সপোন আৰু বাণী | ড০ এ. পি. জে. আব্দুল কালাম
সপোন আৰু বাণী
মূলঃ ইংৰাজী
ড০ এ. পি. জে. আব্দুল কালাম
‘সপোন, সপোন, সপোন
সপোনবোৰ চিন্তালৈ ৰূপান্তৰিত হয়
আৰু চিন্তাবোৰ কাৰ্যত পৰিণত হয়।’
২০০১ চনৰ ৩০ চেপ্তেম্বৰৰ দিনা মই ৰাঞ্চিৰ ঝাৰখণ্ডৰ পৰা বোকাৰুলৈ যোৱা পথত মোক কঢ়িয়াই নিয়া হেলিকপ্তাৰটোৱে ভূমিত পদাৰ্পন কৰাৰ কেইমূহুৰ্তমান আগতে দূৰ্ঘটনাগ্ৰস্ত হৈছিল। ইয়াৰ ইঞ্জিনটো বিফল হোৱাৰ পিছত ই বিকট শব্দ কৰি ভূমিত আঘাত কৰিছিল। আমি বিমানখনত থকা যাত্ৰীকেইজনে আচৰিতভাৱে ৰক্ষা পাইছিলো। আমি ঈশ্বৰৰ প্ৰতি কৃতজ্ঞ, কিন্তু ঘটনাটোত বিষ্মিত নহৈ মই মোৰ পূৰ্ব নিৰ্দ্ধাৰিত কাৰ্যসূচীমতে বোকাৰুত থকা ছাত্ৰ-ছাত্ৰীসকললৈ ভাষণ দিয়াৰ বাবে গৈছিলো। ৰাতি, চিকিৎসকৰ দল এটাই মোক মোৰ ভয় লাঘৱ কৰিবলৈ মোক উত্তেজনা প্ৰশমক ঔষধ ব্যৱহাৰ কৰিবলৈ হেঁচা দিছিল। ঔষধটোৱে মোক সাধাৰণ নিয়মমতে ৰাতি ১ বজাৰ কেইবাঘন্টা আগতেই টোপনি নিয়াইছিল। মই মোৰ প্ৰতিদিনৰ দৰে ৰাতিপুৱা ৬ বজাত উঠিবলৈ বিফল হৈছিলো আৰু ৰাতিপুৱা ৮ বজাৰ পিছতহে সাৰ পাইছিলোঁ।
ই আছিল এক আমনিদায়ক টোপনি আৰু মাজে মাজে টোপনিৰ মাজত মই চিন্তা কৰিবলৈ লৈছিলো ঈশ্বৰৰ সৰ্বশ্রেষ্ঠ সৃষ্টি হৈয়ো মানৱ জাতিয়ে হিংসাৰ দ্বাৰা কিয় ইমান গভীৰভাৱে বিভাজিত। মই পাঁচজন ব্যক্তিৰ মাজত হোৱা আলোচনা কল্পনা কৰিছিলো যিসকল একেলগে মানৱ মনৰ আটাইতকৈ সুন্দৰ গুণৰ প্ৰতীক আৰু যিসকলক মই গভীৰভাৱে প্ৰশংসা কৰো। সিহঁতৰ কথোপকথনৰ পৰা মই এটা উত্তৰ বিচাৰিছিলো। এই অভিজ্ঞতা আছিল এটা সজীৱ সপোনতকৈয়ো গভীৰ, কিন্তু ইয়াক বুজাবলৈ উপযুক্ত শব্দৰ অভাৱৰ বাবে মই ইয়াক এনেদৰে বুজাম–মই নিজকে এখন মৰুভূমিত দেখা পাইছিলো যাৰ চাৰিওপিনে বহুত মাইল জুৰি বালি আছিল। চন্দ্ৰটো পূৰ্ণ আছিল আৰু মৰুভূমিটো পোহৰত আলোকিত হৈ আছিল। পাঁচজন ব্যক্তি–মহাত্মা গান্ধী, এলবাৰ্ট আইনষ্টাইন, সম্ৰাট অশোক, আব্রাহাম লিংকন আৰু খলিফা ওমৰ–বৃত্তাকাৰভাৱে থিয় দি আছিল, সিহঁতৰ পোছাক বতাহে উৰুৱাইছিল।
মই মহামান্য সম্ৰাট অশোকৰ পিছত থিয় দি নিজকে বাওনা বুলি অনুভৱ কৰিছিলোঁ। অশোকে দুটা জীৱন-যাপন কৰিছিল–এবাৰ এজন নিৰ্দয় বিজেতা হিচাপে আৰু আনবাৰ এজন সহানুভূতিশীল প্ৰশাসক হিচাপে। মই যি ব্যক্তিজনৰ কাষত থিয় দি আছিলো তেওঁ এইমাত্ৰ বিজয়ৰ পৰা উভতিছিল। কিন্তু বিজয় যথেষ্ট মূল্যৰ বিনিময়ত লাভ কৰা হৈছিল। কলিংগ যুদ্ধই কমেও তিনিলাখ মানুহৰ প্ৰাণ লৈছিল আৰু সমান সংখ্যক মানুহ ঘূণীয়া হৈছিল। মই সকলোকে অশোকৰ পিনে চোৱা দেখা পাইছিলো যিজনে তেওঁৰ আঠুত পৰিছিল আৰু তেওঁৰ অস্ত্ৰ আৰু ৰাজমুকুট আঁতৰ কৰিছিল। তেওঁৰ মুখমণ্ডল আছিল বিবৰ্ণ, তেওঁৰ চাৰিওপিনে মৃত্যৰ ছবি প্ৰতিফলিত হৈছিল। তেওঁ আকাশলৈ চাইছিল। তেওঁ উজ্জ্বল শীতল চন্দ্ৰটো পোহৰ দি থকা দেখা পাইছিল আৰু ঈশ্বৰৰ দয়া মাতৃ মেদিনীৰ ওপৰত পৰি থকা দেখিছিল। আৰু তলপিনে তেওঁ সৃষ্টি কৰা বিভীষিকাৰ ছবি দেখা পাইছিল, যিয়ে সকলোতে তেজ বোৱাইছিল। ই আছিল ৰূপালীম চন্দ্ৰৰ পোহৰৰ সৌন্দৰ্য আৰু মাটিত মানুহৰ যন্ত্ৰণা আৰু জীয়াতু ভোগাৰ বিভীষিকাৰ মূহুৰ্ত। তেতিয়া তাৰ বিৰুদ্ধে প্ৰকৃতিয়ে কোৱা আৰম্ভ কৰিলে আৰু অহিংসা ধৰ্মৰ জন্ম হয়। সম্ৰাট অশোকে ঈশ্বৰৰ আদেশ গ্ৰহণ কৰি তেওঁৰ নীতিৰ জৰিয়তে মানৱপ্ৰেম প্ৰচাৰ কৰিবলৈ ল’লে।
মই থিয় দি থকা অৱস্থাতে বিষ্মিত হৈছিলো, কিয় কলিংগ যুদ্ধ হৈছিল, কিয় মহাত্মা গান্ধী আৰু আব্রাহাম লিংকনক আততায়ীয়ে হত্যা কৰিছিল? অথবা বহুতে কিয় এইসকলক ভাল পায়? সৰ্বশক্তিমান ঈশ্বৰে তেওঁৰ সৃষ্টিকৰ্মত উজুটি খাইছিলনে? দ্বিতীয় কোনো সৃষ্টিৰ বাবে মানৱ জাতিৰ ধবংস অনিবাৰ্যনে?
এনে এক স্বৰ্গীয় নীৰৱতাৰ সময়ত মহাত্মা গান্ধীয়ে ক’বলৈ আৰম্ভ কৰিছিল, ‘বন্ধুসকল আমি যি স্বৰ্গীয় বাতৰি শুনি আছো সেয়া হৈছে সৃষ্টিৰ বাতৰি। যিহেতু আমি আটায়ে পৃথিৱী নামৰ গ্ৰহৰ বাসিন্ধা, আমি মানৱ জাতিলৈ এক বাণী দিব পাৰো কিদৰে বিভিন্ন জাতিৰ, ধৰ্মৰ আৰু ভাষাৰ মানুহে শান্তিপূৰ্ণভাৱে স্বচ্ছলভাৱে একেলগে বাস কৰিব পাৰে।
শক্তিশালী ঈশ্বৰে আমাক সকলোকে কিবা অতুলনীয় গুণ দি পঠাইছে যিবোৰ আমি আমাৰ কৰ্ম আৰু প্ৰচেষ্টাৰ দ্বাৰা মানৱ জাতিলৈ এৰি যাব পাৰো। এয়া কাম কৰি আছেনে? ইয়াত কোনো স্বৰ্গীয় বাণী বা নীতি আছেনে? স্বৰ্গীয় সৌন্দৰ্য মানৱ হৃদয়ত আৰু সুখ মানৱ শৰীৰত আৰু মনত সোমাৱ লাগিব। এয়া সম্ভৱনে?
অশোকে কৈছিল, ‘বন্ধুসকল, মই উপলব্ধি কৰা এটা বস্তু আছে। সেয়া হ’ল দুখ-যন্ত্ৰণা দিয়াত কোনো বিজয় নাই। শান্তিপূৰ্ণ ৰাষ্ট্ৰই হৈছে বিজয়।
খলিফা ওমৰে কৈছিল, “জেৰুজালেম সোমোৱাৰ পিছত মই শিকিলো যে সকলো মানুহ সমান। আন মানুহক তোমাৰ পথ অনুসৰণ কৰাৰ বাবে শক্তি প্ৰয়োগৰ কোনো কাৰণ নাই। তুমি মাত্ৰ সেইখিনিয়েই পাবা যিখিনি তোমাৰ বাবে পূর্বে নিৰ্দ্ধাৰণ কৰি থোৱা হৈছে। অকল ঈশ্বৰহে সার্বভৗম।’
খলিফা ওমৰে কেতিয়াও পদবীৰ দ্বাৰা তেওঁৰ মৰ্যদা দেখা নাছিল। তেওঁৰ মতে চৰকাৰ আছিল এক পবিত্ৰ নিধি আৰু তেওঁৰ ওপৰত ন্যস্ত কৰা নিধিৰ কোনো বিশ্বাসঘাতকতা নকৰিবলৈ তেওঁ সর্বোত্তমটো কৰিছিল।
এতিয়া আহিল আইনষ্টাইনৰ পাল। “মই মোৰ বন্ধু ওৱেৰ্নাৰ হাইজেনবাৰ্গৰ মত মনত পেলাবলৈ ভাল পাম। ‘তুমি জানা, আমি পাশ্চাত্যত এটা বিশাল সুন্দৰ জাহাজ তৈয়াৰ কৰিছো। ইয়াত সকলো প্ৰকাৰৰ বিলাসিতা আছে, কিন্তু মাত্ৰ এটা বস্তু নাই। সেয়া হৈছে ইয়াৰ কোনো কম্পাচ নাই আৰু ই নাজানে ই ক’লৈ যাব। ঠাকুৰ আৰু গান্ধী আৰু সিহঁতৰ ভক্তসকলে সেই কম্পাচখন পাইছিল। আমি কিয় সেই কম্পাচখন মানৱ জাহাজত প্ৰয়োগ কৰিব নোৱাৰো যাতে সিহঁতে জীৱনৰ উদ্দেশ্য বুজিব পাৰে।’
আমেৰিকাৰ মহান নেতা আব্রাহাম লিংকন যিজনে দাস প্ৰথাৰ বিৰুদ্ধে যুঁজিছিল আৰু যাৰ জীৱনটো আছিল কিছু ক্ষেত্ৰত মহাত্মাৰ সমান্তৰাল। ইয়াত এটা বস্তু আছে যিটো আমি ক’বলৈ ভাল পামঃ সুখ আহে বিভিন্ন স্তৰত পৰিয়াললৈ অহা সম্পত্তিৰ পৰা। ঈশ্বৰৰ দয়াই মানৱ জীৱনক আশীৰ্বাদ দিয়ে। পৃথিৱীত ঈশ্বৰময় জীৱনৰ দুটা গুৰুত্বপূৰ্ণ উপাদান হৈছে সুখ আৰু স্বৰ্গীয় আশীৰ্বাদ। সম্ভৱতঃ মানুহৰ আৰু জাতিবোৰৰ মাজত বহুত দ্বন্দ্ব আছে। কাৰণ সম্পত্তি আৰু ক্ষমতা লাভৰ ক্ষেত্ৰত আমি নৈতিক মূল্য হেৰুৱাইছো। আমি নিজকে সুধিব লাগিব মানৱ সজ্ঞানৰ ভূমিকা কি? ৰাজনৈতিক চিন্তা, বৈজ্ঞানিক চিন্তা, আৰু ধৰ্মীয় চিন্তাত ইয়াৰ কোনো অংশ আছেনে? জীৱনৰ ব্যৱসায়ৰ ক্ষেত্ৰত আধ্যাত্মিকতাৰ প্ৰয়োজন আছেনে?
মহাত্মা গান্ধীয়ে ঋষি অষ্ট বক্ৰাৰ কথা মনত পেলাইছিল যিজনে প্ৰচাৰ কৰিছিল, “হে মোৰ পুত্ৰ! তুমি হৈছা সেই সজ্ঞানতা যিটোৱে এই ঘটনাময় বিশ্বব্রহ্মাণ্ডৰ সৃষ্টি কৰিছে যিটো তোমাৰ পৰা পৃথক নহয়। কোনো বস্তু গ্ৰহণীয় বা অগ্ৰহণীয় হয়নে সেই বিষয়ে তাত কিদৰে প্ৰশ্ন হ’ব পাৰে? আমাৰ জীৱনৰ ব্যৱস্থা শান্তি আৰু উন্নতিৰ হওঁক, শোষণ আৰু দ্বন্দ্ব নহয়।
“এয়াই হৈছে গ্ৰহটোলৈ আমাৰ বাণী। আমি গ্ৰহণ কৰা যিকোনো নীতি মানৱ জাতিৰ কল্যাণৰ বাবে হোৱা উচিত।
তাৰ পিছদিনা ৰাতিপুৱা মই চাহ খোৱাৰ সময়ত এই আচৰিত সপোনটোৰ বিষয়ে ভাবি আছিলো। যদি হেলিকপ্টাৰটোৱে অধিক উচ্চতাত ইন্ধন হেৰুৱালেহেঁতেন? মোৰ নিজৰ দুৰ্ঘটনাটোৰ মাত্ৰ কেইঘন্টামান আগতে এজন সম্ভাব্য নেতা আৰু ডেকা আৰু বুদ্ধিমান সাংবাদিকৰ দল এটাক কঢ়িওৱা এটা উৰাজাহাজ সকলোৰে জীৱন নাশ কৰি দুৰ্ঘটনাগ্ৰস্ত হৈছিল। মই ভাগ্যবান যে মই জীয়াই আছো এতিয়া আছে সেই ৰাতিটোৰ অভিজ্ঞতা যিটোৱে মোৰ বাবে এটা বাণী ধাৰণ কৰিছে। মই কি কৰা উচিত? ০ ০ ০.
বিঃদ্রুঃ উক্ত ‘সপোন আৰু বাণী | ড০ এ. পি. জে. আব্দুল কালাম’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘বিবিধ‘ শিৰোনামৰ গ্রন্থৰ অন্তর্গত।
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়ন
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- বিবিধ (বাৰেমিহলি লিখনিৰ সংকলন)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান: