Home Literary Criticism শ্ৰীশংকৰদেৱৰ কবিতা ‘বৰ্ষা বৰ্ণন’– এক আলোচনা | Sankardev Barsha Barnan

শ্ৰীশংকৰদেৱৰ কবিতা ‘বৰ্ষা বৰ্ণন’– এক আলোচনা | Sankardev Barsha Barnan

0

শ্ৰীশংকৰদেৱৰ কবিতা ‘বৰ্ষা বৰ্ণন’– এক আলোচনা

ৰাব্বি মছৰুৰ
 

শ্ৰীশংকৰদেৱৰ কবিতা ‘বৰ্ষা বৰ্ণন’-- এক আলোচনা  Sankardev Barsha Barnan

শ্ৰীশংকৰদেৱৰ কবিতা ‘বৰ্ষা বৰ্ণন’–এক আলোচনা

শ্ৰীশংকৰদেৱৰ কবিতা ‘বৰ্ষা বৰ্ণন’– এক আলোচনা

‘বৰ্ষা বৰ্ণন’ কতিাটিত শ্ৰীশংকৰদেৱে বৰ্ষা ঋতুক ৰূপক হিচাপে গ্ৰহণ কৰি ভক্তি ধৰ্মৰ তাত্ত্বিক কথা ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিছে।

বৰ্ষা ঋতুত আকাশৰ গ্ৰহ নক্ষত্ৰ মেঘে ঢাকি ধৰে। ফলত এইবোৰ  দেখা নাযায়। কবিৰ ভাষাত,

‘চন্দ্ৰজ্যোতি প্ৰকাশিত যিটো মেঘগণ।

নজলন্ত চন্দ্ৰো সেহি মেঘে হুয়া ছন্ন।।’

উক্ত ৰূপকৰ মাজেৰে কবিয়ে বুজাব বিচাৰিছে যে মানৱ আত্মা ক্ষণভঙ্গুৰ শৰীৰৰ লগত মিলি যায় অৰ্থাৎ শৰীৰে অমৰ আত্মাক খন্তেকীয়া সময়ৰ বাবে আচ্ছন্ন কৰি ৰাখে।

তেনেদৰে কবিয়ে পৰ্বতৰ ৰূপকৰ মাজেৰে বুজাব বিচাৰিছে যে মুষলধাৰে বৰ্ষণ কৰা মেঘে যেনেদৰে পৰ্বতৰ একো ক্ষতি কৰিব নোৱাৰে, ঠিক তেনেদৰে  হৰি ভক্তিপৰায়ণ লোক এজনকো বৈষয়িক শোক-দুখ, যন্ত্ৰণা আদিয়ে টলাব নোৱাৰে। কবিৰ ভাষাত,

‘যদ্যপি মুষলধাৰে মেঘে বৰষিল।

তথাপি পৰ্বতে পীড়া কিছো নজানিল।।’

বৰ্ষা ঋতুত আকাশত ৰামধেনু ওলায়। ই দেখাত অতি সুন্দৰ।  কিন্তু এই ৰামধেনুৰ কোনো নিজস্ব অস্তিত্ব নাই। এই ৰূপক (উপমা) টোৰ জৰিয়তে কবিয়ে বুজাব বিচাৰিছে যে ৰামধেনুৰ দৰেই ভগৱানৰো নিজস্ব কোনো গুণ নাই । ই ইয়াৰ সৃষ্ট জগতৰ মাজেৰে নিজকে প্ৰকাশ কৰে। অৰ্থাৎ বিশ্বব্রহ্মাণ্ডৰ জীৱ আৰু প্ৰাণীজগতৰ  মাজেৰে ভগবানৰ অস্তিত্ব উপলব্ধি কৰিব পাৰি।

এনেদৰে কবি শ্ৰীশংকৰদেৱেবৰ্ষা বৰ্ণন’ কবিতাটিৰ জৰিয়তে বৰ্ষা ঋতুক ৰূপক হিচাপে লৈ ইয়াৰ মাজেৰে ভক্তি ধৰ্মৰ তাত্ত্বিক কথা ব্যাখ্যা কৰিছে। ০ ০ ০

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here