সংগোপনে–এক সমালোচনাত্মক বিশ্লেষণ | Ismail Hossain Sangupone

0

সংগোপনে–এক সমালোচনাত্মক বিশ্লেষণ

ৰাব্বি মছৰুৰ

সংগোপনে --এক সমালোচনাত্মক বিশ্লেষণ

সংগোপনে –এক সমালোচনাত্মক বিশ্লেষণ

সংগোপনে –এক সমালোচনাত্মক বিশ্লেষণ

আধুনিক যুগ হৈছে বিজ্ঞানৰ যুগ, সভ্যতাৰ চৰম উন্নতিৰ যুগ, লগতে এই যুগক মানৱতাবাদৰ যুগ বুলিও কোৱা হয়। কিন্তু এই যুগৰ  ইমানবোৰ আলংকাৰিক বিশেষণ থকা সত্বেও অন্যায়, অবিচাৰ, অনীতি, অধৰ্ম চলি আছে এক গতানুগতিক ছন্দত। আন কথাত বৰ্তমান যুগ হৈছে, “বাহিৰে ৰং চং ভিতৰে কুৱাভাতুৰী”- ৰ যুগ। কবি ইছমাইল অন্তৰ্দৃষ্টি সম্পন্ন কবি। সমাজৰ  সাধাৰণ লোকচক্ষুৰ অন্তৰালত কি ঘটি আছে তাৰো ছবি তেওঁৰ দৃষ্টিপটত ধ’ৰা নপৰাকৈ নাথাকে। ‘সংগোপনে’ শিৰোনামেৰে লিখা কবিতাটি কবি হোছেইনৰ অন্তঃচক্ষুত ধ’ৰা দিয়া সমাজৰ ভেকোভাওনা  উদংকৈ দেখুওৱা যুগোপযোগী বাস্তৱ কবিতা। ‘সংগোপন’ শব্দটি ইয়াত কবিয়ে অভিধানিক সাধাৰণ অৰ্থৰ পৰা চেৰাই গৈ ব্যঙ্গ (ridicule) অৰ্থত ব্যৱহাৰ কৰিছে। কিয়নো সমাজত যিবোৰ অনীতি চলি আছে সেইবোৰ সকলোৱে প্ৰত্যক্ষ কৰে, সকলোৱে জানে অথচ ওপৰুৱা দৃষ্টিত গোপনে কৰা হয়।

কবিয়ে দেখা পাইছে যে যদিও ভাৰতবৰ্ষ এখন ধৰ্মনিৰেপক্ষ দেশ তথাপি ধৰ্মৰ পক্ষপাতিত্বই সাম্প্ৰদায়িকতাবাদৰ জন্ম দিছে। তাৰ ফলত সমাজত অৰাজকতা, অশান্তি বাৰুকৈয়ে বৃদ্ধি পাইছে। ধৰ্ম নিৰেপক্ষতাবাদ কিতাপৰ পৃষ্ঠাতহে লিপিবদ্ধ হৈ আছে; বাস্তৱ ক্ষেত্ৰত ধৰ্মৰ নামত চলি আছে বেশ্যাৰ জাত কাৰখানা, ঠগ প্ৰৱঞ্চনা,  শোষণ, অৰাজকতা ইত্যাদি। যদিও ইয়াত দেখদেখকৈ  আইন আছে, প্ৰতিৰক্ষাৰ বিভাগীয় কৰ্মচাৰীসকল আছে  কিন্তু সকলো জঠৰ। সেয়ে কবিয়ে কৈছে–

“কিনো ঘটা নাই ইয়াত

হত্যা, ধৰ্ষণ, শিশুবধ, আত্মহত্যা, ভাওনা?

সংগোপনে চলিছে সকলো ব্যৱস্থা-

ধৰ্মৰ গোপন বজাৰ

সম্প্ৰদায়ৰ ভণ্ড কৰ্মশালা

বেশ্যাৰ জাত কাৰখানা

সংগোপনে চলা নাই কি-

ঠগ, প্ৰৱঞ্চনা, শোষণ, অৰাজকতা?”

সমাজত ভণ্ডামী আৰু অৰ্থনৈতিক দিশত পুঁজিবাদী আৰু কলা বজাৰৰ সংখ্যা ইমানেই বাঢ়িছে যে ইয়াত শিক্ষিত নিবনুৱাৰ সৃষ্টি হৈছে। উচ্চ শিক্ষিতসকল চাকৰিৰ বাবে উৎকোচ দিব পৰা নাই। ফলত সিহঁত সমাজৰ চকুত হৈ পৰিছে অকাল-কুষ্মাণ্ড। বুদ্ধিজীৱিয়ে কৰ্মসংস্থাপন নাপাই মজুৰি কৰিব লগা হৈছে। ফলত সিহঁতৰ প্ৰতিভাত ঘূণে ধৰিছে। অভাৱৰ তাড়ণাত মাতৃয়ে শিশুক ত্যাগ কৰিছে। এইবোৰৰ অন্তৰালত যি ছল-চাতুৰী লুকাই আছে সেইবোৰ কবিৰ চকুত ধ’ৰা পৰিছে। সেয়ে কবিয়ে ক’বলৈ সাহস কৰিছে–

“দিন হাজিৰাত বিক্ৰি হৈছে বুদ্ধিজীৱিৰ মগজু

অভাৱৰ তাড়নাত মাতৃয়ে বেচিছে শিশু।

কিনো ঘটা নাই ইয়াত?

সংগোপনে চলিছে সকলো ব্যৱস্থা

কোনেও কাকো জানিবলৈ দিয়া নাই ভিতৰুৱা কথা।”

আজিৰ যুগক যদিও মানৱতাবাদৰ যুগ বুলি কোৱা হয়, কিন্তু এই যুগত সুবিধাবাদীৰ অবাধ বিচৰণ। কাকত-আলোচনীয়ে চৰকাৰৰ পৰা অলপ সুবিধা আদায় কৰাৰ মানসেৰে চৰকাৰৰ দূর্নীতিবোৰ লুকাই ৰাখিছে। নাইবা কোনোৱে আচল সত্য উদ্‌ঘাটন কৰিলে বা প্ৰকাশ কৰিলে নিজৰ ‘মূৰ উৰি  যাব পাৰে’- এনেকুৱা ভয়ত সত্য লুকাই ৰাখি অসত্যকে ৰহণ লগাই জনসাধাৰণক ভালৰি বুলাইছে। সেইদৰে ৰাজনীতিতো আদৰ্শৰ চৰম অধঃপতন নামি আহিছে। নেতাসকলে মুখেৰে এটা কয় কামেৰে আন এটা দেখুৱায়। কবি প্ৰাণ এনেবোৰ ভণ্ডামী নিৰীক্ষণ কৰি থিৰেৰে থাকিব নোৱাৰি ক’বলৈ বাধ্য হৈছে–

“সংগোপনে কাকতে সলাইছে খবৰ

ৰাজনীতিয়ে সলাইছে পোছাক

মানুহবোৰে সলাইছে মুখ।”

ইয়াত যিবোৰ অনীতি, অবিচাৰ চলি আছে সেইবোৰ সকলোৱে জানে কিন্তু কোনেও ইয়াৰ বিৰুদ্ধে সংগঠিত হৈ থিয় দিয়াৰ কোনো পদক্ষেপ  গ্ৰহণ  কৰা দেখা নাযায়। ফলত ইয়াৰ ক্ৰিয়া  প্ৰতিক্ৰিয়াবোৰ সকলোৱে ভোগ কৰি আছে। অৰ্থাৎ আমাৰ ভুলৰ বাবে আমি নিজে নিজেই নিহত হৈ আছো। সেয়া  কবিয়ে প্ৰকাশ কৰিছে এনেদৰে–

“সংগোপনে মই মোক হত্যা কৰিছোঁ

আপুনি আপনাক;

নিজৰ বিৰুদ্ধেই নিক্ষেপ কৰিছোঁ ক্ৰোধ।”

কবিতাটি বিষয়-বস্তুৰ দিশৰ পৰাও অতি গুৰুত্বপূর্ণ,  কিন্তু  কাব্যিক দিশৰ পৰা দুখীয়া; কিয়নো ইয়াত গদ্য ছন্দৰ স্পন্দন নাই, শব্দ প্ৰয়োগত লালিত্য নাই, আলংকাৰিক দিশৰ পৰাও ই সম্পূৰ্ণ মুক্ত। তাৰোপৰি আধুনিক কাব্যিক শৈলীৰ প্ৰধান উপাদান প্ৰতীকৰ লেশমানো নাই। কাব্যিক শৈলীৰ পৰা কবিতাটি দুবৰ্বল হ’লেও বিষয়-বস্তুৰ পিনৰ পৰা কবিতাটিৰ সাৰ্বজনীনতা আছে। ০ ০ ০

সংগোপনে –এক সমালোচনাত্মক বিশ্লেষণ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here