লিওনাৰ্ডো ডা ভিন্সি
লিওনাৰ্ডো ডা ভিন্সি Leonardo da Vinci
লিওনাৰ্ডো ডা ভিন্সি
এয়া আছিল ১৫ এপ্ৰিল, ১৪৫২ চন । ৰাতিৰ তৃতীয় প্ৰহৰত, প্ৰায় ১০ অপৰাহ্নত ইটালীৰ ফ্লোৰেন্সৰ ওচৰত ভিন্সি নামে এখন সৰু গাওঁত এজন ল’ৰাৰ জন্ম হৈছিল। তেতিয়া কোনেও কল্পনা কৰিব পৰা নাছিল যে এই ল’ৰাজন এদিনাখন অসাধাৰণ প্ৰতিভাধাৰ অধিকাৰী হ’ব। আজিলৈকে তেওঁ অতুলনীয়। তেওঁ আন কোনো নহয়, লিওনাৰ্ডো ডা ভিন্সিহে।
লিওনাৰ্ডো ডা ভিন্সিয়ে তেওঁৰ ল’ৰালি কাল ভিন্সিত তেওঁৰ ককাদেউতা আৰু আইতাকৰ লগত কটাইছিল য’ত তেওঁ ‘এবেকাচ স্কুল’ত মাত্ৰ প্ৰাথমিক শিক্ষাহে লাভ কৰিছিল। প্ৰধানকৈ তেওঁ আছিল স্বশিক্ষিত। যদিও তেওঁৰ যথেষ্ট আষ্ঠানিক শিক্ষা নাছিল, তেওঁ অভিজ্ঞতা আৰু পৰীক্ষা-নিৰীক্ষাৰ পৰা শিকিছিল। ডেকা কালৰ পৰাই, লিওনাৰ্ডোৱে জীৱ-জন্তু আৰু প্ৰকৃতিক ভাল পাইছিল। তেওঁ কেতিয়াও মাংস খোৱা নাছিল। তেওঁ পিঞ্জৰাৱদ্ধ চৰাই ক্ৰয় কৰি মুক্ত কৰি দিছিল।
যেতিয়া লিওনাৰ্ডো ডা ভিন্সিৰ বয়স ১৫, তেওঁৰ দেউতাক চেৰ পিয়েৰু ডা ভিন্সিয়ে তেওঁৰ কলাসুলভ দক্ষতা চিনাক্ত কৰিব পাৰিছিল। এদিনাখন ভিন্সিত কাম কৰা এজন খেতিয়কে পিয়েৰুক কাঠৰ এটা ঢাল দিছিল আৰু পিয়েৰুক এইটো ফ্লোৰেন্সলৈ লৈ গৈ ৰং কৰিব দিছিল। পিয়েৰুয়ে কামটো লিওনাৰ্ডোক দিছিল। ঢালটোত লিওনাৰ্ডোয়ে ড্ৰেগনৰ দৰে এটা ভয়ংকৰ ৰাসক্ষকৰ চিত্ৰ অংকন কৰিছিল। এইটো দেখাত বাস্তৱিক হোৱা বাবে পিয়েৰুয়ে বৰ বিষ্মিত হৈছিল। এই ঢালটোৱেই আছিল সম্ভৱতঃ লিওনাৰ্ডোৰ প্ৰথন নথিভূক্ত কলা। কল্পনাৰ লগত পর্যবেক্ষণৰ মিশ্ৰণ ঘটাই কৰা তেওঁৰ প্ৰতিভা তেওঁৰ সৃষ্টিকৰ্মত প্ৰকাশ পাইছিল।
লিওনাৰ্ডোৰ দেউতাকে তেওঁক ফ্লোৰেন্সৰ ভাস্কৰ আৰু চিত্ৰকৰ এন্দ্ৰিয়া ডেল ভেৰ’কিয়ৰ ওচৰত শিক্ষানবীচ হিচাপে পঠাইছিল। ই আছিল লিওনাৰ্ডোৰ শিক্ষাৰ কাল। ভেৰ’কিয়ৰ তত্বাৱধানত তেওঁ তেওঁৰ চিত্ৰ আৰু ভাস্কৰ কলা পৰিশোধন কৰিছিল।
পিছত লিওনাৰ্ডোৱে মিলানলৈ গৈছিল য’ত তেওঁ তেওঁৰ অন্যতম শ্ৰেষ্ঠ শিল্প ‘অন্তিম ভোজন’ সৃষ্টি কৰিছিল। ১৫৯৯ চনত তেওঁ ভেনিচলৈ আৰু তাৰ পৰা ফ্লোৰেন্সলৈ গৈছিল। ফ্লোৰেন্সত তেওঁ আন এক শ্ৰেষ্ঠ শিল্প ‘মনালিচা’ অংকন কৰিছিল। ই হৈছে এজন চহকী ব্যৱসায়ৰ পত্নীৰ প্ৰতিকৃতি। এই প্ৰতিকৃতিটো মহিলাগৰাকীৰ ৰহস্যময় হাঁহিৰ বাবে বিখ্যাত। এই চিত্ৰটো এতিয়া ফ্রান্সৰ পেৰিচত থকা ‘ল’ভ যাদুঘৰ’ত সংৰক্ষিত কৰা হৈছে।
যদিও লিওনাৰ্ডো প্ৰধানকৈ এজন চিত্ৰকৰ, তেওঁৰ বিষ্ময়কৰ প্ৰতিভা বিশাল পৰিসৰৰ বিষয়ৰ লগত জড়িত। তেওঁ আছিল এজন শৰীৰ বিশ্লেষক, এজন বিজ্ঞানী, এজন অভিযন্তা, এজন আৱিষ্কাৰক, এজন সংগীতজ্ঞ আৰু এজন মানচিত্ৰকাৰ। লিওনাৰ্ডোৰ সৃষ্টিশীলতাৰ এই ভিন্নতা হৈছে তেওঁৰ কৌতুহ’লৰ পৰিণাম। তেওঁ কোনো বস্তু অতি সুক্ষ্মভাৱে পর্যবেক্ষণ কৰিছিল আৰু সংক্ষিপ্ত টোকাৰ সৈতে তেওঁৰ টোকাবহীত তথ্যসহ লিপিবদ্ধ কৰিছিল। তেওঁৰ টোকা বহীত আছে ছবি, আৰ্হি আৰু সংশ্লিষ্ট টোকা।
এজন শৰীৰ বিশ্লেষক হিচাপে লিওনাৰ্ডোই জীৱ-জন্তু আৰু মানুহৰ মৃতদেহ সিহঁতৰ গঠন-প্ৰণালী বিচাৰি উলিওৱাৰ বাবে কাটি-ছিঙি বিশ্লেষণ কৰিছিল। তেওঁৰ টোকা আৰু আৰ্হিসমূহে পিছত বিজ্ঞানীসকলক মানৱ শৰীৰৰ গঠন প্ৰণালী ভালদৰে জনাত সহায় কৰিছিল। লিওনাৰ্ডোৱে বাইচাইকেল, হেলিকপ্টাৰ, চাবমেৰিণ, মিলিটাৰী টেংক, উৰণ যন্ত্ৰ, দলং আদিৰ আৰ্হিও প্ৰস্তুত কৰিছিল যিবোৰ কেতিয়াও হৈ উঠা নাছিল। কিন্তু তেওঁৰ টোকা বহী তেওঁৰ পর্যবেক্ষণ আৰু তেওঁৰ সুন্দৰভাৱে কৰা ব্যাখ্যা চিত্ৰৰ দ্বাৰা সমৃদ্ধ আছিল। তেওঁ আনিক এজন সংগীতজ্ঞও আছিল এই অৰ্থত যে তেওঁ ঢোল, বেল, উডউৱাইণ্ডচ আদিৰ দৰে বহুতো বাদ্যযন্ত্ৰৰ আৰ্হি প্ৰস্তুত কৰিছিল। লিওনাৰ্ডোৱে অসামৰিক আৰু সামৰিক উদ্দেশ্যে মানচিত্ৰ অংকন কৰিছিল। এয়া অবিশ্বাস্য যে তেওঁ কিদৰেনো মহানগৰ আৰু কোনো ঠাইৰ দৃশ্য মানচিত্ৰ অংকনৰ কোনো ফটোগ্ৰাফি আৰু উচ্চ প্ৰযুক্তিবিদ্যা আৱিষ্কাৰৰ বহু আগতেই ঈগল দৃষ্টিৰে সৃষ্টি কৰিছিল।
লিওনৰ্ডো ডা ভিন্সি ১৫১৬ চনত ফ্রান্সলৈ গৈছিল য’ত ৰজা প্ৰথম ফ্রেন্সিছে তেওঁক এক বৃত্তি প্ৰদান কৰিছিল আৰু তেওঁ যি ইচ্ছা সেয়া সৃষ্টি কৰাৰ স্বাধীনতা প্ৰদান কৰিছিল। সেই সময়ছোৱাত তেওঁ এলানি চিত্ৰ সম্পূৰ্ণ কৰিছিল। তেওঁ মে ২, ১৫১৯ ত ৬৭ বছৰ বয়সত মৃত্যু বৰণ কৰিছিল । 0 0 0.
লিওনাৰ্ডো ডা ভিন্সি Leonardo da Vinci
বিঃদ্রঃ উক্ত ‘লিওনাৰ্ডো ডা ভিন্সি Leonardo da Vinci’ লিখনিটো ৰাব্বি মছৰুৰ ৰচিত ‘এক গুচ্ছ জীবনী‘ গ্রন্থৰ পৰা লোৱা হৈছে।
লিওনাৰ্ডো ডা ভিন্সি Leonardo da Vinci
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান: