Home Amplification যি মূলা বাঢ়ে তাৰ দুপাততে চিন-ভাব সম্প্ৰসাৰণ | Ji Mula Bare Tar...

যি মূলা বাঢ়ে তাৰ দুপাততে চিন-ভাব সম্প্ৰসাৰণ | Ji Mula Bare Tar Dupatte Chin

যি মূলা বাঢ়ে তাৰ দুপাততে চিন

5
যি মূলা বাঢ়ে তাৰ দুপাততে চিন-ভাব সম্প্ৰসাৰণ
যি মূলা বাঢ়ে তাৰ দুপাততে চিন
যি মূলা বাঢ়ে তাৰ দুপাততে চিন

যি মূলা বাঢ়ে তাৰ দুপাততে চিন–ভাব সম্প্ৰসাৰণ | Ji Mula Bare Tar Dupatte Chin

অসমীয়া সমাজত সততে ব্যৱহাৰ কৰা ই এক ফকৰা যোজনা। সৰু কালতে যে ডাঙৰৰ লক্ষণ ফুটি উঠে সেয়া বুজাবলৈ উক্ত ফকৰা যোজনাটি মতা হয়। 

মূলা এবিধ ভাল  পাচলি।ইয়াৰ শাক আৰু মূল দুয়ো খাব পাৰি। অসমীয়া মানুহে পাচলি হিচাপে ইয়াক খাবলৈ অতি ভাল পায়। সেয়ে বহুত কৃষকে ইয়াৰ খেতি কৰে। মূলাৰ বীজ সিঁচাৰ প্ৰায় পোন্ধৰ-বিশদিনৰ ভিতৰতে ই দুপতীয়া হয়। আমি লক্ষ্য কৰিলে দেখা পাম যে গঁজি উঠা মূলাৰ সকলোবোৰ  চেহেৰা দেখাত একে নহয়। ইয়াৰ কিছুমান দুৰ্বল আৰু লেহুেকা হয়। কৃষকে ইয়াৰ দুপাত হোৱাৰ লগে লগেই পাত চাইয়েই বুজিব পাৰে কোনবোৰ  মূলা ডাঙৰ  হ’লে ভাল হ’ব আৰু কোনবোৰ  বেয়া হ’ব। সেয়ে বেয়া পুলিবোৰ  উভালি পেলাই ভাল লক্ষণ থকা পুলিবোৰ  ডাঙৰ  হ’বলৈ দিয়ে। 

দুপাততে যিদৰে মূলা চিনিব পাৰি ঠিক সেইদৰে ল’ৰালি কালৰ আচাৰ-আচৰণ চাই শিশু এটা ডাঙৰ  হ’লে কেনেকুৱা হ’ব সেয়া বুজিব পাৰি। আমি ইতিহসত পাওঁ যে সিকল ব্যক্তিয়ে মানৱ সভ্যতালৈ মহৎ অৱদান আগবঢ়াইছে  সেইসকল ব্যক্তি সৰুকালৰ পৰাই আচাৰ-আচৰণত ভাল আৰু কৰ্তব্যপৰায়ণ আছিল। 

উক্ত প্ৰৱনচটোৰ সমাৰ্থক আন এক প্ৰৱচন আছে। সেয়া — ‘ৰাতি পুৱাই দিনটোৰ আগজানিনি দিয়ে’। অৰ্থাৎ ৰাতিপুৱা যদি সুন্দৰ আৰু উজ্জ্বল হয় তেন্তে গোটেই দিনটো উজ্জ্বল আৰু ভাল হোৱাৰ সম্ভাৱনা থাকে। তেনেদৰে ৰাতিপুৱাৰ বতৰটো যদি গোমোঠা, ডাৱৰীয়া হয় তেন্তে গোটেই দিনটো প্ৰায়েই তেনে হয়। 0 0 0

যি মূলা বাঢ়ে তাৰ দুপাততে চিন —ভাব সম্প্ৰসাৰণ | Ji Mula Bare Tar Dupatte Chin

যি মূলা বাঢ়ে তাৰ দুপাততে চিন

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

 

5 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here