লোহিত কুমাৰ বৰাৰ কবিতা
লোহিত কুমাৰ বৰাৰ কবিতা– এক বৈশিষ্ট্যমূলক আলোচনা
কাব্যপ্ৰেমী পাঠক সমাজৰ মৰম, সহানুভূতি আৰু দৃষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ হোৱা আধুনিক কবিসকলৰ মাজত লোহিত কুমাৰ বৰাও এজন।
জীৱনৰ ৰুঢ় অভিজ্ঞতাক কবিতা ৰূপ দিয়া কবি লোহিত এজন বাস্তৱবাদী সমাজ সচেতন কবি। তেওঁ জীৱনৰ বাটত খোজ দিওঁতে ব্যক্তিগত জীৱনত পোৱা তিক্ত অভিজ্ঞতা, সবৰ্বহাৰা মেহনতী জনতাৰ শোকলগা কৰুণ অৱস্থাৰ প্ৰতি সহানুভূতিশীল দৃষ্টিপাত, স্বদেশৰ প্ৰতি সহজাত প্ৰীতি, সমাজৰ বিৰোধী শক্তিবোৰৰ বিৰুদ্ধে প্ৰতিবাদ আৰু মুখৰিত বিপ্লৱৰ আহ্বান তেওঁৰ কবিতাৰ প্ৰতিপাদ্য বিষয়।
কবি লোহিত বাস্তৱবাদত বিশ্বাসী। গভীৰ এন্ধাৰ ৰাতিৰ ত’ৰাৰ জিলমিলনি, বাগিছাত জাতিষ্কাৰ হৈ ফুলি থকা ফুল, সাগৰৰ উত্তাল ঢৌ, কোনো চিনাকী বা অচিনাকী গাভৰুৰ দৈহিক সৌন্দৰ্যত ভোল যোৱা ৰোমান্টিক মনৰ কবি নহয় লোহিত কুমাৰ। তেওঁ জীৱনৰ কবি, মানুহৰ কবি, সমাজৰ কবি, জীৱনৰ প্ৰতি খোজত সন্মুখীন হোৱা ঘাত-প্ৰতিঘাতৰ কবি।
কবি লোহিত কুমাৰ বৰাৰ আৰ্থিক অৱস্থা আন দহজন কবিৰ দৰেই হাড়ে-ছালে লগা। আকাল যেন তেওঁৰ লগৰীয়া। কবিয়ে সেয়ে কৈছে–
“মোৰ সৰু পঁজাটিৰ দুখন চাল
তাৰে কটাই দিও সৰ্বতিকাল
ৰ’দ বৰষুণ ইয়াত সকলোৰে আকাল।” (আকাল)
কবিৰ প্ৰিয় বস্তু হ’ল মানুহ- বিশেষকৈ শোষিত, নীপিডিত সবৰ্বহাৰা জনগণ। সিহঁতৰ স’তে কবিৰ আজন্ম সহবাস। সেয়ে কবি সিহঁতৰ শোক, দুখ, হাঁহি, অশ্ৰু আদি সকলো অৱস্থাৰ লগত চিৰ পৰিচিত। সেইবাবে সিহঁতৰ চৰম অৰ্থনৈতিক বিপৰ্যয় দেখি মৰ্মাহত হৈছে আৰু সিহঁতৰ আৰ্থিক অৱস্থাৰ দৈন্যতা বৰ্ণাই লিখিছে–
মহাজনৰ কৰ্কট কামোৰত বিদীৰ্ণ মোৰ দেহ
ধূলি ধূসৰিত দেহত অথবা কোৱাৰিত আমাৰ তেজৰ চেকুৰা
হাতীৰ গচকত ৰক্তাক্ত হোৱা দেহৰ
তপত তেজেৰে
ৰাঙলী আমাৰ দৈয়াং।” (আমি আহি আছোঁ)
কবি লোহিতৰ কবিতাৰ তৃতীয় বৈশিষ্ট্য হৈছে স্বদেশপ্ৰেম। কবিয়ে নিজৰ দেশক অতিকৈ ভাল পায়। কিন্তু কবিৰ স্বদেশপ্ৰেম অকল অসম বা ভাৰততে সীমাবদ্ধ হৈ থকা নাই। তেওঁৰ স্বদেশপ্ৰেম অসমৰ আকাশত উদয় হৈ সমগ্ৰ বিশ্বত সূৰ্যৰ হালধীয়া ৰশ্মিৰ দৰে সিঁচৰতি হৈ পৰিছে। আন কথাত কবি লোহিতৰ মতে – য’তেই মানুহ আছে ত’তেই তেওঁৰ স্বদেশ। কবিৰ ভাষাত–
“দেশ বুলি একো কথা নাই
মানুহেই মোৰ বাবে স্বদেশ, স্বকাল।”
কবি লোহিতৰ কবিতা কাননত যিটো সুৰ অনবৰতে বাজি আছে সি হৈছে – সমাজৰ বিষাক্ত শক্তিবোৰৰ বিৰুদ্ধে স্বতঃস্ফূর্তভাবে কবিৰ কণ্ঠৰ পৰা নিঃসৃত হোৱা প্ৰতিবাদী বিপ্লৱী সুৰ। তেওঁৰ প্ৰতিবাদী সুৰটো ক্ষুধাৰ বিৰুদ্ধে, শোষক শ্ৰেণীৰ বিৰুদ্ধে, পুঁজিবাদী সমাজ ব্যৱস্থাৰ বিৰুদ্ধে। তেওঁৰ স্বদেশপ্ৰেমৰ দৰে তেওঁৰ প্ৰতিবাদী বিপ্লৱৰ সুৰো ভাৰতবৰ্ষতে সীমাবদ্ধ হৈ থকা নাই: য’ত ক্ষুধা আছে, সবৰ্বসাধাৰণ জনগণৰ ওপৰত অত্যাচাৰ আছে, অন্যায় আছে – তাতেই তেওঁৰ প্ৰতিবাদ আছে, বিপ্লৱ আছে। কবিয়ে কৈছে–
“য’ত ক্ষুধা আছে, আছে ক্ষুধিত মানুহৰ ভিৰ
ত’তেই মোৰ সংগ্ৰাম আৰম্ভ
সি ভাৰতেই হওঁক অথবা বাংলাদেশ
আফ্রিকা অথবা ৰোমানিয়া।”
এজন বিপ্লৱীৰ মৃত্যুত কবিয়ে আন এটি কবিতাত লিখিছে–
“ৰঙা কাপোৰেৰে ঢকা আছে মুখ
দাঙি দিলেই কথা ক’ব
কেৱল প্ৰতিবাদৰ কথা।” (প্ৰতিবাদীৰ মৃত্যুত)
কবি লোহিত কুমাৰ বৰাৰ কবিতাত ক্ষীণ হ’লেও যি চতুৰ্থ সুৰ ৰিণি ৰিণিকৈ বাজি উঠিছে- সি হৈছে সেউজীয়া শান্তিৰে ভৰপুৰ এখন শোষণহীন, সমতাৰে ভৰা সমাজৰ সপক্ষে আশাবাদী সুৰ। কবিয়ে আশা কৰে যে তেওঁৰ দৰে সকলো নাগৰিকে যদি বিপ্লৱৰ পতাকা হাতত লৈ ওলাই আহে, তেন্তে এনেকুৱা সমাজ এখন পোৱা অচিৰেই সম্ভৱ। কবিৰ ভাষাত–
“নিঃস্ব মোৰ হৃদয় মাথো আছে। আহিবা তুমি
একেলগে পাৰ হ’ম আমি
হৃদয় জাহাজত উঠি বিষন্ন সময়।” (প্ৰত্যাশা)
আন এটি কবিতাত কবিয়ে কৈছে–
“এতিয়া সমাগত সেই
দুৰন্ত সময়। আমি হাত মেলি দিওঁ
তুলি ধৰো
সময়ৰ শ্রেষ্ঠতম বিচাৰ।” (বিচাৰ)
ভাষা আৰু আঙ্গিকৰ দিশত কবি লোহিত কুমাৰ সম্পূৰ্ণ সফল হোৱা বুলি ক’ব নোৱাৰি। কবিতাৰ বিষয়-বস্তু আৰু তাৰ প্ৰকাশভঙ্গীৰ মাজত কবি কেতিয়াবা সমন্বয় ৰক্ষা কৰিব পাৰিছে আৰু বহু সময়ত সমন্বয় ৰক্ষা কৰিব নোৱাৰি গদ্যময় হৈ উঠিছে। উদাহৰণ-
“চাৰিওফালে বিয়পি পৰিল দৰ্শনাৰ্থীৰ চাৱনি
দেওশালৰ চেকা লগা খড়্গ
গোঁহানীৰ তেজাল জিহ্বা
ডিমিক ধামাককৈ জ্বলি থকা
সভ্যতাৰ চাকি গছ।” (কৃষ্ণাঙ্গ লোকৰ মৃত্যুত)
উপৰুদ্ধৃত শাৰীকেইটাত সমাজৰ চিত্ৰ ফুটি উঠিছে যদিও কবিয়ে চিত্ৰটোক দাঙি ধ’ৰাত আশ্ৰয় লোৱা শব্দকেইটাই পাঠকৰ হৃদয়ত জোকাৰণি আনয়ন কৰাত সফল হ’ব পৰা নাই।
কবি লোহিতৰ কবিতাৰাজিৰ বিষয়-বস্তু আৰু আঙ্গিকৰ দিশত প্ৰবীন কবি হীৰেন ভট্টাচাৰ্য, নীলমণি ফুকন, নৱকান্ত বৰুৱাৰ শেহতীয়া কবিতাৰ প্ৰভাৱ পৰিছে যদিও কবিয়ে নিজৰ মস্তিষ্কৰ কৰ্মশালাত স্বকীয়তা দান কৰাৰ বাবে আহোপুৰুষাৰ্থ কৰিছে আৰু কিছু পৰিমাণে সফলো হৈছে বুলি ক’ব পাৰি। কবি লোহিতৰ কবিতাৰাজিক তেওঁৰ সমসাময়িক কবি নীলিম কুমাৰৰ কবিতাৰ আঙ্গিকৰ তুলনা কৰি ক’ব পাৰি যে নীলিম কুমাৰৰ দৰে লোহিতে কবিতাৰ আঙ্গিকৰ দিশত নতুনত্বৰ আবেদন দান কৰিব পৰা নাই। কিন্তু নীলিম কুমাৰৰ কবিতাৰ কল্পচিত্ৰৰ তুলনাত কবি লোহিতৰ কল্পচিত্ৰ বহুলাংশে চহকী। উদাহৰণস্বৰূপে তলত দিয়া শাৰী কেইটা উদ্ধৃত কৰিব পাৰি–
“তোমাৰ দুগালেদি নামি আহে পোহৰ
নিৰন্ত্ৰ আন্ধাৰত ভিতৰৰ মানুহ মোৰ
জলমলাই উঠে
জপিয়াই পাৰ হয় মোৰ সমুখেদি
আন্ধাৰেদি পাৰ হয়
পোহৰৰ ঘোঁৰা।”
(তোমাৰ চকুত আই মোৰ চকু)
কবি লোহিত প্ৰতীক ব্যৱহাৰত সিদ্ধহস্ত। তেওঁ তেওঁৰ কবিতাত সূৰ্য, ফুল, নাও, পাৰ চৰাই আদি শান্তি আৰু বিপ্লৱৰ প্ৰতীক হিচাপে অংকন কৰিছে। ০ ০ ০
বি. দ্র. উক্ত ‘লোহিত কুমাৰ বৰাৰ কবিতা–এক বৈশিষ্ট্যমূলক আলোচনা | Luhit Kumar Borar Kabita | Poetry of Luhit Kumar Bora’ ৰচনাটি ‘অসমীয়া কবি প্রতিভা’ গ্রন্থৰ পৰা তুলি দিয়া হৈছে।
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান: