Home Literary Criticism লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰৱন্ধ ‘বুৰঞ্জীৰ দৌৰাত্ম্য’– এক আলোচনা | Lakhminath Bezbarua Burunjir Douratma

লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰৱন্ধ ‘বুৰঞ্জীৰ দৌৰাত্ম্য’– এক আলোচনা | Lakhminath Bezbarua Burunjir Douratma

0

লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰৱন্ধ ‘বুৰঞ্জীৰ দৌৰাত্ম্য’– এক আলোচনা

লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰৱন্ধ ‘বুৰঞ্জীৰ দৌৰাত্ম্য’-- এক আলোচনা  Lakhminath Bezbarua Burunjir Douratma

 

লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰৱন্ধ ‘বুৰঞ্জীৰ দৌৰাত্ম্য’

লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰৱন্ধ ‘বুৰঞ্জীৰ দৌৰাত্ম্য’– এক আলোচনা | Lakhminath Bezbarua Burunjir Douratma

বুৰঞ্জীৰ দৌৰাত্ম্য’ শিৰোনামাৰ প্ৰৱন্ধটিত অতীত ভাৰতবৰ্ষত আৰ্য ঋষি-¸মুনিসকলে বুৰঞ্জী নিলিখাৰ সন্দৰ্ভত লক্ষ্মীনাথ বেজবৰুৱাদেৱে নিজৰ মতামত ব্যংগাত্মকভাৱে প্ৰকাশ কৰিছে।

লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰৱন্ধ ‘বুৰঞ্জীৰ দৌৰাত্ম্য’

জ্ঞান চৰ্চাত প্ৰাচীন যুগৰ আৰ্যসকল অতি আগবঢ়া আছিল। আৰ্যসকলে জ্ঞান-বিজ্ঞানৰ প্ৰায় সকলোবোৰ শাখাতেই পাৰদৰ্শিতা অৰ্জন কৰিছিল। আৰ্য সভ্যতাৰ জ্ঞান বিস্তাৰৰ নিদৰ্শন স্বৰূপ বেদ, বেদান্ত, দৰ্শন, জ্যোতির্বিদ্যা, আযুর্বিদ্যা, ৰসায়ন, ধনুর্বিদ্যা, গীত, নৃত্য, পুৰাণ, সংহিতা, মহাকাব্য আদি ৰচিত হোৱাৰ বিপৰীতে আধুনিক অৰ্থৰ ‘হিষ্টুৰী’ কিয় ৰচিত হোৱা নাছিল বেজবৰুৱাদেৱে তাৰ যথাযথ কাৰণ নিৰ্ণয় কৰিছে। বেজবৰুৱাদেৱে কৈছে যে ইমানবোৰ তত্ত্বপূৰ্ণ সুগভীৰ জ্ঞান-বিজ্ঞানৰ বিভিন্ন বিষয়ৰ মৌলিক গ্ৰন্থ ৰচনা কৰা লিখকসকলৰ বুৰঞ্জী ৰচনা কৰাৰ প্ৰতিভাৰ অভাৱ নিশ্চয় হোৱা নাছিল।

লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰৱন্ধ ‘বুৰঞ্জীৰ দৌৰাত্ম্য’

পাশ্চাত্যৰ কিছুমান পণ্ডিতে ক’ব খোজে যে ভাৰতীয়সকলৰ ইতিহাস চেতনা নাই। তাৰ আধাৰত বেজবৰুৱাদেৱে কৈছে যে ভাৰতীয়সকলৰ বুৰঞ্জীতকৈ ভাৰতৰ প্ৰাচীন শাস্ত্ৰসমূহৰ মহত্ব অতি গভীৰ। তেওঁৰ মতে সেইবোৰ ভঙুৱাৰ গল্প, কাণীয়াৰ কীৰ্তন অথবা পাগলৰ প্ৰলাপ নহয়। বৰং সেইবোৰ জীৱনজোৰা সাধনৰ অমূল্য ইতিহাস, য’ত মানুহৰ হেজাৰ হেজাৰ বছৰৰ সভ্যতা সংস্কৃতিৰ উৎকৃষ্ট সাৰখিনি সংৰক্ষিত হৈ আছে।

লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰৱন্ধ ‘বুৰঞ্জীৰ দৌৰাত্ম্য’ 

সাম্প্ৰতিক যুগত ভাৰতীয়সকলৰ ইতিহাস চেতনা আহিছে আৰু ভাৰতীয়সকলে ইতিহাস চৰ্চাও কৰিবলৈ লৈছে। ই  অৱশ্যে ইংৰাজসকলৰ দান। আজিকালি ইতিহাস, বুৰঞ্জী আৰু হিষ্টুৰীৰ ধাৰণা প্ৰায় একাকাৰ হৈ গৈছে। গতিকে আধুনিক যুগৰ তথাকথিত বুৰঞ্জীবিদসকলে লাংপুং ৰচিত বুৰঞ্জী, ৰবিন্সনৰ হিষ্টুৰী, মঞ্চুপৰ  ‘একচন্দ্ৰ স্তমোহস্তি’ আদিকহে বুৰঞ্জী বুলি কয়। বেজবৰুৱাদেৱে এনে বুৰঞ্জীক সমালোচনা কৰি কৈছে যে প্ৰাচীন যুগৰ ভাৰতীয় গ্ৰন্থসমূহত উচ্চ মূল্যবোধযুক্ত আধ্যাত্মিক গুণৰাশিৰ তুলনাত আধুনিক যুগৰ বুৰঞ্জীসমূহ কেৱল বৈষয়িক আশা-আকাংক্ষাৰ মাজতে সীমাবদ্ধ। এই ইতিহাসসমূহ আধ্যাত্মিক জ্ঞানশূন্য। ই হৈছে মানুহৰ কাৰ্যকলাপ, যুদ্ধ-বিগ্ৰহ, সেইবোৰৰ চন তাৰিখ আদিৰ লিপিবদ্ধ বিৱৰণ। এনে ইতিহাস পক্ষপাতমূলক দোষত দোষযুক্ত। বহু সময়ত এনে ইতিহাস বা বুৰঞ্জীত সত্যক বিকৃত কৰা হৈছে। সত্যৰ অপলাপ কৰা এনে ইতিহাস বা বুৰঞ্জীত সত্য কি, অসত্য কি তাক বিচাৰ কৰিবলৈ জ্ঞানী-সজ্জ্বন লোকৰ ক্ষেত্ৰতো সমস্যা হোৱা দেখা যায়। সেয়ে বেজবৰুৱাদেৱে কৈছে যে ইতিহাসত ভূুল তথ্য দাঙি ধৰি বিভ্ৰান্তি সৃষ্টি কৰাতকৈ প্ৰাচীন আৰ্য ঋষি-মুনিসকলে ইতিহাস ৰচনা নকৰি আধ্যাত্মিক ভাবাপন্ন জ্ঞান-বিজ্ঞানৰ সুগভীৰ গ্ৰন্থ ৰচনা কৰি ভাল কামকে কৰিছিল।  0 0 0.

লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰৱন্ধ ‘বুৰঞ্জীৰ দৌৰাত্ম্য’ 

বি. দ্র. লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰৱন্ধ ‘বুৰঞ্জীৰ দৌৰাত্ম্য’– এক আলোচনা | Lakhminath Bezbarua Burunjir Douratmaৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘নির্বাচিত অসমীয়া প্রবন্ধ সমালোচনা‘ গ্রন্থৰ   পৰা লোৱা হৈছে

.

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here