Home Ass Grammar শব্দৰ অৰ্থমূলক শ্ৰেণী বিভাগ

শব্দৰ অৰ্থমূলক শ্ৰেণী বিভাগ

0

শব্দৰ অৰ্থমূলক শ্ৰেণী বিভাগ

শব্দৰ অৰ্থমূলক শ্ৰেণী বিভাগ

 

শব্দৰ অৰ্থমূলক শ্ৰেণী বিভাগ

শব্দৰ অৰ্থমূলক শ্ৰেণী বিভাগ

শব্দৰ অৰ্থমূলক শ্ৰেণী বিভাগ: আৰম্ভণি

বিভিন্ন শব্দই বিভিন্ন ধৰণৰ অৰ্থ প্ৰকাশ কৰে। শব্দৰ অৰ্থৰ পিনৰ পৰা অসমীয়া ভাষাৰ শব্দবোৰক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰা হৈছে। যেনে– 

(১) যৌগিক শব্দ, 

(২)  ৰূঢ় শব্দ আৰু 

(৩) যোগৰূঢ় শব্দ।

শব্দৰ অৰ্থমূলক শ্ৰেণী বিভাগ

(১) যৌগিক শব্দ

যিবোৰ শব্দ প্ৰকৃতি-প্ৰত্যয়ৰ অৰ্থকে প্ৰকাশ কৰে, সেইবোৰ শব্দক যৌগিক শব্দ বোলে। উদাহৰণ–

চৰ += অনট = চৰণ, 

নী+ অনট = নয়ন 

কৃ +তব্য = কৰ্তব্য,  

কৃ + অনীয়= কৰণীয়।   

এইবিলাকত প্ৰকৃতি আৰু প্ৰত্যয়ৰ অৰ্থ একে আছে।

অসমীয়া ভাষাত–

খা + অন= খাৱন,

খা+ ওঁতা = খাওঁতা,

খুন্দ্‌+ অনা = খুন্দনা ।

শব্দৰ অৰ্থমূলক শ্ৰেণী বিভাগ

(২)  ৰূঢ় শব্দ:

যিবোৰ শব্দই প্ৰকৃতি আৰু প্ৰত্যয়ৰ অৰ্থ নুবুজাই সুকীয়া বা নতুন অৰ্থ প্ৰকাশ কৰে সেইবোৰ শব্দক ৰূঢ়  শব্দ বোলে।  উদাহৰণ–

প্ৰ+ হৃ + ঘঞ্‌ = প্ৰহাৰ। ইয়াত ‘প্ৰ’ উপসৰ্গৰ অৰ্থ ‘ভালদৰে’, ‘হৃ’ ধাতুৰ অৰ্থ ‘হৰণ কৰা’। গতিকে ‘প্ৰহাৰ’ শব্দৰ অৰ্থ ‘ ভালকৈ হৰণ কৰা হ’ব লাগে। কিন্তু সেয়া নহৈ  সুকীয়া অৰ্থ ‘ আঘাত কৰা’ হৈছে।

(৩) যোগৰূঢ় শব্দ:

যিবোৰ শব্দই প্ৰকৃতি আৰু প্ৰত্যয়ৰ অৰ্থৰ উপৰিও আন বিশেষ অৰ্থ বুজায়, সেইবোৰ শব্দক যোগৰূঢ় শব্দ বোলে। উদাহৰণস্বৰূপে ‘সুহৃদ’ শব্দকে ল’ব পাৰি।  এই শব্দটোৰ মূল অৰ্থ ‘সুন্দৰ হৃদয় থকা ব্যক্তি’। কিন্তু ই তাকে নুবুজাই ‘বন্ধু’ অৰ্থ বুজায়। সেইদৰে ‘পঙ্কজ’ (পঙ্ক+জন =পঙ্কজ) । ইয়াত ‘পঙ্ক’ মানে ‘বো কা’ আৰু ‘জন’ মানে ‘জন্ম’। কিন্তু বোকাত জন্ম হোৱা বুলি আমি‘পদুম’ ফুলক ‘পঙ্কজ’ বুলি কওঁ।

শব্দৰ অৰ্থমূলক শ্ৰেণী বিভাগ

অনুশীলনী

(১) অৰ্থৰ ফালৰ পৰা অসমীয়া ভাষাৰ শব্দবোৰক কেই ভাগত ভাগ কৰা হৈছে?

(২) যৌগিক শব্দ বুলিলে কি বুজা ? উদাহৰণ দিয়া।

(৩) ৰূঢ় শব্দ বুলিলে কি বুজা? উদাহৰণ দিয়া।

(৪) যোগৰূঢ় শব্দ বুলিলে কি বুজা? উদাহৰণ দিয়া।

(৫) অসমীয়া ভাষাৰ কিছুমান যৌগিক শব্দ সংগ্ৰহ কৰা।

(৬) অসমীয়া ভাষাত থকা কিছুমান যোগৰূঢ় শব্দৰ এখন তালিকা প্ৰস্তুত কৰা। ০ ০ ০

শব্দৰ অৰ্থমূলক শ্ৰেণী বিভাগ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here