো ভাল পাইছে / পছন্দ কৰে, অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ । 0 0 0

Read More: অসমীয়া ৰচনা শিক্ষা

মোৰ প্রিয় খেল ফুটবল

বি. দ্র. উক্ত ‘মোৰ প্রিয় খেল ফুটবল | My Favourite Game Football ৰচনাটি ৰাব্বি মছৰুৰ ৰচিতঅসমীয়া ৰচনা শিক্ষা গ্রন্থৰ অন্তর্গত। মোৰ প্রিয় খেল ফুটবল

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here