সন্ধি । Sandhi in Assamese

0

সন্ধি । Sandhi in Assamese

সন্ধি

সন্ধি । Sandhi

সন্ধি । Sandhi in Assamese

‘সন্ধি’ বুলিলে সাধাৰণতে ‘মিলন’ক বুজায়। ব্যাকৰণৰ ভাষাত ওচৰা-ওচৰিকৈ থকা দুটা শব্দৰ প্ৰথমটোৰ শেষ বৰ্ণ আৰু দ্বিতায়টোৰ আদি বৰ্ণৰ মিলনকে সন্ধি বোলে।  উদাহৰণ–

মত + অন্তৰ = মতান্তৰ

শোক +  অগ্নি = শোকাগ্নি

পট + অন্তৰ = পটন্তৰ

শক + অব্দ = শকাব্দ।

ওপৰৰ উদাহৰণ কেইটাত দেখা পাওঁ যে ‘মতান্তৰ’ শব্দটি দুটা শব্দ যথা–‘মত’ আৰু ‘অন্তৰ’ মিলি হৈছে। সেইদৰে ‘শোকাগ্নি’ শব্দটো ক্ৰমে ‘শোক’ আৰু  ‘অগ্নি’ শব্দ কেইটা লগলাগি  হৈছে। এনেদৰে দুটা শব্দ লগলাগি এটা শব্দ হোৱাকেই অসমীয়া ব্যাকৰণত সন্ধি বুলি কোৱা হয়।

সন্ধি সংস্কৃত ভাষাৰ এক বৈশিষ্ট্যমূলক অংগ। অসমীয়া ভাষা সংস্কৃত মূলৰ। সেয়ে সংস্কৃত ভাষাৰ পৰা অসমীয়া ভাষালৈ সন্ধিৰ আনয়ন  হৈছে।

সন্ধিয়ে ভাষা এটিত তলত দিয়া কাৰ্য সম্পাদন কৰে, যথা–

(১) ই বাক্যৰ সংকোচন ঘটায়।

(২) ই শব্দৰ উচ্চাৰণলৈ মাধুৰ্যতা আনে।

(৩) ই ভাষাৰ লালিত্য বঢ়ায়।

(৪) ই ধবনিৰ উচ্চাৰণ দ্ৰুততৰ কৰে।

শব্দৰ মিলনৰ বৈশিষ্ট্য অনুযায়ী অসমীয়া ভাষাত সন্ধি তিনিটা, যেনে-

(১) স্বৰ সন্ধি (Conjunction of Vowels)

(২) ব্যঞ্জন সন্ধি (Conjunction of Consonants) আৰু

(৩) বিসৰ্গ সন্ধি (Conjunction of Bisharga in Vowels or Consonants)।

তলত এইবোৰ সন্ধিৰ বিষয়ে বিতং আলোচনা আগবঢ়োৱা হ’ল।

স্বৰ সন্ধি (Conjunction of Vowels)

স্বৰবৰ্ণৰ সৈতে স্বৰবৰ্ণৰ মিলন হৈ গঠিত হোৱা সন্ধিক স্বৰসন্ধি বোলে। স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ মিলনৰ কিছুমান নীতি-নিয়ম আছে। তলত স্বৰ সন্ধিৰ নীতি-নিয়মবোৰ দিয়া হ’ল।

(ক) ‘অ’ আৰু ‘অ’ মিলি ‘আ’ (অ +  অ = আ) হয়। উদাহৰণ–

বেদ +  অন্ত = বেদান্ত

ক্ৰোধ + অন্বিত = ক্ৰোধান্বিত

অজ + অসুৰ = অজাসুৰ

নৰক + অসুৰ = নৰকাসুৰ

উচ্চ + অংগ = উচ্চাংগ

ঘৃত + অগ্নি = ঘৃতাগ্নি

মত + অন্তৰ = মতান্তৰ

শোক + অগ্নি = শোকাগ্নি

পট + অন্তৰ = পটন্তৰ

দেশ + অধিকাৰ = দেশাধিকাৰ

কাল + অনুক্ৰম = কালানুক্ৰম

সহ + অনুভূতি = সহানুভূতি

ৰূপ + অন্তৰ = ৰূপান্তৰ

নীল + অম্বৰ = নীলাম্বৰ

শক + অব্দ = শকাব্দ

লোক + অন্তৰ = লোকান্তৰ

জল + অঞ্জলি = জলাঞ্জলি

পশ্চিম + অঞ্চল = পশ্চিমাঞ্চল

অম্বৰ + অধিপতি = অম্বৰাধিপতি

কল্প + অন্তৰ = কল্পান্তৰ

উচ্চ + অভিলাসী = উচ্চভিলাসী

ক্ৰম + অন্ময় = ক্ৰমান্বয়

ধৰ্ম + অৱলম্বী = ধৰ্মাৱলম্বী

দেৱ + অসুৰ = দেৱাসুৰ

স্ব + অধীন = স্বাধীন

দেশ + অনুৰাগী = দেশানুৰাগী

শাসন + অধীন = শাসনাধীন।

(খ) ‘অ’ আৰু ‘আ’ মিলি ‘আ’ (অ + আ = আ) হয়। উদাহৰণ–

ছাত্ৰ + আবাস = ছাত্ৰাবাস

এক + আকাৰ = একাকাৰ

আনন্দ + আপ্লুত = আনন্দাপ্লুত

ভাৰ + আক্ৰান্ত = ভাৰাক্ৰান্ত

সম + আদৰ = সমাদৰ

লক্ষণ + আক্ৰান্ত = লক্ষণাক্ৰান্ত

হিম + আলয় = হিমালয়

পুনৰ + আবৃতি = পুনৰাবৃত্তি 

শুভ + আগমন = শুভাগমন

চিত্ত + আকৰ্ষক = চিত্তাকৰ্ষক

পৰম + আনন্দ = পৰমানন্দ

কৰ + আয়ত্ব = কৰায়ত্ব

চৰ্ম + আবৃত = চৰ্মবৃত

শোক + আকুল = শোকাকুল

হত + আশা = হতাশা

ৰত্ন + আকৰ = ৰত্নাকৰ

শোধন + আগাৰ = শোধনাগাৰ

শোক + আতুৰ = শোকাতুৰ

শাসন + অধীন = শাসনাধীন

দেশ + আচাৰ = দেশাচাৰ

পূৰ্ব + আচাৰ = পূৰ্বাচাৰ

পূৰ্ব + আভাস = পূৰ্বাভাস

বৰ্ণ + আশ্ৰম = বৰ্ণাশ্ৰম

বৃত্ত + আকাৰ = বৃত্তাকাৰ

অল্প + আৱিত = অল্পাৱিত।

(গ) আ’ আৰু ‘আ’ মিলি ‘আ’ (আ +  আ = আ) হয়। উদাহৰণ–

বিদ্যা + আৰম্ভ = বিদ্যাৰম্ভ

বিদ্যা + আলয় = বিদ্যালয়

গৱেষণা + আগাৰ = গৱেষণাগাৰ

মহা + আশয় = মহাশয়

চিন্তা + আকুল = চিন্তাকুল

সীমা + আবদ্ধ = সীমাবদ্ধ

কথা + আষাৰ = কথাষাৰ

অনা + আসক্ত = অনাসক্ত

শিক্ষা + আগাৰ = শিক্ষাগাৰ

অনা + আৰ্য = অনাৰ্য

মহা + আলয় = মহালয়

শ্ৰদ্ধা + আস্পদ = শ্ৰদ্ধাস্পদ

উমা + আনন্দ = উমানন্দ

(ঘ) ‘আ’ আৰু ‘অ’ মিলি ‘আ’ (আ + অ = আ) হয়। উদাহৰণ–

সীমা + অন্ত = সীমান্ত

যথা + অৰ্থ = যথাৰ্থ

আজ্ঞা + অধীন = আজ্ঞাধীন

বিদ্যা + অলংকাৰ = বিদ্যালংকাৰ

ধাৰণা + অতীত = ধাৰণাতীত

মহা + অৰ্ঘ = মহাৰ্ঘ

ক্ষমতা + অধীন = ক্ষমতাধীন

মহকুমা + অধিপতি = মহকুমাধিপতি

(ঙ) ‘ই’ আৰু ‘ই’ মিলি ‘ঈ’ (ই + ই =  ঈ) হয়। উদাহৰণ–

গিৰি + ইন্দ্ৰ = গিৰীন্দ্ৰ

অতি + ইন্দ্ৰিয় = অতীন্দ্ৰিয়

প্ৰতি + ইতি = প্ৰতীতি

অভি + ইষ্ট = অভীষ্ট

(চ) ‘ই’ আৰু ‘ঈ’ মিলি ‘ঈ’, ‘ঈ আৰু ‘ঈ’ মিলি ‘ঈ’ আৰু ‘ঈ’ আৰু ‘ই’ মিলি ‘ঈ’ (ই + ঈ = ঈ,  ঈ + ঈ = ঈ আৰু ঈ + ই = ঈ) হয়। যেনেঃ

অধি + ঈশ্বৰ = অধীশ্বৰ

গিৰি + ইশ = গিৰীশ

পৰি + ঈক্ষা = পৰীক্ষা

মহী + ঈশ = মহীশ

বলী + ইন্দ্ৰ = বলীন্দ্ৰ

(ছ) ‘অ’ আৰু ‘ই’ ¸  মিলি ‘এ’। ‘অ’ আৰু ‘ঈ’ মিলি ‘এ’। ‘আ’¸  আৰু ‘ই’ মিলি ‘এ’ আৰু ‘আ’ আৰু ‘ঈ’ মিলি ‘এ’  (অ + ই = এ।  অ + ঈ = এ। আৰু আ + ই = এ আৰু  আ + ঈ = এ  হয়। উদাহৰণ–

নৰ + ইন্দ্ৰ = নৰেন্দ্ৰ

মহা + ঈশ = মহেশ

ৰমা + ঈশ = ৰমেশ

পৰম + ঈশ্বৰ = পৰমেশ্বৰ

নৰ + ঈশ = নৰেশ

যথা + ইষ্ট = যথেষ্ট

মহা + ঈশ্বৰ = মহেশ্বৰ

যথা + ইচ্ছা = যথেচ্ছা

(জ) ‘অ’ আৰু উ’  মিলি ‘ও’, ‘আ’ আৰু ‘উ’ মিলি ‘ও’    (অ + উ = ও,  আ + উ = ও)  হয়। উদাহৰণ–

শীত + উষ্ণ = শীতোষ্ণ

প্ৰশ্ন + উত্তৰ = প্ৰশ্নোত্তৰ 

মহা + উৎসৱ = মহোৎসৱ

যথা + উচিত = যথোচিত

যথা + উপযুক্ত = যথোপযুক্ত

বোধ + উদয় =বোধোদয়

গংগা + উৰ্মি = গংগোৰ্মি

সম + উচিত = সমুচিত

সূৰ্য + উদয় = সূৰ্যোদয়

স্নাতক + উত্তৰ = স্নাতকোত্তৰ 

হিত + উপদেশ = হিতোপদেশ।

(ঝ) ‘অ’ আৰু ‘ঋ’  মিলি ‘ৰেফ’, ‘আ’ আৰু ‘ঋ’ মিলি ‘ৰেফ’ হয়। উদাহৰণ—

সপ্ত + ঋষি = সপ্তৰ্ষি

দেৱ + ঋষি = দেৱৰ্ষি ।

(ঞ) ‘অ’ আৰু ‘এ’  মিলি ‘ঐ’ , ‘অ’ আৰু  ‘ঐ’ মিলি ‘ঐ’,  ‘আ’ আৰু  ‘ঐ’ মিলি ‘ঐ’ (অ + এ = ঐ,  অ + ঐ = ঐ,  আ + ঐ = ঐ)  হয়। যেনে–

পষ + এক = পষেক

এক + এক = একৈক

তথা + এবচ = তথৈবচ

ৰাজ + ঐশ্বৰ্য = ৰাজৈশ্বৰ্য

জন + এক = জনৈক

হিত + এষী = হিতৈষী

মত + ঐক্য = মতৈক্য

মহা + ঐশ্বৰ্য = মহৈশ্বৰ্য

মহা + ঐৰাৱত = মহৈৰাৱত

(ট) ‘অ’ আৰু ‘ও’  মিলি ‘ঔ’ , ‘অ’ আৰু  ‘ঔ’ মিলি ‘ঔ’,  ‘আ’ আৰু  ‘ঔ’ মিলি ‘ঔ’ (অ + ও = ঔ,  অ + ঔ = ঔ,  আ + ঔ = ঔ)  হয়। যেনে–

জল + ওঘ = জলৌঘ

পৰম + ঔষধ = পৰমৌষধ

বন + ঔষধ = বনৌষধ

হিত + ঔষধ = হিতৌষধ

জল + ওকা = জলৌকা

(ঠ) ‘ই’  আৰু  ‘অ’  মিলি ‘্য’ , ‘ই’  আৰু  ‘আ’ মিলি ‘্য’,  ‘ঈ’ আৰু  ‘অ’  মিলি  ‘্য’  ‘ই’  আৰু  ‘উ’  মিলি ‘্য’ , ‘ই’  আৰু  ‘এ’  মিলি ‘্য’,  (ই + অ =  ্য,   ই + আ =  ্য,   ঈ + অ =  ্য,    ই + উ =  ্য,  আৰু  ই + এ =  ্য)  হয়। উদাহৰণ–

যদি + অপি = যদ্যপি

অতি + অধিক = অত্যধিক

ইতি + আদি = ইত্যাদি

আদি + অন্ত = আদ্যন্ত

প্ৰতি + আশা = প্ৰত্যাশা

অতি + অন্ত = অত্যন্ত

নদী + অম্বু = নদ্যম্বু

(ড) ‘উ’ আৰু ‘অ’  মিলি ‘ব,  ‘উ’ আৰু ‘আ’ মিলি ‘ব’, ‘উ’ আৰু  এ‘  মিলি  ‘ব’ (উ + অ =  ব,  উ + আ = ব আৰু উ + এ = ব) হয়। যেনে–

অনু + অয় = অন্বয়

সু + অস্তি = স্বস্তি

সু + আগত = স্বাগত

(ঢ) ‘এ’ আৰু ‘অ’  মিলি ‘অয়’ , ‘ঐ’ আৰু  ‘অ’ মিলি ‘আয়’, (এ + অ = অয়,  ঐ + অ = আয়  )  হয়। উদাহৰণ–

নে + অন = নয়ন

বে + অন = বয়ন

শে + অন = শয়ন

গৈ + অক = গায়ক

(ণ) ‘ও’ আৰু ‘অ’  মিলি ‘অৱ’ ,  ‘ও’ আৰু  ‘ই’ মিলি ‘অৱ’,  ‘ঔ’ আৰু  ‘অ’  মিলি ‘অৱ’ (ও + অ = অৱ, ও + ই = অৱ, ঔ + অ = অৱ)  হয়। উদাহৰণ–

ভো + অন = ভৱন

পো + ইত্ৰ = পৱিত্ৰ

পো + অন = পৱন

গো + এষণা = গৱেষণা

ভৌ + উক = ভাৱক

(ত) ‘ঔ’ আৰু ‘ই’  মিলি ‘আৱ’, ‘ঔ’ আৰু  ‘উ’ মিলি ‘আৱ’,  (ঔ + ই  = আৱ,  ঔ + উ = আৱ )  হয়। উদাহৰণ–

নৌ + ইক = নাবিক

ভৌ + উক = ভাবুক

(থ) অসমীয়া ভাষাত এনে কিছুমান সন্ধি আছে যিবোৰে ওপৰৰ কোনো নিয়ম নামানে । এনেদৰে হোৱা সন্ধিক নিপাতনে সিদ্ধ সন্ধি  বুলি কোৱা হয়। উদাহৰণ–

গো + অক্ষ = গৱাক্ষ

কুল + অটা = কুলটা

গো + ঈশ = গৱেশ

অক্ষ + ঊহিনী = অক্ষৌহিণী

মন + ঈষা = মনীষা

প্ৰ + উঢ় = প্রৌঢ় 

ব্যঞ্জন সন্ধি (Conjunction of Consonant)

ব্যঞ্জনবৰ্ণৰ সৈতে ব্যঞ্জনবৰ্ণৰ বা স্বৰবৰ্ণৰ লগত ব্যঞ্জনবৰ্ণৰ মিলন ঘটি গঠিত হোৱা সন্ধিক ব্যঞ্জন সন্ধি (Conjunction of Consonant) বোলে।  তলত ব্যঞ্জন সন্ধিৰ নিয়মবোৰ দিয়া হ’ল।

(ক) ‘চ’ বা ‘ছ’ পাছত থাকিলে ইয়াৰ অগ্ৰৱৰ্তী ‘ত’ আৰু ‘দ’ প্ৰথম ‘চ’ লৈ ৰূপান্তৰিত হয়। উদাহৰণ–

উৎ + ছিন্ন ঞ্চ উচ্ছিন্ন

শৰৎ + চন্দ্ৰ = শৰচ্চন্দ্ৰ

সৎ + চিন্তা = সচ্চিন্তা

উৎ + ছেদ = উচ্ছেদ

উৎ + চাৰণ = উচ্চাৰণ

(খ) ‘জ’ বা ‘ঝ’ পাছত থাকিলে ইয়াৰ অগ্ৰৱৰ্তী ‘ত’ আৰু ‘দ’ প্ৰথম ‘জ’ লৈ ৰূপান্তৰিত হয়। উদাহৰণ–

বিপদ + জনক = বিপদজনক

সৎ + জন = সজ্জন

জগত + জননী = জগজ্জননী

যাবৎ + জীৱন = যাবজ্জীৱন

উৎ + জ্বল = উজ্জ্বল।

(গ) ‘চ’ বা ‘জ’  – ৰ পাছত ‘ন’ থাকিলে ‘ন’ ৰ ঠাইত ‘ঞ’ হয়। উদাহৰণ–

যজ + ন = যজ্ঞ

যাচ + না = যাচ্ঞা

ৰাজ + নী = ৰাজ্ঞী।

(ঘ) ‘ল’  পাছত থাকিলে ইয়াৰ অগ্ৰৱৰ্তী ‘ৎ’, ‘দ’ আৰু ‘ন’ -ৰ ঠাইত ‘ল’ হয়। উদাহৰণ — 

উৎ + লেখ = উল্লেখ

বিপদ + লাভ = বিপল্লাভ

বিদ্যান + লোক = বিদ্বালোক

উৎ + লঙ্ঘন = উলঙ্ঘন 

(ঙ) ‘হ’ পাছত থাকিলে ইয়াৰ অগ্ৰৱৰ্তী ‘ৎ’  ৰ ঠাইত দ’ আৰু ‘হ’ ৰ ঠাইত ‘ধ’ হয়। উদাহৰণ—

উৎ + হত = উদ্ধত

উৎ + হৃত = উদ্ধৃত

উৎ + হাৰ = উদ্ধাৰ

তৎ + ইতি = তদ্ধিত

(চ) ‘ষ’ ৰ পাছত থকা  ‘ত’ ৰ ঠাইত¸ ‘ট’ আৰু ‘থ’ ৰ ঠাইত ‘ঠ’ হয়। উদাহৰণ–

ষষ + থ = ষষ্ঠ 

হৃষ + ত = হৃষ্ট

কৃ + তি = কৃষ্টি

পুষ + ত = পুষ্ট

বৃষ + তি = বৃষ্টি

আকৃষ + ত = আকৃষ্ট

উৎ + কৃষ + ত = উৎকৃষ্ট।

(ছ) ‘ত’ ৰ পাছত থাকিলে পদৰ মধ্যস্থিত ‘ম’ ৰ ঠাইত¸ ‘ন’  হয়। যেনে-

গম + তব্য = গন্তব্য

সম + তাপ = সন্তাপ

শাম + ত = শান্ত

(জ) অন্তঃস্থ বা উষ্ণ বৰ্ণ  পাছত থাকিলে পদৰ মধ্যস্থিত ‘ম’ ৰ ঠাইত¸ ‘ং’  হয়। উদাহৰণ–

সম + যুক্ত = সংযুক্ত

সম + হাৰ = সংহাৰ

সম + বাদ = সংবাদ

সম + যম = সংযম

সম + যোগ = সংযোগ

সম + লগ্ন = সংলগ্ন

(ঝ) ‘সম’ আৰু ‘পৰি’ উপসৰ্গৰ পাছত ‘কৃ’ ধাতুৰে গঠিত হোৱা শব্দ থাকিলে উপসৰ্গৰ পাছত ‘স’ৰ আগম ঘটি সন্ধি হয়। উদাহৰণ-

সম + কৰণ = সংস্কৰণ

সম + কৃত = সংস্কৃত

সম + কাৰ = সংস্কাৰ

(ঞ) বৰ্গীয় বৰ্ণৰ পঞ্চম বৰ্ণৰ আগত থকা প্ৰথম বৰ্ণৰ ঠাইত একে বৰ্ণৰ পঞ্চম বৰ্ণ হয়। উদাহৰণ–

বাক + ময় = বাঙ্ময়

মৃৎ + ময় = মৃন্ময়

উৎ + নতি = উন্নতি

চিৎ + ময় = চিন্ময়।

(ট) অসমীয়া ভাষাত এনে কিছুমান সন্ধি আছে যিবোৰে ওপৰৰ কোনো নিয়ম নামানে । এনেদৰে হোৱা সন্ধিক ‘নিপাতনে সিদ্ধ সন্ধি’ বুলি কোৱা হয়। তলত কিছুমান নিপাতনে সিদ্ধ ব্যঞ্জন সন্ধি দেখুৱা হ’ল। উদাহৰণ–

হিনস + অ = সিংহ

বৃহৎ + পতি = বৃহস্পতি

হৰি + চন্দ্ৰ = হৰিশ্চন্দ্ৰ

আ + চৰ্য = আশ্চৰ্য

পতৎ + অঞ্জলি = পতঞ্জলি

দিব + লোক = দ্যুলোক

তৎ + কৰ = তস্কৰ।

বিসৰ্গ সন্ধি (Conjunction of Bisharga in Vowels and Consonants)

স্বৰবৰ্ণ বা  ব্যঞ্জনবৰ্ণৰ সৈতে বিসৰ্গৰ মিলনত সিদ্ধ হোৱা সন্ধিক বিসৰ্গ সন্ধি বোলে। তলত বিসৰ্গ সন্ধিৰ নিয়মবোৰ দিয়া হ’ল।

(ক) ‘চ’ বৰ্গীয় বৰ্ণৰ ‘চ’ বা ‘ছ’ ‘ঃ’ ৰ পিছত থাকিলে ‘ঃ’ ৰ ঠাইত ‘শ’ হয়।  উদাহৰণ–

নিঃ + চয় = নিশ্চয়

শিৰঃ + চ্ছেদ = শিৰচ্ছেদ 

দুঃ + চিকিৎসা = দুশ্চিকিৎসা

নিঃ + চিত = নিশ্চিত।

(খ) ‘ট’ বৰ্গীয় বৰ্ণৰ ‘ত’ বা ‘ঠ’ ‘ঃ’ (বিসৰ্গ) ৰ পিছত থাকিলে ‘ঃ’ (বিসৰ্গ) ৰ ঠাইত ‘য়’ হয়।  উদাহৰণ–

নিঃ + ঠুৰ = নিষ্ঠুৰ 

ধনুঃ + টংকাৰ = ধনুষ্টংকাৰ

(গ) ‘ত’ বৰ্গীয় বৰ্ণৰ ‘ত’ বা ‘থ’ ‘ঃ’ (বিসৰ্গ) ৰ পিছত থাকিলে ‘ঃ’ ৰ ঠাইত ‘স’ হয়।  উদাহৰণ–

মনঃ + তাপ = মনস্তাপ

দুঃ + তৰ = দুস্তৰ

বয়ঃ + থ = বয়স্থ

ইতঃ + ততঃ = ইতস্ততঃ

নিঃ + তেজ = নিস্তেজ

নিঃ + তাৰ = নিস্তাৰ

মনঃ + থ = মনস্থ

মনঃ + তত্ব = মনস্তত্ত্ব

(ঘ) বৰ্গীয় বৰ্ণৰ তৃতীয়, চতুৰ্থ, পঞ্চম বৰ্ণ বা ‘য’, ‘ৰ’, ‘ল’, ‘ৱ’, ‘হ’ থাকিলে ‘আ’ কাৰ আৰু ‘আ’ কাৰৰ পৰৱৰ্তী বিসৰ্গ লগলাগি ‘ও’ কাৰ হয় আৰু ই পূৰ্বৱৰ্তী আখৰত লগ লাগে। উদাহৰণ–

মনঃ + ৰম = মনোৰম

মনঃ + হৰ = মনোহৰ

সৰঃ + বৰ = সৰোবৰ

মনঃ + মত = মনোমত

অধঃ + গতি = অধোগতি

অহঃ + ৰাত্ৰ = অহোৰাত্ৰ।

(ঙ) বিসৰ্গৰ পৰৱৰ্তীৰূপে স্বৰবৰ্ণৰ তৃতীয়, চতুৰ্থ, পঞ্চম বৰ্ণ অথবা ‘য’, ‘ৰ’, ‘ল’, ‘ৱ’, ‘হ’ থাকিলে বিসৰ্গৰ ঠাইত ‘ৰ’ হয়। উদাহৰণ–

পুনঃ + আগত = পুনৰাগত

দুঃ + মূল্য = দুৰ্মূল্য

পুনঃ + উক্তি = পুনৰুক্তি

অন্তঃ + আত্মা = অন্তৰাত্মা

দুঃ + ঘটনা = দুৰ্ঘটনা

দুঃ + অৱস্থা = দুৰৱস্থা।

(চ) বিসৰ্গৰ পাছত ‘ৰ’ থাকিলে সিদ্ধ অৱস্থাত বিসৰ্গ লোপ পায় আৰু ‘ই’ কাৰান্ত উপসৰ্গ ‘ঈ’ কাৰান্ত হয়। উদাহৰণ–

নিঃ + ৰব = নীৰৱ

নিঃ + ৰোগ = নীৰোগ

নিঃ + ৰস = নীৰস।

(ছ) পুৰঃ’, নমঃ’,  ‘তিৰঃ’- এই তিনিটা শব্দৰ পাছত ‘কৃ’ ধাতু থাকিলে শব্দ কেইটাৰ ‘ঃ’ (বিসৰ্গ) ৰ ঠাইত ‘স’ হয়। উদাহৰণ–

পুৰঃ + কাৰ = পুৰস্কাৰ

নমঃ + কাৰ = নমস্কাৰ

তিৰঃ + কাৰ = তিৰস্কাৰ।

 

অনুশীলনী

(১) সন্ধি কাক বোলে?

(২) সন্ধিৰ কাম কি? 

(৩) সন্ধি  কেইবিধ  আৰু কি কি?

(৪) সন্ধিৰ সাধাৰণ ললক্ষণবোৰ কি কি?

(৫) স্বৰ সন্ধি কাক বোলে? স্বৰ সন্ধিৰ নীতি-নিয়মবোৰ আলোচনা কৰা।

(৬) ব্যঞ্জন সন্ধি কাক বোলে? ব্যঞ্জন সন্ধিৰ নীতি-নিয়মবোৰ আলোচনা কৰা।

(৭) বিসৰ্গ সন্ধি কাক বোলে? বিসৰ্গ সন্ধিৰ নীতি-নিয়মবোৰ আলোচনা কৰা।

(৮) তলত দিয়া শব্দবোৰৰ সন্ধি ভাঙা ।

সৰোবৰ, মনোহৰ নমস্কাৰ, দ্যুলোক, মৃন্ময়, সন্তাপ, সংযুক্ত, হৃষ্ট, উল্লেখ, সংস্কৃত, উচ্ছেদ, পৰমাত্মা, অধীশ্বৰ, আকুণ্ঠ, অসীম, ইত্যাদি, সংস্থাপন, অনুষ্ঠান, অধোগতি, নিশ্চিত, মহোৎসৱ, পষেক, মতৈক্য, ক্ষমতাধীন, অনাৰ্য, শকাব্দ, ৰূপান্তৰ, পতঞ্জলি, ইতঃস্তত, মনীষা, কুলটা, গায়ক, অত্যন্ত, অতীন্দ্ৰিয়, শিক্ষাগাৰ। ০ ০ ০

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here