Home Essay শিক্ষাৰ মাধ্যম হিচাপে মাতৃভাষা

শিক্ষাৰ মাধ্যম হিচাপে মাতৃভাষা

2

শিক্ষাৰ মাধ্যম হিচাপে মাতৃভাষা

শিক্ষাৰ মাধ্যম হিচাপে মাতৃভাষা

শিক্ষাৰ মাধ্যম হিচাপে মাতৃভাষা

শিক্ষাৰ মাধ্যম হিচাপে মাতৃভাষা | মাতৃভাষা শিক্ষাৰ প্ৰয়োজনীয়তা | Mother Tongue as a Medium of Learning

শিশু এজনে মাতৃগৰ্ভৰ পৰা ভূমিষ্ট হৈ পিতৃ-মাতৃৰ মুখৰ পৰা স্বতঃস্ফূর্তভাৱে যি ভাষা শিকে তাকে “মাতৃভাষা” বোলে । ই হৈছে মানুহৰ এক সহজাত শিক্ষা। পৃথিৱীত কেইবা হাজাৰ ভাষা আছে, তাৰে কিছু সংখ্যক ভাষাৰ নিজস্ব লিপি আৰু সাহিত্য আছে। আনহাতে কিছুসংখ্যক ভাষাৰ লিপি নাই আৰু কোনো লিখিত সাহিত্যও নাই। কিন্তু আজি এয়া প্ৰমাণ পোৱা যায় যে যি জাতিৰ ভাষা-সাহিত্য যিমানে চহকী সেই  জাতিৰ সভ্যতাও সিমানে উন্নত।

কিন্ত দুঃখৰ বিষয় যে আজি কিছুসংখ্যক মানুহ বা জাতিয়ে, বিশেষকৈ ভাৰতত মাতৃভাষাৰ পৰিৱৰ্তে বিদেশী অৰ্থাৎ ইংৰাজী ভাষাক শিক্ষাৰ মাধ্যম হিচাপে  গ্ৰহণ কৰি লৈছে  আৰু  মাতৃভাষাক অৱহেলা কৰিবলৈ লৈছে। এয়া নিশ্চয় শুভ লক্ষণ যে নহয়, তাৰ প্ৰমাণ প্ৰতিজন চিন্তাশীল আৰু ভাষা-সাহিত্য প্ৰেমীয়ে উপলব্ধি নকৰা নহয়।

ভাৰতবৰ্ষত ইংৰাজসকলে শাসনৰ বাঘজৰীডাল হাতত লোৱাৰ লগে লগেই সিহঁতৰ শাসন কাৰ্যত সহায় হোৱাৰ উদ্দেশ্যে এক শ্ৰেণীৰ আমোলা সৃষ্টি কৰাৰ প্ৰয়োজন অনুভৱ কৰি ভাৰতীয় ভাষাৰ প্ৰতি পিঠি দি শিক্ষাৰ মাধ্যম হিচাপে ইংৰাজী ভাষা প্ৰৱৰ্তন কৰে। ভাৰতীয় মানুহেও ইংৰাজসকলৰ সিদ্ধান্ত বা নীতি চৰম বুলি মানি লৈ ইংৰাজী ভাষাকেই শিক্ষা তথা প্ৰশাসনীয় কাম-কাজ পৰিচালনাৰ মাধ্যম হিচাপে গ্ৰহণ কৰি আজিলৈ সেই মানসিকতাৰ পৰা ওলাই আহিব পৰা নাই।

বিদেশী ভাষা বা ইংৰাজী ভাষাক শিক্ষাৰ মাধ্যম হিচাপে গ্ৰহণ কৰাত আমাৰ দেশৰ যি বিস্তৰ ক্ষতি হৈছে সেয়া এই  তথ্যৰ পৰাই  প্ৰমান পোৱা যায় যে ভাৰতে স্বাধীনতা পোৱাৰ কেইবাটাও দহক  পাৰ কৰিলে যদিও ভাৰতবৰ্ষত শিক্ষিতৰ  হাৰ এতিয়াও মাতৃভাষাৰ মাধ্যমত শিক্ষা গ্ৰহণ কৰা পাশ্চাত্য দেশবোৰৰ  তুলনাত দুঃখলগাকৈ নিম্ন আৰু উন্নয়নো নিম্ন।

মাতৃভাষাৰ পৰিৱৰ্তে অইন ভাষাক (ভাৰতত ইংৰাজী ভাষাক) শিক্ষা গ্ৰহণৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিলে আমি যথেষ্ট বাধা তথা অসুবিধাৰ সন্মুখীন হও যিবোৰ অসুবিধা মাতৃভাষাৰ মাধ্যমত শিক্ষা গ্ৰহণ কৰিলে সততে সন্মুখীন হোৱা নাযায়। মাতৃভাষা শিক্ষাৰ মাধ্যম হিচাপে গ্ৰহণ কৰিলে আমি তলত দিয়া সুবিধাসমূহ পাওঁ:

প্ৰথমতে, মাতৃভাষা আমাৰ জন্মস্বত্বৰ দৰে। আমি ওপজিয়েই এই ভাষাৰ লগত চিনাকী হওঁ। ইয়াক দৈনন্দিন জীৱনত কোনো পাঠ্যপুথি বা গুৰুৰ সহায় নোহোৱাকৈ পিতৃ-মাতৃৰ মুখৰ পৰা স্বতঃস্ফূর্তভাৱে শিকিব পাৰোঁ। তাৰ পৰিৱৰ্তে ইংৰাজী বা অইন ভাষা শিকিবলৈ গলে আমি নিশ্চয় সাধনা কৰিব লাগিব–যি দৈনন্দিন জীৱনত স্বতঃস্ফূর্তভাৱে  শিকা  কথাটো অবান্তৰ।

দ্বিতীয়তে, মাতৃভাষা শিক্ষাৰ বাবে  কোনো অৰ্থ ব্যয় নহয়। ইয়াক সহজে শিকিব পাৰি। এই ভাষা শিকিবলৈ মানসিক প্ৰস্ততিৰো প্ৰয়োজন নহয়। আমাৰ শৰীৰৰ অংগ-প্ৰতংগ বৃদ্ধি বা বিকাশ হোৱা আমি যেনেদৰে গম নাপাও মাতৃভাষা  শিকাতো গম নাপাও। আনহাতে ইংৰাজী বা বিদেশী ভাষা শিক্ষাৰ বাবে  আমাৰ নিশ্চয় মনোযোগৰ প্ৰয়োজন। বহুসময় ঘৰুৱা শিক্ষকো ৰাখিবলগীয়া হয়। সময়ো বেছি লাগে। কোমলমতীয়া ছাত্ৰ-ছাত্ৰীয়ে স্বতঃস্ফূর্তভাৱে শিকিব পৰা ভাষাটো এৰি বেলেগ ভাষা এটা শিকিবলৈ যোৱাটো নিশ্চয় কষ্টকৰ।

তৃতীয়তে, মাতৃভাষা আমি যিমান সোনকালে বুজি পাওঁ  আৰু ৰসাস্বাধন কৰিব পাৰি অইন ভাষাৰ সাহিত্য অধ্যয়ন কৰি সিমান ৰসাস্বাধন কৰিব নোৱাৰি। উদাহৰণ হিচাপে  আমি গ্ৰহণ কৰা খাদ্য বস্তুৰ কথাকে ল’ব পাৰোঁ। আমি খোৱা খাদ্য যদি জীন নিয়াব  নোৱাৰো; তেন্তে আমাৰ স্বাস্থ্য হানি হয়।  তেনেদৰে আমি বিদেশী ভাষা শিকি যদি তাৰ ৰসস্বাদন কৰাত ব্যৰ্থ হওঁ , সেয়া নিশ্চয় আমাৰ বাবে  সময় আৰু পৰিশ্ৰম হানিকাৰক।

চতুৰ্থতে, ভাৰতবৰ্ষত ইংৰাজসকলে ইংৰাজী ভাষাক শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰাৰ কাৰণ আছিল সিহঁতৰ সুবিধাৰ্থে ইংৰাজী শিক্ষাত শিক্ষিত ভাৰতীয়ক কৰ্ম- বিমুখ কৰি চাকৰি জীৱি কৰোৱা। কিন্তু বৰ্তমান শিক্ষা  ব্যৱস্থাটোৰ  উদ্দেশ্য সেয়া নহয়। বৰ্তমানৰ উদ্দেশ্য হ’ল দেশৰ নাগৰিকসকলক কাৰিকৰী শিক্ষাত শিক্ষিত কৰি নিৱনুৱা সমস্যা সমাধানত অৰিহণা যোগোৱা। সেয়ে দেশৰ নাগৰিকসকলক মাতৃভাষাৰ জৰিয়তে কাৰিকৰী শিক্ষা প্ৰদান কৰিলে সহজে কাৰিকৰী কৌশল আয়ত্ব কৰিব পাৰে। বাস্তৱত দেখা গৈছে ভাষাৰ অন্তৰালৰ বাবেও  বহুতো যুৱক-যুৱতীয়ে আনুষ্ঠানিক শিক্ষা লাভৰ পৰা বঞ্চিত হৈ আছে।

পঞ্চমতে, ইংৰাজী বা বিদেশী ভাষাত লিখা কিতাপ পত্ৰবোৰত  বিদেশী সংস্কৃতিয়ে প্ৰাণ পায় যিবোৰ  আমাৰ ভাৰতীয় পৰিবেশত সদায় গ্ৰহণযোগ্য নহয়। বাস্তৱত দেখা যায় ইংৰাজী শিক্ষাত শিক্ষিত ভাৰতীয়সকল ঐতিহ্য মণ্ডিত ভাৰতীয় সংস্কৃতি পাহৰি বিদেশী সংস্কৃতি গ্ৰহণ কৰিবলৈ লৈছে। ফলত ভাৰতীয় সংস্কৃতি ম্লান পৰি আছে। জাতি এটাৰ বাবে  এইয়া নিশ্চয় অশুভ লক্ষণ।

ষষ্ঠতে, বিদেশী ভাষাত শিক্ষা প্ৰদান কৰা শিক্ষা প্রতিষ্টানসমূহত অনুমোদন কৰা পাঠ্যপুথি সমূহ বিদেশী লিখকৰ দ্বাৰা প্ৰস্তুুত কৰা হয়। সেইবোৰ  কিতাপৰ স্বত্ব গ্ৰহণ কৰোতে বা বিদেশৰ পৰা আমদানি কৰোতে যথেষ্ট সময় আনকি বৈদেশিক মুদ্ৰাও খৰচ হয়। ফলত আৰ্থিক দিশত দেশখন ক্ষতিগ্ৰস্ত হয়।

সপ্তমতে, ভাষা শিকাটোৱেই মানৱ জীৱনৰ একমাত্ৰ লক্ষ্য নহয়। মানৱ জীৱনৰ লক্ষ্য হ’ল কৰ্ম শিকাহে।  দেখা যায় বিদেশী ভাষা এটাক সম্পূৰ্ণভাবে আয়ত্ব কৰিবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হয়। মানুহৰ জীৱনটো যিহেতু খন্তেকীয়া, সেয়ে অকল ভাষা শিকোতেই জীৱনৰ অধিক সময় খৰচ কৰাটো নিশ্চয় যুক্তিসংগত নহয়।

বৰ্তমান দেশৰ দাৰ্শনিক, পণ্ডিত, মনস্তাত্বিক আৰু শিক্ষাবিদসকলে গৱেষণাৰ দ্বাৰা প্ৰমাণ কৰিছে যে বিদেশী ভাষাৰ পৰিৱৰ্তে মাৰ্তভাষাত শিক্ষাদান সহজ হোৱাৰ উপৰিও শিক্ষাও ফলপ্ৰসু হয়। প্ৰখ্যাত মনস্তাত্বিক পণ্ডিতসকল যেনে- জন ডিউ, পাৰ্চিনান, ফ্রয়েড আদিয়ে মাতৃভাষাত ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষা দান কৰিবলৈ পৰামৰ্শ আগববঢ়াইছে।

অভিজ্ঞতাৰ  পৰা পাওঁ যে আমি যেতিয়া মাতৃভাষাৰে কোনো শব্দ বা বাক্য উচ্চাৰণ কৰো, তেতিয়া সেই শব্দ বা বাক্য বাৰ যেন আমাৰ হৃদয়ৰ পৰা পাহাৰী স্নোতস্বিনীৰ দৰেই স্বাভাৱিকভাৱে ওলাই আহে। কিন্ত যেতিয়া কোনো বিদেশী ভাষাৰ শব্দ বা বাক্য উচ্চাৰণ কৰো তেতিয়া আমাৰ স্মৃতিৰ পৰা উচ্চাৰণ কৰিব লগা হয়। স্মৃতিৰ পৰা বাহিৰ কৰা কামটো নিশ্চয় যে কঠিন সেয়া আমি সকলোৱে স্বীকাৰ কৰো।

মাতৃভাষাৰ গুৰুত্ব উপলব্ধি কৰিয়েই আমাৰ অসমীয়া কবি নৱকান্ত বৰুৱাদেৱে লিখিছে-

“হয়তো নহ’ব পাৰে মোৰ ভাষা সবাতো সুৰীয়া

তথাপি আপোন  মোৰ ভাষা,

তাৰেই প্ৰকাশ কৰো অন্তৰৰ ভাৱ কুমলীয়া

সুখ, দুখ, স্নেহ, শান্তি, আশা।”

ওপৰোক্ত আলোচনাৰ পৰা দেখা গ’ল যে মাতৃভাষাক শিক্ষাৰ মাধ্যম কৰিলে আমি বহুতো অসুবিধাৰ পৰা হাত সাৰিব পাৰি আৰু তুলনামূলকভাৱে সহজে জ্ঞান আহৰণ কৰিব পাৰি। সেয়ে মাতৃভাষাই শিক্ষাৰ মাধ্যম হোৱা উচিত। 

সামৰণিত ক’ব পাৰি মাতৃভাষাক শিক্ষাৰ মাধ্যম হিচাপে চৰকাৰে আইন প্ৰণয়নৰ যোগেদি  অচিৰেই আনুষ্ঠানিক  শিক্ষাৰ সকলো স্তৰতে প্ৰৱৰ্তন কৰিব লাগে । অন্যথা ভাষাৰ ব্যৱধানৰ বাবে  উন্নত ৰাষ্ট্ৰবোৰৰ তুলনাত ভাৰতবৰ্ষই স্বনিৰ্ভৰশীলতা অৰ্জন কৰাত আৰু বহুবছৰ অপেক্ষা কৰিব লাগিব। 0 0 0 শিক্ষাৰ মাধ্যম হিচাপে মাতৃভাষা

শিক্ষাৰ মাধ্যম হিচাপে মাতৃভাষা

বি. দ্র. উক্ত ‘শিক্ষাৰ মাধ্যম হিচাপে মাতৃভাষা | মাতৃভাষা শিক্ষাৰ প্ৰয়োজনীয়তা’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিতঅসমীয়া ৰচনা শিক্ষা গ্রন্থৰ অন্তর্গত। শিক্ষাৰ মাধ্যম হিচাপে মাতৃভাষা

শিক্ষাৰ মাধ্যম হিচাপে মাতৃভাষা

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

2 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here