Home Kabita সপোনত তুমি | Saponat Tumi

সপোনত তুমি | Saponat Tumi

0

সপোনত তুমি | Saponat Tumi

সপোনত তুমি  Saponat Tumi

সপোনত তুমি | Saponat Tumi

সপোনত তুমি

ৰাব্বি মছৰুৰ

যোৱা ৰাতি মই তোমাক সপোনত লগ পালো

তুমি নতুনকৈ কইনা সাজিছা

আৰু মই পুৰণি পোছাকযোৰ নতুনকৈ পিন্ধিছো।

নতুন আলহীৰে ভৰি পৰিছে তোমাহঁতৰ ঘৰ

লগত মোৰ একান্ত ব্যক্তিগত বন্ধুবোৰ

সকলোৰে ভয়- হয়তোবা খহি পৰে আকৌ আকাশৰ সূৰুয

মই মাথোঁ পাল তৰিছো বতাহৰ স’তে

কোনো আশা নাই, কোনো শংকা নাই

সাগৰৰ অশান্ত উৰ্মিমালাই মোক  নচুৱাই আছে 

মই নাচি আছো

পোৱাৰ আনন্দও জগা নাই

হেৰোৱাৰ বেদনাও মোৰ নাই।

পুৱাৰ সময়,

তোমাৰ গালে-মুখে ছিটিকি পৰিছে ৰাঙলী বেলিৰ হেঁঙুলী কিৰণ

হাঁহিৰ সঁফুৰা তোমাৰ ওঁঠত

ধাৰ কৰা আনন্দৰ সাগৰত ময়ো নিমজ্জ্বিত হ’লো।

তাৰ পিছৰখিনিতো ইতিহাস!

সময়বোৰ এনেকৈয়ে সৰি পৰে হাতৰ মুঠিৰ পৰা

সৰি পৰে হৃদয় বুকুৰ পৰা

তথাপি আমি হাঁহো — যেন হাঁহিৰে ঢাকি ৰাখিব পাৰো 

বসন্তৰ সমস্ত বেদনা। ০ ০ ০

Read More: পৃথিৱীৰ আৰু মোৰ

সপোনত তুমি | Saponat Tumi

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here