Home Biographies ষ্টিফেন হকিং | Stephen Hawking

ষ্টিফেন হকিং | Stephen Hawking

0

ষ্টিফেন হকিং | Stephen Hawking

ষ্টিফেন হকিং  Stephen Hawking

 

 

ষ্টিফেন হকিং | Stephen Hawking

ষ্টিফেন হকিং (Stephen Hawking)  এজন ইংৰাজ কচম’লজিষ্ট আৰু  পদাৰ্থ বিজ্ঞানী আছিল। তেওঁ ১৯৪২ চনত ইংলণ্ডৰ অক্সফোৰ্ডত জন্ম গ্ৰহণ কৰে। তেওঁৰ ২১তম জন্ম দিনত হকিংৰ মটৰ নিউৰণ ৰোগ ধৰা পৰে, এই ৰোগটোক সাধাৰণভাৱে লু গেহৰিড ৰোগ বা এমিঅ’ট্ৰফিক লেটাৰেল লেৰচিচ (এ এল এ) বুলি জনা যায়। তেওঁ দু বছৰতকৈ অধিক দিন জীয়াই থাকিব বুলি আশা কৰা হোৱা নাছিল। কিন্তু তেওঁ জীয়াই থাকিল আৰু  পি. এইচ. ডি. ডিগ্ৰী লাভ কৰাৰ লগতে  বিশ্বব্রহ্মাণ্ডৰ বোধগম্যতাৰ নতুন পথ সৃষ্টি কৰে। 

ষ্টিফেন হকিঙ এজন জনপ্ৰিয় লিখকো আছিল। তেওঁৰ প্ৰথম গ্ৰন্থ, ‘এ ব্রিফ হিষ্টুৰী অফ টাইম’ ১৯৮৮ চনত প্ৰকাশিত হয়।  তেওঁৰ অন্যান্য সৃষ্টিসমূহ হ’ল – ‘এ ব্রিফাৰ হিষ্টুৰি অফ টাইম’, ‘দি ইউনিভাৰ্চ ইন এ নাটছেল’, ‘দি গ্ৰেণ্ড ডিজাইন’, আৰু ‘অন দ্যা চলজাৰ্চ অফ গিয়ান্টচ’। তেওঁ আৰু তেওঁৰ জীয়েক লুচি হকিঙে বিশ্বব্রহ্মাণ্ডৰ সৃষ্টিৰ ওপৰত মজলীয়া বিদ্যালয়ৰ ল’ৰা-ছোৱালীৰ বাবে এলানি কাল্পনিক পুথি ৰচনা কৰিছে। এইজন মহানবিজ্ঞানী ষ্টিফেন হকিঙৰ মৃত্যু হয় কেম্বিজত, ২০১৮ চনৰ ১৪ মাৰ্চত।

অতি বিশেষ প্ৰতিভাসম্পন্ন ষ্টিফেন উইলিয়াম হকিঙ হৈছে অন্যান্য অক্ষম ব্যক্তিসকলৰ বাবে এক মহান প্ৰেৰণাদায়ক ব্যক্তি। ০ ০ ০

Read More: বিশ্ব ব্যক্তি পৰিচয়

বি. দ্র. উক্ত ‘ষ্টিফেন হকিং | Stephen Hawking ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্রন্থৰ অন্তর্গত।

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here